লাল-টুপিৰ আধুনিকীকৰণ
দিন কাল আধুনিক হৈছে। হাতে হাতে চটা চটা মোবাইল লৈ ফুৰা আধুনিক জীয়াৰী সকলেও অ'চম (awesome) পুলিচত চাকৰি কৰা দেউতাসকলক "লাল-টুপি" বুলি মতাটো পচন্দ নকৰা হৈছে। সময়ৰ সতে পুলিচ বিভাগটোক আধুনিক কৰিব লাগে বুলি আজিকালি খেনোৱে দাবী কৰিয়েই আছে, আনকি দিল্লীৰ কেজৰীকাইয়েও!
সেয়ে লাল টুপি পিন্ধি কাষলতিৰ চেপেনাত লৈ খৈনী মাৰি থকা, তাৰ বাবে প্ৰতিদিনে ঘৈণীৰ গালি শুনিব লগা ইমেজটোও সলাবলৈ হ'ল। এতিয়া পুলিচ বুলিলে চিনেমাত দেখা উদয় চোপ্ৰা, অভিষকৰ দৰে ধুম-৩ৰ ৰূপতহে নিজৰ নিজৰ গিৰিহঁতক কল্পনা কৰিবলৈ লোৱা বুলি জানিব পৰা গৈছে। সপোন দেখিবলৈ লোৱা বুলি খবৰ পোৱা গৈছে।

সেয়ে যোৱা ভেলেণ্টাইন ডে'ৰ প্ৰাক্-ক্ষণত "মাছ খাবা ইলিচ, বিয়া পাতিবা পুলিচ" মন্ত্ৰত বিশ্বাসী হৈ জীৱনসংগী হোৱা শ্ৰীমতী সকলৰ দাবীৰ প্ৰতি সহানুভূতিশীল হৈ "লাল টুপি"ক মৰ্ডান কৰিবলৈ এক কমিচন গঠন কৰি দিছিল। কমিচনে কি কি পৰামৰ্শ দিলে ভাল কমিচন পাব, তালৈ লক্ষ্য ৰাখি, সেইমতে তলৰ "লাল-টুপি" আধুনিকীকৰণৰ বাবে পৰামৰ্শৱলী আগবঢ়াইছে।
১. "লাল-টুপি"টো সলাই আধুনিক টুপিৰ (হেল-মেট... নৰকসংগী?)ধৰণৰ ব্যৱস্থা কৰিব লাগে। এনে টুপি ডিজাইনৰ বাবে টুপি দিয়াত বিশেষজ্ঞ ৰাজনীতিবিদ সকলৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। এই টুপিটোতে অন-ডিউটিত আহৰণ কৰা দান-বৰঙণি আটোম-টোকাৰীকৈ ৰখাৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে! এই টুপিৰ ৰং আৰু ডিজাইন চূড়ান্ত কৰিবলৈ গৃহ তথা মুখ্যমন্ত্ৰীক কেইবাখনো ইউৰোপীয় দেশ ভ্ৰমণ কৰাৰ সুবিধা দিলে অতিশয় ভাল হব বুলি কমিচনে পৰামৰ্শ দিছে।
২. "লাল টুপি"ৰ সদা সহচৰ ৰাইদাং ডালকো যুগৰ সতে সলাই পেলাব লাগে। হলিউদী ফিল্মত দেখুওৱাৰ দৰে চুটি ধাতৱ লাঠি ৰাইদাঙৰ ঠাইত দিয়াৰ বাবে ব্যৱস্থা লব লাগে।
এনে লাঠিত, প্ৰয়োজন মতে ফল্ডিং ছাটিৰ দৰে জপাই থব পৰা, বা ট্ৰাকৰ হেণ্ডিমেনৰ হাতখনক ঢুকি পোৱাকৈ একে টিপাতে মেলিব পৰাৰ ব্যৱস্থা থাকিব লাগে। ৰাইডাঙ বেতৰ আগটো অলপ ফালি তাত আৰু কিমান দহ টকীয়া ফটা নোট সংগ্ৰহ কৰিব। তাৰো পৰিবৰ্তন কৰি এই ফল্ডিঙ আধুনিক লাঠিৰ আগতে এটি ক্ষুদ্ৰ দক্ষিণা পাত্ৰ লগোৱাৰ দিহা কৰিব লাগে।
আৰু মুদ্ৰাস্ফীতিৰ সৈতে ফেৰ মাৰি, এনে দান বৰঙণিৰ নিম্নতম দৰ এশ টকা স্থিৰ কৰিব লাগে। আৰু ফটা আৰু নকলি নোট দি যাতে হেণ্ডিমেনে ঠগিব নোৱাৰে চাৰ বাবে লাঠিৰ আগত চেঞ্চৰ লগোৱাৰ ব্যৱস্থা হব লাগে।

৩. খৈনী মাৰি চাঁধাৰে হাত বগা কৰাতকৈ বিভাগৰ পৰাই উন্নত ১৬০, ৩২০ আদি জৰ্দাৰ পেকেট ডিউটি পিৰিয়ডৰ বাবে দিয়াৰ ব্যৱস্থা হব লাগে। লগতে টাইম পাচ কৰিবৰ বাবে এটা মাল্টি-মেডিয়া ফোন ৰোড-ৰেচ, হিডেন ট্ৰেজাৰ আদি গেম ইনষ্টল কৰি হাতে হাতে দিব লাগে।
ইয়াৰ দ্বাৰা চিমুলেচন যোগে বাস্তৱত চোৰ খেদা, লুকোৱা বস্তু বিচৰা আদি বিষয়ত আজৰি পৰতে অভ্যাস কৰি মানসিক উত্তৰণ ঘটাব পৰা যাব বুলি কমিচনে অনুভৱ কৰিছে। এনে মোবাইলত কেমেৰা লগাই দি, অভিযুক্ত মানুহ, গাড়ী আদিৰ ফটো লোৱাৰ ব্যৱস্থা কৰিব লাগে।
লগতে হোৱাটছ আপ ইনষ্টল কৰি সেই আওপুৰণি খেৰ-খেৰীয়া ভি.এচ.এফ আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগে। এই ব্যৱস্থা সুচল কৰিবলৈ অধ্যয়ন কৰিবৰ বাবে গৃহবিভাগৰ এটি দল কমিচনৰ নেতৃত্বত বিদেশলৈ যাব পাৰে। তাৰ বাবে বেংকক, চিংগাপুৰ অধ্যয়নৰ বাবে সুচল ঠাই আৰু বতৰটো অলপ ভাল হোৱাটো উচিত বুলি আয়োগে উল্লেখ কৰিছে।

৩. "লাল-টুপি" সকলে বিয়া পাতিবৰ বাবে প্ৰতিখন থানাৰ অন্তৰ্গত ধুনীয়া ছোৱালী সমূহৰ মাজত কমেও ত্ৰিশ শতাংশ সংৰক্ষণ কৰাটো প্ৰয়োজন। কৰ্মৰত থানাৰ অন্তৰ্গত শহুৰ-বাৰী স্থাপন কৰাত গুৰুত্ব দিলে ভাল।
কৰ্তব্যৰত অৱস্থাতে চুলাই, জুৱা অথবা ছোৱালীৰ খেল থকা ঘৰৰ পৰা গৃহলক্ষ্মী আৱিস্কাৰ কৰা সকলক বিশেষ উদগণিমূলক পদোন্নতিৰ ব্যৱস্থা কৰিব লাগে। এনে কদৰ্য পৰিবেশৰ পৰা উদ্ধাৰ কৰি আনি এক সামাজিক স্থান দিয়াৰ বাবে এনে "লাল-টুপি"ক এনে পদোন্নতি দিয়াটো মানৱ অধিকাৰ আইনৰ কোনোবা এটা ধাৰাতো পৰে বুলিও কমিচনে উল্লেখ কৰিছে।

৪. চাইকেলৰ চীটৰ পাছফালে থকা ৰিঙটোত মেৰিয়াই লৈ লাল টুপিটো ভৰাই থৈ, লাথি ঠাল কেৰিয়াৰত লগাই মাছ কিনিবলৈ যোৱাৰ পৰা "লাল-টুপি" সকলক মুক্তি দিব লাগে। ধুম-৩ৰ নহলেও মিনিমাম ধুম-২ ত দেখুওৱাৰ দৰে মাটিয়ে পানীয়ে চলা বাইক এখেত লোকক দিব লাগে। তেল ভৰাবলৈ গলে কোনো ডিপোয়ে যাতে ফুল টেংকিৰ তলত তেল ভৰাব নোৱাৰে সেয়াও নিশ্চিত কৰিব লাগে।
৫. "লাল-টুপি" সকলৰ সংসাৰ আছে। তেওঁলোকক অভাৰ টাইম কৰিবলৈ বাধ্য কৰিলে পৰিয়ালৰ প্ৰতিজন সদস্যক দিব লগা সদস্যৰ সময়ৰ সম হাৰত ক্ষতিপূৰণ দিবলৈ গৃহ বিভাগক বাধ্য কৰিব লাগে। এনে ক্ষতিপূৰণ পোনেপোনে সেইদিনাই শ্ৰীমতী আৰু সতি-সন্ততিৰ এটিএম থকা একাউণ্টত সোমোৱাতো বাধ্যতামূলক কৰিব লাগে। যাতে দেউতাক নাথাকিলেও তেওঁলোকে নিজৰ মতে এনজয় কৰি থাকিব পাৰে!
লগতে দেশৰ খবৰ-খাতি ৰাখিবলৈ গৈ ঘৰৰ খবৰ খাতি নৰখা "লাল-টুপি" সকলৰ ঘৰ-সংসাৰ চম্ভালা মহিয়সী নাৰী সকলৰ বাবে প্ৰত্যেক বছৰেই মিচেছ "লাল-টুপি" প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰয়োজন আছে। লগতে সকলো অংশগ্ৰহণকাৰীৰৈ সুন্দৰী ৰত্ন উদগনি পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে সকলো জিলাৰ পৰা একোগৰাকী বিজয়িনীক ফেমিনা মিছেছ ইণ্ডিয়ালৈ পঠাই অলপ খোলামেলাকৈ ফুৰাৰ সুবিধা দিব লাগে।

এই পৰামৰ্শৱলী সদ্যহতে যুগুতাই কমিচনে, এইবাৰ ৰাজহুৱা শুনানিৰ বাবে যাবলৈ ঠিক কৰিছে। আৰু লাল-টুপি শ্ৰীমতী সংঘ, জীয়াৰী সংঘ, উতনুৱা পুত্ৰ সংঘৰো দাবীবোৰ এই লোকশুনানিতে শুনি, সেইবোৰো পূৰণ কৰিবলৈ পৰামৰ্শৱলী দি "লাল-টুপি"ৰ আধুনিকীকৰণৰ প্ৰকল্পটো খাটাঙ কৰি পেলাব বুলি জানিবলৈ দিছে।
আৰু "নামে কি কৰে, ধনেহে সংসাৰ তৰে" মন্ত্ৰফাঁকি সাৰোগত কৰি এই কমিচনে এই কল্পনাক বাস্তৱায়িত কৰিবই বুলিও ঘোষণা কৰিছে।

No comments:
Post a Comment