ৰাজনীতি- (বাওঁপন্থী বতৰা) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাজনীতি- (বাওঁপন্থী বতৰা)

ৰাজনীতি- (বাওঁপন্থী বতৰা)

Share This
নতুন ৰাজনৈতিক মিত্ৰ-জোঁটৰ গঠন নিশ্চিতঃ
লোকসভা নিৰ্বাচনত বিকল্প হৈ উঠিবনে এই শক্তি
ভাৰতৰ লোকসভাৰ সাধাৰণ নিৰ্বাচন সমাগত। শাসক শ্ৰেণীৰ প্ৰতিষ্ঠিত ৰাজনৈতিক মিত্ৰ জোঁট ইউপিএ আৰু বিজেপিৰ নেতৃত্বাধীন এনডিএক ক্ষমতাৰ পৰা আঁতৰত ৰখাৰ বাবে বা অপসাৰিত কৰাৰ লক্ষ্যৰে দেশৰ অংগ ৰাজ্যই অংগৰাজ্যই নতুন ৰাজনৈতিক সমীকৰণে গতি লাভ কৰিছে। সৰু বৰ আঞ্চলিক দল আৰু বাওঁপন্থী দল সমূহৰ মাজত ৰাজনৈতিক মিত্ৰ জোঁট গঠন আৰু উমৈহতীয়া ভাৱে সমাগত নিৰ্বাচনত যুঁজ দিয়াৰ প্ৰচেষ্টাও দ্ৰুত হৈ পৰিছে। নিৰ্বাচনৰ ফলাফলৰ পাছত এক উমৈহতীয়া কৰ্মসূচীৰ আধাৰত ভৱিষ্যতৰ দ্বায়িত্ব ভগাই লৈ দেশক শাসক শ্ৰেণীৰ বিকল্প নতুন ধৰণৰ ধৰ্মনিৰপেক্ষ-গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰচেষ্টা দ্ৰুততৰ হোৱাৰ বাতৰিয়ে দেশৰ প্ৰধান প্ৰধান বাতৰি কাকত, টিভি চেনেল, ৰেডিঅ' আদি গণ-মাধ্যমত প্ৰচাৰিত হৈছে। দেশজুৰি জনগণৰ মাজত এক নতুন ৰাজনৈতিক চেতনা প্ৰৱাহৰ বিস্তাৰিত হোৱাৰ উপক্ৰম হৈছে।

ইয়াৰ প্ৰেক্ষাপটতে বাওঁ শিবিৰৰ অন্যতম শীৰ্ষনেতা তথা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চি পি আই)দলৰ ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক এ.বি. বৰ্ধনৰ এক সাক্ষাতকাৰ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ পাঁচ ফেব্ৰুৱাৰী সংখ্যাত প্ৰকাশিত হৈছে। সম-সাময়িক ৰাজনৈতিক পৰিস্থিতিত সাক্ষাতকাৰটোৰ অনুদিত পূৰ্ণ পাঠ পাঠকৰ জ্ঞাতাৰ্থে ইয়াত তুলি ধৰা হৈছে।

কাকতখনৰ প্ৰতিনিধিয়ে বৰ্দ্ধনক প্ৰশ্ন কৰে যে, "আপোনালোকে এ.আই.ডি.এম.কে দলৰ লগত তামিলনাডুত ৰাজ্যিক স্তৰত নিৰ্বাচনী মিত্ৰতা কৰিছে। ৰাজ্যস্তৰতহে এনে নিৰ্বাচনী মিত্ৰতাৰ কৌশল গ্ৰহণ কৰা হৈছে কিয়?"

উত্তৰত বৰ্দ্ধনে কয় যে- "তামিলনাডুত এই দলৰ সৈতে আমাৰ নিৰ্বাচনী মিত্ৰতা কম-বেছি আগৰ পৰাই আছিল। এতিয়া মাত্ৰ ইয়াৰ ধাৰাবাহিকতা ৰক্ষাহে হৈছে। বাস্তৱিকতে এইবাৰ ৰাজ্যস্তৰত সুনিৰ্দিষ্ট নিৰ্বাচনী মিত্ৰতা গঢ়ি তোলাৰ দিশত আমি অধিক মনোযোগ দিছো। ইতিমধ্যে উৰিষ্যাত নবীন পাটনায়কৰ লগত মত বিনিময় কৰিছো। বিহাৰত মিত্ৰতাৰ প্ৰচেষ্টা চলিছে। অসমতো অসম গণ পৰিষদ দলৰ সৈতে কথা-বতৰা চলি আছে। কৰ্ণাটকত জনতা দল (ধৰ্মনিৰপেক্ষ)ৰ লগত মিত্ৰতাৰ অনুকূল পৰিবেশ গঢ়ি উঠিছে। এইদৰে ৰাজ্যই ৰাজ্যই মিত্ৰতা দৃঢ় ৰূপত গঢ়ি উঠিলে, উমৈহতীয়া যুঁজৰ শক্তি ৰূপে ৰাষ্ট্ৰীয় স্তৰতো বিকশিত হব পাৰে, এনে দৃষ্টিভংগী ক্ৰমে সৱল হৈ পৰিছে।"

পুনৰ প্ৰতিনিধিৰ প্ৰশ্ন "জনতা দল (ইউনাইটেড)ৰ সৈতে আলোচনা কেনে স্তৰত আছে" বুলি সোধা প্ৰশ্নৰ উত্তৰ, বৰ্দ্ধনে দিছে এইদৰে- "নিৰ্দিষ্ট আসন বিলাকৰ ক্ষেত্ৰত চূড়ান্ত বাচনি হোৱা নাই। কিন্তু নীতিগত ভাৱে মিত্ৰতাৰ পোষকতা চূড়ান্ত হৈছে।"

"দেশৰ বহু ৰাজ্যত আঞ্চলিক দল আৰু বাওঁ শক্তিৰ ঐক্য প্ৰতিষ্ঠাৰ যি কথা কোৱা হৈছে, এই ঐক্যবদ্ধ শক্তিৰ ৰূপৰেখা কেনে হব"? এই প্ৰশ্নৰ উত্তৰত বৰ্দ্ধনে কয় যে-"নিৰ্বাচনৰ আগতেই ৰাষ্ট্ৰীয় স্তৰত ইয়াৰ ৰূপৰেখা কি হব সেয়া এতিয়াই স্পষ্টকৈ কব নোৱাৰিম। কিন্তু নিৰ্বাচনৰ পাছত কংগ্ৰেছ নেতৃত্বৰ ইউ.পি.এ বা বিজেপি নেতৃত্বৰ এন.ডি.এ কোনোপক্ষই যে ক্ষমতা দখল কৰা সম্ভৱ নহব। আৰু তেনে পৰিস্থিতিত ৰাষ্ট্ৰীয় স্তৰত সন্মিলিত নতুন ৰাজনৈতিক জোঁট নিশ্চিতভাৱে গঠন হব।"

"অহা বুধবাৰে এই দল সমূহৰ সভা অনুষ্ঠিত হব, ইয়াৰ ফলাফল কেনে হব বুলি আশা কৰে" বুলি সোধা প্ৰশ্নৰ উত্তৰত বৰ্দ্ধনে কয় যে- "এই সভাত চলিত সংসদৰ অধিবেশনত লব লগা ভূমিকা সন্দৰ্ভতহে কম-বেছি আলোচনা হব।"

"নীতিশ কুমাৰৰ বক্তব্য মতে দল বিলাকৰ সভাত নতুন মৰ্চা সম্পৰ্কে আলোচনা হব। ইয়াৰ ৰূপৰেখা গঢ়ি উঠিব।" এই প্ৰসংগত এ.বি.বৰ্দ্ধনে দিয়া উত্তৰ, "আলোচনা হব। কিন্তু তাৰ ৰূপৰেখা কেনে হব এতিয়াই বাখ্যা কৰাটো টান। মোৰ ধাৰণা ৰাজনৈতিক মিত্ৰতাৰ বাস্তৱিক ৰূপৰেখা একেদিনাই গঢ়ি তোলাটো সম্ভৱপৰ নহয়। "

সাংবাদিকৰ পুনৰ প্ৰশ্ন, "এই আলোচনাত কেনে ধৰণৰ মত বিনিময় হব?"
উত্তৰত বৰ্দ্ধনে কয়-"প্ৰাথমিক স্তৰত ৰাজ্য সমূহত বাস্তৱ সন্মত মিত্ৰতা হওক। ইয়াক খাপে খাপে উন্নত স্তৰলৈ নিয়াৰ পদক্ষেপ লোৱা হবই।"
"তাৰ অৰ্থ, আপাতত আগন্তুক আলোচনা সভাত ৰাষ্ট্ৰীয় স্তৰত জোঁটবন্ধন নহব"? এই প্ৰসংগত বৰ্দ্ধনে কয়-"সেয়া একেদিনাই নিশ্চয় নহয়, পৰিস্থিতিয়ে কেনে ৰূপ লয় প্ৰথমে দেখা যাওক। এই ক্ষেত্ৰত বাৰে বাৰে কৈছো, নিৰ্বাচনী বিকল্পই ৰাজ্যই ৰাজ্যই বাস্তৱিক ৰূপ লওক। মই মৰ্চাৰ কথা কোৱা নাই। সংসদীয় নিৰ্বাচনৰ বাবে যুঁজৰ উমৈহতীয়া আহিলা গঢ়ি তোলা হওক, মৰ্চা নহয়!"

পুনৰ সাংবাদিকৰ প্ৰশ্ন-"এই সভাত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম, জোঁটৰ নাম আদি গৃহীত হব নেকি? এয়া নিৰ্বাচনৰ আগত বা পাছত, কেতিয়া গৃহীত হব?"
এই প্ৰশ্নৰ উত্তৰত স্পষ্ট কৰি দি বৰ্দ্ধনে কয় যে- "জোঁট গঠন হ'লেহে জোঁটৰ নামাকৰণ কৰা হব। নিৰ্বাচনৰ আগত ৰাষ্ট্ৰীয় স্তৰত মিত্ৰজোঁট গঠন, প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম আৰু উমৈহতীয়া কৰ্মসূচীয়ে বাস্তৱ ৰূপ লোৱা চাগৈ সম্ভৱ নহব।"

"উমৈহতীয়া কৰ্মসূচী, ঘোষিত জোঁটৰ নাম অবিহনে নিৰ্বাচনী যুঁজ কিমান সফল হব?"
উত্তৰত বৰ্দ্ধনে কয়-"আমি কংগ্ৰেছ-বিজেপি বিকল্পৰ বাবেহে আত্ম-নিয়োগ কৰিছো। আমাৰ মতে নিৰ্বাচনৰ পূৰ্বে, নিৰ্বাচনৰ পূৰ্বে, এই প্ৰচেষ্টা পৰিপক্ক ৰূপ লোৱাটো সম্ভৱ নহব। ইতিমধ্যে সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে দিল্লীত অনুষ্ঠিত এক অভিবৰ্ত্তনত চৈধ্যটা দল ঐক্যবদ্ধ হৈ গণ অভিযান চলাবলৈ প্ৰস্তাৱ গৃহীত হৈছিল। এই প্ৰস্তাৱৰ আধাৰতে চলিত মাহতে বেংগেলুৰুত এক গণ-সমাবেশ অনুষ্ঠিত হব।"

"অন্ধ্ৰ প্ৰদেশত টি ডি পিয়ে বাওঁদলৰ লগত ঐক্যবদ্ধ হৈ কাম কৰি আহিছিল। সাম্প্ৰতিক ভাৱে টিডিপিৰ সহযোগ স্তিমিত হৈ পৰিছে। বিজেপিৰ লগত জোট-বন্ধনো ঘোষণা কৰা নাই, এই সম্পৰ্কত আপোনাৰ মতামত কেনে?"
এই প্ৰশ্নৰ উত্তৰত দি বৰ্দ্ধনে কয় যে- "সাম্প্ৰতিক ভাৱে টিডিপিৰ নেতাজনে নিজৰ সমস্যাতে জড়িত হৈ আছে।"

"সাম্প্ৰদায়িকতা বিৰোধী অভিবৰ্ত্তনত এন.চি.পিও আছিল। জনসমাবেশলৈ এই দলকো আমন্ত্ৰণ কৰা হবনে" বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বয়োজ্যেষ্ঠ নেতাজনে এইদৰে কয়-"মোৰ বিশ্বাসমতে এন.চি.পিক আমন্ত্ৰণ জনাব লাগে। আৰু এটা কথা মনত ৰাখিব, মহাৰাষ্ট্ৰৰ বাদে কংগ্ৰেছৰ লগত এন.চি.পি কোনো ৰাজ্যতে নাই।"

এই সাক্ষাতকাৰে নিশ্চয় পাঠকক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হৈ থকা "ফেডাৰেল ফ্ৰণ্টৰ গঠনৰ কুচ-কাৱাজ" সন্দৰ্ভত কিছু ৰেঙণি দিবলৈ সক্ষম হব। আৰু সমাগত নিৰ্বাচনক লৈ দেশত চলি থকা বিভিন্ন ৰাজনৈতিক ঘটনা-প্ৰৱাহক এক বিশ্লেষণ কৰাৰ সুযোগ দিব।

No comments:

Post a Comment