আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
অসমীয়াই কৰিবনে চিলাৰায়ৰ সঠিক মূল্যায়ন
ঈশানজ্যোতি বৰা
ইংলেণ্ডৰ প্ৰখ্যাত বুৰঞ্জীবিদ আৰ্নল্ড জোছেফ টইনবিয়ে তেখেতৰ‘A Study of History’শীৰ্ষক যুগান্তকাৰী গ্ৰন্থত নেপ’লিয়ন বোনাপাৰ্ট, ছত্ৰপতি শিৱাজী আৰু মহাবীৰ চিলাৰায়ক পৃথিৱীৰ শ্ৰেষ্ঠ বীৰ হিচাপে উল্লেখ কৰিছিল৷ কোঁচৰজা নৰনাৰায়ণৰ ভ্ৰাতৃ চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ৷ৰণক্ষেত্ৰত‘চিলা’সদৃশ দুৰন্ত গতিৰে শত্ৰুপক্ষৰ ওপৰত জপিয়াই পৰিছিল বাবে তেওঁৰ আন এটা নাম চিলাৰায়৷

নৰনৰায়াণ আৰু চিলাৰায়ৰ পৃষ্ঠপোষকতাতেই শংকৰদেৱ আৰু মাধৱদেৱে গুণমালা,ভাগৱতৰ দ্বাদশ স্কন্ধকে ধৰি ৰামায়ণৰ আদিকাণ্ড, শেষ খণ্ড ৰচনা কৰে৷নীলাচল পাহাৰস্থিত কামাখ্যা মন্দিৰ নিৰ্মাণতো চিলাৰায়ৰ অৱদান আছিল৷বৰ্তমান লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত পৱিত্ৰ বৃন্দাবনী বস্ত্ৰভাগৰ নিৰ্মাণকাৰ্যত মহাবীৰ চিলাৰায়ে আৰ্থিকভাৱে সহায় আগবঢ়োৱাৰ লগতে কেইবাজনো তাঁতী,বস্ত্ৰ নিৰ্মাণৰ বিভিন্ন সা-সামগ্ৰীৰ যোগান ধৰি সেই মহৎ কাৰ্যভাগ সম্পন্ন কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল৷

যিকেইপদ সম্পদৰ বাবে আমি অসমীয়া জাতিয়ে সদায় গৌৰৱ কৰি আহিছোঁ,সেই সকলোৰে লগত মহাবীৰ চিলাৰায়ৰ নামটো ওত:প্ৰোতভাৱে জড়িত৷ব্ৰিটিছ বুৰঞ্জীবিদেও চিলাৰায়ক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বীৰ বুলি অভিহিত কৰিছে৷

উল্লেখযোগ্য যে বৃ ন্দাবনী বস্ত্ৰ বহলে ৬০ হাত আৰু দীঘলে ১২০ হাত৷নিৰ্মাণ কৰা হৈছিল বৰপেটাত(তেতিয়াৰ তাঁতীকুছি) মহাপুৰুষজনাৰ পৰিচালনাত৷কৃষ্ণৰ জন্মৰপৰা বাল্যকালৰ বিভিন্ন লীলা-খেলাৰ ছবিসমূহ কাপোৰখনত সূতাৰে বূটা বাছি আঁকিছিল৷ সেইখন দঙা-মেলা কৰিবলৈ ষাঠীজন ব্যক্তিৰ প্ৰয়োজন হৈছিল৷তৈয়াৰ কৰোতে সময় লাগিল প্ৰায় ছমাহ৷ গুৰুজনাই এবাৰ নৰনাৰায়ণ আৰু চিলাৰায়ক বৃন্দাবন আচলতে কেনেকুৱা,সেই সম্পৰ্কে এটা সম্যক ধাৰণা বৰ্ণনা কৰিবলগা হ’ল৷শংকৰদেৱে বিভিন্ন কাহিনীৰে ভৰা বৃন্দাবনৰ কথা বৰ্ণনা কৰিলে৷লগতে জনালে যে ইচ্ছা কৰিলে কাপোৰত ছবি তুলি বৃন্দাবনৰ দৃশ্য ফুটাই তুলিবলৈ যত্ন কৰিব পাৰে৷এইয়াই বৃন্দাবনী বস্ত্ৰ বয়নৰ পৰিকল্পনাৰ আৰম্ভণি৷

অথচ,সেইজন মহান ব্যক্তি আজি অসমতে উপেক্ষিত,অৱহেলিত,অপৰিচিত৷তাতকৈ আৰু দুখৰ কথা কি হ’ব পাৰে!পশ্চিমীয়া সংস্কৃতিৰ অন্ধ অনুকৰণত সিদ্ধি লভি ক্ৰমাৎ নিজৰ ভাষা,সংস্কৃতি সকলো উৎখাত কৰিবলৈ অগ্ৰসৰ হোৱা অকৃতজ্ঞ অসমীয়া জাতিটোৰ পৰা অধিক আশা কৰাটোও ভুল, এটা মাৰাত্মক ভুল৷ তেনেহে অনুভৱ হৈছে।

No comments:

Post a Comment