পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দিল্লীত উত্তৰ-পূৱৰ লোকৰ বাবে দিল্লী আৰক্ষীয়ে জাৰি কৰিলে নতুন হেল্পলাইন নম্বৰ "১০৯৩"।এই নতুন হেল্পলাইনটোলৈ ফোন কৰাৰ লগে লগেই দিল্লী আৰক্ষীয়ে ব্যৱস্থা ল'ব বুলি দিল্লীৰ আৰক্ষী আয়ুক্তই কৰিলে ঘোষণা।

২. নদী, সংস্কৃতি আৰু মৈত্ৰীৰ উসৱৰূপে পুনৰ ধ্বনিত হ'ল "জীৱন চিলা উসৱ"ত।তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই উসৱ উদ্বোধন কৰিলে গুৱাহাটীৰ ডিজাইন বিভাগৰ অধ্যাপক ডাঃ উদয় কুমাৰ। এই উপলক্ষে বিশিষ্ট শিল্পী শিৱপ্ৰসাদ মাৰাৰে পুৱা আৰম্ভ কৰিলে বলুকাত ভাস্কৰ্য নিৰ্মাণ। এৰ' মডেলিং শ্ব'ৰ লগতে ঐতিহ্য প্ৰদৰ্শনী, যাদু প্ৰদৰ্শনী, ৰবাব টেঙা খেল আদিয়েও অংশ লোৱা ৰাইজক মুগ্ধ কৰে। 

৩. কালি ৮৩৭গৰাকী টেট উত্তীৰ্ণক স্নাতক শিক্ষকৰ পদত নিযুক্তি প্ৰদান। অহা ৩১মাৰ্চৰ ভিতৰতে ১৪হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হব বুলি ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে। এইবাৰ শিক্ষক দ্বায়বদ্ধতা আয়োগ গঠন কৰিব চৰকাৰে। তাৰবাবে  বিধানসভাৰ পৰবৰ্তী অধিবেশনতে এখন আইন প্ৰণয়ন কৰিব বুলিও কৰিলে প্ৰকাশ।

৪. কালি ৰাজ্যজুৰি উদযাপিত হ'ল ৫০৪সংখ্যক চিলাৰায় জয়ন্তী। গৱেষক, ইতিহাসবিদে বিশ্বৰ শ্ৰেষ্ঠ তিনিগৰাকী সমৰবিদৰ এজন বুলি আখ্যা দিয়া মহাবীৰ চিলাৰায়ৰ এক প্ৰতিমূৰ্তিও উন্মেচিত হয় বঙাইগাঁৱত।

৫. সৰ্থেবাৰীত পৰহিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীজগন্নাথ মহাপ্ৰভূৰ সভা মহোসৱ। সমন্বয়থলীলৈ ৰূপান্তৰিত হোৱা এই উসৱৰ স্থলীত ১০৮ গৰাকী ব্ৰাহ্মণে সম্পন্ন কৰিলে হোমযজ্ঞ।

৬. অসমতো অচিৰেই স্থাপিত হব লোকপাল। এই বিষয়ে এক বিধেয়ক উত্থাপনৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ সুখবৰ।

৭. কালিৰে পৰা মৰিগাঁও জিলাৰ নেলীৰ দহালী মকৰিয়া পথাৰত আৰম্ভ হৈছে উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ এস্তেমা। শুকুৰবাৰৰ নামাজত অংশ ল'লে দুই লক্ষাধিক লোকে। দেওবাৰেই আখেৰী দোৱাত বিশ্বশান্তিৰ বাবে দোৱা মাগি এই এস্তেমাৰ সামৰণি পেলোৱা হব বুলি জানিব পৰা গৈছে।

৮. জননেতা শৰত চন্দ্ৰ সিংহৰ জন্ম শতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠান কাইলৈ গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত হব। অনুষ্ঠান উদ্বোধন কৰিব সাহিত্যিক হোমেন বৰগোহাঞিয়ে, মুখ্য অতিথিৰূপে অংশ লব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সৰকাৰে। সিংহদেৱৰ জীৱন আৰু দৰ্শনৰ ওপৰত দিলীপ কুমাৰ হাজৰিকা, জ্যোতিপ্ৰসাদ শইকীয়া, হাইদৰ হুছেইন আৰু অজিত কুমাৰ ভূঞাৰ সম্পাদনাত এখনি গ্ৰন্থ উন্মোচন কৰিব ডঃ অমৰজ্যোতি চৌধুৰীদেৱে। লগতে এখনি স্মৰণিকা উন্মোচনৰো ব্যৱস্থা কৰা হৈছে।

৯. বৰপেটা চহৰত "কৰুণাধাৰা"ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস পালিত হোৱাৰ লগতে সজাগতাৰ বাবে আয়োজিত কৰে তিনিখনকৈ পথ সভাও। লগতে কেন্দ্ৰীয় কমিটিয়ে বৰপেটাৰ পুঠিমাৰী গাঁৱৰ কবিতা দাস নামৰ যুৱতীলৈ চিকিসাৰ বাবে  পঞ্চাশ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান কৰে।

১০. আজি সন্ধিয়া শিৱসাগৰ নাট্য মন্দিৰত মঞ্চস্থ হ'ব নাটক "আৰক্ষী চকী"। উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ দুধনৈত হোৱা অসম নাট্য সন্মিলনৰ ৫২সংখ্যক অধিবেশনৰ পৰা এই হাস্য ব্যংগ নাটকখনে শ্ৰেষ্ঠ নাট্যদলৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। নাটখনিৰ পৰিচালনা দেবব্ৰত বৰঠাকুৰৰ।

১১. অসম জাতীয় বিদ্যালয়, নুনমাটিয়ে পূৰ্বৰ দৰেই অহা ১২ এপ্ৰিলত সদৌ অসম ভিত্তিত বিদ্যালয় পৰ্যায়ৰ (নৱমৰ পৰা দ্বাদশলৈ) স্ব-ৰচিত চুটি গল্প প্ৰতিযোগিতাখনিৰ আয়োজন কৰিছে। ইচ্ছুক প্ৰতিযোগীয়ে সবিশেষ ৮৮৭৬৬-৮৯৫৮৬ দূৰভাষ নম্বৰত যোগাযোগ কৰি জানিব পাৰিব।

১২. আজিৰে পৰা আৰম্ভ হৈছে ৪০সংখ্যক কাৰ্বি যুৱ মহোতসৱ। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত ডিফুৰ তাৰালাংছ'স্থিত কাৰ্বি পিপলছ হলত এই মহোসৱত ৰাজনৈতিক ভেদভাৱ আঁতৰাই সকলোকে অংশ লোৱাৰ আহ্বান জনাইছে আয়োজকে। লগতে তিনি হাজাৰ শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment