মনৰ কথাঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ বিৰোধ কৰা বিষয় সমূহ :: বিতোপন গগৈ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
মনৰ কথাঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ বিৰোধ কৰা বিষয় সমূহ :: বিতোপন গগৈ

মনৰ কথাঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ বিৰোধ কৰা বিষয় সমূহ :: বিতোপন গগৈ

Share This
ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ বিৰোধ কৰা বিষয় সমূহ
বিতোপন গগৈ
ইছৰোৰ পূৰ্ব-মূৰব্বী কস্তুৰিৰংগনৰ নেতৃত্বৰ এখন কমিটিয়ে তৈয়াৰ খছৰাৰ ভিত্তিত দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত (NATIONAL EDUCATION POLICY-2020) কালি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে।

ছয় বছৰ ধৰি দুখন কমিটিয়ে দেশৰ শৈক্ষিক খণ্ডৰ অংশীদাৰ সকলৰ সৈতে মত বিনিময় কৰাৰ পাছত এই চূড়ান্ত ৰূপ দিয়া হৈছে। ভাৰতত পূৰ্বৰে পৰা চলি থকা ৩৪ বছৰ পুৰণি শিক্ষানীতিৰ সলনি এই নতুন নীতি প্ৰৱৰ্তিত হব। দেশৰ সংবিধান প্ৰণেতা সকলে আগতেই কৈ গৈছে যে দেশৰ নীতি এনেকৈ নিৰ্ণীত হোৱা উচিত যাতে আটাইতকৈ নিচলা জনেও ইয়াৰ সুফল ন্যায়সংগত ভাৱে লাভ কৰিবলৈ সক্ষম হয়। সেই পটভূমিত ইয়াৰ প্ৰভাৱ কিদৰে দেশৰ সৰ্বসাধাৰণ ৰাইজৰ ওপৰত পৰিব সেয়া বিচাৰ কৰাটো অতি জৰুৰী কথা হৈ পৰিছে। সেয়ে নতুন প্ৰস্তাৱিত শিক্ষানীতিৰ ওপৰত আমাৰ আপত্তি থকা কেইটিমান বিষয় ইয়াত সহজকৈ উপস্থাপন কৰিবলৈ খোজা হৈছে। এই নীতিৰ ফলত দীৰ্ঘকালীন ভাৱে দেশৰ সাধাৰণ মানুহৰ শিশু সকলৰ সুশিক্ষা আৰু উচ্চ শিক্ষাৰ নিশ্চিতি এটা মৌলিক কথা হিচাবে এই বিচাৰত বিবেচনা কৰা হৈছে।


ভাৰতবৰ্ষ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণৰ ধাৰাটো মূলতঃ ১৯৯৪ চনত পি ভি নৰসিংহ ৰাওৰ দিনত আৰম্ভ হৈছিল। ৰাও চৰকাৰে ডাংকেল চুক্তি নামেৰে জনাজাত General Agreement on Tariffs and Trade (GATT) চুক্তিত চহী কৰি নব্য উদাৰবাদী অৰ্থনৈতিক ব্যৱস্থা আকোৱালি লোৱাৰ পৰাই দেশত সকলো খণ্ডতে ব্যক্তিগতকৰণৰ জয়জয় ময়ময় আৰম্ভ হয় আৰু শিক্ষা খণ্ডৰো বেপাৰ আৰম্ভ হয়। উল্লেখযোগ্য যে সেই সময়ত বিত্ত মন্ত্ৰী আছিল মনমোহন সিং। সেই সময়ৰ পৰাই দেশৰ উদ্যোগপতি সকলে শিক্ষাক এক ব্যৱসায় হিচাপে বিনিয়োগ আৰম্ভ কৰে। আনহাতে দেশৰ বাওঁ প্ৰগতিশীল ছাত্ৰ সংগঠন সমূহে তেতিয়াৰ পৰাই শিক্ষাৰ এই ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণৰ বিৰোধিতা কৰি আহিছে। ২০১৪ চনত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএ চৰকাৰে শাসনভাৰ লোৱাৰ পাছৰে পৰা সমগ্ৰ দেশৰ লগতে শিক্ষা খণ্ডকো সম্পূৰ্ণ ৰূপে ব্যক্তিগতকৰণ কৰিবলৈ উঠিপৰি লাগিছে। মোডীয়ে ২০১৫ চন ১৯ ডিচেম্বৰত বিশ্ব বাণিজ্য সংস্থাৰ সৈতে General Agreement on Trade in Services (WTO-GATS) চুক্তিত চহী কৰে। এই চুক্তি মতে উচ্চ শিক্ষা, ফিজিকেল চাইন্স-চছিয়েল চাইন্স-হিউমেনিটিজ বিষয়ৰ গৱেষণা আৰু উন্নয়ন(R&D), স্বাস্থ্য, বীমা আদি খণ্ড সমূহক সেৱাৰ পৰিৱৰ্তে পণ্য হিচাপে গণ্য কৰা হ'ব আৰু গোলকীয় ব্যৱসায়ৰ বাবে মুকলি কৰি দিব লাগিব অৰ্থাৎ প্ৰতক্ষ্য বিদেশী বিনিয়োগৰ সুবিধা দিব লাগিব । তাৰেই ফলস্বৰূপে বৰ্তমান মোডী চৰকাৰে উক্ত খণ্ড সমূহক ব্যাপক ভাৱে ব্যক্তিগতকৰণ কৰি আছে আৰু এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিও সেই চুক্তিৰ আধাৰতে দেশৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাক সম্পূৰ্ণ ৰূপে ধ্বংস কৰি ব্যক্তিগতকৰণ আৰু বাণিজ্যকীকৰণ কৰি বৈদিশক বিনিয়োগৰ পথ মুকলি কৰা আঁচনিহে। ওপৰে ওপৰে চাবলৈ গ'লে এই শিক্ষা নীতি দেশৰ বাবে সুফলদায়ক যেন লাগিলেও, গভীৰ ভাৱে দৃষ্টি দিলে দেখা যায় যে ই দেশৰ ধনী-দুখীয়া সকলো শ্ৰেণীৰ বাবে সমভাৱাপন্ন ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ চাইলেণ্ট কিলাৰহে। ইউৰোপীয় আৰ্হিৰ এই শিক্ষা নীতি আমাৰ দৰে তৃতীয় বিশ্বৰ দেশৰ বাবে উপযুক্ত নহয়।

ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ আমি বিৰোধ কৰা বিষয় কেইটা হ'লঃ
১। এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত ৰাজহুৱা আৰু ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ মাজত কোনো পাৰ্থক্য নাথাকিব। দেখাত ভাল যেনেই লাগিছে। ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ দৰে ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ মান উন্নত হ'ব। কিন্তু প্ৰকৃত ছবিখন বেলেগ। ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানে ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠানৰ সমানে সা-সুবিধা পাই অধিক আগুৱাই যাব আৰু ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠান পিছ পৰি থাকি যাব। কৰিব লাগিছিল কি? ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠানক অধিক সা-সুবিধা প্ৰদান কৰি ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানতকৈ অধিক আগুৱাই যোৱাৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু কৰিছে বিপৰীত। এয়া ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰি শিক্ষাৰ ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণ কৰাৰ ব্যৱস্থা।

২। এই নতুন শিক্ষা নীতিত শিক্ষা প্ৰতিষ্ঠান সমূহক অধিক স্বতন্ত্ৰতা দিয়া হ'ব। শুনিবলৈ ভাল। কিন্তু অধিক স্বতন্ত্ৰতাৰ দ্বাৰা স্বাৱলম্বী কৰাৰ ব্যৱস্থা কৰা হ'ব। ফলত শিক্ষাৰ মাচুল উচ্চ হাৰত বৃদ্ধি হ'ব আৰু আৰ্থিক ভাৱে দুৰ্বল শিক্ষাৰ্থীৰ বাবে উচ্চ শিক্ষা হাত মেলি ঢুকি নোপোৱা আকাশৰ চন্দ্ৰ হ'ব। 

৩। স্নাতক ডিগ্ৰী আধাতে সামৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে। এবছৰ পঢ়ি চাৰ্টিফিকেট লৈ, দুবছৰ পঢ়ি ডিপ্লমা লৈ শিক্ষা সামৰিব পৰা ব্যৱস্থা কৰা হৈছে, যাতে টকা কম থকা সকলৰ শিক্ষাও কম হওক। প্ৰয়োজন আছিল সকলোৰে বহনক্ষম এক ইউনিফৰ্ম শিক্ষাৰ ব্যৱস্থা কৰা; কিন্তু কৰা হৈছে ধনীৰ বাবে অধিক শিক্ষা, দুখীয়াৰ বাবে কম শিক্ষা। 

৪। এই শিক্ষা নীতিয়ে বিদেশী শিক্ষা প্ৰতিষ্ঠানক সম্পূৰ্ণ ৰূপে দুৱাৰ খুলি দিছে; দিছে দেশীয় শিক্ষা প্ৰতিষ্ঠানৰ সম মৰ্যাদা, সম সুবিধা। এই বিদেশী শিক্ষা প্ৰতিষ্ঠান সমূহে নিশ্চয় আমাৰ দেশত শিক্ষাৰ পোহৰ বিলাবলৈ নাহে, আহিব শিক্ষাৰ ব্যৱসায় কৰিবলৈ। ফলত দেশীয় শিক্ষা প্ৰতিষ্ঠানৰ সৈতে হ'ব তুমুল ব্যৱসায়িক প্ৰতিযোগিতা। ফলত আমাৰ দেশৰ শিক্ষা ব্যৱস্থাক গ্ৰাস কৰিব ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণৰ ধুমকেতুৱে। 



৫। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ত স্পষ্টকৈ লিখা আছে Private Philanthopic initiatives encouraged. ইয়াৰ দ্বাৰাএইটো স্পষ্ট হয় যে চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বিপৰীতে ব্যক্তিগত শিক্ষা ব্যৱস্থাকহে অধিক উৎসাহিত কৰে, যি আমাৰ শিক্ষা ব্যৱস্থাক অসমতুল কৰি দেশৰ ভৱিষ্যতৰ নাগৰিক সকলৰ মাজত এক স্পষ্ট ব্যৱধান সৃষ্টি কৰিব বিচাৰে। 

৬। এই শিক্ষা নীতি মতে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এই চাৰিটা শ্ৰেণীত ষান্মাষিক ব্যৱস্থা প্ৰৱৰ্তনৰ কথা কোৱা হৈছে। কিন্তু আমাৰ ৰাজ্যৰ স্নাতক মহলাতে প্ৰৱৰ্তিত এই ষান্মাষিক ব্যৱস্থা সফল হ'ব পৰা নাই। শিক্ষাৰ্থীক এই ব্যৱস্থাই যে ঘোটে ঘোটে পানী খোৱাইছে সেয়া মহাবিদ্যালয় সমূহৰ উত্তীৰ্ণৰ হাৰ পৰীক্ষা কৰিলেই দেখা যাব। এই ব্যৱস্থাৰ দ্বাৰা শিক্ষাৰ্থীৰ ওপৰত অধিক বোজা জাপি দিয়া হ'ব।

৭। এই শিক্ষা নীতিত এমফিল ডিগ্ৰী আঁতৰাই দিয়া হৈছে। মূলত পিএইচডি বা উচ্চতৰ গৱেষণাৰ বাবে প্ৰয়োজনীয় মেথড'লজী শিকাৰ বাবে এই ডিগ্ৰী কৰা হয়। চৰকাৰে অধিক উচ্চতৰ গৱেষণাৰ পথ ৰুদ্ধ কৰিবলৈ আৰু এই শিক্ষাত হোৱা খৰচ মূলতঃ এই ডিগ্ৰী কৰা শিক্ষাৰ্থীক প্ৰদান কৰা জলপানী বচাবলৈ এমফিল ডিগ্ৰী বন্ধ কৰিছে।



আঞ্চলিক ভাষাৰ বিদ্যালয় সমূহৰ প্ৰতি মানুহৰ বিৰাগ জন্মিব নেকি এই নীতিৰ জৰিয়তে। এই দিশ উন্মোচন কৰি www.nezine.com ৰ সম্পাদক সুশান্ত তালুকদাৰ ডাঙৰীয়াই আঙুলিয়াই দিছে এনেদৰে- 

"নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ত কোৱা হৈছে যে যি সকল শিক্ষাৰ্থীৰ নিৰ্দেশনাৰ মাধ্যম স্থানীয় ভাষা হব, তেওঁলোকে ষষ্ঠ মান শ্ৰেণীৰ পৰাহে স্থানীয় ভাষা আৰু ইংৰাজীত দ্বি-ভাষিক ৰূপত বিজ্ঞান আৰু গণিত শিকিব, যাতে নৱম শ্ৰেণীলৈ বিজ্ঞান আৰু আন বিষয়ত তেওঁলোকে নিজা ভাষা আৰু ইংৰাজীত দুয়োটা ভাষাতে কব পাৰে। ইয়াৰ বাবে উন্নত মানদণ্ডৰ দ্বি-ভাষিক কিতাপ প্ৰৱৰ্তনৰ লগতে শৈক্ষিক সমল সৃষ্টি কৰাৰ কথাও কোৱা হৈছে। যদি আমি বিজ্ঞান আৰু গণিত মাতৃভাষাত শিকিবই পাৰো, তেন্তে পুনৰ আকৌ ইংৰাজীত শিকিবৰ প্ৰয়োজন আছেনে? ইয়াৰ উদ্দেশ্য এয়া নেকি যে বিজ্ঞান শিকাতকৈ দুটা ভাষাত বুজন হোৱাটোহে কামনা কৰা হৈছে। তেন্তে কিয় অভিভাৱকে স্থানীয় ভাষাৰ স্কুললৈ সন্তানক পঠাব? তেওঁলোকে ইংৰাজী মাধ্যমৰ স্কুললৈকে মাত্ৰ কিয় নপঠাব? তেন্তে থলুৱা ভাষাৰ মাধ্যমৰ স্কুলবোৰৰ ভৱিষ্যত কি হব? তেন্তে ছাত্ৰৰ অভাৱত সেইবোৰ বন্ধ হৈ যাব নেকি আৰু শিক্ষা মন্ত্ৰীয়ে এই অভাৱৰ বাবে অভিভাৱক সকলকে দায় দিব পাৰিব। এতিয়া মাতৃভাষা মাধ্যমৰ কিছু স্কুলে চৰকাৰৰ সৈতে সংঘাত এৰাই চলিবলৈ এই নীতিৰ বিৰোধ নকৰিব আৰু চিৰদিনেই নিজৰ সম্প্ৰদায় বা জাতিকে নিজ ভাষাক এলাগী কৰাৰ বাবে দায়ী কৰি যাব নেকি?" এই কথাবোৰো নতুন শিক্ষানীতিয়ে সৃষ্টি কৰিব পৰা প্ৰভাৱ হিচাবে ৰাইজে বিবেচনা কৰিব লাগিব। 

বিশেষকৈ এই মহামাৰীৰ দুৰ্যোগৰ সময়ত, যিসময়ত দেশৰ অধিকাংশ নাগৰিকৰ ভাত-কাপোৰৰ বাবে হাহাকাৰ অৱস্থা, তেনে এক সময়ত একপ্ৰকাৰ জনগণৰ দৃষ্টিৰ পৰা আঁতৰাই কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ত। ওপৰে ওপৰে দেখাত বহুত ভাল যদিও ভালদৰে চালে দেখা যায় যে ই মূলত ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰি শিক্ষাক সৰ্বন্তৰকৰণে ব্যৱসায়িকৰণ আৰু বাণিজ্যিকীকৰণ কৰাৰ নীতি। সদ্যহতে আমি ইয়াৰ বিৰোধ কৰা পাঁচটা বিষয় উত্থাপন কৰিছো। পাছত অধিক সংযোজন কৰা হ'ব। এইখিনি জনাই থওঁ যে আমি শিক্ষা আৰু স্বাস্থ্যৰ দৰে বিষয় সমূহ দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ হোৱাটো বিচাৰো। ইয়াৰ সুবিধা দেশৰ সকলো নাগৰিকে সমভাৱে পোৱাতো বিচাৰো। প্ৰাক্ প্ৰাথমিক শ্ৰেণীৰ পৰা সৰ্বোচ্চ শ্ৰেণীলৈকে শিক্ষা দেশৰ আৰ্থিক ভাৱে সবল-দুৰ্বল সকলো নাগৰিকৰ বাবে বিনামূলীয়া আৰু সমান হোৱাতো বিচাৰো। এই শিক্ষা নীতিত কিছু ভাল বিষয় আছে যদিও দেখাত ভাল যেন লগা বেছি ভাগৰে অন্তৰালত ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰি ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণক উৎসাহ জনোৱা নীতিয়েই আছে। আমি দেশৰ শিক্ষা নীতি এনে হোৱাটো বিচাৰো যি দেশৰ সকলো নাগৰিকক লগত লৈ ভৱিষ্যতৰ নাগৰিক সকলক সমানে সুবিধা প্ৰদান কৰি সমানে শিক্ষিত কৰি এখন সুস্থ-সবল, শক্তিশালী দেশ গঢ়িব পাৰে।
ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ ২৬টা দিশ সামৰা প্ৰৱন্ধটো আৰু মূল খচৰাখনৰ কপি পঢ়িবলৈ তলৰ সূত্ৰ ক্লিক কৰক
https://www.xukhdukh.com/2020/07/NEP2020.html

No comments:

Post a comment