পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দিল্লীৰ স্কুলীয়া পাঠ্যপুথিত উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাস অন্তৰ্ভুক্ত কৰিব বুলি ঘোষণা কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে। দিল্লীত বসবাস কৰা মানুহক উত্তৰ-পূৱৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰি অৰুণাচলৰ ছাত্ৰ নিডো টানিয়ামৰ হত্যাৰ ন্যায় বিচাৰি কৰা প্ৰতিবাদী শিক্ষাৰ্থী সকলৰ সৈতে সহমৰ্মিতা প্ৰকাশেৰে অংশগ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচীতো।
২. কালি ৰাষ্ট্ৰপতিয়ে ভাৰত-ৰত্ন প্ৰদান কৰিলে বিজ্ঞানী চি এন আৰ ৰাও আৰু ক্ৰিকেটৰ শচীন টেণ্ডুলকাৰক। নিজ মাতৃ আৰু দেশৰ সকলো মাতৃলৈ ভাৰত-ৰত্ন উছৰ্গা কৰিলে তেণ্ডুলকাৰে।

৩. ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত সৰস্বতী পূজাৰ দিনাই নলবাৰীত১৩জনে স্বাক্ষৰ কৰিলে মৰণোত্তৰ দেহদানৰ ইচ্ছা পত্ৰত। অন্ধবিশ্বাস-কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গভীৰ বোজা বুলি মত প্ৰকাশ কৰিলে এই উদ্যেশ্যে আয়োজিত সজাগতা সভাই।
 নিডো টানিয়ামৰ বাবে ন্যায় বিচাৰি
মুম্বাইত আয়োজিত প্ৰতিবাদী সভাত জাহ্নু বৰুৱাদেৱ

৪. শিৱসাগৰ ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী-বৰ্ষ উদযাপনৰ আয়োজন। এই উদ্দেশ্যে আয়োজিত ক্ৰীড়া সজাগতা ৰেলী অহা ৮ ফেব্ৰুৱাৰীত পিয়লি ফুকন ষ্টেডিয়ামত শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।  বিশিষ্ট অতিথি ৰূপে গ্ৰেণ্ড-মাষ্টাৰ শশী কিৰণ, দবা খেলুৱৈ তৈয়বুন নেছাকে ধৰি বিশিষ্ট ক্ৰীড়াবিদ সকলে অংশ গ্ৰহণ কৰিব।

৫. অসম চৰকাৰৰ জল সম্পদ বিভাগৰ উদ্যোগত অহা ৬ আৰু ৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান প্ৰাংগণত অসম জল আলোচনা চক্ৰ -২০১৪ শীৰ্ষক আয়োজিত হৈছে। উপস্থিত থাকিব জাৰ্মানী, আমেৰিকা, নেডাৰলেণ্ড আৰু বাংলাদেশৰ বিশেষজ্ঞও। ৰাজ্যৰ বান-খহনীয়া ৰোধৰ বাবে কেন্দ্ৰীয় জল আয়োগলৈ যুগুতাই উলিয়াব  ৪হাজাৰ কোটি টকীয়া প্ৰস্তাৱো ।


৬. গুৱাহাটীত উন্মোচিত হ'ল লেখিকা গীতালি বৰাৰ নৱতম গল্প সংকলন "নিৰৱধি নৈৰাঞ্জনা"।উন্মোচন কৰিলে বিশিষ্ট লেখিকা ৰীতা চৌধুৰীয়ে।

৭. দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাজ্যজুৰি পালিত হ'ল সৰস্বতী পূজা। বাগদেৱীৰ বন্দনাৰ মাজতে চলিল অঘোষিত সৌন্দৰ্য প্ৰতিযোগিতাও।

৮. চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড পীচ ষ্টাডিজৰ উদ্যোগত আয়োজিত দুদিনীয়া আলোচনা চক্ৰৰ সফল সামৰণি।  মাওবাদী সমস্যাই উত্তৰ পূৱত পাতনি মেলা সন্দৰ্ভত আয়োজিত হোৱা এই আলোচনাচক্ৰত শীৰ্ষ আৰক্ষী বিষয়া ভাস্কৰজ্যোতি মহন্তকে ধৰি বিভিন্ন জনে অংশগ্ৰহণ কৰে।

৯. অসম সাহিত্য সভাৰ গুৱাহাটী বিশেষ বাৰ্ষিক অধিবেশনৰ সফল সামৰণি। প্ৰতিনিধি সভাই গ্ৰহণ কৰিলে ৩১টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ উন্নয়নৰ প্ৰসংগত নিৰ্ধাৰিত কাৰ্যসূচীসহ শ্বেতপত্ৰ প্ৰকাশৰ দাবী, অসমৰ ভাষা-সংস্কৃতিৰে পৰিচয়বিহীন বাহিৰৰ লোকক অসমৰ প্ৰতিনিধি সাজি ৰাজ্যসভালৈ পঠোৱাৰো বিৰোধিতা কৰিলে সাহিত্য সবাই।

১০. ধেমাজি জিলাৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ লগতে আহোমৰ কৃৰ্তি চিহ্ন সমূহ সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনিত মুকলি কৰি দিছে ৩কোটি ৫০ লাখ টকা। জোনাই-চিলাপথাৰত টুৰিষ্ট কমপ্লেক্স নিৰ্মাণৰ বাবেও গ্ৰহণ কৰিছে আঁচনি।

১১. সফল ভাৱে সামৰণি পৰিল সদৌ অসম ফেৰেংগাদাও একাংক নাট প্ৰতিযোগিতাৰ। লখৰাত এটা পূৰ্ণাংগ প্ৰেক্ষাগৃহৰ প্ৰয়োজনীতাৰ কথা তুলি ধৰিলে বিশিষ্ট অভিনেতা বিজু ফুকনে।

১২. গোৱালপাৰা জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত ৰঙজুলিত পালন কৰিলে "পুথিভঁৰাল সপ্তাহ"। "গ্ৰামাঞ্চলত পুথিভঁৰালৰ উন্নয়নত ৰাইজৰ ভূমিকা" আলোচনাচক্ৰও হ'ল আয়োজিত।

১৩. নাওবৈচাৰ মহেন্দ্ৰ গগৈ আৰু সূৰ্য মিলিয়ে লাভ কৰিলে ২০১৩ বৰ্ষৰ কৃষি উদগনি বঁটা। চৰকাৰী বিভাগীয় পৰামৰ্শ গ্ৰহণ কৰি কৃষিত সফলতা লাভৰ বাবেই কৃষক দুজনলৈ ক্ৰমে ৩০ হাজাৰ আৰু ২০হাজাৰ টকাৰ উদগনিমূলক পুৰস্কাৰ জিলা প্ৰশাসনে প্ৰদান কৰিলে এই গণৰাজ্য দিৱসতে।

১৪. অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কামত নিৰীক্ষণ ৰাখিব উচ্চতম ন্যায়ালয়ে। এই কামৰ বাবে কেন্দ্ৰই মুকলি দিছে ২৮৮ কোটি টকা, কেন্দ্ৰ আৰু ৰাজ্যৰ কামকাজত ন্যায়ালয়ে কৰিলে সন্তোষ প্ৰকাশ। সদৌ অসম ছাত্ৰ সন্থায়ে এই উন্নীতকৰণত চকু ৰাখিবলৈ গঠন কৰিছে নিজা পৰ্যবেক্ষণ কমিটিৰ।

১৫. শিৱসাগৰত অ'এন জিচিয়ে ৯৯কোটি ব্যয়েৰে নবীকৰণ কৰা ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ জি জি এচ উদ্বোধন কৰিলে পেট্ৰলিয়াম দপ্তৰৰ ৰাজ্যমন্ত্ৰীয়ে ।

১৬. হায়দৰাবাদত জন্ম হোৱা সত্য নাদেলাই নিযুক্তি লাভ কৰিলে মাইক্ৰচফটৰ মুখ্য কাৰ্যবাহী বিষয়া ৰূপে। বিল গেটচ তেখেতৰ মুখ্য পৰামৰ্শদাতা হব বুলিও বাতৰিত প্ৰকাশ।

১৭. জাতিগত সংৰক্ষণ শেষ কৰিবলৈ আহ্বান জনালে কংৰ্গ্ৰেছৰ সাধাৰণ সম্পাদক জনাৰ্দন ত্ৰিবেদীয়ে। এই বিষয়ত ৰাহুল গান্ধীয়ে শক্তিশালী পদক্ষেপ লব লাগে বুলি তেখেতে কৰিলে মন্তব্য।

১৮. বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৫৬খন ছবিৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে ত্ৰয়োদশ মুম্বাই আন্তঃৰাষ্ট্ৰীয় ছবি মহোতসৱ।

১৯. ডুমডুমাত লেখিক সমাৰোহ সমিতিৰ অধিবেশনৰ সফল সামৰণি। ডঃ সুখ বৰুৱা লেখিকা সমাৰোহৰ নতুন সভানেত্ৰী ৰূপে নিৰ্বাচিত হোৱাৰ সুখবৰ।

২০. পশিচটা বছৰ পূৰ্ণ কৰিলে তাই আহোম ছাত্ৰ সন্থাই। চৰাইদেউত অনুষ্ঠিত হৈছে আটাছুৰ ৰূপালী জয়ন্তী।

No comments:

Post a Comment