লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. সংসদৰ মজিয়াত "গৰিমা" বাৰে বাৰে ভূ-লুণ্ঠিত হোৱাত অসমীয়া আধুনিকা নাৰী সংঘই উদ্বিগ্নতা প্ৰকাশ কৰিছে। দিল্লী কাৰোবাবেই সুৰক্ষিত নহয়, সেয়ে গৰিমাক স-সন্মানে অসমলৈ ঘূৰাই পঠাবলৈ হস্তক্ষেপ কৰিবলৈ ৰাষ্ট্ৰপতিলৈ ফেক্স প্ৰেৰণ কৰিছে বুলিও আমাক জনাইছে।


২. মাত্ৰ এটকাৰ বাবে কাজিয়া লাগি এজন মানুহৰ জান লোৱাত উদ্বেগ প্ৰকাশ কৰিছে সচেতন অসমীয়া যুৱক সংঘই। এটকা, দহটকাৰ বাবে কাজিয়া কৰি প্ৰাণ লৈ অসমীয়া মানুহৰ ইজ্জত নাখাবৰ বাবেও চিটিবাচৰ হেণ্ডিমেন, অটোচালক সন্থা আদিক সঁকিয়াই দিছে। অসমত অন্ততঃ ৫০লাখ টকাৰ খৰ্গ একোটাৰ বাবেহে এটা গঁড় জান লোৱা হয়, সেই কথাও তেওঁলোকক মনত ৰাখিবলৈ আহ্বান জনাইছে।

৩. এইবছৰৰ শ্ৰেষ্ঠ সংলাপ ৰূপে বিবেচিত হৈছে গগৈচাৰৰ মুখৰ পৰা ওলোৱা "অখিল গগৈ কোন?" শীৰ্ষক সংলাপশাৰী। উল্লেখযোগ্য যে চাৰে "হু ইজ বদৰু" নামৰ বিখ্যাত সংলাপটিৰ বাবেও কেইবাবছৰ আগতে বছৰটোৰ শ্ৰেষ্ঠ অসমীয়া সংলাপৰ কৃতিৰ্ত্ব লভিবলৈ সক্ষম হৈছিল।

৪. এইবাৰ নিৰ্বাচনী ভৱিষ্যতবাণী লৈ প্ৰকাশ পালে অসমীয়া পূৰ্ণাংগ-ফল পঞ্জিকা। এই পঞ্জিকা কৰা ধাৰণা টাইমছ নাওৰ ধাৰণাতকৈ বেছি ফলপ্ৰসু বুলি দাবী কৰিছে অসমীয়া জ্যোতিষি হিৰো ইয়ঙে। বেছি ভোট হাততেই পৰিব, তথা তামাম আসন লাভ কৰিব বুলি লিখা পঞ্জিকাখন মেডামে পঢ়িব পৰাকৈ  ইটালিয়ান ভাষালৈ অনুবাদ কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা বিভাগক কইনাধৰালৈ তলৱ কৰি নিয়াৰ গোপন খবৰ।

৫. পদুম পাৰ্টিয়ে "সেই তিনিঘণ্টা" নামৰ গুজৰাটী নায়ক থকা চিনেমা এখন গুৱাহাটীত দেখুৱাৰ পাছত "ত্ৰিশ ঘণ্টীয়া গান্ধীযাত্ৰা" নামৰ নিবেদন কৰিবলৈ ওলাইছে কইনাধৰা ফিল্মছে। এই ছবিৰে সকলো অভিলেখ ভংগ কৰি দিব বুলি হুংকাৰ দিছে ৰসাল গগৈয়ে।

৬. পুনৰ টাৰ্বাইনসহ পাঁচখনকৈ জাহাজে প্ৰৱেশ কৰিলে কামৰূপত। মায়েঙৰ বেজ লগাই এই জাহাজক ৰখোৱা যায় নে কৃষক মুক্তি গগৈক লগাই ৰখোৱা যায় তাকে লৈ দ্বিধাগ্ৰস্থ হৈ পৰিছে উজনি অসম বানেধোৱা সন্থা।  তেওঁলোকে গগৈদাৰ মবাইলত ফোন কৰি জৰুৰী অৱস্থা ঘোষণাৰ বাবে দাবী জনোৱাৰ অৰ্থে চেষ্টা চলাই থকা বুলিও জানিব পৰা গৈছে। পিছে পট্টাদান বিষয়ত ব্যস্ত থকা বাবে গগৈদাৰ ওচৰত এওঁলোকো পাত্তা পোৱা নাই বুলিও খবৰ আহিছে।
৭. ৰাণীয়ে মিছা কথা কয় বুলি প্ৰকাশ কৰিলে পৃথিৱী মাঝি বোলা এজন সদাগৰে। তেখেতে কয় যে বিদেশৰ পৰা অনা এটা লাই-ডিটেক্টৰত ৰাণী বাইদেউৰ কথাবোৰৰ টেপ ভৰাই দিয়াৰ পাছতে "গোকাট মিছা, গোকাট মিছা" বুলি সংকেত ধ্বনি বাজি উঠিছে। আৰু এই সম্পৰ্কে উপযুক্ত তথ্যসহ ঘাটোৱাৰ চাৰলৈ প্ৰতিবেদন পঠিওৱাৰ ব্যৱস্থা কৰিছে বুলিও সদাগৰজনে সাংবাদিকক জনাইছে।

৮. "অপিনয়ন পোল"ক বিশ্বাস কৰাতকৈ অসমৰ মানুহৰ ওপৰত আমাৰ বিশ্বাস বেছি আছে বুলি প্ৰকাশ কৰিলে ৰসাল গগৈয়ে। তেখেত কয় যোৱা ৬০ বছৰে মদ-কম্বল-সূতা আদি বিলাই পোৱা গৱেষণামূলক অধ্যয়নৰ ফলাফলেই আমাক অসমীয়া ৰাইজক চিনি পাবলৈ বাকী নাই বুলি প্ৰতীয়মান কৰিছে। অসমীয়া মানুহক হাড়ে হিমজুৱে চিনি পোৱাৰ ক্ষেত্ৰত তেখেতৰ পি.এইচ.ডি থকা বুলিও তেখেতে মন্তব্য কৰে।

৯. কাৰ জাল কিমান? সৰ্বা-বিজয়া যুটিৰ মতে "মোদীৰ জাল ভোট জলকীয়াৰ সমান" আৰু "ৰাহুল মইনাৰ জাল কন-জলকীয়াৰ সমান"। 

এতিয়া ৰসাল গগৈয়ে সত্যাসত্য বিজ্ঞান সন্মত ভাৱে নিৰূপনৰ বাবে যোৰহাটৰ ৰিচাৰ্ছ লেৱৰেটৰীক "জলকীয়াৰ জাল জোখা যন্ত্ৰ" এটা অতি সোনকালেই বনাই দিবলৈ আৰ্জি পেচ কৰিছে বুলি জানিব পৰা গৈছে। লগতে ৰিপৰ্ট প্ৰেছ বিজ্ঞপ্তিৰ ৰূপত কেইবাটাও ভাষাত ছপা-কৰি দিব পৰা ফেচিলিটি এই মেচিনত থাকিব লাগিব বুলি দাবী কৰিছে।

১০. অসম চৰকাৰ আচলতে বুৰ গৈ আছে ঋণত। ধাৰৰ সাগৰত বুৰ গৈ থকা স্বত্বেও ফোপোলা বস্তু কিছুমানৰ ওপৰত উঠি ৰঙীন কথাৰ ফুলজাৰি মাৰিবলৈ নেৰা সাহসী নাঁৱৰীয়াৰ স্বীকৃতি অচিৰেই ৰসাল গগৈয়ে লাভ কৰিব বুলিও জানিব পৰা গৈছে। আচল তথ্য ৰাইজে গম পালে গঁড়ৰ খৰ্গৰ দৰে কাৰ নাক কটা যাব তাৰো সম্ভাৱনা প্ৰকট কৰাটো অতি টান কথা বুলি পৰিসংখ্যা বিভাগৰ কেৰেণী ভট্টাচাৰ্যই বেকত কৰিছে।

No comments:

Post a Comment