লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান

১. পদ্মকাই হাজৰিকাৰ নেতৃত্বত গঠন হব নতুন আঞ্চলিক দল। নাম ৰখা হৈছে "অসম জাতীয়তাবাদী ঘোঁৰা দল"।
"বিক্ৰীৰ বাবে সৰ্বক্ষণ ৰেডি!" টেগ লাইনটো খাটাঙ কৰি পদ্মকায়ে "নগদ দিয়ক, কিনি নিয়ক" মূলমন্ত্ৰেই এই দল আগবাঢ়িব বুলি মত প্ৰকাশ কৰিছে।


২. সঞ্জয় চিঙে চিলাৰায় দিৱসত নিজকে কোঁচ ৰাজবংশী মানুহ বুলি ঘোষণা কৰাৰ পাছত, গঠন হব লগা কামতাপুৰ ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী আসনখনৰ পৰা বিশ্বজিত ৰাই ককাইদেউ গাদীচ্যুত হব লগা হৈছে। সৰ্ব-ভাৰতীয় দলৰ অধীনত সৰ্ব-ভাৰতীয় কোঁচ মানুহকে হাইকামাণ্ডে এই চকীত বহোৱাব বুলি জানিব পাৰি বিশ্বকাই মূৰ্ছা যোৱাৰ গোপন খবৰ।

৩. কালি সামৰণি পৰে গু.বি.ৰ বিশ্ববিদ্যালয় পীৰিতি সপ্তাহৰ। ভেলেণ্টাইন ডে উপলক্ষেই শেষ দিনাৰ সাংস্কৃতিক কাৰ্যসূচী চাবলৈ আহি পুৱতি নিশালৈকে এডেভেঞ্চাৰ কৰাৰ সুযোগ দিয়াৰ বাবে হিতাধিকাৰী সকলে ছাত্ৰ সন্থাৰ লগতে পঞ্জীয়কলৈ জ্ঞাপন কৰিলে হিয়া ভৰা কৃতজ্ঞতা। কালি ৰাতি কেম্পাচ তথা বাহিৰৰ ছাত্ৰাবাসে ছাত্ৰাবাসে কেইবাটাও মৰমীয়াল দুৰ্ঘটনা সংঘটিত হোৱাৰো গোপন খবৰ।

৪. দিল্লীত কালি হাতে হাত ধৰি একেলগে বিধান সভাত ভোট দিলে হাতোৰা আৰু পদুমী পাৰ্টিয়ে। ভেলেণ্টাইন ডেৰ দিনাই এইদৰে প্ৰেমৰ ৰাজহুৱা প্ৰদৰ্শনে দুয়োৰে মাজত থকা অবৈধ সম্পৰ্কে ৰাজহুৱা কৰিলে বুলি টুটকীয়া মহলে মত প্ৰকাশ কৰিছে। এনেকৈ গোপন প্ৰেম পাপ্পাৰাজ্জিয়ে ধৰা পেলোৱাতকৈ সম্পৰ্কতো হোমৰ জুইৰ কাষত নিকপকপীয়া কৰি পেলোৱা ভাল হব বুলিও দিল্লীৰ মানুহে প্ৰকাশ কৰিছে।

৫. মহন্তৰ জীয়েক পলুৱাৰ বাতৰিৰ ঢৌ মাৰ নাযাওতেই ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনৰ পৰা এগৰাকী ৰাণীৰ পলায়নে অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজনীতি কৰা মানুহবোৰে খোলা-খুলিকৈ মঞ্চত উঠি ৰাইজক মুখামুখি হোৱাৰ সলনি লুকা-চুৰি-পলোৱা আদি কামত লিপ্ত থকাৰ বাবে সচেতন অসমীয়া গণমঞ্চই গৰিহণা দিছে। আৰু যতেই গোপন ততেই পাপ, পাপী মানুহৰ আকৌ লাজ কিহৰ বুলিও প্ৰশ্ন তুলিছে।

৬. ৰেকিব আহমেদে চিলাৰায় দিৱসত হিন্দীতে দিলে ভাষণ। সৰ্ব-ভাৰতীয় কোঁচ মানুহে ভাষণ বুজিলেহে চিলাৰায় ৰাষ্ট্ৰীয় স্তৰ কি বিশ্বসভালৈ যাব বুলিও ৰেকিবদাই মত প্ৰকাশ কৰিলে। লগতে হাইকামাণ্ডৰ মানুহৰ লগত ছাঁৰ দৰে লাগি থকাৰ বাবে তেওঁক "অসমৰ শ্ৰেষ্ঠ ছাঁ" বঁটাৰ বাবে মনোনীত হোৱাৰো সুখবৰ পোৱা গৈছে।

৭. অহা ১৭তাৰিখে পুনৰ অসম বন্ধৰ আহ্বান দিয়া বুলি জানিব পৰা গৈছে। ইমান সেৰেঙা-ফেটেঙাকৈ বন্ধ আহ্বান কৰিলে কেনেবাকৈ অসমীয়া মানুহৰ মাজত কৰ্ম সংস্কৃতি গঢ়ি উঠিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে সদৌ অসম কৰ্মচাৰী সংঘই। জাতি-মাটি-নাতি-ছাটি কিবা এটা, নহয় এটা সমস্যাক লৈ সঘনে বন্ধ আহ্বান কৰি থাকিলেহে অসমীয়াই অলপ আৰাম কৰিব পাৰে বুলি সন্থাই বিজ্ঞপ্তিযোগে জনাইছে।

৮. ৰাজ্যসভাৰ বজাৰত বহুত বেছি লাভ কৰাৰ পাছতো সংগঠনটোলৈ প্ৰকৃত সহাঁৰি নিদিয়াত খৰ্গহস্ত হৈ পৰিছে আমছু।তেওঁলোকে অগৰুদ্দিনৰ আঁতৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত নিষিদ্ধ কৰি দিব বুলিও ভাবুকি দিছে। পিছে পক্কা বেপাৰী অগৰুদ্দিন চাহাবে লোকচান হবলৈ নিদি অচিৰেই কিবা হেস্তনেস্ত কৰিবলৈ আৰ্থিক সহায় প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰিছে।

৯. অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ জালিয়াতি পোহৰলৈ অনাৰ বাবে সাংবাদিক সকলক গৰিহণা দিলে জাতি কল্যাণ পৰিষদে। এনে বিক্ৰীবাৰ্তাৰ যোগেদিয়েটো জাতিৰ নেতা সমূহ সৱল হব লাগিব বুলিও মত প্ৰকাশ কৰে। এনে চাৰ্টিফিকেট মুকলিকৈ বিক্ৰী কৰি সকলো জাতিৰ মানুহক সহায় কৰাটো কেতিয়াও দোষণীয় হব নোৱাৰে বুলিও পৰিষদে দাবী কৰিছে।

১০. বিহু খাবলৈ হাত খৰছ দিয়াটো, পৰিয়ালৰ ডাঙৰ জনৰ দ্বায়িত্ব। এয়া অসমীয়া পৰম্পৰা। এতিয়া অসমত প্ৰগতি হৈছে, বিকাশ হৈছে। লৰাক তেল ভৰাবলৈ পইচা লাগে, ছোৱালীক ৰিচাৰ্জ কৰি দিবলৈকো। সেয়েহে "বহাগী ধনমনি আঁচনি"ৰে পকেটমানি দিয়া হব বুলি ঘোষণা কৰিলে ৰসাল গগৈয়ে। মানি পাৱাৰেই আচল পাৱাৰ বুলিও তেখেতে মন্তব্য কৰে।

No comments:

Post a Comment