মনৰ কথাঃ ৰাষ্ট্ৰীয় স্তৰত অসমীয়াৰ শীৰ্ণ কণ্ঠ আৰু বিড়ম্বনা :: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ৰাষ্ট্ৰীয় স্তৰত অসমীয়াৰ শীৰ্ণ কণ্ঠ আৰু  বিড়ম্বনা :: শোণিত কুমাৰ গোস্বামী

মনৰ কথাঃ ৰাষ্ট্ৰীয় স্তৰত অসমীয়াৰ শীৰ্ণ কণ্ঠ আৰু বিড়ম্বনা :: শোণিত কুমাৰ গোস্বামী

Share This
ৰাষ্ট্ৰীয় স্তৰত অসমীয়াৰ শীৰ্ণ কণ্ঠ আৰু  বিড়ম্বনা
শোণিত কুমাৰ গোস্বামী
কি হ’ব পাৰে অসমীয়াৰ বিড়ম্বনা? অসমীয়াৰ বিড়ম্বনাৰ কাৰক কেইবাটাও আছে। কিন্তু সমাধানহে নাথাকে। এতিয়া অসমবাসীয়ে বানৰ সংহাৰী ৰূপৰ সৈতে যুঁজি আছে। প্ৰতিবছৰে আহে বান, সেইবাবেই কাৰো গুৰুত্ব নাই। যি ভূক্তভোগী তেওঁলোকেহে জানে এই বিড়ম্বনা। 

২০১৯ চনটো বান আহিছিল, ১৯৫০ চনতো আহিছিল, এইবাৰো আহিছে, কি ডাঙৰ কথা, কিছুমানৰ বাবে! কিন্তু এইবাৰ কৰ’নাও আছে, গতিকে সমস্যা গুৰুতৰ। তথাপি যিসকল ভূক্তভোগী নহয় তেওঁলোক বানপানীক লৈ চিন্তিত নহয়। সেউজীয়া দেশ, নদীৰ দেশ যেতিয়া বানপানী হোৱাটো সাধাৰণ কথা। আমেৰিকাৰ নিচিনা দেশত বানপানী হয় যেতিয়া অসম কোন কূটা, জনপ্ৰতিনিধিয়ে কৰা এনে মন্তব্যৰ বাবেই কিজানি বান অসমৰ জনপ্ৰতিনিধিৰ বাবে এটা সাধাৰণ সমস্যা। ইমানদিনে সমস্যাটোক সমস্যা বুলি প্ৰতিষ্ঠা কৰিবলৈ গৈ সফল নোহোৱা অসমীয়া জাতিৰ ইয়াতকৈ ডাঙৰ বিড়ম্বনা আৰু কি হব পাৰে। সঁচাকৈয়ে, সম্পদক ৰাষ্ট্ৰীয় সম্পদ বুলি কোৱা দেশতো, এখন অংগৰাজ্যৰ সমস্যাবোৰক সমস্যা বুলি প্ৰতিষ্ঠা কৰিবলৈও আন্দোলন কৰিবলগীয়া জাতিৰ ভিতৰত অসমীয়াও কিজানি অন্যতম। অসমীয়া জাতিয়ে প্ৰায়েই সম্মুখীন হোৱা বিড়ম্বনাবোৰৰ ভিতৰত বানপানী হৈছে অন্যতম বিড়ম্বনা। এই বিড়ম্বনাক সাৰপানী যোগোৱাৰ আঁৰত কেতবোৰ ফেক্টৰ মানে কাৰক আছে। যেনে ধৰক অসমীয়া হিচাপে জন্ম লোৱা লোক ক্ষমতা পালেই অসমীয়া হৈ নাথাকে। এই অভিযোগ বিশেষত কেতবোৰ অসমীয়াৰ বিৰুদ্ধে আছে যিয়ে ক্ষমতাত অধিষ্ঠিত হোৱাৰ লগে লগে কেৱল ভোগবাদী হৈ পৰে। কিন্তু কিয় আৰু কেনেকৈ?

বাৰিষা কালত বানপানী হোৱা কথাটো অসমত জন্ম হোৱা প্ৰতিজন লোকৰ বাবে কোনো নতুন কথা নহয়। এই বানপানীয়ে কি সংহাৰী ৰূপ ধাৰণ কৰে সেয়াওঁ অসমীয়া হিচাপে জন্ম লোৱা লোকৰ বাবে পৰিচিত। সেয়েহে প্ৰকৃত অসমীয়াই বানপানীৰ ভয়াৱহতা বুজি পায়। এতিয়া কথা হল যে প্ৰতিবছৰে অসমীয়া সাংসদে বা সমাজকৰ্মী, নেতাই বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰে কিন্তু সফলতা লাভ কৰিবলৈ সক্ষম নহয়। ইয়াৰ কাৰণ হিচাপে বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতত স্থান নিদিয়াটো এটা মূল কাৰক হিচাপে ধৰি লোৱা হওক। সাধাৰণতে সমস্যাবোৰ সংবাদ মাধ্যমত বিবেচিত হোৱা আৰু সেই সমস্যাই গুৰুত্ব লাভ কৰাটোৱেই এইখন দেশৰ মূল কথা। এই দেশত কেতবোৰ ঘটনাৰ বিষয়ে জ্ঞাত নহয়, সেয়েহে সেই ঘটনা বা সমস্যাৰ বিষয়ে চিন্তিত নহয়। সংবাদ-মাধ্যমে গুৰুত্ব দিয়া কথাই চৰ্চা লাভ কৰে। যদিহে এটা সংবাদ মিডিয়াত আহি গৈছে তেন্তে উপায় নাই, সেয়া সকলোৱে যে খৰচি মাৰি আলোচনা কৰিব সেয়া খাটাং।


দিল্লীত জেছিকা লাল নামৰ এজনী সপোন দেখা ছোৱালীক এটুপি মদিৰাৰ বাবে যেতিয়া হত্যা কৰা হৈছিল তেতিয়া খবৰটোৱে চৰ্চা লাভ কৰা নাছিল বাবেই ঘটনাটোৰ আঁৰত থকা ব্যক্তিগৰাকীয়ে আইনী মেৰপেচৰ সুযোগ লৈ বিন্দাচ হৈ ঘূৰি ফুৰিছিল। কিন্তু যেতিয়াৰ পৰা সংবাদ মাধ্যমে ঘটনাটোৰ গুৰুত্ব বুজি সংবাদ পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া ঘটনাটোৱে অন্য ৰূপ পালে আৰু ঘটনা সংঘটিত কৰা প্ৰতিপত্তিশালী অভিযুক্ত আইনৰ হাতত ধৰাশায়ী হৈ কাৰাবন্দী হ’ল। এনে কেইবাটাও ঘটনা আছে যিবোৰ একমাত্ৰ সংবাদ মাধ্য়মৰ গুৰুত্ব পোৱাৰ বাবেই উচিত তদন্ত হৈছে। এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন আছে যে এনেবোৰ ঘটনাৰ সমান্তৰালকৈ বিভিন্ন ৰাজ্যত অহা প্ৰাকৃতিক দুৰ্যোগবোৰৰ খবৰ পৰিৱেশনৰ ক্ষেত্ৰতো সংবাদমাধ্যমে সমদৃষ্টি নাৰাখে। এনে হোৱাৰ আঁৰত ৰাষ্ট্ৰীয় মাধ্যমত কৰ্মৰত সাংবাদিকৰ আঞ্চলিকতাবাদেই প্ৰধান কাৰক বুলি ভাৱিবলৈ আমি বাধ্য হৈ পৰো।

আঞ্চলিকতাবাদ কথাটো কেৱল অসমতেই আছে বুলি একাংশই অভিযোগ আনে কিন্তু সেয়া সঁচা কথা নহয়। আঞ্চলিকাতবাদ সকলোতে আছে। আমি দিল্লীত দেখি থকা কথাবোৰ আঞ্চলিকতাবাদৰ বাহিৰে অন্য একো নহয়। হিন্দী ভাষীৰ 'ভাষিক জাতিয়তাবাদো' যে আঞ্চলিকতাবাদৰেই এক নামান্তৰ, সেই কথাটো বিস্তৃতভাৱে কেতিয়াওঁ আলোচিত হোৱা নাই, অৱশ্যেই দক্ষিণ ভাৰতীয়ৰ আঞ্চলিকতাবাদ সদায় আলোচিত হৈ আহিছে। কিন্তু দক্ষিণৰ কথাবোৰ বাদ দি আমি অসমৰ দৃষ্টিকোণৰ পৰা দেখি থকা সকলো কথা কেৱল উত্তৰ ভাৰতীয় কথা আৰু খবৰ। কোন নেতাই কি কৰিলে, উত্তৰ ভাৰতৰ ৰাজ্যকেইখনত ক’ত কি হ’ল বা হৈ আছে সেয়াই দিনটোৰ আলোচনা। টিভিত ৰাজস্থানত শাসকৰ টনা-আজোৰা, মধ্য প্ৰদেশৰ সমস্যা, উত্তৰ প্ৰদেশৰ গুণ্ডা, বিহাৰৰ বানপানী আদি কথাবোৰ শুনি-দেখিয়েই আমি কেইবাঘন্টা বা দিন পাৰ কৰিলগীয়া হয়। সেয়েহে লাহে লাহে আমাৰ সাধাৰণ অসমীয়া জনতাৰ বাবে কথাবোৰ উত্তৰ ভাৰতীয় হৈ পৰিছে। ব্য়তিক্ৰম নথকা নহয় কিন্তু সেয়া নগন্য। আমি যদি লক্ষ্য কৰো তেন্তে দেখিম যে উত্তৰ ভাৰতীয় আগ্ৰাসনত অসমীয় সত্তা প্ৰায়েই ওফৰি পৰে। আঞ্চলিকতাবাদ আছে বাবেই এনডিটিভিৰ সাংবাদিক ৰবীশ কুমাৰে বিহাৰৰ খবৰক সদায় গুৰুত্ব দিয়ে, ৰাজদ্বীপ ছৰদেশায়ে গুজৰাট বা মুম্বাইৰ। এনে নহয় যে এওঁলোকে অসমৰ খবৰৰ কথা নকয়, তেওঁলোকে কয় কিন্তু আলোচনা নকৰে। এই বছৰৰ অসমৰ বানক লৈ ৰবীশ কুমাৰে 'প্ৰাইম টাইম'ত শ্বও কৰিছে, ৰাজদ্বীপ সৰদেশায়ে কাজিৰঙালৈ সাংবাদিক পঠাইছে, অসমৰ সাহাৰ্যৰ বাবে টুইটো কৰিছে, মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ একাউণ্ট নম্বৰ সহ। অৰ্ণৱ গোস্বামীৰ চেনেলতো এইবাৰ অসমৰ বানক এটা দুটা টক-শ্ব কৰিছে আৰু ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণাৰ বাবে দৈনিক বাতৰিৰ ব্যৱস্থা আৰু সচেতন লোকৰ আহ্বানৰ ভিডিঅ' প্ৰচাৰ কৰিছে। বহু ভিডিঅ' ব্লগাৰে, ইউ-টিউবাৰে এইবাৰ অসমৰ সমস্যাক লৈ অনলাইন শ্ব কৰিছে, কথাবোৰ ভিন্ন মহলত আলোচিত হৈছে। বহুতে অনলাইন সাহাৰ্যৰ ট্ৰেণ্ডিংটো ভাগ লৈছে, আগ ভাগ লৈছে কটনকে ধৰি অসমৰ ছাত্ৰ-সমাজে। 

কিন্তু বিগত বৰ্ষলৈকে অসমৰ কথাবোৰ ৰাষ্ট্ৰীয় স্তৰত সৱিশেষ ৰূপত আলোচিত নহয় বাবেই ৰাজ্যৰ সমস্যাবোৰে কেতিয়াওঁ গুৰুত্ব লাভ কৰা নাই বুলি আমাৰ অনুভৱ হয়। উত্তৰ-পূৱৰ কেৱল ২৪জন সাংসদৰ সংখ্যাৰ বাবেও গুৰুত্ব নাই যেন লাগে। এই মেগা-নদীবান্ধৰ আশংকাৰ কথা, বানপানীয়ে কোঙা কৰা মানুহৰ যাতনাৰ কথা, আন্তঃৰাজ্যিক, আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যা আদিবোৰ বিষয়ক লৈ কেতিয়া হিন্দী বা ইংৰাজী চেনেলত বিশেষ প্ৰভাৱ পৰাকৈ আলোচনাচক্ৰৰ ঢৌ এতিয়া সৃষ্টি হোৱা নাই। 

অসমীয়া যুৱক-যুৱতীয়ে সংঘবদ্ধ হৈ এক শক্তিৰ ৰূপত মূৰদাঙি উঠিব নোৱাৰিলে চাগৈ, নহবও। কিন্তু দিল্লীত ৰাষ্ট্ৰীয় ভূমিকা লোৱা বৰমানুহসকলৰ নিজা নিজা আঞ্চলিকতাবাদী চিন্তাবোৰে অসম তথা উত্তৰ-পূবৰ কথাবোৰ আলোচনা কৰাৰ পৰা তেওঁলোকক যেন বাৰণ কৰে, আৰু এয়া স্বাভাৱিকো। উল্লেখ্য যে অসমৰ আঢ্যৱন্ত শ্ৰেণীৰ সন্তান যিয়ে ইংৰাজী মাধ্যমত পঢ়ি দেশ-বিদেশৰ শিক্ষাৰে শিক্ষিত তেনে অসমীয়াও এনেবোৰ প্ৰভাৱশালী সংবাদমাধ্যমত কাম কৰে। কিন্তু নিজৰ অসমীয়া সত্বা কেৱল বিহু গীতৰ নৃত্যত সীমৱদ্ধ কৰি ৰখা এই শিক্ষিত শ্ৰেণীটোৰ বাবে অসমৰ আঞ্চলিকতাবাদ প্ৰহেলিকা মাথো। 

ইংৰাজী মাধ্যমৰ শিক্ষা-প্ৰণালীয়ে এই শ্ৰেণীক ছাত্ৰাৱস্থাৰ পৰাই অসমৰ জাতীয়তাবোধৰ শিক্ষাৰ পৰা আঁতৰাই লৈ যায়। সেয়েহে পাছৰ পৰ্যায়ত গুৰুত্বপূৰ্ণ পদবী, ক্ষমতাশালী স্থানত অসমীয়া বহি থকাৰ পাছতো অসমৰ কথা, অসমৰ সমস্যাৰ কথা ৰাজ্যৰ চাৰিসীমাৰ বাহিৰত কোনেও যেন চৰ্চা কৰিবলৈ সেই উচাহ অনুভৱ কৰিব নোৱাৰে। অসমত থকা মধ্যবিত্তীয়-দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ চৰকাৰী স্কুল-কলেজ-বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰী সকলে কিমান আন্দোলন কৰিব, ইমান দিনেতো তেওঁলোকেই কৰি আছে। কিন্তু ৰাষ্ট্ৰীয় স্তৰত এক শক্তিশালী কণ্ঠ হৈ উঠিব পৰা নাই, অসমৰ সমস্যাই, অসমৰ কথাই। উত্তৰ-পূৱৰ আন ৰাজ্যৰ ক্ষেত্ৰতো খালী 'উত্তৰ-পূৱৰ বৈষম্য'ৰ ইছ্যুৰ বাহিৰে বাকী মৌলিক কথাবোৰত সকলো যেন দল সংগঠনৰ বেনাৰত কেৱল ভাগ ভাগহে। অসমৰ ভৱিষ্যতৰ বাবে কেনেকৈ এক শক্তিশালী ৰূপত ৰাষ্ট্ৰীয় মঞ্চত প্ৰভাৱ পেলাব পৰা গণশক্তিৰ আজিও অভাৱ, আৰু এয়া গঢ়ি উঠাৰো কোনো সক্ৰিয় পদক্ষেপ এতিয়াও দেখিবলৈ পোৱা নাই। অসমীয়াৰ বাবে ইয়াতকৈ ডাঙৰ বিড়ম্বনা আৰু কি হ’ব পাৰে।
লেখক নতুন দিল্লীত কৰ্মৰত এগৰাকী জ্যেষ্ঠ সাংবাদিক, ফোনঃ ৯৮৯৯৬৬০৫৮২ । লেখকৰ আন আন প্ৰকাশিত লেখা অসমীয়াৰ সুখ-দুখৰ পাতত পঢ়িবলৈ ক্লিক কৰকঃ 

No comments:

Post a Comment