পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বিশ্ব স্বাস্থ্য সংস্থাৰ "সাৰ্বজনীন স্বাস্থ্য' শ্লোগানৰ আধাৰত দেশৰ ভিতৰত অসমতে প্ৰথম বাৰৰ বাবে ৰাইজৰ পদূলিত উপস্থিত হব ভ্ৰাম্যমান হস্পিতেল। "এডভান্সড লাইফ ছাপৰ্ট ছিষ্টেম" শীৰ্ষক আঁচনিখনৰ বাবে স্বেচ্ছাসেৱী সংস্থা "মান্দলে" দ্বায়িত্ব লাভ কৰিছে। দুজনকৈ ডাক্তৰ, নাৰ্ছ, কাৰিকৰী সহায়ক সহ চলমান এই হস্পাতালতে অস্ত্ৰোপচাৰৰো সা-সুবিধা থাকিব আৰু অসমত এনে ২৫০খন চলমান চিকিসা সেৱা কেন্দ্ৰ আৰম্ভ হব বুলি জানিব পৰা গৈছে।

২. দেশৰ ঘৰুৱা বজাৰত "গ্ৰীণ টী"ৰ চাহিদা ১৭ শতাংশ বৃ্দ্ধি পোৱাৰ সুখবৰ। সেউজ চাহৰ উপাদন, বিক্ৰী আৰু গুণগত মান সন্দৰ্ভত কালি দিনযোৰা কাৰ্যসূচীৰে এক কৰ্মশালা গোলাঘাট জিলাৰ নৰ্থ ইষ্ট টী এচোছিয়েচনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। টী-বৰ্ডৰ কাৰ্যবাহী সঞ্চালক দীপাংকৰ মুখাৰ্জীয়ে উদ্বোধন কৰা কৰ্মশালাত উত্তৰ পূৱৰ এশৰো অধিক চাহ খেতিয়কে অংশগ্ৰহণ কৰে।

৩. কাৰিকৰী পেশাগত শিক্ষাৰে স্বাৱলম্বী হব পৰাকৈ প্লাম্বাৰ, ষ্টিল ফেব্ৰিকেচন, মোবাইল মেৰামতি আদি ১২টা বিষয়ত বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰিব গোলাঘাট পৌৰ সভাই। স্বৰ্ণজয়ন্তী চহৰী ৰোজগাৰ আঁচনিৰ অধীনত হব এই প্ৰশিক্ষণত অংশগ্ৰহণৰ বাবে আগ্ৰহী সকলে ২৫ফেব্ৰুৱাৰীৰ ভিতৰত পৌৰসভাৰ কাৰ্যালয়ত আবেদন কৰিব পাৰিব।

৪. ৰাজ্য চৰকাৰে ইতিমধ্যে অসমৰ ৰাজ্যিক সংগীতৰ স্বীকৃতি দিয়া "অ' মোৰ আপোনাৰ দেশ" গীতটো এতিয়াৰ পৰা পৰিবেশিত হব অসম সাহিত্য সভাই প্ৰকাশ কৰা স্বৰলিপি অনুসৰি। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গীতটোৰ ৪টা অন্তৰাৰ প্ৰথম ৩টা পৰিবেশন কৰাৰ লগতে গীতটো পৰিবেশনৰ সময় ৭০-৭৫ ছেকেণ্ড ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষজ্ঞ সমিতিয়ে।

৫. দিল্লীত উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীক নিৰাপত্তা নিশ্চিতকৰণক ফলপ্ৰসূ ব্যৱস্থা লোৱা হব বুলি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা (নেছ')ক প্ৰতিশ্ৰুতি দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। লগতে নেছ'ৰ আন আন দাবী সমূহৰ বিষয়েও ইতিবাচক পদক্ষেপ গ্ৰহণৰো আশ্বাস প্ৰদান কৰে ছাত্ৰ সংগঠনটোৰ নেতৃবৰ্গক।

৬. আগন্তুক শিক্ষাবৰ্ষৰ পৰা নলবাৰীৰ সংস্কৃত বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব পাঁচ বছৰীয়া সংস্কৃত বিষয়ৰ সংহত পাঠ্যক্ৰম।

৭. ডিমা হাচাও জিলাৰ হাফলঙৰ এন এল গাওলাগুপু ক্ৰীড়া প্ৰকল্পত চৰকাৰী উদ্যোগত আয়োজিত "সমন্বয় মেলা"  কালি উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

৮. চীট ফাণ্ড কোম্পানীৰে লুণ্ঠনৰ অভিযোগত অভিযু্ক্ত সাৰদা গ্ৰুপৰ মালিক সুদীপ্ত সেনক তিনি বছৰৰ কাৰাদণ্ড তথা জৰিমনাৰ নিৰ্দেশ আদালতৰ। কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ ধন জমা নিদিয়াৰ অপৰাধত এই শাস্তি বিধান কৰা বুলি জানিব পৰা গৈছে।

৯. জি এল পি ছ'চিয়েল চাৰ্কলৰ সহযোগত বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰ গুৱাহাটীয়ে আয়োজন কৰিছে বহু নাচ, তিৱা নৃত্যৰ কৰ্মশালা আৰু প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰতিযোগিতা। এই প্ৰশিক্ষণ ২০-২৯মাৰ্চলৈ খানাপাৰা ৰঙালী বিহু খেলপথাৰত আয়োজিত হৈছে।  

১০. অসমত হব ছখনকৈ নতুন জিলা, ৪৮টা মহকুমা সদৰ গঠন। এই সন্দৰ্ভত থকা কেবিনেট উপসমিতিৰ বৈঠকৰ পাছতে ৰাজহ মন্ত্ৰী পৃথিৱী মাঝিয়ে এই সন্দৰ্ভত উপায়ুক্ত সকলৰ পৰা প্ৰতিবেদন বিচৰাৰ কথা প্ৰকাশ কৰি, এই বিষয়ে সিদ্ধান্ত লোকসভাৰ নিৰ্বাচনৰ পাছতে গ্ৰহণ কৰা হব বুলিও সদৰী কৰে।

১১. আম আদমী পাৰ্টিত কালি যোগদান কৰিলে মহাত্মা গান্ধীৰ নাতিয়েক ৰাজমোহন গান্ধীয়ে। দুৰ্নীতি বিৰোধী আন্দোলনে আকৰ্ষণ কৰাৰ বাবেই তেখেতে যোগদান কৰা বুলি প্ৰকাশ কৰি তেখেতে "গান্ধী" উপাধি নোহোৱাকৈ তেখেতক ৰাজমোহন বুলি সম্বোধন কৰিলেই ভাল পায় বুলিও সাংবাদিকক কয়। সূত্ৰই জনোৱা মতে তেখেতক নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সাম্ভাব্য প্ৰাৰ্থীৰূপে পাৰ্টিটোৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

১২. বড়ো নেতৃত্বৰ দাবী মানিলে কেন্দ্ৰীয় চৰকাৰে, এইবাৰ বড়োলেণ্ডৰ দাবীত সচিব পৰ্যায়ৰ পৰা ৰাজনৈতিক পৰ্যায়ত অনুষ্ঠিত হব ত্ৰি-পাক্ষিক বৈঠক। অহা ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হব আৰু কেন্দ্ৰীয় চৰকাৰে ভৱিষ্যত পন্থা নিৰ্ধাৰণৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰিব পাৰে বুলি সম্ভাৱনা প্ৰকাশ পাইছে।

No comments:

Post a Comment