পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. "পৰাগ দাস সোঁৱৰণী সাংবাদিকতা বঁটা" কালি মনোৰম গগৈক আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যই। জনসাধাৰণ কাকত গোষ্ঠীয়ে প্ৰবৰ্তন কৰা এই বঁটা গ্ৰহণ কৰি একালৰ সতীৰ্থজনৰ আদৰ্শ আৰু সান্নিধ্যৰ কথা সোঁৱৰি চকুলোক বাধা দিব নোৱাৰিলে বঁটাপ্ৰাপক গৰাকীয়ে, "সততাক এক সামাজিক দ্বায়বদ্ধতা" বুলিও কৰিলে মন্তব্য।

২. শিশুৰ অধিকাৰ সুৰক্ষা আৰু এই দিশত সজাগতাৰ উদ্দেশ্যে অসম ৰাজ্যিক শিশু অধিকাৰ আয়োগে অহা ২৬ফেব্ৰুৱাৰীৰ পৰা ৪মাৰ্চলৈ শিশু সুৰক্ষা সপ্তাহৰ আয়োজন কৰিছে। গুৱাহাটীৰ উলুবাৰীৰ তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত হব লগীয়া সাতদিনীয়া কাৰ্যসূচীত সমল ব্যক্তিৰূপে প্ৰফেছৰ নীলাঞ্জনা দাসগুপ্তাই অংশগ্ৰহণ কৰিব।

৩. পলাশবাৰী সমষ্টিৰ বান-গৰাখহনীয়াত আক্ৰান্ত অঞ্চল জিয়াকুৰত স্থাপিত হব ৫কোটি টকা ব্যয় সাপেক্ষ এখন ৩০খন বিচনাযুক্ত আদৰ্শ চিকিতসালয়। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে এই চিকিতসালয়ৰ স্থাপন কৰিলে আধাৰশিলা।

৪. পতঞ্জলি যোগসমিতিে অহা ১৬-২২মাৰ্চলৈ ৰামদেৱৰ "যোগ মহোতসৱ আৰু ধৰ্মযুদ্ধ-২০১৪ৰ ৰণনীতি"ৰ আহ্বানেৰে গুৱাহাটীত যোগ সপ্তাহ আৰু ২৩ মাৰ্চত যোগ মহোতসৱৰ আয়োজন কৰিছে। এই উতসৱত দিহানাম, আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতাও আয়োজিত হোৱা বুলি জানিব পৰা গৈছে।

৫. স্পাইচ জেটে পুনৰ আগবঢ়াইছে ৭৫ শতাংশ পৰ্যন্ত মূল ভাড়াৰ ক্ষেত্ৰত ৰেহাই বিশেষ সুবিধা। অহা ৩০জুনৰ ভিতৰৰ টিকটৰ বুকিংৰ বাবে অহা বুধবাৰ পৰ্যন্ত থাকিব এই ৰেহাইৰ সুবিধা।

৬. কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ আল আমিন ইছলামিক মডেল স্কুলত কেন্দ্ৰীয় চৰকাৰৰ আই ডি এম আই আঁচনিৰ অন্তৰ্গত ৫০লাখ টকাৰে নিৰ্মাণ হব এক ছাত্ৰাবাসৰ। কালি স্থাপিত হ'ল ছাত্ৰাবাসটোৰ আধাৰশিলা।

৭. ঢেকীয়াজুলিৰ বৰছলাৰ স্বেচ্ছাসেৱী সংস্থা ৱেজৰ উদ্যোগত অহা ৮ আৰু ৯মাৰ্চত আয়োজিত হৈছে সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰ। অন্যান্য পুৰস্কাৰৰ লগতে প্ৰাইজমানি ৰূপে মুঠ একৈশ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে। যোগাযোগৰ বাবে ৯৬৭৮৭-২৭১০০ দূৰভাষত যোগাযোগ কৰিবলৈকো আয়োজকে আহ্বান জনাইছে।

৮. সতী জয়মতী ট্ৰাষ্ট ছচাইটি, অসমৰ প্ৰতিষ্ঠা দিৱস অহা ১০মাৰ্চত অনুষ্ঠিত কৰাৰ বাবে চলিছে প্ৰস্তুতি। এই চ'ছাইটিয়ে তিনিবছৰৰ মূৰে মূৰে দিবলৈ প্ৰবৰ্তন কৰা "জয়মতী বঁটা" অসম চৰকাৰে প্ৰদান কৰিবলৈ লোৱাৰ বাবে ট্ৰাষ্টে ধন্যবাদ জনাইছে।

৯. পুনেত বিগত পষেকত অনুষ্ঠিত অষ্টাদশ কেডেট আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় কিক বক্সিঙত অসম দলে জয় কৰিলে চাৰিটাকৈ ব্ৰঞ্জৰ পদক। চিনিয়ৰত গোৱালপাৰাৰ চন্দন ৰাভা, গুৱাহাটীৰ সুবোধ টেৰণ, কাৰ্বি-আংলংৰ চাৰ্লিন ডক ৰংহাং আৰু ছাব জুনিয়ৰত (১২ অনুৰ্ধ) ওদালগুৰিৰ ধ্ৰুৱজ্যোতি দাসে এই পদক অৰ্জন কৰাৰ সুখবৰ।

১০. নিৰ্বাচিত ইভেণ্ট আৰু খেলুৱৈক সামৰি ক্ৰীড়া সঞ্চালকালয়ে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ কালিৰে পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে। ১৪ আৰু ১৬বছৰ অনুৰ্ধ শিবিৰত মুঠ ২০৭গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

No comments:

Post a Comment