পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অধ্যাপক মৃণাল মিৰিলৈ অসম চৰকাৰে আগবঢ়াইছে "মাধৱদেৱ বঁটা"৷ দৰ্শন জগতলৈ আগবঢ়োৱা বিৰল বৰঙণিৰ বাবে তেখেতক ভাৰত চৰকাৰৰ পদ্মভূষণ সন্মানো প্ৰদান কৰিছিল। আৰু  বৰ্তমান তেখেতে  ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা সন্মানীয় সদস্যৰূপে ৰাজ্যসভাত সাংসদ হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে৷
২. ২০১৪বৰ্ষৰ পৰাগ দাস সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট সাংবাদিক মনোৰম গগৈলৈ৷ "পৰাগদাৰ সানিধ্যত", "সাংবাদিকতাত নৈতিকতা" আদি গ্ৰন্থৰ লেখক, সাংবাদিক গৰাকীয়ে অসম সাংবাদিকতা বিদ্যালয় স্থাপন কৰিও নৱ-প্ৰজন্মক সৎ সাংবাদিক হোৱাৰ পাঠ দিবলৈ প্ৰচেষ্টা হাতত লৈছে৷ তেখেত বৰ্তমান ডি-ৱাই ৩৬৫ৰ উপ-সম্পাদক ৰূপে কৰ্মৰত হৈ আছে৷
৩. অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ উদ্যোগত অহা ১৪-১৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উজান বজাৰৰ জাহাজঘাটত অনুষ্ঠিত হব "আমাৰ খেল, আমাৰ উছৱ" শীৰ্ষক এক পৰম্পৰাগত ক্ৰীড়া সংস্কৃতি আৰু গ্ৰাম্য পৰ্যটন সমাৰোহ অনুষ্ঠিত হব৷ 

৪. গোসাঁইগাঁৱত জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা অষ্টাদশ অসম ক্লাৱ চেম্পিয়নশ্বিপ ফুটবলত চেম্পিয়নশ্বিপ অৰ্জন কৰিলে গোলাঘাটৰ ৰাইনো ফুটবল ক্লাৱে৷ ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰিলে চিৰাঙৰ বাথৌ ক্লাৱক৷
৫. মিতভাষৰ স্ৰষ্টা ডঃ নগেন শইকীয়াই ভৰি দিলে ৭৬বছৰত৷ ওপজা দিনত গুণমুগ্ধই জনালে ওলগ৷ নগাঁৱৰ শ্ৰীমম্ত শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয়তো ওপজা দিন উদযাপিত হোৱাৰ খবৰ৷ শইকীয়াদেৱক প্ৰজ্ঞাশীল সাহিত্যৰ সাধক আখ্যা দিলে অসম কবি সন্মিলনৰ সভাপতি অভয় বৰুৱাই এই অনুষ্ঠানতে৷৷

৬. ষড়যন্ত্ৰ কৰি অবৈধভাৱে দেশত প্ৰাকৃতিক গেচৰ দাম বৃদ্ধিৰ অভিয়োগত তেল মন্ত্ৰী বীৰাপ্পা মৈলী, মুকেশ আম্বানীকে ধৰি কেইবাজনো নেতা, ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ দুৰ্নীতি নিবাৰক শাখাক নিৰ্দেশ দিলে অৰবিন্দ কেজৰীৱালে৷ উল্লেখযোগ্য যে ৰিলায়েঞ্চৰ সহযোগী কোম্পানী নিক্কিয়ে বাংলাদেশলৈ একে উৎসৰ পৰা গেচ উৎপাদন কৰি বাংলাদেশক দিয়ে তিনি ডলাৰ দৰত, তাৰ বিপৰীতে ভাৰতত নিজৰ প্ৰাকৃতিক গেচৰ দাম নিৰ্ধাৰণ কৰা হৈছে ৮ডলাৰ প্ৰতি বিটিউত৷

৭. বেলশৰত শিক্ষাবিদ সতীশ চন্দ্ৰ মুদিয়াৰৰ জীৱনৰ আধাৰত প্ৰকাশিত হ'ল "জীৱন আৰু প্ৰতিভা" শীৰ্ষক সোঁৱৰণী গ্ৰন্থখনি৷ শিক্ষাবিদজনে যোৱা ২৯জানুৱাৰীত ইহলীলা সম্বৰণ কৰিছিল৷

৮. অহা ১৩ফেব্ৰুৱাৰীত সমগ্ৰ ৰাজ্যজুৰি পালিত হব অসম বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা দিৱস৷ গুৱাহাটীৰ খানাপাৰাস্থিত কেন্দ্ৰীয় কাৰ্যালয়তো প্ৰতিষ্ঠা দিৱৰ কাৰ্যসূচী ২বজাৰ পৰা অনুষ্ঠিত হব বুলি সম্পাদক ডঃ ধীৰেশ্বৰ কলিতাই জনাইছে৷

৯. সমাজৰ আৰ্তজনক জীয়াই থকাৰ আশাৰ ৰেঙণি দেখুওৱা "কৰুণাধাৰা"ৰ আজি চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস৷ এই উপলক্ষে বৰপেটাত তিনিখনকৈ পথসভাৰ আয়োজন কৰি সজাগতা বৃদ্ধিৰ লগতে প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লোৱাৰ সুখবৰ৷
১০. তেজপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ল গৱেষণা পদ্ধতি বিষয়ৰ ৰাষ্ট্ৰীয় কৰ্মশালা৷ ডঃ ৰঞ্জন কলিতাৰ "গৱেষণাৰ হাতপুথি" শীৰ্ষক গ্ৰন্থ হ'ল উন্মোচিত৷

১১. গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে আজি কংগ্ৰেছে অনুষ্ঠিত কৰিছে দলীয় নিৰ্বাচন৷ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত ১৬০০ দলীয় কৰ্মীয়ে ভোটদান কৰি বাচিব ৭জনীয়া প্ৰাৰ্থীত্ব প্ৰয়াসী তালিকাৰ পৰা পছন্দৰ প্ৰাৰ্থী গৰাকী৷

১২. টিহুত ৫০টাতকৈ অধিক দল-সংগঠনে ডিজিপি খগেন শৰ্মাক জনালে সম্বৰ্ধনা৷ টিহু হাইস্কুলৰ গৌৰৱ স্বৰূপ শৰ্মাদেৱে নিজ মাতৃৰ সৈতে নিজগাঁও কনিমাৰত ২০তম সভা মহোৎসৱটো অংশগ্ৰহণ কৰে৷ তাতো সৰ্বোদয় সংঘৰ উদ্যোগত, অসম আৰক্ষীক নেতৃত্ব দিয়াৰ দ্বায়িত্ব পোৱা শীৰ্ষ বিষয়া গৰাকীক স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ণ আদৰণি জনায়৷

১৩. দিল্লীত হোৱা নিডো টানিয়ামৰ হত্যাৰ গোচৰ এইবাৰ চিবিআইৰ হাতত দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷ উত্তৰ-পূৱৰ নাগৰিক তথা শিক্ষাৰ্থী সকলৰ সুৰক্ষাৰ বাবে পৰামৰ্শৱলী নিৰ্ধাৰণৰ বাবে গঠন কৰি দিছে এখন আয়োগো৷

১৪. গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম বাৰ্ষিক আন্তঃ মহাবিদ্যালয় কাবাদী প্ৰতিযোগিতাৰ আয়োজন কৰিছে বজালী মহাবিদ্যালয়ে৷ এই প্ৰতিযোগিতা অহা ২০-২২ মাৰ্চলৈ অনুষ্ঠিত হব৷

১৫. অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে এলপাইন বয়জ ক্লাৱৰ সহযোগত আয়োজন কৰা ষষ্ঠ বাৰ্ষিক অমৰজ্যোতি গগৈ আৰু অনুপ ফুকন সোঁৱৰণী প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে৷

১৬. ৰাজহুৱা হ'ল ২০০৮চনতে ৰাজ্য চৰকাৰে গঠন কৰা অসম ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ অকমন্যতা৷ ২০১১ চলৰ পৰা আজিলৈকে দাখিল কৰা নাই এখনো প্ৰতিবেদন, অথচ ছয় বছৰত পঞ্জীয়ন হৈছে ৩৬৮টাকৈ গোচৰ, আয়োগে নিস্পত্তি কৰিছে মাথো ২৬০টা গোচৰ৷

No comments:

Post a Comment