ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক পদক্ষেপ

ইতিবাচক পদক্ষেপ

Share This
অলপ খোজকাঢ়িলেই যদি চাৰ্জ হয়
মোবাইল অথবা লেপটপৰ বেটেৰী
জম্মুত চলি আছে ১০১ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছ। তাত প্ৰদৰ্শিত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ শিশু-কিশোৰ তথা ভৱিষ্য নাগৰিক সকলে বিভিন্ন উদ্ভাৱনী শক্তিৰ নমুনা দাঙি ধৰা বিভিন্ন বিজ্ঞান প্ৰকল্পৰ। তাতেই এই শিক্ষাৰ্থী সকলে দেশে  আধুনিক যুগ সভ্যতাৰ সতে খোজ দিবলৈ যাওঁতে সন্মুখীন হোৱা শক্তিখণ্ডৰ প্ৰত্যাহ্বানক গ্ৰহণ কৰি উদ্ভাৱনী শক্তিৰে তাৰ সমিধান বিচৰাৰ প্ৰয়াস কৰিছে।
বিজ্ঞান কংগ্ৰেছত ভৱিষ্য
বিজ্ঞানীসকলৰ মনৰ বতৰা লৈছে
প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামে

তেনে এক প্ৰকল্প তুলি ধৰিছে শুভ্ৰানু বেনাৰ্জীয়ে। শুভ্ৰানুৰ এই ডিজাইন মতে এজন মানুহে মাত্ৰ এক কিল'মিটাৰ দূৰত্ব খোজকাঢ়িয়েই তেওঁৰ মোবাইল বা লেপটপৰ বেটাৰী চাৰ্জ কৰিব পৰা বিদ্যুত শক্তিৰ সৃষ্টি কৰিব পাৰে। উৰিষ্যাৰ ভুৱনেশ্বৰৰ অ'ডিএম পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ শ্ৰুবানুৱে তেওঁৰ এই মডেল জম্মুত চলি থকা ভাৰতীয় বিজ্ঞান কংগ্ৰেছত প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

শুভ্ৰানুয়ে এই ধাৰণাটোৰ সৃষ্টি কৰিবলৈ পিজো কোষ (Piezo cell) ব্যৱহাৰ কৰিছে। এই কোষ ব্যৱহাৰকাৰীৰ জোতাত লগাই দিয়াৰ ব্যৱস্থা কৰিছে আৰু তাৰ সৈতে চাৰ্জ কৰিব লগীয়া বেটাৰীটো সংলগ্ন কৰি ৰখাৰ ব্যৱস্থা কৰিছে। যেতিয়াই ব্যৱহাৰকাৰীয়ে এই বিশেষ সঁজুলিযুক্ত জোতাযোৰ পিন্ধি খোজ কাঢ়িবলৈ ধৰিব, তেতিয়াই তাৰ পৰা পিজো চেলৰ সহায়ত উদ্ভৱ হোৱা শক্তিখিনি  বেটাৰীয়ে সংগ্ৰহ কৰি জমা কৰি ৰাখিব।

বৰ্তমান এজন মানুহে এক কিল'মিটাৰ খোজ কাঢ়িলেই তেওঁৰ মোবাইল বা লাগিলে লেপটৰ বেটেৰী চাৰ্জ কৰিব পৰা শক্তি আহৰণ কৰিব পৰা অৱস্থাত মডেলটো উপনীত হৈছে বুলি দাবী কৰিছে প্ৰতিভাবান ছাত্ৰজনে। এই সঁজুলিৰ ডিজাইনটো বনাবলৈ শুভ্ৰানুক প্ৰায় ছমাহ সময়ৰ প্ৰয়োজন হৈছিল।  আৰু এই সঁজুলিটোৰ খৰছ মাত্ৰ এশ টকাহে। এতিয়া শুভ্ৰানুয়ে কোনো জোতা তৈয়াৰ কৰা কোম্পানীৰ সৈতে লগলাগি ইয়াক ব্যৱসায়ীক ৰূপ দিয়াৰ সপোন দেখিবলৈ লৈছে। লগতে স্কুল কৰ্তৃপক্ষৰ সহযোগিতাত স্কুলতে প্ৰথমে প্ৰবৰ্তন কৰাৰ কথা আলচ কৰিছে।

কাৰেণ্ট নথকা ঠাইলৈ গ'লে বেটেৰী নোহোৱা হৈ অচল হৈ যোৱামোবাইল, লেপটপ আদিৰ অসুবিধাটো দূৰ কৰিবলৈকে চিন্তা কৰি থাকোতে শুভ্ৰানুৰ মনলৈ হেনো এই আইডিয়াটো আহিছিল। 

শুভ্ৰানুৰ এই সঁজুলিটো ব্যৱহাৰ কৰি আমি প্ৰয়োজনীয় বিজুলীশক্তি নিজেই উতপাদন কৰি লোৱাৰ লগতে ইয়াৰ বাবে খোজকাঢ়ি আমাৰ স্বাস্থ্যৰো জানো উন্নতি কৰিব নোৱাৰিম। সঁচাই নতুন যুগৰ ছাত্ৰৰ এই ব্যতিক্ৰমী অথচ ইতিবাচক মডেলটো সঁচাই প্ৰশংসাযোগ্য নহয়নে?

No comments:

Post a Comment