ঘৰতে বহি নিৰ্যাতিতাই দিব পাৰিব
পুলিচ অভিযোগ


এই পদক্ষেপ গ্ৰহণৰ লগতে তেখেতে মহানগৰখনিত কোনো মহিলা বা শিশু নিৰুদ্দেশ সম্বন্ধীয় ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে মুম্বাইৰ যি কোনো থানাতে অভিযোগ দাখিল কৰিব পৰা ব্যৱস্থা কৰিছে বুলিও জনাইছে৷ এই এফ.আৰ.আই পাছত সম্বন্ধিত পুলিচ থানালৈ ট্ৰেঞ্চফাৰ কৰি পঠিওৱাৰ ব্যৱস্থা হব৷ প্ৰতিখন থানাতে অভ্যৰ্থনা কোষক সক্ৰিয় কৰাৰ লগতে মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ ডেক্স ৰখাৰো নিৰ্দেশ দিছে৷ মহিলা বা জ্যেষ্ঠ নাগৰিক অভিযোগ দাখিলৰ বাবে আহিলে কৰ্তব্যৰত বিষয়াৰ তালৈ অভ্যৰ্থনাকাৰীয়ে লৈ যাব আৰু অভিযোগ লিপিবদ্ধ কৰি পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰি দিয়াৰো পদক্ষেপ লব বুলি প্ৰকাশ কৰিছে৷

নতুন পুলিচ কমিছনাৰ জনে মহিলাৰ সুৰক্ষাৰ বাবে মহিলা মোবাইল ভেনৰ ব্যৱস্থা কৰিবলৈকো নিৰ্দেশ দিছে৷ এনে ভেন বিভিন্ন স্কুল, কলেজ , মন্দিৰ, বাচ আৰু ৰেলৱে ষ্টেচনৰ কাষত থিয় কৰি ৰখাৰ ব্যৱস্থা হব৷ তেনে স্থানত মহিলাৰ চেইন টনা, অশ্লীল বাক্যবানেৰে আতিশয্য চলোৱা আদি ঘটনাত ততকালীন বাবে মহিলা আৰক্ষীয়ে ব্যৱস্থা লব৷ এনে ভেনত সহায়ৰ বাবে পুৰুষ পুলিচকৰ্মীও উপস্থিত থাকিব৷
বহুক্ষেত্ৰত ছোৱালী বা মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধৰ ক্ষেত্ৰত ৰাজহুৱা বদনামী আৰু লোকলজ্জাৰ বাবে থানালৈ গৈ অভিযোগ দিবলৈ সংকোচবোধ কৰে৷ সেয়ে এনে নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত এতিয়াৰ পৰা ঘৰতে থাকি অভিযোগ দাখিল কৰাৰ ব্যৱস্থা কৰা হৈছে, আৰু ই সমাজক নাৰীজনিত অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব বুলিও আশা প্ৰকাশ কৰে৷
সামাজিক সংগঠন সমূহে এনে ইতিবাচক পদক্ষেপৰ প্ৰশংসা কৰিছে আৰু ইয়াৰ মনিটৰিঙৰ ব্যৱস্থা কৰিবৰ বাবেও আহ্বান জনাইছে৷ব্যৱস্থা কৰিলেইতো নহব, তাক কাৰ্যকুশলভাৱে বাস্তৱায়িত কৰাটোও এক জটিল প্ৰত্যাহ্বান বুলিও সামাজিক কৰ্মকৰ্তা আভা সিঙে নৱভাৰত টাইমছৰ সাংবাদিকক মতামত প্ৰকাশ কৰিছে৷
এনে ইতিবাচক পদক্ষেপ দিল্লীকে ধৰি দেশৰ বিভিন্ন মহানগৰ, নগৰ তথা গাঁৱতো গ্ৰহণ কৰিব লাগে বুলিও সচেতন মহলে মত ব্যক্ত কৰিছে৷ আৰু সেইবিষয়ে সামাজিক সংগঠন, নাৰী সংগঠন সমূহে স্থানীয় গৃহ বিভাগ তথা আৰু আৰক্ষীক দৃষ্টি আকৰ্ষণ তথা দাবী কৰাৰ প্ৰয়োজন আছে৷
No comments:
Post a Comment