সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
একুৰা জুইৰ মাজত বহু প্ৰশ্ন
পংকজ চেতিয়া
দুখ লাগিলে আজি। অসমৰ বাবে সচাঁকৈয়ে এটা লজ্জাজনক দিন। অসমৰে দুৰ্ভাগ্য! এনেকুৱা এজন মুখ্যমন্ত্ৰী পালো, যাৰ নিম্নতম লজ্জাবোধ নাই। নিম্নতম দায়িত্বশীলতা নাই। যিকোনো ঘটনাতে অতি টুলুঙা মন্তব্য কৰিব পাৰে। 
প্ৰণৱ বড়ো। এজন নিভাঁজ থলুৱা লোক। তেখেতৰ পজাঁটো দেখিলো টিভিত। পজাঁটো যিটুকুৰা মাটিত আছে, তাৰো পট্টা নাই। কি কৰিব তেখেতে? এনে এখন চৰকাৰৰ পৰা কিবা আশা কৰিব পাৰি বুলি তেখেতক পতিয়ন নিয়াব কোনে? আজি তেখেতৰ আত্মজাহৰ পিছতো আমাৰ মুখ্যমন্ত্ৰীয়ে কিবা ভাল মন্তব্য এটা দিব বুলিও আশা কৰিব নোৱাৰি। কোনোবা এদিনা ঘপহকে কৈয়ে দিব, মণিপুৰতো আগতে এজনে আত্মজাহ দিছিলচোন!!

আজি অসমত সুবিধা পায় কোনে? সুবিধাতো বাদেই দিয়ক। নিম্নতম অতিপ্ৰয়োজনীয় ভূমিকণো নেপায়। ভূমি পায় বাংলাদেশীয়ে। অবৈধ বাংলাদেশীয়েতো পায়েই, চৰকাৰে সংসদত বিল পাছ কৰিও ভূমি হস্তান্তৰ কৰে। লোহিয়া, বুৰাকিয়া ইত্যাদি সকলৰ বাবে কিন্তু চৰকাৰৰ দৰদ দেখা যায়। সেইদিনা অখিল গগৈৰ ভয়ত বুৰাকিয়াৰ ভৰলুমুখস্থিত ঘৰত সশস্ত্ৰ এপাল আৰক্ষীয়ে পহৰা দিছেহি। কাৰণ বুৰাকিয়াই অখিল গগৈৰ বিপক্ষে আৰক্ষীত গোচৰ দিছে। কিজানিবা কৃষকমুক্তিৰ সদস্যই তেখেতৰ ঘৰত বিক্ষোভ প্ৰদৰ্শন কৰেহি! আৰু ডি ৱাই ৩৬৫, একেই বণিয়াগোষ্ঠীৰ এটা টিভি চেনেল। অখিল গগৈ ইমানদিনে তেখেতসকলৰ এটা টিআৰপি গোটোৱা যন্ত্ৰ আছিল। কিন্তু এতিয়া, আগৰৱালাৰ টিভি চেনেলে বুৰাকিয়া, লোহিয়াৰ বিৰুদ্ধে কেনেকৈ মাতে! মৃণাল তালুকদাৰ বা প্ৰণয় বৰদলৈয়ে পাৰিবনে তেখেতসকলৰ চেনেলৰ মালিকক অসন্তুষ্ট কৰি অখিল গগৈক সমৰ্থন কৰিব? আজি প্ৰণয় বৰদলৈয়ে বাৰে বাৰে সুধিছে, দৰাচলতে আত্মজাহ দিয়াৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল নেকি! ভূমিহীন বা গৃহহীনৰ অৱস্থা আপোনালোকে হৃদয়ঙ্গম কৰিব পাৰিবনে?

আনফালে দেখিলো আমাৰ মুখ্যমন্ত্ৰী। চৰকাৰী ধনেৰে চৰকাৰী অনুষ্ঠান পাতিব, কিন্তু তাত আকৌ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ চলাব!! ৰাহুল গান্ধীৰ অনুষ্ঠানলৈ চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰি গাড়ী অধিগ্ৰহন কৰিব। আইন বা চৰকাৰ বুলি প্ৰকৃততে অসমত কিবা আছেনে?

আজি প্ৰণৱ বড়োৱে আত্মবলিদান দিলে। চৰকাৰী যন্ত্ৰই চাই থাঁকোতেই গ’ল। কাৰণ সম্পূৰ্ণ যন্ত্ৰটো ব্যস্ত আছিল কাইলৈ ৰাহুল গান্ধীৰ সুৰক্ষা ব্যৱস্থাতহে। এজন প্ৰতিবাদকাৰীয়ে আত্মজাহ দিলে চৰকাৰৰ মূৰৰ কামোৰণি এটা কমে। সেয়ে এজনাইতো কয়েই, আন্দোলন কৰাতকৈ মদ-ভাং খাওক।

অখিল গগৈকো অনুৰোধ জনাওঁ। এই আত্মজাহ জাতীয় আন্দোলনবোৰৰ কথা দুনাই নুলিয়াব। অলপ মাৰ্জিত ভাষাৰে কথা কবলৈ শিকক। আপোনাক আগতে ভাল লাগিছিল, কিন্তু দিনে দিনে মোহভঙ্গ হ’বলৈ ধৰিছে।

প্ৰণৱ বড়োৰ আত্মাই শান্তি লাভ কৰক!

No comments:

Post a Comment