মনৰ কথাঃ স্বাস্থ্য আকস্মিকতাৰ পৰিকল্পনাত কিছু বিশ্বাস কিছু সংশয় :: অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ স্বাস্থ্য আকস্মিকতাৰ পৰিকল্পনাত কিছু বিশ্বাস কিছু সংশয় :: অজয় লাল দত্ত

মনৰ কথাঃ স্বাস্থ্য আকস্মিকতাৰ পৰিকল্পনাত কিছু বিশ্বাস কিছু সংশয় :: অজয় লাল দত্ত

Share This
স্বাস্থ্য আকস্মিকতাৰ পৰিকল্পনাত কিছু বিশ্বাস কিছু সংশয় 
অজয় লাল দত্ত
নবেল বঁটাৰে সন্মানিত বিজ্ঞানী মেৰী কুৰীয়ে কৈছিল-'জীৱনত একো বস্তুলৈ বেছি ভয় কৰিব নালাগে, আমি বুজিবহে লাগে। আৰু এতিয়াৰ সময় বেছিকৈ বুজিবলৈ চেষ্টা কৰাটোহে, যাতে আমি শংকাবোৰ কমাব পাৰো।' এই অতিমাৰী সময়খিনিত উদ্ধৃত কথাষাৰি অতি প্ৰযোজ্য। আমাৰ লাগতিয়াল কথাবোৰ জানি লৈ শংকামুক্ত হব পৰাটোৱেই হৈছে এতিয়া পৰিয়ালবোৰৰ বাবে প্ৰাথমিক কথা হৈ পৰিছে। ক’ৰোনাৰ সৈতে সহ-অৱস্থানৰ বিকল্প নাই বুলি স্বাস্থ্য-বিশেষজ্ঞ সকলৰ মতামতৰ ভিত্তিত, এই সময়ত CONTINGENCY PLANNING বা আকস্মিকতাৰ প্ৰতি পৰিকল্পনা এটা গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে। পৰিয়ালৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিলে বা অতিমাৰীৰ সংক্ৰমণ ঘটিলে আমি ইমাৰজেন্সি ৰেচপন্স হিচাবে কি কি পদক্ষেপ গ্ৰহণ কৰিম সেয়া নিৰ্ধাৰিত কৰি ৰখাটো আমাৰ পৰিয়ালবোৰৰ বাবে সুৰক্ষা নীতি স্বৰূপ হোৱা উচিত। এই পটভূমিতে পাঁচটা দিশ আলোকপাত কৰিবলৈ বিচৰা হৈছে।

ক. শেহতীয়াকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো কৰোনা ভাইৰাছ সংক্ৰমিত ব্যক্তিৰ চিকিৎসা কৰাৰ বাবে অনুমতি যোৱা ৭ জুলাইত হোৱা এখন মিটিঙৰ সিদ্ধান্তৰ ভিত্তিতে দিয়া হৈছে। কোনো বিশেষ জাননী, প্ৰট'কল আদি এতিয়াও জাননীৰ ৰূপত দৃষ্টিগোচৰ হোৱা নাই। ৰাইজে সেয়ে সুবিধাজনক ভাৱে নিজৰ পৰিয়ালত স্বাস্থ্যজনিত অসুবিধাৰ সৃষ্টি হ'লে চৰকাৰী নে বেচৰকাৰী হাস্পতালত কোন ক'ত কেনেকৈ চিকিৎসাৰ বাবে ভৰ্তি হব পৰিকল্পনা কৰি ৰখাটো উচিত হব। ঘৰৰ কোনজনৰ অসুখ হ'লে, বাকী সদস্য সকলে কি কি ভূমিকা পালন কৰিব। বৃদ্ধ পিতৃ-মাতৃ, শিশু-কিশোৰৰ ব্যৱস্থা কি হব, ধন-জনৰ ব্যৱস্থাপনা আদিৰ কথাও পৰিয়ালত পৰিকল্পিত ৰূপত পাতি ৰাখিলে উদ্বেগ কমোৱাত নিশ্চয় সহায়ক হব।

খ. বহুতৰ মনত প্ৰশ্ন হৈছে, পূৰ্বতে থকা মেডি-ক্লেইম পলিচি সমূহৰ দ্বাৰা ব্যক্তিগত খণ্ডত ক'ৰোনা সংক্ৰমণৰ ফলত হস্পিটেলাইজড হ'লে সেই খৰছ ইঞ্চুৰেঞ্চ কোম্পানীবোৰে বহন কৰিবনে নাই? কেচ-লেচ সুবিধা থকা পূৰ্বৰ পলিচিবোৰৰ ক্ষেত্ৰত কি হব? ধৰক কোনো এজনে বেলেগ এটা বেমাৰৰ বাবে হস্পিতেললৈ গ'ল, তাত কৰোনাৰো উপস্থিতি ধৰা পৰিল, তেতিয়া। এতিয়া অৱশ্যে নতুন কিছুমান পলিচি এই ক'ৰোনাজনিত সংক্ৰমণৰ উল্লেখ থকাকৈ বজাৰলৈ আহিছে। এই বিষয়ত পলিচি-বজাৰ.কমত স্পষ্টকৈ লিখিছে যে যাৰ কম্প্ৰিহেনছিভ হেল্থ ইঞ্চুৰেঞ্চ আছে, তেওঁলোকে কৰোনাৰ ক্ষেত্ৰতো সুৰক্ষা লাভ কৰিব লাগে। কিয়নো বেছিভাগ ভাইৰেল ইনফেকচনৰ বেমাৰ এইবোৰ পলিচিত কভাৰ থাকে, যিহেতু কোভিড-১৯য়ো ভাইৰেল ৰোগ, সেয়ে হস্পিতাইলেজন আৰু তাৰ পাছৰ কভাৰখিনি নিশ্চয়কৈ পাব। আৰু যিহেতু ক'ৰোনা এটা নতুন ভাইৰাছ আৰু সেয়ে কোভিড-১৯ বেমাৰটো পূৰ্বৰে পৰা অৱস্থিতিৰ বেমাৰৰ তালিকাতো নাই। বহুত কোম্পানীয়ে আকৌ পুৰণি পলিচিৰ লগত 'টপ-আপ' কভাৰ লোৱাৰ প্ৰসংগও অৱতাৰণা কৰিছে। গতিকে যি সকল কৰ্পৰেট চাকৰিয়াল বা আন সচেতন লোকে এনে স্বাস্থ্য বীমা কৰি ৰাখিছে, তেওঁলোকে এই বিষয়ে ইণ্টাৰনেটত পলিচি দিয়া কোম্পানীৰ পৰা কথাবোৰ স্পষ্টকৈ জানি থওক। আৰু যদি এতিয়াও এনে বীমা নাই, তেন্তে পৰিয়ালৰ বাবে কৰাৰ কথা বিবেচনা কৰক। অসমৰ বেছি ভাগ ৰাজ্যিক কৰ্মচাৰীয়ে স্বাস্থ্য বানচৰ ধন কেইটি এনে পলিচি ক্ৰয় নকৰি মাহে মাহে খৰছ কৰাৰ ফলত, অৱসৰৰ পাছৰ সমুদায় ধন হাস্পতালত দি সৰ্বস্ৰান্ত হব লগাৰ উদাহৰণ বহুত। সেয়ে এই বিষয়ে ৰাইজে উপযুক্ত সজাগতা অৰ্জন কৰি, ভৱিষ্য শংকাৰ পৰা মুক্ত হোৱাৰ কাৰ্যকৰী উপায় স্বাস্থ্য বীমাত মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে।

গ. টাৰ্ম ইঞ্চুৰেঞ্চৰ কথাটো এই অতিমাৰীৰ দিনত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। এয়া হৈছে বিশুদ্ধ জীৱন বীমা, যাৰ প্ৰীমিয়াম অতি বেছি নহয়, কিন্তু স্বাস্থ্যজনিত কাৰণত যদি ঘৰৰ উপাৰ্জন কৰা ব্যক্তিজনৰ প্ৰাণহানি হয়, তেতিয়া পৰিয়ালটোক আৰ্থিক সংকটত নপৰাকৈ ৰাখিবৰ বাবে ই অতি প্ৰয়োজনীয় কথা। মাহে পাঁচশ মান টকাৰ প্ৰিমিয়ামৰ টাৰ্ম ইঞ্চুৰেঞ্চ কৰিলেও পৰিয়ালৰ বাবে ২৫ লাখ টকা মানৰ একোখন টাৰ্ম-প্লেন কিনিব পাৰি। আজিকালি ষ্টেট বেংকৰ জেনেৰেল ইঞ্চিউৰেঞ্চে সৰ্বোচ্চ আশী বছৰ পৰ্যন্ত এনে বীমাৰ সুবিধা দিছে। এনে বীমাত সাধাৰণতে প্ৰীমিয়ামৰ ধন ঘূৰাই নাপায়, কিন্তু নতুনকৈ প্ৰতিযোগিতামূলক বজাৰত বহু কেইটা কোম্পানীয়ে নিৰ্দিষ্ট সময়ৰ পাছত জমা দিয়া ধন ঘূৰাই দিয়াৰ সুবিধাৰেও পলিচি বজাৰলৈ আনিছে। গতিকে, পৰিয়ালৰ সামাজিক সুৰক্ষাৰ কথাত উদ্বেগ কমাবলৈ এনে ক্ষুদ্ৰ বিনিয়োগৰ বিশুদ্ধ জীৱনবীমাৰ কথা ভবাটো আৰু কৰাটো জৰুৰী, অন্তত ঘৰৰ ভাত-কাপোৰ আৰ্জন কৰাজনৰ নামত।

ঘ. ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত পূৰ্বৰে পৰা কোনো ৰোগ থকা লোক সকলেই বেছিকৈ প্ৰাণহানি হোৱাৰ তথ্য পোৱা গৈছে। আগৰে পৰা কোনো কাৰণত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি থকা লোকৰ দেহতহে, বেছিকৈ কোভিড-১৯ৰ লক্ষণে দেখা দিয়া বুলিও জানিব পৰা গৈছে। পিছে, কোভিড-১৯ ৰোগৰ ফলত হোৱা শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ অসুবিধাৰ বাবেহে এনে ৰোগীৰ মৃত্যু হৈছেনে, নে পূৰ্বৰ পৰা থকা ৰোগৰ চলি থকা উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ ফলতহে মৃত্যু হৈছে তাক লৈ ৰাইজ নিশ্চিত হোৱাত অসুবিধা হৈছে। 

বিশেষকৈ সামাজিক মাধ্যমৰ যোগেদি জানিব পৰা বিভিন্ন ৰোগীৰ অভিজ্ঞতা তথা অসুবিধাবোৰৰ পৰা কেইটিমান প্ৰশ্নৰ উদ্ভৱ হৈছে। যেনে ধৰক, মঙ্গলদৈৰ এগৰাকী ৰোগীৰ পূৰ্বৰে পৰা কিডনীৰ অসুবিধাৰ বাবে তেওঁ মাহেকত দুবাৰকৈ ডায়েলাইচিচ কৰি চলি আছিল। সিদিনা ডায়েলাইচিচ কৰি ঘূৰি গৈ জ্বৰ হোৱাত স্বাৱ টেষ্ট কৰালে। তাত ক'ৰোনাৰ উপস্থিতি পোৱাৰ লগে লগে তেওঁক গুৱাহাটীস্থ চৰকাৰী হাস্পতাললৈ পঠাই দিলে। তেখেতৰ পত্নীৰো সংস্পৰ্শৰ সন্দেহত স্বাৱ টেষ্ট কৰি পজিটিভ পোৱাত স্থানীয় চৰকাৰী কোৱাৰাণ্টাইন চেণ্টাৰলৈ পঠাই দিলে। একমাত্ৰ কিশোৰী কন্যাৰ নিগেটিভ অহাত মোমায়েকৰ ঘৰত হোম-কোৱাৰাইণ্টাইনৰ পৰামৰ্শ দিলে। এতিয়া প্ৰশ্ন হ'ল, এই কিডনীৰ অসুখত ভূগি থকা লোকজনৰ সৈতে কোনোবা এটেনডেণ্ট আহিছেনে বা লগত ৰখাৰ অনুমতি দিয়া হৈছেনে? চিকিৎসালয়ৰ অভিজ্ঞতা থকা প্ৰতিজন মানুহেই এই কথা জানে যে,  ৰোগীয়ে উপযুক্ত চিকিৎসা পায় এটেনডেণ্টৰ স্মাৰ্টনেচৰ বলতহে। আনকি গুৱাহাটীৰ বিখ্যাত প্ৰাইভেট হাস্পতালতো প্ৰতিটো দৰৱ এটেনডেণ্টে বাৰে বাৰে ফাৰ্মাচীৰ কাউণ্টাৰৰ পৰা নি দিব লগা হয়, লাগিলে বিল পাছত ইন-পেচেণ্টৰ বিলতে আহক। "দেউতাই পানীকনো গিলিব পৰা নাই", এই কথাষাৰ অনুভৱ কৰি জোৰকৈ ডাক্তৰ-নাৰ্চক মাতি নিবলৈ এটেনডেণ্ট লাগিবই। যিজন মানুহে নিজে দুৰ্বল বাবে মুখেৰে একো কব নোৱাৰে, ভাষাৰ সমস্যা থাকিলেতো আৰু অসুবিধা, তেনে ক্ষেত্ৰত জটিলতা বহুত বেছি হয়। তেনে ক্ষেত্ৰত উপযুক্ত চিকিৎসাৰ, যতনৰ নিশ্চিতি কোনে কেনেকৈ নিশ্চিত কৰিব পাৰিব। ফোন ধৰিব পৰালৈ বাৰু ফোনেৰে যোগাযোগ, বেছি দুৰ্বল হ'লে কি কৰিব, বা কি কৰিছে? বে-চৰকাৰী হাস্পতালতো কোভিড’ ৰোগীৰ এটেনডেণ্টৰ ক্ষেত্ৰত কি নিয়ম প্ৰযোজ্য হব, সেয়াও ঘোষিত হোৱা উচিত।

ঙ. অসমৰ চৰকাৰী হাস্পতালত হস্পিটেলাইজেচনৰ অভিজ্ঞতা থকা সকলে জানেই, কিমান শতাংশ দৰৱ চৰকাৰী চাপ্লাইৰ পৰা পায় আৰু কিমান শতাংশ বাহিৰৰ পৰা আনি নিদিলে সময়ত খাবলৈ নাপায়। পূৰ্বৰে পৰা ডায়েবেটিছ, প্ৰেছাৰ, কিডনীৰ অসুখ, কেঞ্চাৰ আদিৰ অসুবিধা থকা সকলক এনেদৰে চৰকাৰী কোভিড কেয়াৰত হস্পিতেলাইজড কৰি দিলে, পূৰ্বৰ অসুখবোৰৰ চলি থকা চিকিৎসা তাতো কন্টিনিউ কৰা হৈছে নে? নে কভিড কেয়াৰ হাস্পতালবোৰত, সকলো ৰোগৰেই সকলো প্ৰকাৰৰ দৰৱ পাতিৰো ব্যৱস্থা, ষ্টক আদি নিশ্চিত হৈছে, যিবোৰ মাৰ্চৰ আগলৈকে সুনিশ্চিত নাছিল। ক'ভিড-১৯ ৰোগৰহে চৰকাৰী খৰছত চিকিৎসা হব বুলি শুনিছো। লগতে বাকীবোৰ ৰোগৰো লগতে হব যে বিনামূলীয়া হব বুলিও কোনো আশ্বস্ত কৰা বাণীও শুনিবলৈ পোৱা নাই বাবেও শংকা হোৱাটো স্বাভাৱিক।

জানিব পৰা মতে, কম বা মডাৰেট লক্ষণৰ কোভিড-১৯ৰ লক্ষণৰ লোক সকলক জ্বৰ, এণ্টিভাইৰেল, ভিটামিন-চি আদি লক্ষণজনিত নিৰাময় বিধানেই কৰা হৈছে। বহুতেই ভাল হৈ ওলাই আহিছে। কিন্তু প্ৰাণহানি হোৱা সকলৰ বেছি ভাগেই, পূৰ্বৰে পৰা থকা ‘বিশেষ’ বেমাৰৰ বাবে ইহলীলা সম্বৰণ কৰা বুলিহে বাতৰিত আহে। ডেথ অডিট ৰিপৰ্ট বুলি এখন বিশ্লেষণৰ ৰিপৰ্টৰ ভিত্তিত এই ঘোষণা কৰা হয়। তাত ক'ৰোনা দেহত আছিল, কিন্তু মৃত্যু ঘটিল আন কাৰণত বুলিহে আমাৰ দৰে সাধাৰণ মানুহে বুজিবলৈ পাও। সেয়ে প্ৰশ্ন হয়, সংক্ৰমণৰ বেছি সম্ভাৱনাৰ বাবে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থাৰ বাবে পূৰ্বৰে পৰা অসুস্থতা থকা লোক সকলৰ ক্ষেত্ৰত দৰৱপাতি পোৱাত অসুবিধা হোৱাৰ বাবে বা ডায়েলাইচিচ কৰিব লাগিছিল, কিন্তু সময়ত ধৰক সেয়া সম্পন্ন নহ'ল; তাৰ অৰ্থ এয়ে যে পূৰ্বৰ বেমাৰবোৰৰ প্ৰয়োজনীয় ট্ৰিটমেণ্ট কনটিনিউ এই ক'ৰোনাৰ উপস্থিতিয়ে ব্যাহত যে কৰিলে, তাৰ ফলতহে এই প্ৰাণ ত্যাগ কৰিব লগা হ'ল নেকি? এই কথাবোৰ স্পষ্ট নোহোৱাত আন এক উদ্বেগ বা শংকাই মনত বাঁহ লৈছে। ঘৰত যেতিয়া বৃদ্ধ মা-দেউতা থাকে, তাকো পূৰ্বৰে পৰা থকা ৰোগৰ হিষ্ট্ৰিৰ সৈতে, তেতিয়া আৰু শংকা বাঢ়িছে।

লক-ডাউনে মানসিক, আৰ্থিক ভাৱে মানুহক কোঙা কৰি আনিছেই। চৰকাৰী স্বাস্থ্য নিৰ্দেশনা কঠোৰ ভাৱে পালন কৰি ক’ৰোনাৰ সৈতে সহ-অৱস্থানৰ জীৱন-শৈলী গঢ়িবলৈকে স্বাস্থ্য সম্পৰ্কীয় আকস্মিকতাৰ বাবে সাজু হবলৈ মানসিক প্ৰস্তুতি কৰাটো গুৰুত্বপূৰ্ণ কথা হৈছে। অতিমাৰীৰ সময়চোৱাত শংকামুক্ত হব পৰাকৈ সঠিক তথ্য, সঠিক সময়ত লাভ কৰাৰ নিশ্চয়তাও যে অতি জৰুৰী কথা,  সেই কথাও কিন্তু নিশ্চিত।

লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবৰ বাবে তলৰ সূত্ৰ ক্লিক কৰকঃ

No comments:

Post a Comment