মিচা ক'লে কি ডাল হব? (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব? (হাস্য ব্যংগ)

মিচা ক'লে কি ডাল হব? (হাস্য ব্যংগ)

Share This
নেটৱৰ্ক একেটাই...
অগ্নিভ দত্ত
মুঠতে গোটেই পৰিবেশটোৱে কিবা হুলস্থুলীয়া । চাৰিওফালে টেনচন ভৰা মুখ । ৱিক-এণ্ডটোতহে এইখন কৰিব পাৰেনে- খংত একো নাই হৈ চিবালে চিঞৰিছে আনফালে মৈলিয়ে এটাৰ পাছত এটা চিগেৰেট হুপিব লাগিছে ।মুঠৰ ওপৰত পৰিবেশ একেবাৰে গৰম ।

ইমান হুলস্থুলৰ মাজতো কিন্তু আমাৰ পাপ্পুৱে (ৰাহুলৰ ঘৰত মতা নাম)একান্ত মনে চকলেট খাই খাই চোটা-ভীম চোৱাত ব্যস্ত ।হঠাৎ মাকক দিগ্গু সিংৰ লগত বিৰাট টেনচনত কথা পাতি পাতি ৰুমটোলৈ সোমাই অহা দেখি কিবা হ’ল পাপ্পুৰ, একে দৌৰে গৈ মাকৰ ওচৰ পালেগৈ ।মাকৰ টেনচন ভৰা মুখখন দেখি পাপ্পুৰও কিবা এটা চিন্তা কৰিব মন গ’ল। এই বুলি ভাবি মাকক সুধিলে- মাম্মা কি হ’ল ? ইমান টেনচনত যে তুমি?

মাকে আকৌ ভাবিলে- ইয়াক এতিয়া বুজাই থাকিলে মোৰ বাকী কামৰ আধ্যা পৰিব আনফালে । এই বুলি ভাবি পাপ্পুক ক’লে- পোনাটো,মোৰ তোমাৰ লগত লাগি থাকিলে দেৰি হ’ব গৈ,তুমি দিগ্গু আংকলৰ পৰাই গোটেই খিনি শুনি লোৱা, আৰু শুনা এই কেইদিন হমৱৰ্ক বিলাক ভালদৰে কৰি থাকিবা নহলে আকৌ অৰ্নৱ আংকলে পালে খাই মাৰিব।
এই বুলি কৈয়ে মাক তুফান ওলাই গ’ল ।এইবাৰ চকলেটটো খাই খাই পাপ্পু দিগ্গু আংকলৰ ওচৰ পালেগৈ –আংকল আংকল কি হৈছেনো আজি ? ইমান হুলস্থুল কিহৰ ?

দিগ্গুৱে কাৰোবাৰ লগত ফোনত কথা পাতি পাতিয়ে ক’লে- এই কেজৰিটো এল.জি (LG)ৰ তালৈ গৈছে।
পাপ্পুৱে লগেলগে হাত চাপৰি মাৰি মাৰি চিঞৰিব ধৰিলে- হা.. হা.. হা.. মই জানোৱেই এই কেজৰিটো মহা বুদ্ধু… হে.. হে.. সি নাজানেই আজিকালি এল.জি (LG)তকৈ ভাল চেমচুঙ (Samsung)হে….কেনে মজা পালো কেনে মজা পালো !!!
দিগ্গু সিঙে ফোনত উত্তৰ দিবলৈ গৈ পাপ্পুৰ কথা শুনি থৰ লাগিল।

পাপ্পুৰ কথা মনে মনে শুনি থকা মোটা ভাই মোদিৱে তপৰাই মাত লগালে- পাপ্পু বেটা একদম ঠিক কৈছা তুমি, কিন্তু এটা কথা ঠিক এই কেজৰিয়ে এলজি(LG)য়ে লয় চেমচুঙ (Samsung) লয় লৈ থাকক, কানেকচন কিন্তু ৰিলায়েঞ্চ (Reliance)ৰে লব লাগিব! (মুকেশ কাই বা অনিল ভাই বুলি কোনো কথা নাই)। বেলেগ কোনো কথা নাই।একদম চিধা কথা।
অ' মোৰে পাপ্পু ভাই, মিচা কৈতো লাভ নাই... তোৰে মোৰে নেটৱৰ্কটো একেটাই...

ফোনত কথা পাতি থকা দিগ্গু সিঙ ইফালে দুয়োৰে কথা শুনি মুৰ্চা গ'ল লগে লগে। যাৱৰ কথাও... কলি যুগত সত্য কথা শুনে সহ্য কৰিব পাৰেহে...?

No comments:

Post a Comment