পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ৰাষ্ট্ৰীয় মাধ্যমিক সাক্ষৰতা মিছনৰ অধীনত সমগ্ৰ কাৰ্বি-আংলঙ জিলাৰ ৯টা শিক্ষা খণ্ডতে নিৰ্মাণ হব ছাত্ৰী নিবাস৷ ইয়াৰে প্ৰথমটো ছাত্ৰী নিবাসৰ আধাৰশিলা বকলীয়াঘাটত স্থাপন কৰিলে স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া খোৱা-বোৱা, থকা মেলাৰ সুবিধাৰে স্কুলৰ পৰা ড্ৰপ আউট হোৱা অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ ১০০গৰাকীকৈ ছাত্ৰীয়ে একোটা ছাত্ৰীনিবাসত থাকি পুনৰ শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিব পাৰিব৷

২. তিনিচুকীয়াৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সমন্বয় ক্ষেত্ৰত লাখ লাখ ভক্তৰ সমাগম৷ ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজৰ সঁহাৰিত জীপাল হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চলিত অধিবেশন৷ নতুন নতুন গ্ৰন্থ সম্ভাৰেৰে ৬৫০ খন বিপনীৰে সজাই তুলিছে অধিবেশনৰ গ্ৰন্থমেলাস্থলী৷

৩. অতি কম সময়ৰ ভিতৰতে এইবাৰ ঘোষিত হ'ল অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল৷ যোৱা ২৯ ডিচেম্বত ২৪১টা পদৰ বাবে হোৱা প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল কালি অনলাইন www.apsc.nic.in বেবচাইট যোগে ঘোষণা কৰিছে৷ মূল পৰীক্ষা মে-জুন মাহৰ ভিতৰতে অনুষ্ঠিত হব বুলিও জানিব পৰা গৈছে৷

৪. কংগ্ৰেছ কৰ্মীৰ ভোটদানেৰে নিৰ্ধাৰণ হব গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী৷ এই প্ৰক্ৰিয়াৰ ঘোষণাৰ পাছত পূৰ্বৰ ১৮গৰাকীৰ ঠাইত আবেদনকাৰীৰ সংখ্যা কমি অহাৰ খবৰ৷ এতিয়া ৭গৰাকী প্ৰাৰ্থীৰ মাজত হব প্ৰাৰ্থী বাচনিৰ বাবে ভোটদান প্ৰক্ৰিয়া৷

৫. কাইলৈৰ পৰা ঢেকীয়াজুলিত অনুষ্ঠিত হব দুদিনীয়াকৈ প্ৰথম ৰাজ্যিক মুণ্ডাৰী সাহিত্য সভাৰ অধিবেশন৷ আদিবাসী সমাজৰ মুণ্ডা জাতিৰ সত্তাক তুলি ধৰাৰ বাবে গঠিত এই সাহিত্য সভাৰ অধিবেশনতে অনুষ্ঠিত হব "সাহিত্য আৰু বুৰঞ্জী সন্মিলন" শীৰ্ষক এক অনুষ্ঠানো৷

৬. নলবাৰীৰ সাংস্কৃতিক অনুষ্ঠান সংস্কৃতিৰ পৰিচালক নৱ শৰ্মাক থিয়েটাৰ মুভমেণ্টৰ ফালৰ পৰা প্ৰদান কৰা হৈছে "নাট্যশ্ৰী" সন্মান৷ বিগত এক দশক জুৰি  অঞ্চলটোৰ প্ৰতিভা বিকাশত যোগোৱা অৰিহণাৰ বাবেই মুগকুছি মিলন নাট্য সমিতিৰ প্ৰযোজক, অভিনেতা তথা পৰিচালক গৰাকীক এই সন্মান প্ৰদান কৰা বুলি জানিব পৰা গৈছে৷

৭. গোসাঁইগাঁৱত ব্ৰাফেডৰ উদ্যোগত আয়োজিত হৈছে দহদিনীয়া কাৰ্যসূচীৰে হস্তশিল্প প্ৰদৰ্শনী ও বিক্ৰী মেলাৰ৷ প্ৰায় ১ কোটি টকাৰ বিক্ৰীৰ লক্ষ্যৰে ইয়াত অংশ গ্ৰহণ কৰিছে বিটিচি শিপিনী সকলৰ সৃষ্টিৰে ৯৩খনকৈ বিপনীয়ে৷ ১১ফেব্ৰুৱাৰীলৈকে চলিব লগা এই বিক্ৰী মেলাত ৰাইজৰ উষ্ম সহাঁৰি লাভ কৰাৰো সুখবৰ পোৱা গৈছে৷

৮. কাৰ্বি সাহিত্যক চহকী কৰি উন্মোচিত হ'ল দুখনকৈ কাৰ্বি গ্ৰন্থ৷ সাংবাদিক জয়ছিং টকবীৰৰ "ইনুট ফেৰাংডে আকিড" আৰু সাহিত্যিক বিদৰছিং ৰংপিৰ "কাৰ্বি পৰম আল" নামৰ গ্ৰন্থ দুখন ডিফুত উন্মোচন কৰিলে ৰঙবঙ তেৰাঙে৷

৯. কাইলৈৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হব "দিছপুৰ চেলেঞ্জ ট্ৰফী ২০১৪" দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা৷ বিজয়ী দলক ১ লাখ টকা, ৰানাৰ্ছ আপলৈ ৫০ হাজাৰ আৰু শ্ৰেষ্ঠ খেলুৱৈলৈ ২৫হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়াইছে বুলি প্ৰকাশ কৰিলে আয়োজক সকলে৷

১০. চি আৰ পি এফৰ ব্ৰেণ্ড এম্বেছেডৰ হ'ব মেৰী কম৷ দেশত চি.আৰ.পি এফতেই সৰ্বাধিক ৫ হাজাৰতকৈ অধিক নাৰীয়ে বিভিন্ন পদবীতে সেৱা আগবঢ়াই আছে৷ মেৰী কমৰ আকৰ্ষণীয় সফলতাৰ বাবেই ছাইনা নেহৱাল আৰু স্কোৱাছ খেলুৱৈ জ্যোৎস্না চিন্নাপ্পাক বিবেচনাৰ তালিকাৰ পৰা আঁতৰাই মেৰী কমত এই নতুন ৰূপত চুক্তিবদ্ধ কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে৷

১১. কৃষি সম্প্ৰসাৰণ আৰু প্ৰযুক্তি মিছনলৈ ১৩ হাজাৰ কোটি টকাৰ অনুমোদন দিলে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতিয়ে৷ এই মিছনক অধিক সংহত ৰূপত গঢ়াৰ তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হব দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত৷

১২. এইবাৰ ৰাজমিস্ত্ৰী সকলক লৈ নিৰ্মাণশৈলী বিষয়ক কৰ্মশালা পাতিলে টপচেম চিমেণ্টে৷ বিভিন্ন কাৰিকৰী তথা সমল ব্যক্তিৰ উপস্থিতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজমিস্ত্ৰি সকলক লৈ যোৱা তিনি ফেব্ৰুৱাৰীত গুৱাহাটীত এই কৰ্মশালাৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে৷

১৩. শোণিতপুৰ জিলাৰ বিহগুৰিৰ নৱগঠিত খোজ সাহিত্য গোষ্ঠীৰ প্ৰচেষ্টাত উন্মোচিত হ'ল দ্বি-মাসিক সাহিত্য আলোচনী "খোজ"ৰ৷ পিঠাখোৱাস্থিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা কলা-সংগীত একাডেমীত এই উন্মোচনী সভা অনুষ্ঠিত হয়৷ আলোচনীখনৰ মুখ্য সম্পাদক হৈছে ফাৰহান জাৱেদ৷

১৪. অহা ২২ফেব্ৰুৱাৰীত তিতাবৰত ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত আয়োজিত হৈছে ৭ম প্ৰাইজমানি আন্তঃজিলা দিৱা-নৈশ ভলীবল প্ৰতিযোগিতাৰ৷ পুৰস্কাৰ হিচাবে ট্ৰফীৰ লগতে সৰ্বমুঠ ৫০হাজাৰ টকাৰ প্ৰাইজমানীও ঘোষণা কৰা হৈছে৷

১৫. দেশত এখন জাতি বা বৰ্ণ বৈষম্যবিৰোধী আইন প্ৰণয়নৰ দাবী তুলিলে উত্তৰ পূৰ্বাঞ্চলৰহ প্ৰতিবাদী ছাত্ৰ সকলে৷ এই দাবী জনাই তেওঁলোকৰ এটি দলে ৰাহুল গান্ধীক সাক্ষাত কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ লোক সকলৰ সুৰক্ষাৰ বিষয়টোক লৈ ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে বুলিও সূত্ৰত প্ৰকাশ৷

১৬. গোসাঁই গাঁৱত প্ৰেছ ক্লাৱৰ নৱ-নিৰ্মিত গৃহৰ উদ্বোধন৷ এই গৃহ বিটিচিৰ সমাজ কল্যান বিভাগে ২৫লাখ টকাৰে নিৰ্মাণ কৰি উলিয়াইছে৷

১৭. অসম সাহিত্য সভাৰ বিশেষ অধিবেশনৰ মঞ্চতে উন্মোচিত হ'ল বিশিষ্ট সাহিত্যিক নীলকান্ত নাথৰ সিন্ধু সভ্যতাৰ  ইতিহাসক তুলি ধৰা নাটক "ৰাজকোষ"৷

১৮. কাইলৈ গুৱাহাটীত নৰেন্দ্ৰ মোদীৰ মহাজাগৰণ ৰেলীৰ চলিছে প্ৰৱল প্ৰস্তুতি৷ চাৰি তৰপীয়া সুৰক্ষা ব্যৱস্থাৰ লগতে চাহ খুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্ত হোৱা অভিনৱ প্ৰচাৰ, পাঁচশ চিটিবাচ বুক কৰা আদি বাতৰিয়ে পাইছে সংবাদ শিৰোনামা৷ নলবাৰীৰ পৰা ১০০গৰাকী যুৱকে চাইকেল চলাই আহি মোদীৰ সভাত যোগদান কৰাৰো প্ৰস্তুতিত নেতৃত্ব দিছে ভাস্কৰ শৰ্মা নামৰ যুৱকে৷

১৯. আজি মুক্তি লাভ কৰিব ৰজনী বসুমতাৰী পৰিচালিত অসমীয়া ছবি "ৰাগ"য়ে৷ আদিল হুছেইন, কেনী ডি. বসুমতাৰীকে ধৰি শিল্পীয়ে অভিনয় কৰা ছবিখনিত কেন্দ্ৰীয় নাৰী চৰিত্ৰৰূপে এগৰাকী গায়িকাৰ ৰূপত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী জেৰিফা ৱাহিদে৷

২০. নগাঁও চহৰৰ হোটেল আছিয়াৰ পৰা গঁড় খৰ্গ চিকাৰ আৰু বিক্ৰীৰ লগত জড়িত আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ তিনিজনকৈ সদস্য গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে৷

No comments:

Post a Comment