পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. "মহাত্মা গান্ধী ফৰ চিলড্ৰেন" নামৰ ৱেব পৰ্টেল উদ্বোধন কৰিলে ৰাষ্ট্ৰীয় উদ্ভাৱন পৰিষদৰ অধ্যক্ষ চেম পিট্ৰোডাইঃ হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে উপলব্ধ হব লগা এই প'ৰ্টেলৰ জৰিয়তে ৬-১৫বছৰৰ শিশু সকলে গান্ধীৰ জীৱন আৰু আদৰ্শৰ বিষয়ে পৰিচিত হব পাৰিব বুলি প্ৰকাশ কৰি, গান্ধীজীৰ মৃত্যু দিৱসত পালিত ছহিদ দিৱসৰ দিনাই এই পৰ্টেল মুকলি কৰা হৈছে।
ধেমাজিৰ কুলাপথাৰৰ ডিম্বেশ্বৰ দলে ক্ষেত্ৰত অনুষ্ঠিত হৈ
থকা মিচিং সাহিত্য সভা অধিবেশনৰ স্মৰণিকাখনি
২. অসমীয়া ছবিৰ মোহময়ী অভিনেত্ৰী মৃদুলা বৰুৱালৈ প্ৰাগ চিনে এৱাৰ্ডৰ "জীৱনজোৰা সাধনা বঁটা" ঘোষণাঃ অহা ২২মাৰ্চত বেংগেলুৰুৰ এএন জি চি কৰমাংগলা ইনড'ৰ ষ্টেডিয়ামত এই বঁটা প্ৰদান অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।

৩. গ্ৰন্থ উৎসৱ-প্ৰদৰ্শনীৰে আৰম্ভ হ'ল অসম সাহিত্য সভাৰ অষ্টম বিশেষ বৰ্ষিক গুৱাহাটী অধিৱেশন। ডঃ মামণি ৰয়ছম গোস্বামীৰ সোঁৱৰণত আয়োজন কৰা গ্ৰন্থ উৎসৱৰ লগতে আয়োজিত হৈছে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী প্ৰদৰ্শনী আৰু বিনিময় মেলাও। এই মেলা উদ্বোধন কৰিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গুজৰাটী শিল্পী দীপক কাৰ্ণ্ণালে।

৪. যোৰহাটৰ মৰিয়নিৰ নকছাৰী ৰজাবাৰীৰ গমধৰ কোঁৱৰ স্মৃতি উদ্যানত পালিত হ'ল ১৮৭সংখ্যক গমধৰ কোঁৱৰ দিৱস। স্বাধীনতা সংগ্ৰামৰ প্ৰথম যুঁজাৰুজনৰ এই দিৱসত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰিলে নিউজ টাইম অসমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। তেখেতে তৰুণ প্ৰজন্মক স্বদেশানুৰাগী হিচাপে গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়। 

৫. ৰাজ সাহাৰ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১০৭টকাকৈ হ্ৰাস কৰাৰ সুখবৰঃ তাৰ বিপৰীতে ডিজেলৰ মূল্য ৫০পইচাকৈ প্ৰতি লিটাৰ বৃদ্ধি কৰাৰ বাতৰিয়েও পালে সংবাদ শিৰোনামাত স্থান।

৬. "ক্ৰুচিয়েল ইছ্যুজ অন পাৱাৰ ছেক্টৰ ইন ইষ্ট ইণ্ডিয়া " শীৰ্ষক অভিজিত মজুমদাৰ আৰু শ্ৰেয়া বৰবৰাৰ গ্ৰন্থ উন্মোচন নতুন দিল্লীত উন্মোচন কৰিলে দেশৰ গৃহমন্ত্ৰী সুশীল কুমাৰ সিন্ধেই। দুয়ো লেখকেই ৰাজ্যৰ নদী-বান্ধ বিৰোধ আন্দোলনক তীব্ৰ সমালোচনা কৰে গ্ৰন্থ উন্মোচনী সভাতে আৰু সিন্ধে ডাঙৰীয়াইও নামনি সোৱণশিৰি প্ৰকল্পক লৈ তেখেতৰ ভাষণত উদ্বিগ্নতা প্ৰকাশ কৰে।
দিল্লীত বৰ্ণ-বৈষম্যৰ বলি হৈ মৃত্যুক সাৱতি লোৱা
অৰুনাচল প্ৰদেশৰ ছাত্ৰ নিদো টানিয়ামৰ
ন্যায় বিচাৰৰ বাবে ফেচবুকতো চলিছে প্ৰচাৰ

৭. পদ্মভূষণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ জে এছ বাৰ্মাৰ পৰিয়ালেঃ কোনো সন্মানৰ বাবে হাবিয়াস নকৰা এই ন্যায়মূৰ্তিজনৰ নীতিৰ পৰিপন্থী হব বুলিয়েই পৰিয়ালে মৰণোত্তৰভাৱে আগবঢ়োৱা এই সন্মান গ্ৰহণ কৰিবলৈ অনিচ্ছুক বুলি ৰাষ্ট্ৰপতিলৈ পত্ৰযোগে জনাইছে।

৮. অসম জলসম্পদ বিভাগৰ উদ্যোগত ৬-৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বশিষ্ঠত থকা আসাম ৱাটাৰ ৰিচাৰ্ছ এণ্ড মেনেজমেণ্ট ইনষ্টিটিউটত অনুষ্ঠিত হব "আসাম ৱাটাৰ কনফাৰেন্স ২০১৪"। 
ইয়াত বহুকেইজন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাৰিকৰী বিশেষজ্ঞই অংশ গ্ৰহণ কৰি অসমৰ জলসম্পদৰ সু-ব্যৱহাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে বান-গৰাখহনীয়া আদি বিষয়তো কাৰিকৰী দিশত অৱলোকন কৰিব বুলি জানিব পৰা গৈছে।

৯. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল বিজ্ঞান আৰু গণিত ফেচিলিটেটৰ সন্থাৰ মুখপত্ৰ "প্ৰতিফলন"।
গণিত আৰু বিজ্ঞান শিক্ষাক জনপ্ৰিয় কৰাৰ গুৰুত্ব প্ৰদান কৰি বক্তব্য আগবঢ়ালে প্ৰসিদ্ধ গণিতজ্ঞ ডঃ তাৰকেশ্বৰ চৌধুৰীদেৱে।

১০. নেফছেড নামৰ সংস্থাই সংগীতজ্যোতি আৰু সংগীতপ্ৰভা বঁটা আগবঢ়াইছে শাস্ত্ৰীয় সংগীত শিল্পী ৰুমী নায়ক আৰু নৃত্য প্ৰশিক্ষক ৰামকৃষ্ণ তালুকদাৰলৈ। কাইলৈ চানমাৰিৰ তীৰ্থনাথ শৰ্মা সভাগৃহত এই বঁটা প্ৰদান কৰিব বুলি স্বেচ্ছাসেৱী সংগঠনটোৱে প্ৰকাশ কৰিছে।

১১. যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ দিন সলনিঃ এই সমাৰোহখনি অহা ২২-২৩ মাৰ্চতহে অনুষ্ঠিত হব আৰু সকলো প্ৰাক্তন ছাত্ৰকে অহা ২০ ফেব্ৰুৱাৰী ভিতৰত নাম-ফটোসহ পঞ্জীয়ন কৰিবলৈ আয়োজকে আহ্বান জনাইছে।

১২. যোৰহাট মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ বিপক্ষে আবণ্টিত ধনৰ অপব্যৱহাৰ, প্ৰৱঞ্চনাৰ গোচৰ চিবিআইয়ে তদন্ত নকৰাকৈ হস্তান্তৰ কৰিলে অসম তদাৰকী আৰু দুৰ্নীতি নিবাৰক সংস্থালৈঃ এই গোচৰ নিজৰ আওতাত নপৰা বুলি চিবিআইয়ে স্পষ্ট কৰি দিয়া বুলিও প্ৰকাশ পালে সংবাদ পত্ৰত।

১৩. আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পত্তিৰ পাহাৰ আহৰণৰ অভিযোগত "গোচৰ চলাবলৈ অনুমতিৰ প্ৰয়োজন নাই" বুলি ৰায়দান কৰি সংসদীয় সচিব চন্দন সৰকাৰৰ সম্পত্তিৰ খতিয়ান দিবলৈ নিৰ্দেশ জাৰি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। তদন্তকাৰী সংস্থাক এই বিষয়ে সকলো তথ্য আদালতক দিবলৈ দিলে নিৰ্দেশ।

১৪. ডঃ মৰমী তালুকাদৰৰ উন্মোচিত হ'ল তিনিখনকৈ গ্ৰন্থঃ গ্ৰন্থকেইখন হৈছে "অনুভৱ-অনুৰাগ", কথা-কাব্য সংকলন "কবিতাৰ কাৰেং" আৰু "পোহৰ-প্ৰেম, বৰষুণ-বিষাদ আৰু এজন নেদেখা প্ৰেমিক"। 
গুৱহাটী প্ৰেছ ক্লাৱত হোৱা গ্ৰন্থ উন্মোচনী সভাত উদ্বোধক ৰূপে অংশ লৈছিল সাহিত্যিক ৰমেশ চন্দ্ৰ পাঠক, নিৰুপমা বৰগোহাঞি আৰু কবি আনিছ উজ জামানে।

১৫. নগাঁওত সফল ভাৱে অনুষ্ঠিত হ'ল সুন্দৰ আৰু সৃষ্টিৰ সমন্বয়ৰে নৃত্য সমাৰোহ "নৃত্যালিংগন-২০১৪"।
ৰাজ্যৰ লগতে দেশৰ আন প্ৰান্তৰ পৰাও নৃত্য শিল্পী সকলে কৰিলেহি অংশগ্ৰহণ।

No comments:

Post a Comment