পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. মুম্বাইৰ টাটা থিয়েটাৰত  ৩-৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উসৱত ৪৫ মিনিটৰ তলৰ তথ্যচিত্ৰ শিতানত বিশিষ্ট পৰিচালক আলতাফ মজিদৰ ২৬ মিনিট দৈৰ্ঘ্যৰ "ৰহস্যৰ বিত চকু" শীৰ্ষক ছবিখনে লাভ কৰিলে "সোণালী শংখ বঁটা"।
২. ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় উছুত অসম দলে এটা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ সাতোটাকৈ পদক লাভ কৰিছে। লগতে আগন্তুক ৩৫তম ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ লবৰ বাবে অসমৰ ১৩গৰাকী খেলুৱৈয়ে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিছে বুলি অসম উছু সন্থাৰ সম্পাদক ৰঞ্জিত বড়োৱে জানিবলৈ দিছে।

৩. ভাৰতীয় মেডিকেল কাউন্সিলে জাৰী কৰিলে নিৰ্দেশনা, এতিয়াৰ পৰা "কেপিটেল লেটাৰত" ডাক্তৰে লিখিব লাগিব পৰামৰ্শ টোকা।

৪. এই বৰ্ষৰ পৰা কবি পংকজ দত্তৰ সোঁৱৰণীত প্ৰৱৰ্তন কৰা ৰাজ্যিক ভিত্তিক বঁটাৰ বাবে নিৰ্বাচিত হৈছে নামৰূপৰ কবি ববী শইকীয়া চেতিয়া। অহা ২০ ফেব্ৰুৱাৰীত পংকজ দত্তৰ ওপজা দিনৰ লগত সংগতি ৰাখি এই বঁটা যোৰহাটত প্ৰদান কৰা হব।

৫. বিহালী হত্যাকাণ্ড সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী সুশীল কুমাৰ সিন্ধেক সাংসদ যোচেফ টপ্পই দিলে সমস্যা সমাধান আৰু ক্ষতিপূৰণৰ দাবীৰে স্মাৰক পত্ৰ। নিহত সকলৰ পৰিয়াললৈ ১০লাখকৈ টকাৰ সাহাৰ্য দিবলৈকো দিলে আৰ্জি।

৬. অসমৰ কৃষি বিভাগে একেৰাহে তৃতীয় বৰ্ষৰ বাবে লাভ কৰিলে "কৃষি কৰ্মণ বঁটা"।
কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতিয়ে অসমে মাহজাতীয় শস্য উতপাদৱত দেখুওৱা পাৰদৰ্শিতাৰ বাবে লাভ কৰা এই বঁটা অসমৰ কৃষি মন্ত্ৰীক প্ৰদান কৰে।

৭. সত্ৰীয়া নৃত্যৰ অনুষ্ঠান "ওম কালচাৰেল অকাডেমি"ৰ শিক্ষাৰ্থী সকলে যোৱা ৯ ফেব্ৰুৱাৰীত ৰবীন্দৰ ভৱনত সত্ৰীয়া আৰু থলুৱা নৃত্যৰ সমাহাৰেৰে "নৃত্যসংগম" নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰে। নৃত্য বিশাৰদ যতীন গোস্বামী আৰু ইন্দিৰা পি পি বৰাক এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়।

৮. মৌলিক সাহিত্য ৰছনাৰ বাবে দুধনৈ মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ আবুল হুছেইনলৈ কলকাতাৰ মাইকেল মধূসূদন একাডেমিয়ে আগবঢ়ালে ২০১৪ বৰ্ষৰ মাইকেল মধুসূদন বঁটা। কলকতা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই বঁটা হুছেইনক প্ৰদান কৰাৰ সুখবৰ।

৯. নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১১৭তম জন্ম-জয়ন্তীৰ সৈতে সংগতি ৰাখি টংলা নগৰত টংলা ভেৰগাঁও পথৰ কাষত নেতাজীৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰিলে বিটিচিৰ পৰিষদীয় সদস্য জগদীশ সৰকাৰে।

১০. সুলভ মূল্যত প্লাষ্টিক সামগ্ৰী উৎপাদন বিষয়ক এখনি তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছে পুৰণিগুদামৰ দৃষ্টি ফাউণ্ডেচন নামৰ সংগঠনে। অসম বিজ্ঞান, প্ৰষুক্তি আৰু পৰিবেশ পৰিষদৰ সহযোগত ত্ৰিশগৰাকী প্ৰশিক্ষাৰ্থীক বিনামূলীয়াকৈ এই প্ৰশিক্ষণ প্ৰদান কৰা হব।

১১. অহা ১৩ ফেব্ৰুৱাৰীত যাদুকৰ জুনিয়ৰ পি চি চৰকাৰে সাংবাদিক সকলৰে এটি বাৰ্তালাপ অনুষ্ঠানৰ আয়োজন কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱত। যাদুবিদ্যাৰ বৈজ্ঞানিক ভিত্তি আৰু ভাৰতবৰ্ষত ইয়াৰ সম্ভাৱনীয়তা সন্দৰ্ভত তেখেতে বাখ্যা আগবঢ়াব ।

১২. বিশ্বনাথ চাৰিআলিত বাপুজী উচ্চ ইংৰাজী বিদ্যালয়ত অগ্নিনিৰ্বাপক আস্থান বিষয়াই আয়োজন কৰিলে দুৰ্য়োগৰ সময়ত লব লগা সাৱধানতা সন্দৰ্ভত এক সজাগতা সভাৰ। জুই লগাৰ পাছত লব লগা ব্যৱস্থা,  অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেঞ্চ আদি মতা, আহত সকলৰ শুশ্ৰূষা আদি দিশত সজাগতা বৃদ্ধিৰ বাবে চলালে চেষ্টা।

১৩. পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৩৩তম কেন্দ্ৰীয় মধ্যকালীন অধিবেশনখনি অহা ২১-২৩ মাৰ্চত ডুমডুমা চহৰ নগৰ খেলপথাৰৰ ডামচাও ভবানন্দ বুঢ়াগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হব। গঠিত হোৱা আদৰণী সমিতিয়ে ১২ খন উপসমিতি যোগে ২৫লাখ টকাৰ বাজেটেৰে অধিবেশনস্থলীত প্ৰদৰ্শনী, গ্ৰন্থমেলাৰ লগতে টাই ভাষাৰ আলোচনা চক্ৰ আৰু কথোপকথন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে।

১৪. দেশত পৱন শক্তি উপাদনৰ ক্ষেত্ৰত পূৰ্বানুমান তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰে। এই তথ্য অনুসৰি ৫০-৮০কি.মি. বেগত চলা বতাহৰ পৰা অসমে ৫৩-১১২ মেগাৱাট শক্তি আহৰণ কৰিব পৰাৰ সম্ভাৱনা আছে।

১৫. শুৱালকুছিৰ বৰসত্ৰ যুৱক কলা সংঘ আৰু পুথিভঁৰালৰ চাৰিদিনীয়াকৈ আয়োজিত সোণালী জয়ন্তী সমাৰোহৰ সফল সামৰণি।

১৬. ভূ-মাফিয়া কৈলাস লোহিয়াৰ ঘৰ ঘেৰাও কৰি কণী-বিলাহী দলিওৱাৰ অভিযোগত যোৱা ২৫জানুৱাৰীত গ্ৰেপ্তাৰ কৰা ছয় গৰাকী মহিলাক কালি অৱশেষত জামিনত মুক্তি দিয়াৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। দুজন জামিনদাৰ আৰু ৫০ হাজাৰ টকাৰ আমানতৰ ধন লৈ এই জামিন মঞ্জুৰ কৰে।

১৭. চলিত বৰ্ষত দেশত খাদ্যৰ উপাদনে ২৬.৩২ কোটি টনৰ লক্ষ্যক চুই অভিলেখ গঢ়াৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিলে দেশৰ কৃষি মন্ত্ৰী শাৰদ পাৱাৰে। চাউল ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ প্ৰথম আৰু ঘেঁহু কপাহৰ ক্ষেত্ৰত দ্বিতীয় স্থানৰ ৰপ্তানিকাৰী দেশ ৰূপে পৰিগণিত হোৱাৰো সুখবৰ।  ৯২জন সফল খেতিয়কৰ সফলতাক তুলি ধৰি নাগপুৰত চলি থকা কৃষি মহোসৱত প্ৰায় ৫লাখ কৃষকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

১৮. ভাৰতৰ খনন, ভূ-তত্ব আৰু ধাতৱ বিদ্যা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু টেফকনৰ সহযোগত কলিকতাত অহা ১৩-১৬ ফেব্ৰুৱাৰীত পঞ্চম দ্বি-বাৰ্ষিক খনন, ভূ-তত্ব আৰু ধাতৱ নিষ্কাশনৰ যান্ত্ৰিক প্ৰদৰ্শনীৰ আয়োজন কৰিছে। ইয়াত ২০খন দেশৰ ৩০০ৰো অধিক কোম্পানীয়ে অংশ লোৱাৰ সুখবৰ।

১৯. ভূটানৰ সৰ্ব-বৃহত চিমেণ্ট নিৰ্মাতা ডাংছাম চিমেণ্ট কৰ্পৰেচনে ভাৰতীয় বজাৰত কালি "ড্ৰেগন চিমেণ্ট" আনুষ্ঠানিকভাৱে মুকলি কৰে। উত্তৰ-পূৱ, বিহাৰ, বংগৰ বজাৰক লক্ষ্য কৰি ১০৮৮কোটি টকাৰ বিনিয়োগ কৰিছে।

২০. অসমীয়া সংগীত শুনাই অহা ১ মাৰ্চৰ পৰা উত্তৰ-পূৱৰ আকাশত চলিব পূৰ্বায়ন গ্ৰুপৰ বিমান। দুখন সৰু বিমান প্ৰতিদিনে গুৱাহাটী-শিলচৰৰ মাজত চলাচল কৰিব আৰু ১০জন যাত্ৰীক ৫,৫০০টকাৰ টিকটৰ দৰত কঢ়িয়াই নিয়াৰ সেৱা আৰম্ভ কৰিব বুলি এক সংবাদমেলত ঘোষণা কৰিছে।

No comments:

Post a Comment