পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বি বৰুৱা কলেজৰ গণিত বিভাগৰ প্ৰাক্তন অধ্যাপক ডঃ কৈলাস গোস্বামীলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা। ২০১৩চনৰ বিজ্ঞান-প্ৰযুক্তি আৰু যোগাযোগৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা, বিজ্ঞান জনপ্ৰিয়কৰণত যোগোৱা অৰিহণাৰ বাবেই অহা ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত  দিল্লীত হব লগা অনুষ্ঠানতে গোস্বামীদেৱক প্ৰদান কৰা হব বুলি জানিব পৰা গৈছে।

 ২. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালিৰে পৰা আৰম্ভ হৈছে পাঁচদিনীয়াকৈ  তিব্বত মহোসৱঃ উদ্বোধনী অনুষ্ঠানত দালাই লামাৰ সতে অংশ ল'লে অসমৰ মুখ্যমন্ত্ৰীয়েও।

৩. সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সৰ্বহাৰা হোৱা ৫০গৰাকী ছোৱালীৰ দ্বায়িত্ব গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে অক্ষৰ ফাউণ্ডেশ্বন। গুৱাহাটী প্ৰেছ ক্লাৱত এই কথা প্ৰকাশ কৰিলে ফাউণ্ডেশ্বনৰ সঞ্চালিকা অলকা শৰ্মাই। লগতে এই ফাউণ্ডেশ্বনে মহানগৰীৰ লতাকটা আৰু লাষ্টগেটত দুটা শিক্ষাকেন্দ্ৰত আৰু পামহীত এখন ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত ৩০গৰাকী শিক্ষাৰ্থীক বিনামূলীয়াভাৱে শিক্ষাদান কৰি থকাৰ কথাও প্ৰকাশ কৰিছে।

৪. ডুমডুমাত চলি থকা অসম লেখিকা সমাৰোহ সমিতিৰ অধিবেশনত অনুষ্ঠিত হ'ল "সাম্প্ৰতিক সাহিত্য-সংস্কৃতিত বিশ্বায়নৰ প্ৰভাৱ" শীৰ্ষক আলোচনাচক্ৰ। অনুৰাধা শৰ্মা পূজাৰীক প্ৰদান কৰিলে "সমাৰোহ সাহিত্য বঁটা-২০১৩"।
নিৰুপমা বৰগোহাঞিলৈ আগবঢ়োৱা হৈছে "কাব্যভাৰতী নলিনীবালা দেৱী সাহিত্য বঁটা"।
অধিবেশনতে প্ৰদান কৰিছে বাৰ্ষিক সাহিত্য প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহো।

৫. ধেমাজিৰ কোলাপথাৰত ডিম্বেশ্বৰ দলে ক্ষেত্ৰত সফলভাৱে সামৰণি পৰিল মিচিং আগম কৌবাঙৰ।  জাতিৰ চিনাকি স্বৰূপ ভাষা-সাহিত্যৰ চৰ্চাৰ জৰিয়তে জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ মুকলি সভাত আহ্বান জনালে জোনাইৰ প্ৰাক্তন বিধায়ক ভুৱন পেগুৱে। মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে টেট' পৰীক্ষা অনুষ্ঠিত কৰাৰো উঠিল দাবী।

৬. উন্মোচিত হ'ল গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ মাহেকীয়া আলোচনী "অন্বেষণ"ৰ। উন্মোচন কৰিলে কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট বিজ্ঞানী-শিক্ষাবিদ ডঃ অনিল কুমাৰ গোস্বামীয়ে।

৭. বিলাসীপাৰা হাকামা বিলৰ পাৰত পালিত হ'ল বিশ্ব জলাশয় দিৱস। অৰণ্য সুৰক্ষা সমিতি, অসম আৰু হাকামা বিল পক্ষী অভয়াৰণ্য দাবী সমিতিৰ উদ্যোগত এই দিৱস পালিত হয়। এই অনুষ্ঠানতে বিলাসীপাৰাৰ উদীয়মান যুৱক অভিজিত নিয়োগীয়ে প্ৰস্তুত কৰা www.hamakabeel.hpage.com নামৰ হাকামা বিলৰ তথ্য সম্বলিত বেৱচাইটটো মুকলি কৰিলে সাংবাদিক বিজয় কুমাৰ শৰ্মাই।

৮. ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহত বাওঁপন্থী দল সমূহৰ উদ্যোগত ফেডাৰেল ফ্ৰণ্ট গঠনেৰে অনা-কংগ্ৰেছী, অনা-বিজেপি চৰকাৰ দেশবাসীক দিয়াৰ লক্ষ্যৰে বেংগেলুৰুত অনুষ্ঠিত হব এক সন্মিলিত গণ সমাবেশ। এই সমাবেশৰ পাছতে ক্ষুদ্ৰ ক্ষুদ্ৰ দলসমূহৰেৰে এক বিকল্প মৰ্চা গঠন হৈ উঠিব বুলি ৰাজনৈতিক মহলত খবৰ প্ৰকাশ পাইছে।

৯. আন্তঃগাঁথনিৰ অভাৱৰ বাবেই এম জি এনৰেগাৰৰ সফল ৰূপায়ণ কৰিব নোৱাৰা বুলি দিল্লীৰ বিজ্ঞান ভৱনত এক পৰ্যালোচনামূলক প্ৰস্তাৱ দাঙি ধৰিলে অসমৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৱৰ ৰাজ্য কেইখনৰ বাবে এম জি এনৰেগাৰ কিছু নীতি-নিৰ্দেশনা সালসলনি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিব বুলিও সূত্ৰত  প্ৰকাশ।

১০. গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম সাহিত্য সভাৰ বিশেষ অধিৱেশনৰ তৃতীয় দিনা পোন্ধৰ হাজাৰৰো অধিক সাহিত্যানুৰাগীয়ে কৰিলে অংশগ্ৰহণ। আজি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা হৈছে আয়োজিত। তৃতীয় দিনৰ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ডঃ মুকুন্দকাম শৰ্মাৰ সৈতে বিভিন্ন জনগোষ্ঠীৰ শিশুৰ মুকলি অনুষ্ঠান "কুঁহি"ত অংশ ল'লে সাহসিকতাৰ বাবে ৰাজ্যিক বঁটাপ্ৰাপক ছাত্ৰী গুঞ্জন শৰ্মায়ো।

১১. তেজপুৰৰ গুৰুকুল বিদ্যালয়ে পালন কৰিলে প্ৰতিষ্ঠা দিৱস। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা এম বি এৰ শীৰ্ষ স্থানপ্ৰাপ্ত হেমন্ত দত্তলৈ আগবঢ়ালে ডঃ মাধৱ চন্দ্ৰ বৰা সোঁৱৰণী বঁটা।

১২. আজি মৰিগাঁৱত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত হৈছে সমন্বয় সমাৰোহঃ মধ্য অসমৰ সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ যুৱ সংগঠনক একত্ৰিত কৰাৰ লক্ষ্যৰে এই সমাৰোহৰ আয়োজন কৰিছে মধ্য অসম ছাত্ৰ যুৱ সমন্বয়ৰক্ষী সমিতিয়ে।

১৩. দুবাৰকৈ পিছুওৱাৰ পাছত অৱশেষত অহা ৫ ফেব্ৰুৱাৰীত দ্বিতীয় বিভাগত ৫০শতাংশতকৈ অধিক নম্বৰ পোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সফল শিক্ষাৰ্থীক নেটবুক কম্পিউটাৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হব সৰুসজাই ক্ৰীড়া প্ৰকল্পত। তৰুণ গগৈদেৱে মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা আঁচনিখনৰ উদ্বোধন কৰিব।

১৪. শ্ৰব্য সঁফুৰা "আবেলি আকাশত" গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰিলে শিল্পী নীলিমা খাতুনে। কৌস্তভ হাজৰিকাৰ গীত, কথা আৰু সুৰেৰে সজোৱা এই এলবামটিত বাদ্যযন্ত্ৰ সমূহো বিভিন্ন ট্ৰেকত শিল্পী গৰাকীয়ে নিজেই সজাইছে বুলি প্ৰকাশ কৰিছে প্ৰযোজক জে জে প্ৰডাকচনে।

১৫. নিৰ্য়াতন বিৰোধী ঐক্যমঞ্চৰ উদ্যোগত কালি প্ৰয়াত চিন্তাবিদ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সোঁৱৰণত আয়োজিত হ'ল এখনি স্মৃতিচাৰণ সভা। সভাত বৰগোহাঞিদেৱৰ প্ৰতিভাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিলে ইতিহাসবিদ তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া লক্ষ্মীনাথ তামুলীয়ে।

১৬. মহানগৰীৰ বেতকুছিত থকা বালাজী মন্দিৰত অহা ৫ ফেব্ৰুৱাৰীৰ পৰা আয়োজিত হৈছে ১০দিনীয়া ব্ৰহ্মোসৱৰ। প্ৰতিদিনাই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি উদ্যোক্তাই জনাইছে।

১৭. ইছলাম ধৰ্মৰ শান্তি আৰু অমৃত বাণী বিলোৱাৰ মহান উদ্দেশ্যেৰে হাতীগাঁৱৰ সিজুবাৰীত অহা ৭,৮ আৰু ৯ফেব্ৰুৱাৰীত আয়োজিত হৈছে শ্বাহ মখদুম শ্বাহ(ৰঃ)ৰ ৬৯সংখ্যক উৰুচ মোবাৰক অনুষ্ঠানৰ।  তিনিওটা দিনতে বৰ্ণাঢ্য কাৰ্যসূচীত মিলাদ, জিকিৰ, মিলাদে মেহফিল আদি সন্নিবিষ্ট হৈছে।

১৮. অসম সত্ৰ মহাসভাৰ ৯৯সংখ্যক বাৰ্ষিক অধিবেশনখনি ৭-৯ফেব্ৰুৱাৰীত বঙাইগাঁও জিলাৰ ধৰ্মপুৰ সত্ৰ প্ৰাংগণত ৰাণী অভয়েশ্বৰী ক্ষেত্ৰত অনুষ্ঠিত হব। লগতে সমন্বিত যু ৱ তীৰ্থ-অসমৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনখনিৰো আয়োজন কৰা হৈছে।

১৯. গোৱালপাৰাৰ কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ত সফলভাৱে সামৰণি পৰিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ। "বিকাশমান গোলকীকৃত পৃথিৱীত মানৱতা আৰু মানৱ অধিকাৰ" বিষয়ত এই আলোচনাচক্ৰ আয়োজন কৰিছিল মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জী বিভাগে।

২০. প্ৰায়  ৫৬ হাজাৰ নতুন নিযুক্তিৰে নতুন ৰূপত গঢ় দিব ছাহাৰা ইণ্ডিয়াক। ছেবিৰ দ্বাৰা জৰিমনা ভৰাৰ নিৰ্দেশৰ বাবে হোৱা কৰ্পৰেট বদনামীৰ পাছত এই নতুন প্ৰচেষ্টাৰে কোম্পানীটোৱে বজাৰত পুনৰ খোপনি পুতিবলৈ চেষ্টা চলাব বুলি প্ৰকাশ পালে বাতৰি।

No comments:

Post a Comment