আজিৰ ভাল খবৰবোৰ
১. অধ্যাপক মৃনাল মিৰিদেৱক মাধৱদেৱ বঁটা প্ৰদান কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। লগতে বিহপুৰীয়াৰ লুইত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰো কৰিলে শুভ উদ্বোধন।
২. উন্মোচিত হ'ল কীৰ্তন ঘোষাৰ বাংলা অনুবাদ। গুৱাহাটী প্ৰেছ ক্লাৱত এই উন্মোচনী সভাত অংশ ললে শান্তনু ৰায়চৌধুৰী, নিৰুপমা বৰগোহাঞি, ডঃ মালিনী গোস্বামী আৰু চন্দনা গোস্বামীয়ে।
৩. ওদালগুৰি জালি ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত বিটিচি ভিত্তিত সাতদিনীয়াকৈ ভৈৰৱকুণ্ডত অনুষ্ঠিত হ'ল এক পৰ্বতাৰোহণ প্ৰশিক্ষণ শিবিৰৰ। ১৬বছৰ অনুৰ্ধ ৬৪ গৰাকী প্ৰশিক্ষাৰ্থীৰ শৈলৰোহণ, অৱৰোহণ, ৰিভাৰ ক্ৰছিং আদিৰ প্ৰশিক্ষণ দিয়া বুলি জানিব পৰা গৈছে।
৪. শিশু আলোচনী সফুঁৰাৰ উদ্যোগত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত হৈ গ'ল অৰিন্দম কৌশিক সোঁৱৰণী শিশু চেমনীয়া নাট প্ৰতিযোগিতা বিগত ২১-২৩ ফেব্ৰুৱাৰীত। শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিলে মৰাণ নাট্য বিদ্যালয়ে।
৫. কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু গুৱাহাটীৰ একাংশ বুদ্ধিজীৱিৰ মধ্যস্থতাত হকাৰ সন্থাই প্ৰত্যাহাৰ কৰিলে আন্দোলন। আজিৰে পৰা গুৱাহাটীত পুনৰ বিতৰণ কৰিছে বাতৰি কাকত।
৬. পোহৰলৈ আহিল এন.জি.অ'ৰ নামত সৰ্ব-ব্যাপি ব্যৱসায়ৰ আচল ৰূপ। দেশখনত মুঠ ২০লাখৰো অধিক এন.জি.অ'ৰে প্ৰতি ৬০০জন মানুহৰ বিপৰীতে আছে একোটাকৈ এন.জি.অ', তাৰ বিপৰীতে প্ৰতি ৯৪৩জন নাগৰিকৰ বিপৰীতে আছে একোজনকৈ আৰক্ষী!
৭. কবি জীৱন নৰহলৈ সৌভ্ৰাত্ৰ সন্মান আগবঢ়ালে অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদে। "অ' মোৰ আপোনাৰ দেশ" শীৰ্ষক গীতক বহুতো লোকভাষালৈ অনুবাদ কৰি পৰিবেশনৰ বাবে গ্ৰহণ কৰা উদ্যোগৰ বাবেই কবি তথা অধ্যাপক নৰহদেৱলৈ এই সন্মান আগবঢ়োৱা হৈছে ।
৮. গুৱাহাটীৰ ৰাজ্যিক কলা-বীথিকাত আজিৰে পৰা ডিলাইট ৰাইন' টিয়েৰছ শীৰ্ষক এখনি কলা প্ৰদৰ্শনী আয়োজিত হৈছে। অসমৰ বিভিন্ন ঠাইৰ ৮গৰাকী শিল্পীৰ সৃষ্টি কৰ্ম ইয়াত প্ৰদৰ্শিত হব।
৯. গোলাঘাটৰ সাহিত্য, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান "কলম"ৰ প্ৰথ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী কাৰ্যসূচী, ডেৰ শতাধিক বাতৰি কাকতৰ হকাৰক জনাব সম্বৰ্ধনা । ৰসৰাজৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি অনুষ্ঠান, প্ৰতিযোগিতাৰ আয়োজনৰ লগতে ১ আৰু ২ মাৰ্চত হব লগা কাৰ্যসূচীৰ সৈতে উন্মোচিত হব এখনি স্মৰণিকাও।
১০. অসম উদ্যোগ আৰু বিনিয়োগ নীতি-২০১৪ ঘোষণা কৰিলে বাণিজ্য মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনত গুৰুত্ব প্ৰদান কৰিব বুলিও কৰিলে ঘোষণা।
১১. মাজুলীৰ চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট মুখাশিল্পী কোষকান্ত দেৱগোস্বামীক শনিবাৰে প্ৰদান কৰিলে "প্ৰণৱ বৰুৱা শিল্পী বঁটা-২০১৩"। বঁটা প্ৰদান কৰিলে প্ৰণৱ বৰুৱা শিল্পী সমিতিৰ সভাপতি ডঃ বীৰেন্দ্ৰ নাথ দত্তই।
No comments:
Post a Comment