পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. নলবাৰীত উন্মোচিত হ'ল সাহিত্যিক-সমালোচক শশী শৰ্মাৰ শেহতীয়া গ্ৰন্থ "বিজু" নামৰ শিশু উপন্যাসখনি। শিশু সাহিত্য লিখাটো অতি জটিল কাম বুলি উন্মোচনী সভাত মন্তব্য কৰিলে কবি চিৰঞ্জীৱ জৈনে।

২. ভাৰতীয় অলিম্পিক সন্থাৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হোৱাৰ সুখবৰ। এন ৰামচন্দ্ৰণ নতুন অধ্যক্ষ ৰূপে নিৰ্বাচিত। উপ-সভাপতি ৰূপে নিৰ্বাচিত হ'ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। উল্লেখযোগ্য যে, দুৰ্নীতিগ্ৰস্ত লোকক আঁতৰাই নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল ভাৰতীয় অলিম্পিক সন্থা।  সেয়ে এইবাৰ নিকা লোকেৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কৰিছে সন্থাই।

৩. সদৌ অসম ছাত্ৰ সন্থাৰ শিল্পী সাহিত্যিক ন্যাসে ২০০৭চনৰ পৰা প্ৰদান কৰি অহা স্বভাৱশিল্পী অমূল্য কাকতি স্মাৰক বঁটা-২০১৪ কালি প্ৰদান কৰিলে বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাক। বহু চৰকাৰী বঁটা উপযুক্ত ব্যক্তিয়ে লাভ কৰা নাই বুলি মন্তব্য কৰিলে নৃত্যাচাৰ্য যতীন গোস্বামীয়ে।
উজানবজাৰস্থিত বিবেকানন্দ  কেন্দ্ৰত আয়োজিত এই অনুষ্ঠানতে ৰাজীৱ ভট্টাচাৰ্যই নিৰ্মাণ কৰা "অমূল্য অনুভৱ" নামৰ এখনি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।

৪. মাকুমৰ শ্ৰীশ্ৰী অনিৰু্দ্ধদেৱ ক্ষেত্ৰত সফল ভাৱে সামৰণি পৰিল শ্ৰীমন্ত শংকৰ সংঘৰ ৮৩তম অধিবেশন। বিয়লি এখনি ধৰ্মালোচনী সভাৰ পাছতে পদাধিকাৰ ৰজনীকান্ত দত্তই ধৰ্মধ্বজা অৱনমন কৰি এই অধিবেশনৰ সামৰণি মাৰে। পৰবৰ্তী অধিবেশনৰস্থলী  ঢকুৱাখনা হব বুলিও কৰিলে ঘোষণা।

৫. বাক্সা জিলাত সফল ভাৱে সামৰণি পৰিল নিখিল বাথৌ মহাসভাৰ  দশম অধিবেশনৰ।  ভবেন নাৰ্জাৰী সোঁৱৰণী সৰ্বপ্ৰাৰ্থনাত প্ৰায় বিশ হাজাৰ লোকে অংশ গ্ৰহণ কৰে।  মুকলি সভা উদ্বোধন কৰিলে বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰীয়ে।

৬. আজান পীৰ দৰগাহত চলি থকা বাৰ্ষিক অধিবেশনৰ দ্বিতীয় দিনা স্মৰণিকা "স'ৰাগুৰি আজান" উন্মোচন কৰিলে বিধায়ক অঞ্জন দত্তই। লগতে দৰগাহৰ উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ পৰা ১০লাখ টকাৰ অনুদানো ঘোষণা কৰে। স'ৰাগুৰি দৰগাহৰ উন্নয়নৰ বাবে আজান পীৰ উদ্যান আঠ লাখ টকাৰে গঢ়ি তোলাৰ লগতে এটা জিকিৰ গৱেষণা কেন্দ্ৰ, পুথিভঁৰাল আৰু সাংস্কৃতিক প্ৰকল্প স্থাপনৰ চেষ্টা চলাব বুলি জিলা উপায়ুক্ত মিনাক্ষী সুন্দৰমে প্ৰতিশ্ৰুতি দিয়ে। 

৭. "ল'ৰালিৰ গাড়ী" শীৰ্ষক এক ব্যতিক্ৰমী চিত্ৰ প্ৰদৰ্শনীৰ তৃতীয় বৰ্ষৰ বাবে আয়োজিত হৈছে চিত্ৰশিল্পী মনজিত ৰাজখোৱাৰ সামগ্ৰিক পৰিকল্পনাৰে। বাৰ গৰাকী শিশুৰ ৬০খন ভিন্ন মাধ্যমৰ ছবিৰে আজিৰে পৰা ১৫ ফেব্ৰুৱাৰীলৈকে গুৱাহাটীৰ ৰাজ্যিক কলা-বীথিকাত এই প্ৰদৰ্শনী অনুষ্ঠিত হব।  প্ৰতিদিনে আবেলি ১বজাৰ পৰা ৭বজলা প্ৰদৰ্শনী মুকলি থাকিব।

৮. ভাৰতৰ দ্বিতীয়খন ৰেছম মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপিত হ'ল তিতাবৰত। অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত স্থাপিত হব লগা এই মহাবিদ্যালয়ৰ বাবে ৪৩.৪০কোটি ধন ৰাজ্য চৰকাৰে মুকলি কৰি দিছে। আধাৰশিলা  স্থাপনৰ লগতে "ছেৰিকালছাৰ ডেভেলপমেণ্ট ইন আছাম" শীৰ্ষক গ্ৰন্থও উন্মোচন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

৯. আক্ৰাছু আৰু কেইবাটাও কোঁচ-ৰাজবংশী সংগঠনৰ উদ্যোগত অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত দুধনৈৰ ফফলত আয়োজিত হৈছে ৫০৪ সংখ্যক চিলাৰায় দিৱস উদযাপনৰ। বহুকেইজন জনগোষ্ঠীয় নেতাই অংশ লব লগা মুকলি সভাৰ লগতে আয়োজিত হৈছে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰো।

১০. গোলাঘাটত সফল ভাৱে সামৰণি পৰিল ৬০তম সদৌ অসম আহোম সভাৰ অধিবেশন। অসমৰ বিভিন্ন শিল্পীৰ লগতে চুবুৰীয়া নাগালেণ্ডৰো শতাধিক শিল্পীয়ে অংশগ্ৰহণ কৰি জীপাল কৰিলে অধিবেশনস্থলী। বেঙেনাখোৱাৰ সমীপৰ বাঘ হাজৰিকা ক্ষেত্ৰত জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰিলে গৌলাঘাটৰ পৌৰপতি ডাঃ অজিত বৰুৱাই।

১১. ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ ভৰলুমুখস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হৈছে অসমৰ বাৰে-ৰহণীয়া লোকসংস্কৃতিৰ বৰ্ণাঢ্য সমাৰোহ "মহাবাহু উতসৱ-২০১৪"। 
বিভিন্ন জনগোষ্ঠীৰ নৃত্য দলৰ সৈতে অংশগ্ৰহণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও।

১২. গুৱাহাটী প্ৰেছ ক্লাৱত অডিঅ' চিডি "অপৰ্ণা" উন্মোচন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

১৩. আজিৰে পৰা আৰম্ভ হৈছে পাঁচদিনীয়াকৈ অসম বিধান সভাৰ অধিবেশন। বাজেটৰ সলনি লেখানুদান দাখিল কৰিব লগা অধিবেশনখনি আজি পুৱা ৯বজাত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হৈছে।

১৪. মাজুলীত আয়োজিত অসম ভাওনা সমাৰোহ-২০১৪ৰ সৈতে সংগতি ৰাখি বৰলুইতৰ বুকুত ভাপ নাওৰৰ ওপৰত অনুষ্ঠিত কৰিলে কবি সন্মিলন "কবিতাৰ বাখৰ পতোৱা ঢৌ"।
আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে সঞ্চালনা কৰা কাব্য অনুষ্ঠানটিতে ভৱানন্দ দেৱ গোস্বামীৰ "জীৱনৰ কল্লোল" আৰু দীপালী দুৱৰাৰ "নিদ্ৰাহীন মোৰ নীল-গৰখীয়া" শীৰ্ষক কবিতাপুথি দুখনো উন্মোচিত হয়।

১৫. কাইলৈ অন্ত পৰিব বাগসাত অনুষ্ঠিত হৈ থকা দ্বিতীয় ভাৰত-ভূটান মৈত্ৰী মেলাৰ।  বড়ো নৃত্যৰ পৰা ভূটানৰ মাস্ক নৃত্যই উজ্জীৱিত কৰিছে মৈত্ৰী মেলাখনি।

No comments:

Post a Comment