আজিৰ ভাল খবৰবোৰ
১. ফিলিপাইনৰ আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰই তিতাবৰৰ ধান গৱেষণা কেন্দ্ৰৰ সৈতে সিঁচা ধানৰ সম্পৰ্কত নতুন প্ৰযুক্তি উদ্ভাৱন কৰিবলৈ উপনীত হৈছে সহমতত। এই প্ৰচেষ্টা সফল হ'লে বিদেশী গৱেষণা কেন্দ্ৰটোৱে সমগ্ৰ প্ৰকল্পটোলৈ আৰ্থিক আৰু আন সহায় আগবঢ়াব বুলি সূত্ৰই জনাইছে।
২. নিৰ্মাণ হব অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ ওপৰত আধাৰিত এখন ধাৰাবাহিক। নিৰুপমা বৰগোাহাঞিৰ "অভিযাত্ৰী" নাম উপন্যাসৰ ওপৰত আধাৰিত,দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰিব লগা ধাৰাবাহিকখনিৰ কালি হৈ যায় শুভমুহুৰত। পৰিচালনা কৰিছে ধেমাজিৰ বিশিষ্ট শিল্পী অসীম দত্তই।
![]() |
ফাগুনত আহিবি লিগাং চাবলৈ...ধেমাজিৰ
আলি-আয়ে-লিগাঙত পাৰম্পৰিক নৃত্যৰ দৃশ্য |
২. নিৰ্মাণ হব অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ ওপৰত আধাৰিত এখন ধাৰাবাহিক। নিৰুপমা বৰগোাহাঞিৰ "অভিযাত্ৰী" নাম উপন্যাসৰ ওপৰত আধাৰিত,দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰিব লগা ধাৰাবাহিকখনিৰ কালি হৈ যায় শুভমুহুৰত। পৰিচালনা কৰিছে ধেমাজিৰ বিশিষ্ট শিল্পী অসীম দত্তই।
৩. আমিনগাঁৱত আজিৰে পৰা আৰম্ভ হ'ব নতুন ন্যায়িক আদালত। কামৰূপ গ্ৰাম্য জিলাৰ বাবে পৃথকে এই আদালতে আমিনগাঁৱৰ পৰা কাম-কাজ চলাব।
৪. লখিমপুৰত কালিৰে পৰা কেন্দ্ৰীয়ভাৱে আৰম্ভ হৈছে মিচিং সকলৰ কৃষি-ভিত্তিক উতসৱ আলি-আয়ে-লৃগাঙ। ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱৰ পালন কৰি আহিছে।
৫. অহা ২২মাৰ্চত বেংগেলুৰুত অনুষ্ঠিত হব লগা প্ৰাগ চিনে এৱাৰ্ডৰ বাবে মনোনয়ন সমূহ ঘোষণা কৰা হৈছে। ২০১৩চনত চেঞ্চৰ হোৱা আৰু মুক্তিপ্ৰাপ্ত ২০খন ছবিৰ পৰা এই বঁটাসমূহ ঘোষণা কৰা হব। "অজেয়", "ৰাগ" আৰু "চিঞৰ" কথাছবিয়ে সৰ্বাধিক ১১টা শাখাত মনোনয়ন লাভ কৰিছে। জীৱনজোৰা সাধনা বঁটাৰ বাবে অভিনেত্ৰী মৃদুলা বৰুৱাৰ নাম নিৰ্বাচন কৰাৰ সুখবৰ।
৬. চৰ-চপৰি সাহিত্য পৰিষদ আৰু অল ইণ্ডিয়া ছেকুলাৰ ফ'ৰামৰ উদ্যোগত এক স্মাৰক বক্ততা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত "নেলী-গণহত্যা আৰু গণতন্ত্ৰপ্ৰেমীৰ কৰণীয়" শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে বিশিষ্ট সমাজতত্ববিদ মণিৰুল হুছেইন।
৭. আজি সোণাৰি উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব অসমৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী পৃথিৱী মাঝিয়ে। অনুষ্ঠানৰ স্থান সোনোৱাল কছাৰী ৰংগ মঞ্চ, টিতলাগড়।
৮. লখিমপুৰত প্ৰেছ ক্লাৱত অনুষ্ঠিত হ'ল "টংকেশ্বৰ দত্ত সোঁৱৰণী স্মাৰক বক্তৃতানুষ্ঠান"। "পৰিবেশ আন্দোলনত সামাজিক সংগঠনৰ ভূমিকা" শীৰ্ষক বক্তৃতাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডঃ প্ৰৱাল শইকীয়াই।
৯. ঘোষিত হ'ল এনাজৰী বঁটা ২০১৪, নৱমিকা বৰঠাকুৰ প্ৰযোজিত "অধ্যায়" শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু সেই ছবিৰে পৰিচালক অৰুপ মান্নালৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। সূৰ্যাস্ত ছবিত অভিনয়ৰ বাবে মৃদুল চুতীয়ালৈ শ্ৰেষ্ঠ অভিনেতা , "লুইতক ভেটিব কোনে" চলচ্চিত্ৰৰ বাবে দীপক শৰ্মালৈ শ্ৰেষ্ঠ সংগীত পৰিচালক আৰু চাদ্ৰী ভাষাত নিৰ্মিত "কৰমা কেৰাতি"লৈ বিশেষ এনাজৰী বঁটা আগবঢ়োৱা হৈছে। লগতে থিয়েটাৰ ভাগ্যদেৱীক শ্ৰেষ্ঠ নাট্যদলৰ সন্মান আগবঢ়োৱা হৈছে।
১০. অসম ফুটবল সন্থাৰ তত্বাৱধানত শিৱসাগৰ ক্ৰীড়া সন্থাৰ উদ্যোগত ৩-১৫ মাৰ্চলৈ শিৱসাগৰত অনুষ্ঠিত হ'ব অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ ষষ্ঠ সংস্কৰণ।
১১. দৈয়াঙৰ মেৰাপানীত অনুষ্ঠিত অসম সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱসত অজিত বৰাৰ কবিতা পুথি "কবিতা ফুলনি" উন্মোচন কৰিলে ডঃ অনুৰাধা শৰ্মাই। তেখেতৰে গল্পপুথি "এই জীৱনৰ বাট বোলোতে" উন্মোচন কৰিলে জৱাহৰলাল বসুমতাৰীয়ে।
১২. অখিল ভাৰতীয় বৃদ্ধজন সেৱা আশ্ৰম সংস্থাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত পটীয়াগাঁৱত অস্থিত বৃদ্ধাশ্ৰমৰ ক্ষেত্ৰ কাৰ্যালয় আৰু সভাঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে। অহা ২১ ফেব্ৰুৱাৰীত ইয়াৰ উদ্বোধন কৰিব বিধায়ক ৰাণা গোস্বামীয়ে।
১৩. তাৰালাংছত ৪০তম কাৰ্বি যুৱ মহোৎসৱৰ সফল সামৰণি। সাংস্কৃতিক সমাৰোহখনিত পৰম্পৰাগত গীত-নৃত্যৰ লগতে প্ৰদৰ্শিত হয় বহু সাংস্কৃতিক সম্পদো।
১৪. উন্মোচিত হ'ল পৰমানন্দ মজুমদাৰৰ গৱেষণামূলক গ্ৰন্থ "ক'লনিয়ালিজম, লেংগুৱেজ এণ্ড পলিটিকছ"।
১৫. অসমসহ পূৰ্বোত্তৰ তিনি ৰাজ্যত উদ্ভাৱনীমূলক সেৱা আগবঢ়োৱা সংগঠনলৈ ৱৰ্ল্ড বেংক গ্ৰুপৰ ডেভেলপমেণ্ট মাৰ্কেট প্লেছে অনুদান দিবৰ বাবে কৰিলে আবেদন আহ্বান। বাছনিভুক্ত অনুষ্ঠানে ৯৪লাখ টকাকৈ অনুদান লাভ কৰিব বুলি প্ৰকাশ কৰিলে সংগঠনটোৱে।
১৬. দৌলগোবিন্দ মন্দিৰ প্ৰাংগণত উন্মোচিত হ'ল "লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা" আৰু "শূল শৰ্মা মানুহজন" শীৰ্ষক দুখনকৈ গ্ৰন্থ। উন্মোচন কৰিলে দৌল গোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শচীন ভূঞাই।
১৭.ভাৰতৰ হকী দলৰ প্ৰাক্তন অধিনায়ক ধনৰাজ পিল্লাইয়ে যোগদান কৰিলে আম আদমি পাৰ্টীত। দিলীপ তিৰ্কী আৰু পাৰ্গত সিঙৰ পাছত তেখেত ৰাজনীতিত প্ৰৱেশ কৰা তৃতীয়জন হকী খেলুৱৈৰূপে পৰিগণিত হৈছে।
১৮. কমাৰকুছিৰ নৱজ্যোতি সংঘৰ সৌজন্যত অহা ২২-২৩ ফেব্ৰুৱাৰীত দৌল প্ৰাংগণত সদৌ অসম ভিত্তিত দিবা-নৈশ প্ৰাইজমানি ভলীবল অনুষ্ঠিত হব। এন এফ ৰেলৱে, অসম পুলিচৰ ধৰি কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰিব।
১৯. নাজিৰা মহকুমাৰ মাদুৰি মলাগাঁও আৰু লখিমীপুখুৰী লিকচন গাঁৱৰ যৌথ উদ্যোগত জয়খামদাং খাট খেলপথাৰত অহা ১ আৰু ২ মাৰ্চত সমাজকৰ্মী প্ৰবীণ সন্দিকৈ সোঁৱৰণী চলন্ত ট্ৰফী ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
২০. সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত শিৱসাগৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনত অনুষ্ঠিত হ'ল এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ।
২১. অসমৰ চৰকাৰী চাকৰিয়াল সকললৈ সুখবৰ, ৰাজ্য চৰকাৰে ছমাহৰ বকেয়া ধন মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়াৰ পোৱা গৈছে সুখবৰ।
২১. অসমৰ চৰকাৰী চাকৰিয়াল সকললৈ সুখবৰ, ৰাজ্য চৰকাৰে ছমাহৰ বকেয়া ধন মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়াৰ পোৱা গৈছে সুখবৰ।
No comments:
Post a Comment