ৰাজনীতি (বাওঁপন্থী বতৰা) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাজনীতি (বাওঁপন্থী বতৰা)

ৰাজনীতি (বাওঁপন্থী বতৰা)

Share This
দেশত বৰ্ণবাদী ধ্যান-ধাৰণাঃ
পৰিতোষণ কৰিছে কোনে?
বিগত পষেকত চি.পি.আই(এম.এল)ৰ মুখপত্ৰ "এম.এল আপডেট"ৰ সম্পাদকীয় প্ৰৱন্ধত ভাৰতত এতিয়াও বৰ্ণবাদী প্ৰৱণতা তথা ধ্যান-ধাৰণা বৰ্তি থকা সন্দৰ্ভচ মতামত ব্যক্ত কৰিছে। দেশৰ ৰাজধানীৰ একাংশ লোকৰ মাজত বৰ্ণবাদ আৰু জাতি-বৰ্ণৰ নামত প্ৰৱল ঘৃণাভাৱ এতিয়াও বৰ্তি থকা কথাটো সাময়িক ঘটনাৰে প্ৰৱল ৰূপত প্ৰকাশ পাইছে। যিটো আধুনিক ভাৰতৰ বাবে একেবাৰেই শুভ নহয়।

এনে কদৰ্য ধ্যান-ধাৰণাৰ বলি হৈ মৃত্যুক সাৱতি ল'লে অৰুণাচলৰ উদীয়মান ছাত্ৰ  নিডু টানিয়ামে, দেশৰ ৰাজধানী দিল্লীত। মানুহৰ গাৰ ৰং বা শ্ৰী-চেহেৰা দেখিয়েই ঘৃণাৰ মনোভাৱ পোষণ কৰা এচাম মানুহ নামৰ একাংশ প্ৰাণীৰ পঁচা ধ্যান-ধাৰণা দেখি দেশ লজ্জানত হৈছে। কিন্তু ৰাজধানীবাসী এনে কিছু লোকৰ বৈষম্যবাদী বীজানু আৰু ভ্ৰান্ত ধাৰণাক শাসক চক্ৰৰ দ্বাৰাই পৰিতোষণ কৰাহে পৰিলক্ষিত হৈছে।


এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলত দীৰ্ঘদিন ধৰি সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন নামৰ দমনমূলক আইন জাপি ৰাখি সেই অঞ্চলৰ নাগৰিক সকলক নিৰ্বিচাৰে হত্যা,ধৰ্ষণ, নিৰ্মম অত্যাচাৰ কেইবাদশক জুৰি শাসক চক্ৰই চলাই আহিছেই। তাৰো-ওপৰত ভূতৰ ওপৰত দানৱ পৰাদি, দেশৰ এই অঞ্চলৰ অধিবাসী সন্তান সকলৰ প্ৰতি দিল্লীবাসী তথা শাসক চক্ৰৰ বৈষম্যমূলক বিচাৰ-ধাৰা অত্যন্ত উদ্বেগৰ বিষয়। ৰাষ্ট্ৰৰ শাসক চক্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে কৰা আচৰণ দেশৰ ঐক্য সংহতিৰ বাবেও ভাবুকি স্বৰূপ। একেদৰেই জম্মু-কাশ্মীৰৰ অধিবাসী সকলৰ প্ৰতিও বৈষম্যমূলক আচৰণ শাসক চক্ৰই কৰি আহিছে।

একেদৰেই উত্তৰ-পূৰ্বাঞ্চলত বাংলাভাষী বনুৱা শ্ৰেণীৰ নিঃস্ব লোকসকলক নিৰ্বিচাৰে "অনুপ্ৰৱেশকাৰী" বুলি সন্দেহ আৰু ঘৃণাৰ দৃষ্টিৰে চোৱাৰ এক বৈষম্যমূলক আচৰণ গঢ় লৈ উঠিছে। যিবোৰে সমাজত এক ঘৃণাভাৱৰহে প্ৰসাৰ কৰিছে। অথচ তাৰ বিপৰীতে এনে মনোভাৱ আঁতৰাবলৈ সমাজিক ক্ষেত্ৰত শাসক পক্ষই কোনো প্ৰতিব্যৱস্থা গ্ৰহণ কৰা দেখা নাই।

অলপতে দিল্লীৰ খিৰকি এক্সটেনশ্যন অঞ্চলতো আফ্ৰিকান সকলৰ বেছিভাগেই ড্ৰাগচ আৰু নাৰী-দেহ ব্যৱসায়ত জড়িত বুলি পূৰ্ব-পোষিত মনোভাৱ লৈ ৰেইড চলাবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ দিল্লীৰ আইন মন্ত্ৰী নিজে মাজৰাতি আৰক্ষীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হোৱাৰ ঘটনাইয়ো দেশৰ সমুখত লুকাই বৰ্ণবাদী মানসিকতাকেই উজ্বলাই দেখুৱালে।

এনেবোৰ বৰ্ণবাদী ধ্যান-ধাৰণাৰ পৰিপোষণ দেশত অৱসান হবই লাগিব। অন্যথা দেশৰ সামাজিক সুস্থিৰতা, ঐক্য, অখণ্ডতা আদি গুৰুত্বতা আদিক ভেঙুচালি কৰাৰ দৰে এনে দুৰ্ঘটনাই ভাৰতীয় মানৱ সমাজক সদায়েই শিৰনত কৰিয়েই থাকিব। 

ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) দলৰ মুখপত্ৰৰ এই সম্পাদকীয় আলোকপাতে উন্মোচন কৰা গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি দেশৰ সামাজিক সংগঠন, ৰাজনৈতিক সংস্থা তথা সাংবিধানিক সংস্থা সমূহে নিজৰ নিজৰ ভূমিকা গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি অহাৰ সময় ইতিমধ্যেই উকলি যোৱাৰ উপক্ৰম হোৱা যেনেই অনুভৱ হৈছে। যিটো বিশ্বৰ সতে ফেৰ মাৰিবলৈ চুপাৰ-পাৱাৰ হবলৈ স্বপ্ন বিলোৱা দেশ এখনৰ বাবে এক চৰম সামাজিক দুৰ্বলতা ৰূপেই দিনক দিনে পৰিস্ফুত হৈছে।

No comments:

Post a Comment