পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ নাট্য-শিল্পলৈ অনবদ্য অৱদানৰ বাবে লখিমপুৰ জিলাৰ বিহপুৰীয়া নিবাসী বিশিষ্ট নাট্যকাৰ, পৰিচালক সেৱাব্ৰত বৰুৱালৈ ২০১৪ চনৰ "স্বভাৱশিল্পী অমূল্য কাকতি স্মাৰক বঁটা" আগবঢ়োৱাৰ সুখবৰ।

২. "জয় হো" চিনেমাই বক্স অফিচত অভিলেখ নগঢ়িলেও স্পট বয়ৰ পৰা লাইট মেনলৈকে ছবিখনলৈ অৰহিণা যোগোৱা দুশ গৰাকী নিষ্ঠাৱান কৰ্মীক ১লাখকৈ টকাৰ চেক বিতৰণ কৰি এক আদৰ্শ দেখুৱালে অভিনেতা ছলমান খান আৰু ছবিখনৰ পৰিচালক ছোহেইল খানে।

৩. আজিৰে পৰা মাকুমৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সমন্বয়ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৩সংখ্যক বাৰ্ষিক অধিৱেশনৰ। ১২০০বিঘা মাটিত অধিবেশনৰ বিভিন্ন মণ্ডপ নিৰ্মাণ কৰি ২০লাখ ভক্তক আদৰিবলৈ সাজু হৈছে চাৰিদিনীয়াকৈ আয়োজিত এই অধিবেশনে।

৪. আজিৰে পৰা অনুষ্ঠিত হৈছে ওদালগুৰি গ্ৰন্থমেলাঃ শিক্ষা বিভাগে আয়োজন কৰা গ্ৰন্থমেলা অহা ১০ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হব স্থানীয় বিষ্ণুৰাভা প্ৰেক্ষাগৃহত।

৫. বিভিন্ন জনগোষ্ঠীকলৈ সদৌ অসম সাংস্কৃতিক পৰিষদৰ ঘূৰণীয়া মেজমেলৰ আয়োজন। পৰিষদে জনগোষ্ঠী সমূহৰ সংস্কৃতি আৰু সমস্যাৰাজিক তুলি ধৰিবলৈ মেজমেলৰ লগতে প্ৰথমবাৰৰ বাবে অহা ১৮-১৯ এপ্ৰিলত গুৱাহাটীৰ লতাশিল খেলপথাৰত "অসম সাংস্কৃতিক মহোতসৱ-২০১৪"ৰ কৰিছে আয়োজন। 

৬. সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫০ শতাংশতকৈ অধিক নম্বৰ পোৱা ৩১২৫২ গৰাকী ছাত্ৰ-ছাত্ৰীক নেটবুক প্ৰদান আঁচনিৰ কৰিলে শুভ উদ্বোধন। মুখ্যমন্ত্ৰী বিশেষ বঁটা আঁচনিৰ অধীনত এই প্ৰকল্প হাতত লোৱা হৈছে।

৭. নতুন দিল্লীত স্থাপিত হ'ল বড়োলেণ্ড ভৱন। এই ভৱন উন্মোচন কৰিলে বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰীয়ে। প্ৰায় ৯কোটি টকাৰে দ্বাৰকা অ়ঞ্চলত নিৰ্মিত ৩২টা কোঠাৰ পাঁচ মহলীয়া এই ভৱনৰ ব্যয় বহন কৰিছে কেন্দ্ৰীয় গৃহ বিভাগে। চলিত মাহত কলিকতা আৰু বেংগলুৰুত উদ্বোধন হব বড়োলেণ্ড ভৱনৰ।

৮. অসমৰ সৰ্বস্তৰতে কংগ্ৰেছী দালালৰাজে গ্ৰাস কৰি অনাৰ মুহূৰ্ততে বৰপেটা পৌৰ সভাৰ নিৰ্বাচনত বিশখন আখনৰ ভিতৰত দহখন আসনত জয়ী হৈ পুনৰবাৰ পৌৰসভা গঠনৰ দিশে অসম গণ পৰিষদ দলে জনমত লাভ কৰাৰ সুখবৰ।

৯. গুৱাহাটীৰ খানাপাৰাস্থ নৰ্থ ইষ্ট কৰ্কট প্ৰতিষ্ঠানত পালিত হয় বিশ্ব কৰ্কট দিৱস। ডি এছ ৰিচাৰ্ছ চেণ্টাৰে প্ৰাচীন ভাৰতীয় চিকিতসা পদ্ধতিৰে কেঞ্চাৰ নিৰাময় সন্দৰ্ভে সজাগতা সৃষ্টিৰ উদ্দেশ্যে  গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা দীঘলীপুখুৰীলৈকে এক পদযাত্ৰাৰো আয়োজন কৰে। এইডছ নিয়ন্ত্ৰণ সমিতি আৰু ৰে'ড ৰিবনেও আয়োজন কৰিলে বিশাল শোভাযাত্ৰাৰ। মৈৰাবাৰীত সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শিত হোৱাৰো বাতৰি।

১০. ফটোগ্ৰাফিক ছ'চাইটি অব্ আছামৰ উদ্যোগত অহা ৯ফেব্ৰুৱাৰীত পবিতৰা অভয়াৰণ্যত প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ আলোকচিত্ৰ বিষয়ক এক কৰ্মশালা হৈছে আয়োজিত। প্ৰখ্যাত আলোকচিত্ৰ শিল্পী জয়ন্ত দত্ত প্ৰশিক্ষক ৰূপে থাকিব লগা এই কৰ্মশালাত যোগদানৰ বাবে সম্পাদক চেফ অতুল লহকৰক ৯৪৩৫০১০৯৩৫ নম্বৰত যোগাযোগ কৰিব পাৰিব।

১১. গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অহা ৯ ফেব্ৰুৱাৰীত আয়োজিত হৈছে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত এখনি আলোচনাচক্ৰ। "সূত জাতিৰ ইতিবৃত্ত, জাতিগত সৌষ্ঠৱ আৰু আৰ্থ-সামাজিক অৱস্থানঃ অতীত আৰু বৰ্তমান"ক বিষয় হিচাবে লৈ এই আলোচনাচক্ৰখনি অনুষ্ঠিত হব।

১২. নগাঁও জিলা উদ্যান সমিতিৰ উদ্যোগত যোৱা ১ ফেব্ৰুৱাৰীত নগাঁও শ্বহীদ ভৱনত অনুষ্ঠিত হয় ২০সংখ্যক উদ্যান শস্যৰ প্ৰদ্ৰশনী আৰু প্ৰতিযোগিতা। উদ্বোধন কৰিলে ৰাজ্য সভাৰ সাংসদ নাজনীন ফাৰুকীয়ে।

১৩. ছিপাঝাৰ অঞ্চলৰ সামাজিক-সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰলৈ যোগোৱা বিশেষ অৰিহণাৰ বাবে বৰদৌলগুৰিৰ সুসন্তান নৰেশ্বৰ মেধিৰ জীৱনৰ ওপৰত আলোকপাত কৰি প্ৰকাশিত হ'ল "অভিনন্দন গ্ৰন্থ"।
স্থানীয় সাহিত্য সভাই তেখেতক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আয়োজন কৰিলে এই গ্ৰন্থৰ এক উন্মোচনী সভাও।

১৪. যোৰহাটত বাণিজ্য শিক্ষা প্ৰসাৰৰ বাটকটীয়া অনুষ্ঠান চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ে ভৰি দিলে সোণালী জয়ন্তী বৰ্ষত । আজি অনুষ্ঠিত হব সোণালী জয়ন্তী উদযাপন বৰ্ষৰ উদ্বোধনী অনুষ্ঠান।

১৫. বালিপাৰা ফাউণ্ডেছনৰ সহযোগত অহা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ হোটেল ব্ৰহ্মপুত্ৰ অশোকত "ওডিচি" শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । চিত্ৰ প্ৰদৰ্শনী আৰু নিলাম, সংগীত আৰু থলুৱা সাজ-পাৰৰ ফেশ্বন শ্বৰ লগতে চেৰিটি ভোজনৰ কাৰ্যসূচীৰে সংগৃহীত ধন কেঞ্চাৰ ৰোগী সকলৰ সেৱাত ব্ৰতী দীপশিখা ফাউণ্ডেচনক প্ৰদান কৰা হব বুলি সংবাদমেলত প্ৰকাশ কৰিলে মুখ্য আহ্বায়ক শ্যামকানু মহন্তই।

১৬. দেশৰ সংসদে একমুখে গৰিহণা দিলে নিডো টানিয়ামৰ হত্যাৰ ঘটনাৰ। দিল্লী আৰক্ষীক তীব্ৰ ভাষাৰে গৰিহণা দি পুনৰ প্ৰতিবেদন দাখিল কৰিবৰ নিৰ্দেশ দিলে দিল্লী উচ্চ ন্যায়ালয়ে।

১৭. সমালোচকৰ দৃষ্টিলৈ নতুন প্ৰত্যহ্বান দলিয়ালে দিল্লীৰ আম আদমী পাৰ্টিৰ চৰকাৰে। কমনৱেলথ গেমচত হোৱা কেলেংকাৰীত ভূমিকাক লৈ প্ৰশ্ন উঠা প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ বিৰুদ্ধে জাৰি কৰিলে তদন্তৰ নিৰ্দেশ, লগতে গোচৰ ৰুজো কৰাৰ বাবেও দিলে নিৰ্দেশনা।

No comments:

Post a Comment