সাম্প্ৰতিক প্ৰংসগঃ অসমৰ বান সমস্যা সমাধানৰ বাবে সঁচাই আছেনে সদিচ্ছা? :: আব্দুল ওৱাদুদ সেখ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰংসগঃ অসমৰ বান সমস্যা সমাধানৰ বাবে সঁচাই আছেনে সদিচ্ছা? :: আব্দুল ওৱাদুদ সেখ

সাম্প্ৰতিক প্ৰংসগঃ অসমৰ বান সমস্যা সমাধানৰ বাবে সঁচাই আছেনে সদিচ্ছা? :: আব্দুল ওৱাদুদ সেখ

Share This
অসমৰ বান সমস্যা সমাধানৰ বাবে সঁচাই আছেনে সদিচ্ছা?
আব্দুল ওৱাদুদ সেখ
বান আৰু গৰাখহনীয়া সমস্যাই বৰ্তমান অসমৰ অৱস্থা একেবাৰে শােচনীয় কৰি দিছে। অর্থনৈতিক সামাজিক ৰাজনৈতিক সকলাে সমস্যা জড়িত হৈ আছে বানপানীৰ লগত। অসমত প্রতিবছৰে প্রায় সকলাে জিলাই কম-বেছি পৰিমাণে আক্রান্ত হয়। মৃত্যুমুখত পৰে অসমীয়া মানুহ। কিন্তু অসম হােৱাৰ বাবেই হয়তাে আজিলৈকে এই সমস্যাৰ সমাধান হােৱা নাই।
অসমৰ শেহতীয়া বান পৰিস্থিতি
কংগ্ৰেছৰ দিনৰ পৰাই কেৱল মথাউৰি নিৰ্মাণ কৰিয়েই বানপানী আৰু গৰাখহনীয়া ৰােধ কৰাৰ এক বৈজ্ঞানিক কার্যকলাপ চলি আছিল। ৰাষ্ট্রীয় সমস্যাৰূপে বানপানীক ঘােষণা কৰিব লাগে বুলি ভিন্ন পক্ষই দাবী কৰি আহিছে যদিও কোনাে এখন চৰকাৰে ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে। কৰোনা মহামাৰীক লৈ ৰাজ্য চৰকাৰে ব্যস্ত থকাৰ মাজতে এইবাৰাে ৰাজ্যৰ প্রায় ৩০খন জিলা আক্রান্ত হল। মৃত্যুমুখত পৰিল সত্তৰ জনতকৈ অধিক অসমীয়া। কিন্তু আজিলৈকে নাহিল কোনাে কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি। পশ্চিমবংগ, বিহাৰ, জম্মু কাশ্মীৰত বানপানীৰ হলে প্রধানমন্ত্রী নিজে গৈ কোটি কোটি টকাৰ পেকেজ ঘােষণা কৰে, কিন্তু অসমৰ বেলিকা সদায় ব্যতিক্রম।

বান আৰু গৰাখহনীয়া সমস্যা বৈজ্ঞানিকভাৱে সমাধান কৰাৰ প্রতিশ্রুতি আছিল সােণােৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ। দিন বাগৰিল, কিন্তু কোনাে পদক্ষেপ হাতত লােৱা দেখানগ’ল। কেন্দ্রীয় চৰকাৰৰ পৰা আনকি বান-সাহাৰ্য্য আনিবলৈও অপাৰগ সােণােৱাল চৰকাৰ। মথাউৰিও মেৰামতি নকৰাৰ অভিযােগো আছে ৰাইজৰ। মহাবাহু ব্ৰহ্মপুত্ৰক খান্দি দুয়ােপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰি বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰিব বুলি খবৰ ওলাইছিল যদিও সেয়া ফুটুকাৰ ফেন আছিল। আৰু কিমান দিনলৈ এই সমস্যা চলি থাকিব, নে অসম এনেকৈয়ে ধ্বংসৰ দিশলৈ যাব সেয়া কোনেও ক’ব নােৱাৰে। কিন্তু প্ৰতিশ্ৰুতিৰ বন্যা বোৱাৰ সময়ত এনেকুৱা লাগিছিল যেন অসমৰ বানপানী সমস্যা চিৰদিনৰ বাবেই সমাধান হ'ব!


অসমৰ সমাজ জীৱনত আতংকৰ সৃষ্টি কৰা বছেৰেকীয়া বানৰ এই সমস্যা আৰু কিমান দিন থাকিব? নৰন্দ্ৰে মােডীয়ে A ফৰ আছাম বুলি কলেই হ'বনে? অসমত বিজেপি চৰকাৰ হলে উন্নয়নৰ জোৱাৰ হ'ব বুলি প্রতিশ্রুতি দিয়া বিশ্বৰ শক্তিশালী প্রধানমন্ত্রীজনে অসমৰ বান সমস্যাৰ বাবে কিবা কৰিবনে? আমাৰ গামােচা কান্ধত ৰাখি আৱেগিক কৰিহে ৰাখিব? অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হ’ব পাৰে, তেন্তে অসমৰ সমস্যা কিয় ৰাষ্ট্ৰীয় সমস্যা নহ'ব? জাতীয় নায়ক সােণােৱালে যদি চাৰিবছৰে এই জ্বলন্ত সমস্যাটোকলৈ কেন্দ্রীয় চৰকাৰৰ লগত আলােচনাই কৰিব নােৱাৰিলে তেন্তে অসমৰ ৰাইজে বিশ্বাস কৰিব কাক? অসমত প্রতিবছৰে ইমান মানুহৰ মৃত্যু হােৱাৰ পাছতাে ৰাষ্ট্রীয় সংবাদ মাধ্যমত অসমৰ সমস্যা যেন একোৱেই নহয়। ভাৰত আৰু পাকিস্তানক লৈ ব্যস্ত থকা আমাৰ ৰাষ্ট্ৰীয় বৈদ্যুতিন মাধ্যমে অসমৰ সমস্যাক লৈ মাত মাতিবলৈ যেন সময়েই নাই।

আমাৰ সাংসদসকলৰ ভূমিকা:
ভাৰতৰ অইন ৰাজ্যত কিবা সমস্যা দেখা দিলেই সকলাে সাংসদে এক হৈ যায় আৰু সংসদত বলিষ্ঠভাৱে উত্থাপন কৰে। কিন্তু আমাৰ ইমান ডাঙৰ এক সমস্যাক লৈয়াে আমাৰ অসমৰ সাংসদসকল এক নহ'ল। কেৱল ধুবুৰীৰ সাংসদ বদৰউদ্দিন আজমলে এই বিষয়ে বলিষ্ঠভাৱে মাত মাতিছে। কংগ্ৰেছৰ গৌৰৱ গগৈও এই সমস্যাক দাঙি ধৰিছে সংসদৰ মজিয়াত। কিন্তু বিজেপিৰ সাংসদৰ ভূমিকা একেৰাহে লজ্জাজনক। বিজেপিৰ সাংসদে এই বিষয়ে সকলাে সাংসদৰ লগত একত্ৰিত হৈ অসমৰ উন্নয়নৰ বাবে যে বান আৰু গৰাখহনীয়া সমস্যা সমাধান হ'ব লাগে বুজাব লাগিছিল। বানপানীৰ ভয়াৱহতাৰ বিষয়ে জনাব লাগিছিল দেশক। ঘােষণা হ’ব লাগিছিল ৰাষ্ট্রীয় সমস্যাৰূপে, কিন্তু নাই একেই থাকিল। কি কংগ্ৰেছ কি বিজেপি অসমক লৈ যেন কাৰাে একো চিন্তাই নাই। কাৰণ অসমত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ দৰে সাংসদ নাই। চৰকাৰ গঠন কৰিব পৰা শক্তিও নাই, গতিকে আমি চাগে পানীৰ লগতেই চিৰদিনে চলিব লাগিব।

অসমৰ মুখ্যমন্ত্ৰীৰ ভূমিকা আৰু নৰেন্দ্ৰ মােডীঃ
অসমৰ মুখ্যমন্ত্রী সােণােৱালৰ বহু প্রতিশ্রুতিৰ মাজৰে অন্যতম প্রতিশ্রুতি আছিল অসমৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধান। কিন্তু আচৰিতভাৱে মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ প্রধানমন্ত্রীৰ আগত এই সমস্যাৰ ভয়াৱহতাৰ কথা যেন সঠিকভাৱে উপস্থাপনেই কৰিব পৰা নাই। ফলত আমি কংগ্ৰেছৰ দিনত হােৱা সমস্যাৰ দৰেই ভুক্তভোগী হৈয়েই চলি থাকিব লগা হৈছে। নৰেন্দ্ৰ মােডীয়েও সােণােৱালৰ অসমক যিদৰে গুৰুত্ব দিব লাগিছিল সেইদৰে নাই দিয়া যেন পৰিলক্ষিত হৈছে। লংকালৈ গ'লে যে সকলােৱে ৰাৱন হয়। শাসক পক্ষৰ ভূমিকা যেন আজি তেনেকুৱাই!

অসম বিধানসভাৰ ভূমিকা আৰু বানপানীঃ 
অসম বিধানসভাৰ সদস্যসকলে বানপানীৰ আৰু গৰাখহনীয়াৰ ফলত অসমৰ কিমান ক্ষয়-ক্ষতি হৈছে তাক যেন উপলব্ধি কৰিব পৰা নাই। কেৱল বান-সাহাৰ্য্যতে ব্যস্ত আছে আমাৰ প্রতিনিধিসকল। আইন প্রণয়ন কৰি বা কেন্দ্রীয় চৰকাৰক হেঁচা প্রয়ােগ কৰি যে কিবা এটা কৰিব লাগে সেই বিষয়ে যেন উদাসীন অসম বিধানসভা। আমাৰ দাবী অধ্যক্ষৰ নেতৃত্বত এক বলিষ্ঠ পদক্ষেপ লৈ দল-মত নির্বিশেষে একগােট হৈ কেন্দ্রীয় চৰকাৰক বাধ্য কৰাব লাগে। তদুপৰি এইবাৰ চৰকাৰী যন্ত্র কোভিডত ব্যস্ত থকাৰ বাবে ৰাইজে সামান্য সাহায্যৰ পৰাও বঞ্চিত হৈ আছে। কেৱল বেচৰকাৰী সংস্থা আৰু দুই-এক যুৱ শক্তি একগােট হৈ কাম কৰি আছে।

সামাজিক মাধ্যমত উঠা দাবীয়ে কেন্দ্রীয় চৰকাৰৰ গা লৰাবনে?
অসমৰ ছাত্র সমাজৰ নেতৃত্বত টুইটাৰত হেশ্বটৈগৰ জৰিয়তে ১৬ জুলাইত এক আন্দোলন আৰম্ভ হৈছে। য'ত লিখা আছিল– Assam Needs help\ Pray for Assamı Assam Floods 20201 Ass is Drowning কটন বিশ্ববিদ্যালয় ছাত্র সমাজে আৰম্ভ কৰা আন্দোলনত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে অসমৰ আগশাৰীৰ কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সমর্থন জনাইছে, য'ত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যও টুইটাৰত আন্দোলনৰ সহযােগী হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত সামাজিক আন্দোলনৰ জৰিয়তে এই বিষয়টো এক ৰাষ্ট্ৰীয় ইচ্যুত পৰিণত হােৱাটো এক শুভ লক্ষণ। কিন্তু চৰকাৰৰ গা লৰাটোহে হব আচল কথা।

চৰাঞ্চলত এনেকৈ গৰাখহনীয়াৰ ভয়াৱহতা হৈছে যে বছৰত দুই-তিনি ঠাইত নিজৰ ঘৰ বান্ধিব লাগে। চৰকাৰী সাহাৰ্য্যৰ নামত একো নাই। বিধায়ক সাংসদ খবৰেই নাই। দুই-এক পঞ্চায়ত প্রতিনিধি গৈছে যদিও সাহাৰ্য্যৰ নামত সামান্যহে দিছে। এই গৰাখহনীয়া বানপানীত আক্রান্তসকলক আকৌ বহুতে চেহেৰা চাইয়েই বাংলাদেশী বুলি অভিহিত কৰি, সেই অঞ্চলবোৰৰ বানৰ ভয়াবহতাক লঘু ৰূপত উপস্থাপন কৰিব খোজে। মুঠতে বানপানীৰ আৰু গৰাখহনীয়া সকলাে সমস্যাৰ মূল। আকাশলংঘী মূল্য বৃদ্ধিও হয় এই বানপানীৰ ফলতেই। এইবাৰৰ বানত আটাইতকৈ বেছি ক্ষতিগ্রস্ত জিলাখনেই হ’ল ধুবুৰী জিলা। একলাখ আঠাইশ হেক্টৰ খেতিভূমি নষ্ট হৈছে ৰাজ্যখনত। চৰকাৰীভাৱে এইবাৰ নাই কোনাে সুবিধা, ফলত মানুহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পশুধনৰ লগত একেলগে অৱস্থান কৰিছে ওখ স্থান বা কোনােবা ৰাস্তাৰ কাষত, এই অতিমাৰীৰ লক্-ডাউনৰ পৰিৱেশৰ মাজতো।

এই সময়ত নৰেন্দ্ৰ মােডীক অসমৰ মুখ্যমন্ত্ৰীয়ে সৈমান কৰাবই লাগিব। অসমৰ দল-সংগঠনে মাত মাতিব লাগিব। কেন্দ্রীয় চৰকাৰক উমৈহতীয়া সংগ্ৰামৰ যােগেদি বুজাই দিব লাগিব। মুখ্যমন্ত্ৰীৰ ভাষ্যত কোৱাৰ দৰে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ-ভৈয়াম উজনি-নামনি, সংখ্যাগুৰু-সংখ্যালঘু সকলোৰে বাবে প্ৰধান সমস্যা এই বানৰ বৈজ্ঞানিক সমাধান চৰকাৰে কৰিবই লাগিব। কেনেকৈ কৰিব এইটো চৰকাৰৰ কথা, আমি মাথোঁ কম অসমৰ মানুহক জীয়াই থকাৰ ন্যূনতম অধিকাৰখিনি দিবই লাগিব। এয়া অসমীয়াৰ মৌলিক অধিকাৰ। সেই অধিকাৰৰ পৰা বঞ্চিত কৰাৰ নিশ্চয় কোনাে পদ্ধতি নাই। চৰকাৰ ও বিৰােধী এক হৈয়ো সামূহিক প্ৰত্যাহ্বান ৰূপে লৈ অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰক। আমাৰ আশা, এদিন অসমত ববই উন্নয়নৰ ধাৰা। বানপানী-গৰাখহনীয়া সমস্যা সমাধানৰ মাজেদি  ই আৰম্ভ হ’ব। চৰকাৰে ইচ্ছা কৰিলে সকলো সম্ভৱ। তাৰ বাবে মাথো লাগে আন্তৰিক সদিচ্ছা আৰু তাৰ বাবেই লাগে ৰাইজৰ একত্ৰিত জনকণ্ঠৰ শক্তিশালী স্বৰ, যাক উলাই কৰাটো গণতন্ত্ৰত কেতিয়াও সহজ-সাধ্য নহয়, সেই কথাও কিন্তু নিশ্চিত। 
লেখক USTM বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক ৰূপে আইন বিভাগত কৰ্মৰত। লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে। লেখকৰ ফোনঃ ৯৬১৩৭-১৯৪৫৬

No comments:

Post a Comment