অসমৰ বানপানী: ব্যৱস্থাপনা নে নিৰ্লিপ্ততাৰ ইতিহাস
ইন্দ্ৰজিত বৰা
গোটেই নদী প্ৰণালীটো সাঙুৰি লোৱা বিস্তৃত সমস্যা এটাক সংবিধানৰ কেৱল ৰাজ্যিক সূচীত অন্তৰ্ভুক্ত “নিৰ্গমন আৰু মথাউৰি” (Drainage & Embankment) শিতানেৰে সমাধা কৰিব বিচৰাৰ প্ৰকৃত স্বৰূপ স্বৰাজোত্তৰ ভাৰতৰ প্ৰথমটো দশকতেই স্পষ্ট হৈ পৰিছিল । অসমতো স্বাধীনতাৰ পিছৰ পৰা মথাউৰি নিৰ্মাণ কৰি প্ৰতিবছৰে প্ৰায় পঞ্চাছ শতাংশতকৈ অধিক বান অধ্যুষিত মাটিৰ সুৰক্ষা দিয়া বুলি অসমৰ বান নিয়ন্ত্ৰণ বিভাগে কৰি অহা দাবীবোৰ দৰাচলতে এতিয়া বানপীড়িতৰ বাবে দুঃস্বপ্নহে হৈ উঠিছে । কেৱল ভাৰতবৰ্ষৰে নহয় সমগ্ৰ বিশ্বৰে বান ব্যৱস্থাপনাৰ ইতিহাসে এইটো ইতিমধ্যে প্ৰমাণিত কৰিলে যে মথাউৰিৰ দৰে হ্ৰস্বকালীন ব্যৱস্থা বাননিয়ন্ত্ৰনৰ দিশত এক দীৰ্ঘকালীন অভিশাপ মাথো । তথাপিও বান নিয়ন্ত্ৰণ বিভাগৰ বাবে মথাউৰিয়েই একমাত্ৰ পদক্ষেপ হৈ থাকিল । তাৰ ঐতিহাসিক কাৰণ ভাৰতবৰ্ষৰ বান ব্যৱস্থাপনাৰ প্ৰশাসনিক মেৰপাকৰ মাজতেই সোমাই আছে । তেনে এক পটভূমিত স্বৰাজোত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় বান ব্যৱস্থাপনাৰ বিৱৰ্তন আৰু সমস্যাটোৰ এক বিস্তৃত অনুধাৱনৰ মাজত থাকি যোৱা ঐতিহাসিক ব্যৱধান সম্পৰ্কে কিছু আলোচনা কৰাৰ চেষ্টা কৰা হওঁক ৷
সংবিধান আৰু অসমৰ বানপানী
গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল সাংবিধানিকভাৱে ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণ কৰাটো সম্ভৱনে ? জলসিঞ্চনৰ নিচিনাকৈ বান নিয়ন্ত্ৰণ ভাৰতীয় সংবিধানৰ কোনো এখন বিষয় সূচীতেই স্পষ্টকৈ উল্লেখ নাই । অৱশ্যে, নিৰ্গমন আৰু মথাউৰি – এই দুয়োটা উপায়েই ৰাজ্যিক সূচীৰ (List II – State List) ১৭ নম্বৰত এই বুলি উল্লেখ আছে : “Water, that is to say, water supplies, irrigation and canals, drainage and embankments, water storage and water power subject to the provision of entry 56 of List I (Union List).” । আকৌ, কেন্দ্ৰীয় সূচীৰ (List I – Union List) ৫৬ নম্বৰত উল্লেখ আছে যে আন্তঃৰাজ্যিক নদী আৰু নদী উপত্যকাবিলাকৰ সঞ্চালন আৰু উন্নয়ন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ন্যস্ত আছে । তাত এই বুলি উল্লেখ আছে : “Regulation and development of inter-State rivers and river valleys to the extent to which such regulation and development under the control of the Union is declared by Parliament by law to be expedient in the public interest.”। এইখিনিতে, ব্ৰহ্মপুত্ৰ কেৱল আন্তঃৰাজ্যিকেই নহয়, এখন আন্তঃৰাষ্ট্ৰীয় নদী ৷ মুঠ ৫,৮০,০০০ বৰ্গ কিলোমিটাৰ ব্যাপী থকা এই অৱবাহিকা ৫০.৫ শতাংশ চীন, ৩৩.৬ শতাংশ ভাৰত, ৮.১ শতাংশ বাংলাদেশ আৰু ৭.৮ শতাংশ ভূটানত আছে। আকৌ, ভাৰতৰ ভিতৰতো ব্ৰহ্মপুত্ৰ অৱবাহিকাই অৰুণাচল প্ৰদেশত ৪১.৯ শতাংশ, মেঘালয়ত ৬.১ শতাংশ, নগালেণ্ডত ৫.৬ শতাংশ আৰু চিকিমত ৩.৪ শতাংশ সাঙুৰি লৈছে । গতিকে অসমৰ বানপানীৰ সমস্যাটো সাংবিধানিকভাৱেই এক ৰাষ্ট্ৰীয় দুৰ্যোগ ।
গতিকে, ৰাজ্যিক সূচীৰ ১৭ নম্বৰত থকা উল্লেখৰ পৰা এইটো স্পষ্ট হৈ পৰে যে বান নিয়ন্ত্ৰণৰ বাবে স্বতন্ত্ৰভাৱে উপত্যকা ব্যাপক পৰিকল্পনা আৰু পদক্ষেপৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৰ্তৃত্ব সীমিত আৰু নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত ই সদায় কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল । পিছে, তেনে সীমিত সাংবিধানিক ব্যৱস্থাকেই সাৰথি কৰি লৈ ৰাজ্য চৰকাৰবিলাকে বাননিয়ন্ত্ৰন বিভাগ এটা গঠন কৰি মথাউৰি (Embankment)জাতীয় হ্ৰস্বকালীন ব্যৱস্থাবোৰকে একমাত্ৰ পদক্ষেপ হিচাবে গ্ৰহণ কৰি আহিছে ।
মথাউৰিৰ ঐতিহাসিক শিক্ষা
খ্ৰীষ্টপূৰ্ব ৬০৩ চনতেই চীন দেশৰ হোৱাংহো নদীৰ পাৰত মথাউৰি নিৰ্মানৰ কথা বুৰঞ্জীৰ পাতত পোৱা যায় । চীনদেশৰ পুৰাতন নথিপত্ৰৰ পৰাও এইটো গম পোৱা যায় যে মথাউৰি অৰ্থনৈতিকভাৱে গ্ৰহণযোগ্য প্ৰণালী নহয় আৰু ই নদী উপত্যকাৰ বাবে একেবাৰে ক্ষতিকাৰক মানৱ পদক্ষেপ । সময়ৰ লগে লগে নদীৰ ভূপৃষ্ঠৰ (River Bed) উচ্চতা আৰু ফলস্বৰূপে বানপানীৰ উচ্চতাও (Flood Height) বাঢ়ি যোৱাৰ বাবে মথাউৰিৰ উচ্চতাও বঢ়াব লগা হয় আৰু লগে লগে নদীখন এটা পাহাৰীয়া ওখ নলালৈ ৰুপান্তৰ হয় । তেনেস্থলত মথাউৰি ভাঙিলে নদীৰ কাষৰ অঞ্চলবোৰ ক্ষিপ্ৰভাৱে বুৰাই প্ৰলয়ৰ সৃষ্টি কৰে । তেনেকৈয়ে ১৮৯৭ চনত হোৱাংহো নদীৰ মথাউৰি ভাঙি কেবা লাখ মানুহৰ মৃত্যু হৈছিল । তাৰ পাছত আহিল ১৯৩১ চনৰ প্ৰলয়ৰূপী বানপানী । কিন্তু, বিভিন্ন দীৰ্ঘকালীন প্ৰকল্পৰ অন্তত আজি হোৱাংহো নদী চীনৰ জলসম্পদৰ প্ৰধানতম উৎস ।
১৭৭৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিচিপি নদীৰ পাৰত প্ৰথম মথাউৰি বন্ধা হৈছিল । হোৱাংহো নদীৰ দৰে ইয়াতো লাহে লাহে নদীৰ ভূপৃষ্ঠৰ উচ্চতা বাঢ়ি গৈ বানপানীৰ উচ্চতা বৃদ্ধি হয় আৰু মথাউৰিৰ উচ্চতা ১৯২৭ চনলৈকে ১৭ ফুটলৈকে বঢ়াব লগা হৈছিল । কিন্তু, সেই বছৰেই মথাউৰি ভাঙি ৩৫০ লোকৰ প্ৰাণ গৈছিল আৰু বহু সম্পত্তি অনিষ্ট হৈছিল । তাৰ পাছৰ পৰা মথাউৰিৰ মেৰামতিৰ খৰচ বছৰি বৃদ্ধি হৈ গৈছিল । এই সম্পৰ্কত মাৰ্ক টুৱেইনে এনেদৰে লিখিছে, “One who knows the Mississippi will promptly aver - not aloud but to himself - that 10,000 river commissions cannot tame that lawless stream, cannot curb it or confine it, cannot say to it go here, or go there, and make it obey; cannot save a shore which it has sentence; cannot bar its path with an obstruction which it will not tear down, dance over, and laugh at.” কিন্তু সময়ৰ বুকুত আজি মিচিচিপি এখন নদী হৈ থকা নাই, ই মানুহে নিজৰ সুবিধাজনকভাৱে নিৰ্মাণ কৰি লোৱা সৰু-বৰ বহু পানী নলাৰ এক জটিল সমষ্টিলৈ ৰূপান্তৰ হ’ল ।
ভাৰতবৰ্ষত দামোদৰ নদীৰ পাৰত প্ৰথমে স্থানীয় জমিদাৰসকলে মথাউৰি নিৰ্মান কৰি লৈছিল । ১৮৪৬ চনৰ পৰা ব্ৰিটিছ চৰকাৰে তাৰ মেৰামতিৰ দায়িত্ব লৈছিল । তাৰ পাছত একে লেথাৰিকৈ মথাউৰি ভঙাৰ বহু ঘটনা হোৱাৰ পাছত ১৮৬০ চনত সোঁপাৰৰ মথাউৰি আঁতৰাই দিয়া হয় আৰু তাৰ পাছতো বাওঁপাৰত মথাউৰি ভঙাৰ ঘটনা হৈয়ে থাকিল । পাছলৈ বাননিয়ন্ত্ৰনৰ প্ৰকল্প বহুমুখী প্ৰকল্পলৈ ৰূপান্তৰ কৰাৰ ফলত অন্য ক্ষেত্ৰবোৰত অহা আসোঁৱাহ, জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱ আৰু বনাঞ্চল ধংসৰ দৰে দিশবোৰত বহুত কৰণীয় থাকিলেও, স্বৰাজোত্তৰ ভাৰতৰ পশ্চিমবঙ্গ আৰু ঝাৰখাণ্ড সাঙুৰি লোৱা দামোদৰ উপত্যকা প্ৰকল্পই বাননিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সফল হৈছে বুলি ক’ব পাৰি ।
তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ বিহাৰ চৰকাৰে প্ৰকাশ কৰা “উত্তৰ বিহাৰ বান সমস্যা” শীৰ্ষক প্ৰতিবেদন এটাৰ আগকথাত কেপ্টেইন জি এফ হ’ল নামৰ মুখ্য অভিযন্তাজনে এই বুলি লিখিছিল: "In the old days whenever flood problems arose, the answer was let us build a bandh(embankment)….frequently comprised the erection of bandhs, were in no small measure responsible for the present troubles." তেনেদৰে, ব্ৰিটিছ ভাৰতত ১৯২০ চনত চি আদামচ উইলিয়ামচ নামৰ বেঙ্গলৰ মুখ্য অভিযন্তা এজনে এই বুলি লিখিছিল: “With regard to embankments, our experience has been that wherever they exist, they raised problems as great, if not greater than they were intended to deal." স্বৰাজোত্তৰ ভাৰতৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগে ১৯৪৯ চনত প্ৰকাশ কৰা আধুনিক ভাৰত নামৰ ধাৰাবাহিক পত্ৰিকাৰ ৬ নম্বৰ সংস্কৰণত এই বুলি উল্লেখ আছে: "The present policy of keeping floods in check by marginal embankments is not successful. It costs large sums of money, is un-remunerative, and does not provide protection against major floods."
এনেদৰে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় এই দুয়ো প্ৰেক্ষাপটততেই বান ব্যৱস্থাপনাৰ স্পষ্ট ঐতিহাসিক শিক্ষণ থকা স্বত্বেও দেশৰ ৰাজনৈতিক নেতৃত্বৰ নিৰ্লিপ্ততা অতি দুখজনক আছিল । ১৯৫৩ চনৰ কেন্দ্ৰীয় জলসিঞ্চন আৰু শক্তি বোৰ্ডৰ বাৰ্ষিক সভাত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে এনেকৈ মৃদুভাৱেহে উপস্থাপন কৰিছিল: "When floods appear, we run with a shovel in our hands to collect earth for preventing floods." ১৯৫৪ চনৰ ১৪ চেপ্টেম্বৰত কেন্দ্ৰীয় পৰিকল্পনা মন্ত্ৰী গোলজাৰিলাল নন্দইও ক’লে: “If we can muster 230,000 able-bodied persons for a period of four months each year, the work of the construction of embankments on both sides of the Kosi can be completed within a period of two years, instead of the scheduled period of six." সেই একে সুৰতে ১৯৫৪ চনত তেতিয়াৰ অসমৰ মুখ্য মন্ত্ৰী বিষ্ণুৰাম মেধি ডাঙৰীয়াইয়ো ক’লে, “We hope to take up immediately a scheme for running embankments along the Brahmaputra, from a point near the foothills to the point where it reaches the border of the State."
তেনেদৰে সীমিত তথ্য আৰু প্ৰযুক্তিৰে ১৯৫৪ চনতেই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । স্বৰাজোত্তৰ ভাৰতৰ বিভিন্ন নদীত নিৰ্মাণ কৰা মুঠ ১৫,৬৭৫ কিলোমিটাৰ দৈৰ্ঘৰ মথাউৰিৰ ভিতৰত ৫,০২৭ কিলোমিটাৰ কেৱল ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ ওপৰতেই আছে । তথাপিও আটাইতকৈ ক্ষতিগ্ৰস্ত এলেকাত এনে তাৎকালীন নিৰাময়ৰ ব্যৱস্থাসমূহৰ আয়ুস দুই-তিনিবছৰতকৈ বঢ়াব নোৱাৰি । বাস্তৱত মাটিৰে নিৰ্মাণ কৰা এই মথাউৰিসমূহে নদী অৱবাহিকাত অতি বিষম পৰিস্থিতিৰ সৃষ্টি কৰিছে, আৰু ভৈয়াম এলেকাত বানৰ প্ৰকোপ বঢ়াই তুলিছে । প্ৰাথমিক পৰ্যায়ত এই মথাউৰিবোৰে বানৰ প্ৰকোপ কমাবলৈ সক্ষম হৈছিল যদিও পৰৱৰ্তী সময়ত সেইবোৰে পৰিস্থিতি বিৰূপ কৰিহে তোলে । মথাউৰি নিৰ্মাণৰ বাবে জলাধাৰ আৱদ্ধ হৈ থাকে আৰু মথাউৰি চিগিলেই বাঢ়নি পানী পাৰ ভাঙি সোমাই হাহাকাৰ সৃষ্টি কৰে।
১৯৮৬ চনত অসম বান বিশেষজ্ঞ সমিতিয়ে পৰ্যবেক্ষণ কৰিছিল যে, “The embankments have changed the behavior of rivers towards worst and therefore, no more embankments should be constructed to avoid a deterioration of the situation” । বিশেষজ্ঞ সমিতিয়ে আৰু কয় যে, “The extensive flood control measures like embankments have been undertaken without studying Brahmaputra adequately” ।
পৰিবেশ বিশেষজ্ঞ ড° দুলাল গোস্বামীয়ে এই গুৰুত্বপূৰ্ণ দিশটো আঙুলিয়াই দিছে, "We have constructed so many embankments. Yet, engineering solutions so far have failed to provide any relief to the people of the Northeast. The flood situation has only aggravated in the absence of a holistic approach to tackle the situation.” ড° গোস্বামীৰ মতে, "The geophysical nature of the Brahmaputra river basin is fragile and dynamic. The scientific knowledge base on the river system for example on aspects such as sedimentation and hydrology is linked to the economic life of the project. This needs to be strengthened urgently, more so in light of emerging threats from climate change. Without the availability of comprehensive information, how can we determine the long-term viability of projects in this region?"
ৰাষ্ট্ৰীয় বান আয়োগেও এটা সময়ত সকীয়াই দিছিল যে “A stage may come when it may no longer be possible to contain the river by embankment and the present predicament proves it” । এইখিনিতে মথাউৰিৰ সম্পৰ্কে পৰিকল্পনা আয়োগৰ এক প্ৰতিবেদনতো এইবুলি কোৱা হৈছিল যে “The government must ban further construction of embankments by unthinking engineers, supported by politicians and officials, who do not understand the hydrology of rivers. It should also include social scientists, environmentalists and geographers in developing strategies to deal with the situation. Otherwise both flood relief and fund meant for embankments are likely to go to corrupt and well-connected, and death and devastation in Assam will continue.” মথাউৰিবোৰক এক হ্ৰস্বম্যাদী ব্যৱস্থা বুলি কৈ আনকি অসমৰ জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মূখ্য অভিযন্তা এ কে মিত্ৰয়ো কৈছিল যে, চৰকাৰে মধ্যকালীন আৰু দীৰ্ঘস্থায়ী ব্যৱস্থা গ্ৰহণ কৰাত গুৰুত্ব দিয়াত ব্যৰ্থ হৈছে। অৱবাহিকাৰ জলসম্পদৰ সংহত ব্যৱস্থাপনা প্ৰস্তুত কৰিবলৈ মথাউৰি, জলাশয়ৰ বেদখল, অবাধ বনধ্বংসৰ ফলত বৃদ্ধি হোৱা গেদ আৰু নদীৰ দুয়োপাৰে হোৱা জল অৱৰোধৰ দৰে কাৰকবোৰৰ কথা মনত ৰাখি কৰিব লাগিব ।
গতিকে, বিশ্বব্যাপী মথাউৰিৰ বিৰূপ প্ৰভাৱ শতিকাৰ আগতেই প্ৰমানিত হোৱাৰ পাছত এতিয়া সেই বেলচা লৈ মাটি গোটাই লোৱাৰ দৰে হ্ৰস্বকালীন আঁচনিৰ বাবে নহয়, উপত্যকা ব্যাপী পৰিকল্পনাৰ বাবে নেতৃত্বৰ প্ৰয়োজন । জলসম্পদৰ উপত্যকা ভিত্তিত পৰিকল্পনাৰ ক্ষেত্ৰত জলবায়ুৰ পৰিৱৰ্তনেও সদায় প্ৰত্যাহ্বান হিচাবে থিয় দিয়ে । আকৌ, বান নিয়ন্ত্ৰণৰ উপৰিও যথাযথ ব্যৱস্থাৰ (Adaptability)ক্ষেত্ৰত পৰম্পৰাগত জীৱনধাৰণ পদ্ধতিৰ লগত সংগতি ৰাখি কৰা পৰিকল্পনাৰ অৱশ্যকতাক একেবাৰে আওকাণ কৰা হ’ল । গতিকে, ৰাজ্যৰ সাংবিধানিক অধিকাৰ হিচাবে গঠন কৰা ৰাজ্য চৰকাৰৰ ‘মথাউৰি’ প্ৰধান বান নিয়ন্ত্ৰণ বিভাগবোৰ যে ৰাজহুৱা সম্পদৰ অপব্যৱহাৰৰ বাদে আন একো নহয়, সেয়া এতিয়া সৰ্বজনবিদিত ।
ভাৰতবৰ্ষৰ বান ব্যৱস্থাপনাৰ প্ৰশাসনিক ইতিহাস
১৯৫৪ চনত সংসদত এক ঘোষণাপত্ৰত কোৱা হ’ল “The objective of national flood management policy and programme is to rid the nation from the menace of floods by containing and managing floods” । ইয়াৰ দুবছৰৰ ভিতৰতে, অৰ্থাৎ ১৯৫৬ চনত সেই ঘোষণাৰ এক সংশোধিত ৰূপ আকৌ প্ৰকাশ কৰি সংসদত আগৰ বাক্যটোৰ লগত সংযোগ কৰা হ’ল “reasonable protection to the extent of technically and economically justifiable” । সেই বছৰেই সংসদত জলসিঞ্চন আৰু শক্তি মন্ত্ৰীয়ে এই বুলিও ক’লে যে “absolute immunity from flood damage is not physically possible because of unpredictable natural forces and adaptability to an extent is imminent” ।
প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা অনুসৰি, “The construction of large dams to store these flood waters is the most effective way of preventing flood damage” । অৱশ্যে ৰাষ্ট্ৰীয় বান আয়োগে পৰ্যবেক্ষণ কৰিছিল যে, হিমালয়ৰ এলেকাত এনেদৰে পানী জমা কৰিবলৈ হ’লে ভূ-তাত্বিক, ভূমিকম্প সম্পৰ্কীয় আৰু ভূ-সংস্থান সমন্ধীয় (topographical) বাধাবোৰৰ সমুখীন হবই লাগিব । নদীৰ উপত্যকাবোৰ ঠেক হোৱাৰ বাবে ৰিজাৰ্ভাৰবোৰ সৰু হ’ব, নদীৰে বাগৰি অহা গেদৰ বাবে এইবোৰৰ আৰ্থিক কাৰ্যকাল বহুত কম হ’ব আৰু ফলস্বৰূপে, প্ৰকল্পবোৰৰ আৰ্থিক সম্ভাৱনীয়তা নাথাকিব ।
১৯৫৭ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰৰ এক উচ্চস্তৰীয় সমিতিয়ে ভূমি সংৰক্ষণ আৰু জলচ্ছেদ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আৰু লগতে মথাউৰি নিৰ্মাণ প্ৰকল্পবোৰ আঁচনিৰ আওতালৈ অনাৰ আগেয়ে পুনৰবাৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰাৰ ওপৰত গুৰুত্ব দিয়ে । ১৯৬৪ চনত বান নিয়ন্ত্ৰণৰ মন্ত্ৰীপৰিষদে বান সম্পৰ্কীয় সাৱধানবানী, বান আগজাননী, বানৰ ফলত আক্ৰান্ত হবলগীয়া এলেকাবোৰ চিহ্নিত কৰাৰ লগতে বান-বীমাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ১৯৭২ চনত বান আৰু বান সাহা়য্যৰ সম্পৰ্কীয় আন এক মন্ত্ৰীপৰিষদৰ সমিতিয়ে পৰামৰ্শ দিয়ে যে প্ৰতিখন বান আক্ৰান্ত ৰাজ্যই ভূমি সংৰক্ষণৰ আচঁনি গ্ৰহণ কৰিব লাগে । বান নিয়ন্ত্ৰণৰ কৰ্ম গোটে ১৯৭৮ চনৰ ইয়াৰ প্ৰতিবেদনত চলি থকা সকলোবোৰ কাম জৰুৰীভাবে পুনৰীক্ষণ কৰাৰ লগতে নদী এলেকাসমূহত মথাউৰিসমূহ নিৰ্মাণৰ ফলত হ’বলগীয়া দীৰ্ঘদিনৰ ক্ষতিৰ দিশটো পুনৰীক্ষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ১৯৮০ চনত জয়সুখলাল হাথীৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় বান আয়োগৰ বিস্তৃত প্ৰতিবেদনত বান সমস্যাৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰাৰ লগতে বিশেষকৈ মথাউৰি নিৰ্মাণক লৈ ১৯৫৪ চনত গ্ৰহণ কৰা বান নিয়ন্ত্ৰণ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰা হয় ।
১৯৭৭ চনৰ নবেম্বৰত কেন্দ্ৰীয় বান নিয়ন্ত্ৰণ পৰিষদে জলসিঞ্চন, বান নিয়ন্ত্ৰণ, নিৰ্গমন আদি দিশবোৰ পৃথককৈ ব্যৱস্থাপন কৰিব নোৱাৰি বুলি দিয়া স্পষ্টীকৰণৰ পিছতে নদী অৱবাহিকা অঞ্চলবোৰত এক সংহত বান ব্যৱস্থাপনা আচঁনি গ্ৰহণ কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰন আয়োগকে ধৰি চাৰিখন বান নিয়ন্ত্ৰণ আয়োগ গঠন কৰা হয়৷ কেন্দ্ৰীয় জল আয়োগে ১৯৭৮ চনত মথাউৰিসমূহৰ পাৰদৰ্শিতাৰ পৰ্যালোচনা কৰে, আৰু কয় যে, ভালেমান মথাউৰিৰ গাইগুটীয়া অধ্যয়নৰ ভেটিত সামগ্ৰীকভাৱে এই মথাউৰিবোৰৰ পাৰদৰ্শিতাৰ এক বি়জ্ঞানসন্মত পৰ্যালোচনা নোহোৱা পৰ্যন্ত এক সিদ্ধান্তত উপনীত হ’ব পৰা নাযাব। ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণ আয়োগৰ অধ্যক্ষয়ো উনুকিয়াই দিয়ে যে, অসমত ডাঙৰ বান আহিলেই মথাউৰিবোৰ ব্যাপক হাৰত ভাঙিব ধৰে । ৰাষ্ট্ৰীয় বান আয়োগৰ প্ৰতিবেদনে মতেও কোনো ৰাজ্যই নদীৰ ওপৰত থকা মথাউৰিবোৰৰ কাৰ্যক্ষমতাৰ ওপৰত ইতিবাচক পৰ্যালোচনা কৰাৰ উল্লখনীয় উদাহৰণ নাই । এইটো স্পষ্ট যে, মথাউৰিবোৰে বানৰ সময়ত হোৱা ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই, ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উপত্যকাত সামগ্ৰিকভাৱে বাৰ্ষিক ক্ষতি বাঢ়িহে গৈছে।
ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণ আয়োগ পৰৱৰ্তী সময়ত ভংগ কৰি ১৮৮১ চনত সংসদীয় আইন মৰ্মে ব্ৰহ্মপুত্ৰ ব’ৰ্ড গঠন কৰা হয় । ১৯৮২ চনৰপৰা ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ইয়াৰ সমগ্ৰ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বাবে মাষ্টাৰ প্লেনৰ ‘প্ৰথম অংশ’ আৰু ঢলেশ্বৰীৰ বাদে বৰাক আৰু ইয়াৰ উপনৈসমবহৰ অৱবাহিকাৰ বাবে ‘দ্বিতীয় অংশ’ তৈয়াৰ কৰে । ‘তৃতীয় অংশ’ত আছে ব্ৰহ্মপুত্ৰ নদীৰ ৪৯ খন উপনৈৰ লগতে, ত্ৰিপুৰাৰ নদীসমূহ, মাজুলী দ্বীপ আৰু ঢলেশ্বৰী নদী । এই মাষ্টাৰ প্লেনত নদীৰ জলধাৰাৰ বোৱতী গতি, বতৰবিজ্ঞান সম্পৰ্কীয় আৰু ভূমিকম্পৰ তথ্য কেন্দ্ৰ, নতুন বোৱতী নেটৱৰ্ক গঢ়ি তোলাৰ লগতে বহুমুখীনদীবান্ধৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কাৰ্যক্ষেত্ৰত, ব’ৰ্ডে ভাগ কৰা গাঁথনিগত, অ-গাথঁনিগত, আৰু নৈ অৱবাহিকা এলেকাৰ ব্যৱস্থাৰ অধীনত ৰাজ্যৰ হাতত থকা আচঁনিৰ লগতে কেন্দ্ৰ-ৰাজ্য আচঁনিৰ দ্বাৰা বিভিন্ন বান সুৰক্ষা আৰু ব্যৱস্থাপনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে, এইবোৰ বাস্তৱিকতে উল্লেখনীয় হাতপুথিহে হৈ পৰিছেগৈ আৰু অৱশেষত তৎকালীনভাৱেই বান নিয়ন্ত্ৰনৰ ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে ৷
২০০২-০৭ চনৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনাত বান নিয়ন্ত্ৰণ আঁচনিৰ কৰ্ম গোটে পৰামৰ্শ দিয়ে যে সকলোবোৰ আনুষঙ্গিক ক্ষেত্ৰৰ গভীৰলৈ গৈ সমগ্ৰ ব্যাপী এক বান ব্যৱস্থাপনা আঁচনি গ্ৰহণ কৰা উদ্দেশ্যে এক সংহত বান ব্যৱস্থাপনা আয়োগ গঠন কৰাৰ দিশত বিবেচনা কৰাৰ থল আছে । অৱশ্যে, আমেৰিকাৰ অভিযন্তা এইচ ই ৱেলেৰৰ ১৯৬৪ চনৰ ব্ৰহ্মপু্ত্ৰ উপত্যকাৰ খহনীয়াৰ এক প্ৰতিবেদনৰ উল্লেখ লৈ এনে বৃহৎ পৰামৰ্শ পিছৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়লৈকে পিচুৱাই দিয়া হ’ল। এই প্ৰতিবেদনত কোৱা হৈছিল যে, “Even though it may be desirable to have a comprehensive scheme including reservoirs, it might not be feasible to implement the scheme on account of technical and other considerations”।
বিংশ শতিকাৰ প্ৰথম ভাগৰপৰা বানে আপাতত কম বিধংসী প্লাৱনৰ পৰা প্ৰলয়কাৰী বিপৰ্যয়লৈ চৰিত্ৰ সলনি কৰে । স্থানীয় বা সৰু সৰু ব্যৱস্থাবোৰৰ অচিৰেই সমগ্ৰ অৱবাহিকাটোৰ সামগ্ৰিক স্বাৰ্থৰ সৈতে সংঘাত হবলৈ আৰম্ভ কৰে । বানৰপৰা মানুহৰ সুৰক্ষা দিয়াৰ ব্যৱস্থাবোৰেই আকৌ বানৰ পৰা হোৱা ক্ষতিৰ পৰিমাণো বঢ়াই তোলে । মথাউৰিবোৰ হৈছে বানপানীৰ স্থানান্তৰিতকৰণ প্ৰক্ৰিয়া মাত্ৰ । উজনিৰ অংশৰ মথাউৰিৰ সুৰক্ষাই নদীৰ নামনিৰ ভাগৰ কোনো এলেকালৈ পানী ঠেলি পঠিয়াই । অন্যহাতেদি ৰাষ্ট্ৰীয় বান আয়োগে পৰ্যবেক্ষণ কৰা অনুসৰি প্ৰাকৃতিক জলাধাৰ হিচাপে থকা জলাশয়বোৰত অবিৰত হাৰত হোৱা বে-দখলে বানৰ সময়ত অহা অতিৰিক্ত পানী বোৱাই নিয়াৰ ক্ষমতা হ্ৰাস কৰিছে ।
বান ব্যৱস্থাপনাৰ মূল প্ৰশ্নবোৰ
যদি গোটেই অৱবাহিকাটোৱেই নদী প্ৰণালীটোৰ অংশ তেন্তে বানপানীৰ সৈতে জীয়াই থকাৰ কিবা বিকল্প আছেনে? ১৯৯২ চনৰ ডালবিন আৰু ৰিঅ’ জলসম্পদ আৰু বহনশীল উন্নয়ন সন্মিলনে নদীৰ লগতে নদী অৱবাহিকাৰ জলাশয়বোৰ প্ৰাকৃতিক ৰূপত পুনৰোদ্ধাৰৰ অনিবাৰ্যতা এক নিৰ্দেশনা সূত্ৰ হিচাবে প্ৰকাশ কৰিছিল। ২০০৫ চনত বিশ্ববেংকৰ এক প্ৰতিবেদন মতেও পৰিস্থিতিৰ সৈতে খাপ খুৱাই লোৱাৰ লগতে পৰম্পৰাগত জ্ঞান-কুশলতাৰ পৰা আহৰণ কৰা নিৰ্বাহক ব্যৱস্থাসমূহৰ অবিহনে গাথঁনিগত সমাধানবোৰ উপযুক্ত বিকল্প হ’ব নোৱাৰে । নিশ্চিতভাৱেই কোনো এলেকাত থকা নৈ-পৰীয়া সম্প্ৰদায়সমূহে যিবোৰ পৰম্পৰাগত উপায় গ্ৰহণ কৰে, সেইবোৰৰ নদী অৱবাহিকাটোৰ পৰিকল্পিত ব্যৱস্থাপনাৰ লগত সংগতি থকা উচিত । নৈ-পৰীয়া লোকৰ দীৰ্ঘকালৰ জীৱন-জীৱিকাৰ লগত সংলগ্ন তিষ্ঠি থকাৰ উপায়বোৰ বিপৰ্যয়ৰ সময়ত একমাত্ৰ সাৰথী হৈ পৰে । নৈ-পৰীয়া সম্প্ৰদায়ৰবোৰৰ খাপ খুৱাই লব পৰাৰ যি পৰম্পৰাগতভাৱে পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা থাকে, সেইবোৰে বানৰ দৰে প্ৰাকৃতিক পৰিঘটনা এটাক বিপৰ্যয়ৰ সমুখলৈ নিয়াৰপৰা ৰক্ষা কৰিব পাৰে । ‘আৰণ্যক’ৰ বিশিষ্ট পৰিবেশবিদ পাৰ্থ জ্যোতি দাসে উল্লেখ কৰা মতে, “The techno-engineering approach have neglected the ethno-discourses on flood management resulting in lopsided knowledge base skewed only towards structural interventions”।
জলবায়ুৰ পৰিবৰ্তনে ব্ৰহ্মপুত্ৰৰ দৰে বৃহৎ নদী প্ৰণালীক প্ৰভাৱিত কৰা মানেই তাৰ জনবসতি, বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি আৰু বৈচিত্ৰময় পৰিবেশতন্ত্ৰকো প্ৰভাৱিত কৰা । বাৰিষা অতিপাত বৰষুণৰ লগতে উদ্ভৱ হোৱা খৰাংসদৃশ পৰিস্থিতিয়ে জলবায়ুৰ পৰিবৰ্তনৰেই ইংগিত বহন কৰে । পাহাৰীয়া বনাঞ্চল ধংস হোৱাৰ কাৰণে অতিপাত বৰষুণে যেনেকৈ ভৈয়ামত বানৰ প্ৰকোপ বৃদ্ধি কৰিছে, তেনেকৈ নদীৰ বুকুত গেদৰ পৰিবহনো বাঢ়িছে । এনে অতিকায় অৱস্থাত নৈ-পৰীয়া সম্প্ৰদায়সমূহৰ পৰম্পৰাগত ব্যৱস্থাসমূহ আগৰ দৰে কাৰ্যকৰী হৈ থাকিব নোৱাৰে । এনে ধাৰাবাহিক বিপৰ্যয়ৰ সৈতে মকামিলা কৰাৰ ক্ষমতা কমি আহিছে আৰু দৰিদ্ৰতা বৃদ্ধি পাইছে ।
হোৱাং হোৰ পিছতেই ব্ৰহ্মপুত্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক গেদ কঢ়িওৱা নদীসমূহৰ ভিতৰত অন্যতম । পাহাৰৰ বনাঞ্চলবোৰ এতিয়া আশ্বৰ্যকৰভাৱে আন্তৰ্ধান হৈ পৰিছে আৰু প্ৰকৃততে ২০০০ মিটাৰৰ উচ্চতালৈকে এতিয়া কোনো বনাঞ্চল নাই । অবাধ বনাঞ্চল ধ্বংসৰ বাবে পানী নামি অহাৰ গতি তীব্ৰতাৰে বাঢ়িছে, ফলত বানৰ কাৰণে হোৱা বিপৰ্যয়ো বাঢ়িছে । আকৌ হিমালয় এলেকাৰ এই ৰাজ্যবোৰত নিৰ্মাণ কৰা পথবোৰেও হিমালয়ৰ পাহাৰীয়া ঢালবোৰৰ ভাৰসাম্যতা নাইকিয়া কৰিছে, যাৰ বাবে ভূমিস্খলন হৈ নদীৰ গেদ আৰু আৱৰ্জনা বঢ়াই তুলিছে । এনে পৰিৱেশজনিত বিপৰ্যয়ৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ হিচাপ-নিকাচ এতিয়া এক উদ্বেগজনক প্ৰশ্ন হৈ পৰিছে আৰু মানৱ উন্নয়নৰ আঁচনিসমূহৰ আওতাত জলবায়ুৰ পৰিবৰ্তনক সামৰি লোৱাৰ কোনো বিকল্প থাকিব নোৱাৰে ৷
এইটো প্ৰতিষ্ঠিত যে ব্ৰহ্মপুত্ৰ নদীৰ জল নিৰ্গমন ক্ষমতা কমি অহাৰ বাবে বাৰিষা বানৰ প্ৰকোপ বাঢ়িছে । এই দিশত কেইবাগৰাকীও বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ১৯৬৬ চনত পৰীক্ষামূলকভাৱে ব্ৰহ্মপুত্ৰ নদীৰ খননৰ (Dredging) এক প্ৰচেষ্টা লোৱা হৈছিল। বান নিয়ন্ত্ৰণৰ দিশৰপৰা, নদীৰ খনন হ’ল মূলসুঁতিৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ পদ্ধতি । আভ্যন্তৰীণ জল পৰিবহনৰ বিকাশৰ বাবেও নদীখনৰ মুল সুঁতিটোৰ খনন পদ্ধতিৰ প্ৰয়োজনীয়তা আহি পৰে । অৱশ্যে, বঙ্গোপসাগৰলৈকে পৰিবহনৰ এক জলপথ সৃষ্টিৰ ক্ষেত্ৰতো এতিয়ালৈকে বিশেষ অগ্ৰগতি লাভ কৰা নাই । খননে পাৰৰ খহনীয়া হয়তো ৰোধ কৰিব পাৰে, কিন্তু সি এক ফলপ্ৰসু ব্যৱস্থা নহ’বও পাৰে, কিয়নো খনন কৰা অংশ তৎকালেই গেদেৰে জমা হৈ পৰে । সেয়ে ই এটা অহৰহ চলিবলগীয়া কাৰ্য । ইয়াত লগত এক বুজন পৰিমাণৰ ব্যয় জড়িত হৈ থাকিব বাবে উপৰোক্ত খননকাৰ্য তেতিয়া অব্যাহত ৰখা নহ’ল । নদীৰ খননৰ ক্ষেত্ৰত এক বৃটিছ পৰিবেশ এজেন্সিয়ে কৈছে যে, “The concept of dredging to prevent extreme flooding is equivalent to trying to squeeze the volume of water held by a floodplain within the volume of water held in the river channel. Since the floodplain volume is usually many times larger than the channel volume, the concept becomes a major engineering project and a major environmental change” । অৱশ্যে, ভাৰত চৰকাৰে ৪০,০০০ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ শদিয়াৰপৰা ধুবৰীলৈ (৮৯১ কিলোমিটাৰ) খননৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে ।
বানৰ উপযুক্ত ব্যৱস্থাপনাৰ বাবে নদীৰ উজনি অংশত জলাধাৰ, নদী আৰু উপনৈসমূহৰ গতিপথ মুকলি কৰা, আৰু নামনি অংশত জলচ্ছেদ ব্যৱস্থাপনাকে ধৰি দীৰ্ঘম্যাদী সমাধানৰ প্ৰয়োজন । ব্ৰহ্মপুত্ৰৰ পাঁচখন উপনৈ জীয়াঢল, ভৰলী, দিবাং, লুইত, আৰু সোৱণশিৰিয়ে বৈ অনা পানী পাণ্ডুত বছৰি জমা হোৱা জলভাগৰ শতকৰা ৭০ ভাগ । উজনি অংশত জলাধাৰ (Reservoir) নিৰ্মাণ কৰাটোৱেই আটাইতকৈ সংহত বান ব্যৱস্থাপনা । এক গাণিতিক অধ্যয়ন অনুসৰি এই উপনৈসমূহৰ উজনি অংশত পানী জমা কৰি ৰাখিবপৰা জলাধাৰ নিৰ্মাণ কৰিলে প্ৰতিখন নদীৰ বানৰ উচ্চতা ০.২৫ ৰপৰা ১.৭৫ লৈকে কমিব আৰু বানৰ প্ৰকোপ কমোৱাৰ লগতে জলবিদ্যু আহৰণ কৰিব পৰা যাব । অন্যহাতেদি বান আক্ৰান্ত ভৈয়াম অঞ্চলক বিভিন্ন মণ্ডলত বিভক্ত কৰি গ্ৰহন কৰা ব্যৱস্থাপনা হৈছে বানৰপৰা হব পৰা ক্ষতিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাৰ এক প্ৰমানিত ব্যৱস্থা ৷
নদীবান্ধ আৰু বান ব্যৱস্থাপনা
ভাৰতৰ শক্তি মন্ত্ৰালয়ৰ বাৰ্ষিক প্ৰতিবেদন ২০১১-১২ অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰস্তাৱিত ৫৭,৬৭২ মেগৱাট মুঠ জলবিদ্যুৎ উৎপাদনৰ ভিতৰত ৪৬,৯৭৭ মেগাৱাট কেৱল অৰুনাচল প্ৰদেশতেই উৎপন্ন হ’ব । তাৰোপৰি, ভাৰতৰ কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে ভূটানত তেনে মুঠ ২৩,৭৬০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ ৰাখি প্ৰতি খন নদী সাঙুৰি মুঠ ৭৬ টা সাম্ভাব্য স্থান চিনাক্ত কৰে । “অৰণ্যক”ৰ দৰে পৰিৱেশ বিশেষজ্ঞ সংগঠনে প্ৰকাশ কৰা মতে এই প্ৰকল্পবিলাকৰ পৰিৱেশ প্ৰভাৱ নিৰ্ধাৰণ প্ৰতিবেদন (Environment Impact Assessment) এতিয়াও উপলব্ধ নহয় । আজি এফালে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰতি বছৰে হৈ থকা ভৈয়ামৰ প্ৰলয়ংকাৰী বানপানী আনফালে জলবিদ্যুৎ বান্ধ-প্ৰকল্পৰ আবণ্টনৰ মাজত হেৰাই যোৱা সংযোগ ৰেখাডালৰ আঁৰত বিভিন্ন বান্ধ বিৰোধী আন্দোলনে মুৰ দাঙি উঠিছে । জলসম্পদৰ উপত্যকা ভিত্তিত পৰিকল্পনাৰ ক্ষেত্ৰত জলবায়ুৰ পৰিৱৰ্তনে সদায় প্ৰত্যহ্বান হিচাবে থিয় দিয়ে । পৰিবেশ বিজ্ঞান নতুবা জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত জ্ঞানৰ ভিত্তিতেই এক কাৰ্যকৰী মাপকাঠিৰ ভিত্তিত বিভিন্ন প্ৰকল্পবোৰৰ প্ৰভাৱ নিৰ্ধাৰণ কৰা হয় । যদি এই মাপকাঠিৰ সঠিক প্ৰয়োগ হৈছে তেন্তে বান্ধ বিৰোধী আন্দোলনৰ অৱকাশ থাকিব নোৱাৰে । দক্ষ পৰিৱেশ প্ৰশাসন থাকিলে চৰকাৰী প্ৰচাৰ মাধ্যমতকৈ আৰু শক্তিশালী কি হ'ব পাৰে? পিছে স্বাধীনতাৰ পিছৰ পৰাই প্ৰশাসনে প্ৰস্তাৱিত বান্ধবিলাকৰ বিশ্বাসযোগ্যতাক লৈ সবল জনমত গঢ়ি তুলিব পৰা নাই কিয়?
সমাজ বা অনুষ্ঠানক সঞ্চালন কৰিবলৈ হলে দুটা গুৰুত্বপূৰ্ণ আৰু পৰস্পৰ নিৰ্ভৰশীল দিশ আছে - এটা হ’ল প্ৰক্ৰিয়া বা পদ্ধতি আৰু অন্যটো হ’ল ফলাফল ৷ প্ৰক্ৰিয়া বা পদ্ধতিক আওকান কৰি কেৱল ফলাফল বিচৰাৰ প্ৰৱণতা সদায় সামগ্ৰিক উৎকৰ্ষৰ পৰিপন্থী । উল্লেখযোগ্য যে জলবিদ্যুৎ বান্ধ প্ৰকল্প শক্তিৰ এক নিৰ্ভৰযোগ্য উৎস আৰু জলসম্পদৰ এনে ব্যৱহাৰ হ’বই লাগিব । কিন্তু এই নদীবান্ধবিলাক বিনাচৰ্তে আহিব নোৱাৰে - আগতে কোৱাৰ দৰে তাৰ প্ৰনালী বা পদ্ধতি থাকিবই লাগিব । প্ৰতিষ্ঠিত পৰিৱেশ সঞ্চালনক নেওচি বান্ধ প্ৰকল্প আহিব নোৱাৰে । মানৱীয় দৃষ্টিকোনৰ পৰাই বানপানীৰ সমাধান সূত্ৰও জলসম্পদৰ ব্যৱহাৰৰ মাজতেই থাকিব লাগিব । নদীবান্ধৰ জলাশয়ৰ (Reservoir) পানীৰ নিয়ন্ত্ৰনে ফ্লাচ ফ্লাড নিশ্চয় সৃষ্টি কৰিব পাৰে আৰু তেনেকৈ নদীবান্ধ নিৰ্মাণৰ ফলত নদী প্ৰনালীৰ ওপৰত পৰা প্ৰভাৱবোৰৰ ওপৰত পদ্ধতিগত অধ্যয়ন হ’ব লাগিব ।
দৰাচলতে জলসম্পদৰ সামগ্ৰিক ব্যৱহাৰ পৰিবেশ আৰু জলবায়ুৰ পৰিৱৰ্তনক সাঙুৰি লৈ এক ব্যাপক ভৌগোলিক ভিত্তিক প্ৰযুক্তি-আৰ্থিক পৰিকল্পনাৰ অবিহনে অসম্ভৱ । এই ভৌগোলিক বাস্তৱতা কোনো আন্তৰ্জাতিক ৰাজনৈতিক সীমায়ো অস্বীকাৰ কৰিব নোৱাৰে। গতিকে, ব্ৰহ্মপূত্ৰ পৰিকল্পনাৰ বাবে ভাৰত, বাংলাদেশ, নেপাল আৰু ভূটানৰ মাজত উন্নত সহযোগিতাৰ অতিকৈ প্ৰয়োজন। গতিকে জলসম্পদৰ সামগ্ৰিক পৰিকল্পনা কেৱল পৃথক পৃথককৈ উপনদী কিছুমানৰ ওপৰত বান্ধ দি সম্ভৱ হবনে ? এই বান্ধবোৰৰ সম্পূৰ্ণ প্ৰভাৱ নিৰ্ধাৰণেই হ’ল উপত্যকা ব্যাপক পৰিকল্পনা । গতিকে পৰিবেশৰ প্ৰভাৱবোৰক আভ্যন্তৰীণকৰণ কৰি প্ৰযুক্তি-আৰ্থিকভাৱে সম্ভৱ (Techno-economically feasible) প্ৰকল্প ব্যাপক হবই লাগিব । এই প্ৰভাৱবোৰক বহিৰাগত কৰি ইচ্ছাকৃতভাৱে কাৰোৱাৰ মুনাফাৰ বাবে প্ৰকল্প এটা প্ৰযুক্তি-আৰ্থিকভাৱে সম্ভৱ কৰাটো নিশ্চয় বিকাশ নহয়, বৰঞ্চ ই অত্যন্ত অসুৰক্ষিত প্ৰস্তাৱ । জলবিদ্যুৎ শীঘ্ৰে বিক্ৰয় গ্ৰাহক সামগ্ৰীৰ (FMCG) উৎপাদন বা তৃতীয় খণ্ডৰ সেৱা নহয় – ই হ’ল সাময়িকভাৱে অক্ষয়ৰূপী (Renewable) যেন লাগিলেও জলবায়ুৰ পৰিৱৰ্তনেৰে প্ৰভাৱগ্ৰস্ত এক প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ । এই ব্যৱহাৰক বহনক্ষম কৰিবলৈ হলে বিজ্ঞান আৰু প্ৰযুক্তিগত দক্ষতাৰ সম্প্ৰসাৰণ আৰু লগে লগে পৰিৱেশ সঞ্চলনৰ মাপকাঠিৰ উন্নীতকৰণৰ কোনো গত্যন্তৰ নাই ।
গতিকে, উপত্যকা ভিত্তিক পৰিকল্পনা মানেই পৰিৱেশ বিজ্ঞানক অভিযান্ত্ৰিক নিৰ্মাণৰ ভেঁটি হিচাবে প্ৰতিষ্ঠা কৰা । তাৰ বিপৰীতে প্ৰশাসনিক সুচলতাৰ দোহাই দি ন্যস্তস্বাৰ্থৰ তাগিদাত পৰিৱেশ বিজ্ঞানক সম্পূৰ্ণকৈ আঁতৰ কৰি অভিযান্ত্ৰিক নিৰ্মাণকেই এক সম্পূৰ্ণ প্ৰকল্প হিচাবে প্ৰতিষ্ঠা কৰাৰ প্ৰৱণতাই ভাৰতবৰ্ষৰ বানপানীৰ প্ৰশাসনিক সঞ্চালনক পংগু কৰি পেলাইছে আৰু তাৰ যথাযথ মূল্য জলবায়ুৰ পৰিৱৰ্তনে সৃষ্টি কৰা বানপানীৰ ভয়াবহতা হিচাবে বহন কৰিব লগা হৈছে । অভিযান্ত্ৰিক পদ্ধতি হ’ল প্ৰকল্প ৰূপায়ণৰ শেহৰ পৰ্যায় আৰু পুঁজিৰ প্ৰায় সমস্ত বিনিয়োগ অভিযান্ত্ৰিক নিৰ্মাণে সৃষ্টি কৰা সম্পত্তিবিলাকতেই (Assets) হয় । সেয়ে অভিযান্ত্ৰিক পদ্ধতিয়ে অগ্ৰাধিকাৰ পায় কাৰণ এটা কোম্পেনীৰ বেলেঞ্চ চিটখন (Balance Sheet) অভিযান্ত্ৰিক পদ্ধতিয়েই নিৰ্ণয় কৰে বুলি কব পাৰি । কিন্তু মনত ৰখা দৰকাৰ যে অভিযান্ত্ৰিক পদ্ধতি নিজস্ব প্ৰযুক্তি সম্বলিত এক অত্যাৱশ্যকীয় প্ৰনালীহে । গতিকে নদীবান্ধৰ দৰে প্ৰকল্প এটা কেৱল অভিযান্ত্ৰিক পদ্ধতিতেই আৰম্ভ কৰি সমাপ্ত কৰাটো কেৱল ফলাফল বিচৰা প্ৰৱণতাৰ সমতুল্য আৰু তেনেকৈয়ে পৰিৱেশ সঞ্চালন কেৱল এখন অনুজ্ঞা পত্ৰলৈ ৰূপান্তৰ হয় ।
সংকল্প আৰু প্ৰকল্প
বান নিয়ন্ত্ৰণৰ বাবে পৰিৱেশৰ দীৰ্ঘকালীন প্ৰভাৱক আভ্যন্তৰীণকৰণ কৰি নদী উপত্যকা ভিত্তিত পৰিকল্পনাৰ কোনো গত্যন্তৰ নাই । এটা নদী প্ৰণালীৰ বান ব্যৱস্থাপনা আঁচনি জল ব্যৱস্থাপনা, অভিযান্ত্ৰিক পৰিকল্পনা, মাটিৰ ব্যৱহাৰ, কৃষি, পৰিবহন, নগৰ উন্নয়ন আৰু প্ৰকৃতিৰ সংৰক্ষণকে ধৰি সকলোবোৰ উপাদানেৰে এক সংহত প্ৰক্ৰিয়া হ’ব লাগিব । বান ব্যৱস্থাপনা আচঁনি এটা যুগুত কৰোঁতে সকলো পক্ষ(স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয়, আৰু আন্তঃৰাষ্ট্ৰীয়)ৰ লগতে অংশীদাৰসকল, নাগৰিক সমাজকো জড়িত কৰাব লাগিব । বিভিন্ন দেশৰ মাজেৰে বৈ অহা নৈৰ অৱবাহিকাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক্ষেপ ল’ব লাগিব । এই খিনিতে ৰাজ্যিক পৰ্যায়তো বান নিয়ন্ত্ৰণৰ পৰা জলসম্পদ ব্যৱস্থাপনালৈ আমাৰ ধৰাণা সলনি হোৱাটোৱেও সঠিক পদক্ষেপৰ দিশত গতি কৰাৰ ইংগিত দিছে ৷
জলবায়ুৰ পৰিবৰ্তনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ নেৰানেপেৰা বানৰ সমস্যা বৰ্তমানৰ প্ৰজন্মৰ দুৰ্ভোগৰ কাৰকৰ লগতে ভবিষ্যত প্ৰজন্মৰ বাবেও গভীৰ উদ্বেগৰ বিষয় । মানুহৰ জীৱন, অসংখ্য পশুধন, বন্যপ্ৰাণীৰ হানিৰ দৰে আপুৰুগীয়া দিশটো বাদ দি, আৰ্থিক হিচাপত কেৱল সম্পত্তি বিনষ্ট হোৱাৰ দিশটো বিবেচনা কৰিলেও বানপানীৰ দীৰ্ঘকালীন ব্যৱস্থাপনা হ’ল নিশ্চিতভাৱে ৰাজহ ঘূৰাই পাব পৰা এটা বাস্তৱিক বিনিয়োগ । এই বিনিয়োগক প্ৰতিপন্ন কৰিবলৈ লগা ৰেহাই হাৰ (Discount Rate) নিৰ্ধাৰণ কৰিব বছৰি হৈ থকা ক্ষয়-ক্ষতিৰ উপৰিও জলবায়ুৰ পৰিবৰ্তনে অনিব পৰা সাম্ভাব্য দুৰ্যোগৰ ভয়াবহতাই ।
আমি জানো যে অন্য প্ৰাকৃতিক দুৰ্যোগৰ দৰে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো বিশ্বব্যাপী বিজ্ঞান-প্ৰযুক্তিৰ বিকাশ হৈছে আৰু এতিয়ালৈকে নোহোৱাখিলি আগলৈ বিকশাই ল’বও পৰা যাব । সেয়ে বাননিয়ন্ত্ৰণ প্ৰকৃততে কেৱল ভৌতিক-প্ৰাকৃতিক বিজ্ঞান আৰু তাৰ আনুষাংগিক প্ৰযুক্তিৰ প্ৰশ্ন নহয়, ই মূলতঃ সমাজ বিজ্ঞানৰ প্ৰশ্নহে । সমাজে নিজৰ গণতান্ত্ৰিক অধিকাৰ সুনিশ্চিত কৰিলেহে সেয়া সম্ভৱ হ’ব ৷ দুখৰ বিষয় যে অসমৰ প্ৰলয়ংকাৰী বানপানীয়ে স্বৰাজোত্তৰ ভাৰতৰ নিৰ্বাচনী ৰাজনীতিত এতিয়ালৈকে কোনো প্ৰলয়ৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই ৷ বানপীড়িতসকলৰ মৰ্মবেদনাৰ বাবে গণতন্ত্ৰৰ মূল আধাৰস্বৰূপ এই ৰাজনৈতিক মঞ্চত সঁচাকৈয়ে জেগাৰ অভাৱনে ? ই বাৰু দলগত পাৰ্থক্যৰ উৰ্ধত, কিন্তু জানো ৰাজনীতি আৰু গণতন্ত্ৰৰো উৰ্ধত ?
লেখক বসন্ত কুঞ্জ, নতুন দিল্লীত কৰ্মৰত এগৰাকী অভিযন্তা তথা বিশিষ্ট নিবন্ধকাৰ। ফোনঃ ৯৯৬৮২৮২৮৪৫, তেখেতৰ নিজা ব্লগৰ লিংকঃ indrajitborah.wordpress.com
তেখেতৰ প্ৰকাশিত আনবোৰ লেখা পঢ়িবলৈ একত্ৰ লিংকঃ
No comments:
Post a Comment