পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. লোকসভাৰ অনাগত নিৰ্বাচনত ভোটদান কৰি দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব দেশৰ ১০কোটি নতুন ভোটাৰে। ৮১.৮কোটি ভোটাৰে অংশ লব লগা এই নিৰ্বাচনত একোজন লোকসভাৰ প্ৰাৰ্থীয়ে কৰিব পৰা ব্যয়ৰ উচ্চ সীমা ৪০লাখ টকাৰ পৰা ৭০লাখ টকালৈ বৃদ্ধি কৰিলে নিৰ্বাচনী আয়োগে। ছটা পৰ্যায়ত নিৰ্বাচনত অনুষ্ঠিত কৰিব বুলিও দিলে ইংগিত।
"ইয়াৰুংগম" উপন্যাসৰ নায়ক এতিয়া ঘৰমুৱা....
৯৪ বছৰীয়া পৃথিৱীৰ জ্যেষ্ঠতম কৰ্মৰত সাংসদ ৰিছাং কেইছিং।
নিজৰ কাৰ্যকাল সামৰি শেষবাৰৰ বাবে সংসদ এৰাৰ মুহূৰ্তত
উত্তৰ-পূৱৰ গৌৰৱজন.... 

২. ধ্ৰুৱজ্যোতি গগৈলৈ জাৰ্মান সংগীত প্ৰতিষ্ঠানৰ সন্মান। বিশ্বৰ প্ৰথম স্থানৰ ভোকেল এডিটিং ছফটৱেৰ "মেলোডাইন"ৰ প্ৰস্তুতকাৰী জাৰ্মান সংস্থা চেলিমনীৰ নিজস্ব শিল্পী হিচাবে স্বীকৃতি লাভ কৰিছে মুম্বাইত কৰ্মৰত সংগীত শিল্পী ধ্ৰুৱজ্যোতি গগৈয়ে। উল্লেখযোগ্য যে তেওঁ ক্ৰিছ-৩ ছবিৰ "ৰঘুপতি ৰাঘৱ" শীৰ্ষক গীতটিৰ সংগীত ব্যৱস্থাপনাও গগৈদেৱেই কৰিছিল।

৩.তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰ অহা ২২-২৩ ফেব্ৰুৱাৰীত সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ আয়োজন কৰিছে পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী সমিতিয়ে। এই প্ৰতিযোগিতাত বিশটাতকৈ অধিক দলে অংশগ্ৰহণ কৰিব। ২৩ তাৰিখে পুৱা শিশুসকলৰ মাজত এখনি ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰাৰ কথা আয়োজকে জনাইছে।

৪. গুৱাহাটীৰ গড়চুকত স্থাপিত হব হায়াট' ইনষ্টিটিউট অৱ কেঞ্চাৰ এণ্ড ৰিচাৰ্ছ চেণ্টাৰ। জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত প্ৰতীকীৰূপত ইয়াৰ আধাৰশিলা স্থাপন কৰিলে শ্ৰীমন্ত শংকৰদেন ইউনিভাৰ্ছিটী অৱ হেলথ ছায়েঞ্চৰ উপাচাৰ্য ডাঃ উমেশ চন্দ্ৰ শৰ্মাই। এই উদ্যোগ গ্ৰহণ কৰিছে হায়াট' ফাউণ্ডেচন নামৰ দাতব্য ন্যাসে।

5. উত্তৰ পূৰ্বাঞ্চললৈ প্ৰথমবাৰৰ বাবে আহিব মদিনাৰ ধৰ্মগুৰু ফজিলাডুশ্ব শ্বেখ ডঃ আব্দিল মহছিন আলক্কাছিম। অহা ২৮ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ আমনিৰ শিয়ালেখাইতী পথাৰত হব লগা "আজমতে ছাহাবা সন্মিলন"ত প্ৰায় ২০লাখ লোক সমবেত হব বুলি আশা প্ৰকাশ কৰিছে সৰ্বভাৰতীয় জমিয়ত উলেমা হিন্দে। ইয়াৰ বাবে ২০০০ বিঘা কৃষি ভূমি পৰিস্কাৰ কৰি সমূহীয়া নামাজৰ বাবে প্ৰস্তুতি চলোৱাৰ খবৰো জানিব পৰা গৈছে।

৬. ধিঙত ডঃ ভূপেন হাজৰিকাৰ সুদৃশ্য প্ৰতিমূৰ্তি স্থাপন কৰিলে ধিং পৌৰসভাই। শেৱালি কবি ৰত্নকান্ত বৰকাকতিৰ জন্মস্থানখনত অচিৰেই কবি গৰাকীৰো এক প্ৰতিমূৰ্তি স্থাপন কৰিব বুলি পৌৰপতি ৰাম অযোধ্যাপ্ৰসাদ সিঙে ৰাজহুৱাকৈ ঘোষণা কৰে।

৭. অসমৰ দুয়োখন পাৰ্বত্য জিলাত জাপান চৰকাৰৰ সহযোগত জাইকা নামৰ অনুষ্ঠানৰ জৰিয়তে ৰূপায়িত হব ১০০০কোটি টকাৰ প্ৰকল্প। পশুপালন, জনস্বাস্থ্য আদি বিষয়ত ৰূপায়িত হব লগা এই প্ৰকল্পৰ ৮০% ধন জাপান চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰিলে পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী খৰছিং ইংতিয়ে।

৮. উদণ্ড ব্যৱহাৰ তথা বিপদজনক গাড়ীচালনাৰ অভিযোগৰ ফলত  কালি পৰিবহণ বিভাগে গুৱাহাটীৰ চিটিবাছ সমূহৰ বিৰুদ্ধে চলালে অভিযান। এই অভিযানত ৫জন ড্ৰাইভাৰৰ লাইচেঞ্চ বাতিল কৰাৰ লগতে ১২খনকৈ বাছৰো অনুজ্ঞাপত্ৰ বাতিল কৰাৰ খবৰ পোৱা গৈছে।

৯. কাজিৰঙা গলফ ৰিজৰ্টত আয়োজিত হৈছে অসম ইণ্টাৰনেচনেল ডিপ্লমেট আমন্ত্ৰণমূলক গলফ মীট-২০১৪। ২১-২২ ফেব্ৰুৱাৰীত এই আয়োজন কৰিছে অসম পৰ্যটন বিকাশ নিগমে।

১০. গোৱালপাৰা জিলাৰ কৃষ্ণাই হাব্ৰাঘাট হাইস্কুলৰ ৭৫বৰ্ষপুৰ্তি উপলক্ষে মহাৰজত জয়ন্তী উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। অহা ৫-৭ এপ্ৰিলত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই জয়ন্তী উদযাপন কৰা হব।

১১. সদৌ অসম চাওতালী সাহিত্য সভাৰ ওদালগুৰি জিলা সমিতিৰ ২৪তম বাৰ্ষিক অধিবেশনখনি আজিৰে পৰা তিনিদিনীয়াকৈ ওদালগুৰি জিলাৰ ঝকৰাগাঁৱত অনুষ্ঠিত হৈছে। শিক্ষা বিষয়ক আলোচনা চক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা আদি কাৰ্যসূচীৰ লগতে হব লগা মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ লব বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰীয়ে।

১২. ডিব্ৰুগড় ক্ৰিকেট ক'চিং চেণ্টাৰৰ উদ্যোগত কালিৰে পৰা জালান আউটডৰ ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হৈছে ছিমাং আৰ্নল্ড ফুলাৰী ১৪বছৰ অনুৰ্ধ আন্তঃ ক্ৰিকেট ক'চিং চেণ্টাৰ প্ৰতিযোগিতা। জিলাখনৰ আঠটা দলে ইয়াত অংশগ্ৰহণ কৰিছে। 

 ১৩. মিচিং জনগোষ্ঠীৰ কৃষি-কেন্দ্ৰিক উতসৱ আলি-আয়ে-লিগাঙ উলাহ-উদ্দীপনাৰ মাজেৰে পালন কৰিলে ৰাজ্যবাসীয়ে। পৰম্পৰাগত খাদ্য, পানীয়, গীত নৃত্যৰ মাজত আপোন-পাহৰা হ'ল জনগোষ্ঠীটোৰ লগতে আন আন অসমীয়া ৰাইজেও।

১৪. ডিব্ৰুগড় জিলা কিক বস্কিং সন্থাৰ উদ্যোগত অহা ২১-১৩ মাৰ্চত আয়োজিত হৈছে দ্বিতীয় সদৌ অসম কিক বক্সিং প্ৰতিযোগিতা। আগ্ৰহী প্ৰতিযোগীয়ে ৯৮৫৪৬-৮১৯৯০ নম্বৰত যোগাযোগ কৰিব পাৰিব।

১৫. ডিমৰীয়াৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান বিষ্ণু জ্যোতি কলা-কেন্দ্ৰ, মালয়বাৰীৰ উদ্যোগত সফল ভাৱে অনুষ্ঠিত হৈ যায় পঞ্চম বাৰ্ষিক একাংক নাট প্ৰতিযোগিতাখনিৰ। আঠটা দলে অংশ লোৱা এই প্ৰতিযোগিতাত চতিয়াৰ অংকুৰ নাট্যদলে "অনুভৱ" শীৰ্ষক নাটকৰ বাবে শ্ৰেষ্ঠদলৰ সন্মান লাভ কৰে।

No comments:

Post a Comment