ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰঃ
ইছলাম ধৰ্মৰ দম্পত্তিয়েও লাভ কৰিব
ইছলাম ধৰ্মৰ দম্পত্তিয়েও লাভ কৰিব
সন্তান তুলি লোৱাৰ অধিকাৰ
দেশৰ
সৰ্বোচ্চ ন্যায় প্ৰতিষ্ঠান উচ্চতম ন্যায়লয়ে দিয়া এক ঐতিহাসিক ৰায়দানে
নিঃসন্তান ভাৰতীয় ইছলাম ধৰ্মী পৰিয়াললৈ কঢ়িয়াই আনিছে এক সুখৰ বতৰা৷ এই
ৰায়যোগে ইছলাম ধৰ্মী দম্পত্তিকো প্ৰদান কৰিলে সন্তান তুলি তোলাৰ অধিকাৰ৷
মুছলিম পাৰ্ছনেল ল' বৰ্ডৰ নিয়মানুসাৰে ইয়াৰ অনুমতি নাছিল৷ আদালতে সামাজিক
কৰ্মকৰ্তা শৱনম হাছমীৰ এক আবেদনৰ শুনানী গ্ৰহণ কৰি এই ৰায়দান কৰিছে৷
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পি. সদাশিৱমৰ অধ্যক্ষতাত গঠিত
খণ্ডপীঠে-"২০০৬চনৰ কিশোৰ আৰু শিশু আইন(জুভেনাইল জাষ্টিছ এক্ট"ৰ অধীনত এই
ৰায়দান কৰি কয় যে, এই আইন সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ বাবেই প্ৰযোজ্য৷ ইয়াত
ব্যক্তিগত বা ধৰ্মীয় ভাৱনা বা অনুভূতিয়ে কোনো দখল দিব নোৱাৰে৷ কৰ্টে এই
বুলিও আঙুলিয়াই দিয়ে যে- সংবিধানৰৰ ৪৪তম ধাৰাত উল্লেখ কৰা ইউনিফৰ্ম চিভিল
কোডক বাস্তৱত ৰূপায়ন নকৰা পৰ্যন্ত দেশৰ আইনক যি কোনো পাৰ্চনেল আইনৰ
উৰ্দ্ধতেই ৰাখিব লাগিব৷

আইনগত দিশৰ পৰা বিশ্লেষণ কৰিলে দেখা যায় যে, আগতে হিন্দু এডোপচন আৰু মেইনটেনেন্স আইনৰ আধাৰত হিন্দু, শিখ , বৌদ্ধ আৰু জৈন ধৰ্মাৱলম্বী লোকে সন্তান তুলি লব পাৰিছিল৷ এই আইনত ইছলাম ধৰ্মী আৰু খ্ৰীষ্টান ধৰ্মালম্বী সকলৰ বিষয়ে কোনো উল্লেখ নাছিল৷ ভাৰতত ইছলাম, খ্ৰাষ্টান আৰু পাৰ্চী আদি সংখ্যালঘুৰ বাবে থকা পাৰ্চনেল আইনত সন্তান তুলি লোৱাৰো কোনো ব্যৱস্থা নাছিল৷

উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ে আইনী ৰূপত বহুতো অনাথ শিশুৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হব বুলি আশা কৰিব পাৰি৷ তথা ধৰ্মীয় চিন্তাৰ উৰ্ধত নিঃসন্তান দম্পত্তি সকলেও শিশুৰ কলৰোলে ভৰা এখন ঘৰৰ সপোন দেখিবলৈ পথ বিচাৰি পাব৷ এয়া আমাৰ সমাজৰ বাবে এক আশাৰ বতৰা তথা মানৱতাৰ দৃষ্টিৰে ইতিবাচক পৰিবৰ্তনৰ দিশে এক উল্লেখনীয় পদক্ষেপ৷
No comments:
Post a Comment