বিশ্লেষণঃ প্ৰথমতে জাতি, এতিয়া 'সংকটত' মাটি-ভেটি?:: কিশােৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ প্ৰথমতে জাতি, এতিয়া 'সংকটত' মাটি-ভেটি?:: কিশােৰ কুমাৰ কলিতা

বিশ্লেষণঃ প্ৰথমতে জাতি, এতিয়া 'সংকটত' মাটি-ভেটি?:: কিশােৰ কুমাৰ কলিতা

Share This
প্ৰথমতে জাতি, এতিয়া 'সংকটত' মাটি-ভেটি?
কিশােৰ কুমাৰ কলিতা 
অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে তেওঁৰ চৰকাৰী ৱেব পেজত ভূমি হস্তান্তৰ আৰু ভূমিৰ শ্ৰেণী পৰিৱৰ্তন বিষয়ক এক গুৰুত্বপূর্ণ সিদ্ধান্ত ঘােষণা কৰিছে। কেবিনেটে লােৱা সিদ্ধান্তটোক ঐতিহাসিক আৰু সুদূৰপ্ৰসাৰী সিদ্ধান্ত বুলি অভিহিত কৰি মন্ত্ৰীজনে কৈছে যে অসম চৰকাৰৰ কেবিনেটে ৰাজ্যখনত উদ্যোগ স্থাপন কৰাৰ প্রক্রিয়া সহজ কৰিবলৈ এখন অধ্যাদেশত অনুমােদন দিছে। এতিয়া যিকোনাে লােকে অসমত উদ্যোগ স্থাপন কৰিবলৈ স্ব-ঘােষণা জমা দিলেই হব! প্রথম  তিনিবছৰৰ বাবে কোনাে অনুমতি, অনুমােদন বা অনুজ্ঞাৰ প্রয়ােজন নাই। ঔদ্যোগিক উদ্দেশ্যতে মাটিৰ 'শ্ৰেণীবিভাগৰো' পৰিৱৰ্তন কৰিব পৰা যাব। এই পদক্ষেপে অসমৰ ঔদ্যোগিক প্রক্রিয়া ত্বৰান্বিত কৰি তুলিব (মন্ত্রীজনে ইংৰাজীতে এনেদৰে উল্লেখ কৰিছে- "In a historic and far reaching decision to ease out the process of setting up industries in Assam, state cabinet has approved an ordinance today. Now any one will be able to set up industry in Assam just by submitting one self declaration. No permission, clearance or licence will be required for three years. Land will also be deemed converted for industrial purpose. Such bold and advantageous change is expected to accelerate the industrialisation process in Assam.") 
মন্ত্রীজনে যি বক্তব্য আগবঢ়াইছে, তাৰপৰা আমি নিম্নোক্ত ধাৰণাবােৰ গ্ৰহণ কৰিব পাৰোঁ? ১। অসমৰ যিকোনাে ভূমিত এতিয়াৰেপৰা যিকোনাে লােকে আহি বিনাবাধাই, বিধিগত বা নীতিগত  কোনাে প্রতিবন্ধকতাৰ মুখামুখি নােহােৱাকৈ ভূমি ক্রয় কৰিব পাৰিব। অর্থাৎ ভূমি হস্তান্তৰকৰণৰ বাবে যিবােৰ বিধিগত উপবন্ধ আছে (যেনে ট্রাইবেল বেল্ট ব্লক বা ষষ্ঠ অনুসূচীৰ অন্তর্গত এলেকাত অসংৰক্ষিত লােকৰ ভূমি ক্রয়-বিক্রয় বাধানিষেধ) সেইবােৰ উলাইকৰি হলেও মাটি কিনিব পৰা যাব।  ২। মন্ত্রীজনাই কৈছে যে প্রথম তিনিবছৰৰ বাবে মাটি কিনি উদ্যোগ স্থাপন কৰিবলৈ কোনাে অনুমতি, |অনুমােদন বা অনুজ্ঞাৰ প্ৰয়ােজন নাই। অর্থাৎ পাৰিৱেশিক প্রভাব নিৰ্দ্ধাৰণৰ অধিসূচনা (Environment Impact Assessment), অন্যান্য পাৰিৱেশিক আইন, ভূমি হস্তান্তৰৰ অন্যান্য বিধি উপবৃন্ধ আদি এনে উদ্যোগ স্থাপনত প্রযােজ্য নহ'ব। ৩। যিহেতু অসমৰ ঔদ্যোগিক প্রক্রিয়া ত্বৰান্বিত কৰাৰ স্বাৰ্থত মাটিৰ শ্রেণী পৰিৱৰ্তনতাে একো বাধা নাথাকিব বুলি কোৱা হৈছে, সেয়েহে সমাগত সময়ত অসমৰ চুকে-কোণে লাখ লাখ খিলঞ্জীয়া পৰিয়ালৰ পট্টা থকা বাপট্রাবিহীন মাটি অতি সহজে বহিৰাগত বৃণিয়া-উদ্যোগী আদিৰ হাতলৈ যােৱাত কোনাে বিধিগত অন্তৰায় নাথাকিব। যদিহে এয়াই সত্য হয় তেন্তে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে সুৰক্ষিত কৰাৰ মিছা আশ্বাসবােৰ দি  আহিছিল কিয়? কি নৈতিকতাৰ বলত অসম চৰকাৰে ২০১৯ চনৰ ভূমি নীতি ঘােষণা কৰিছিল? হৰিশংকৰ ব্রহ্ম কমিটীৰ গঠন বা অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ প্রতিশ্রুতি| ভেঁকো-ভাওনাৰ বাদে আন কিবা আছিল জানাে? 

কৃষি ভূমি হস্তান্তৰত থকা বাধা নিষেধঃ আজি প্রায় দুটা শতিকাধৰি অসমৰ খিলঞ্জীয়া জাতি জনগােষ্ঠীবােৰে নিজৰ কৃষি আৰু ভেটিৰ মাটি বহিৰাগতৰ আগ্রাসনৰপৰা ৰক্ষা কৰিবলৈ অহৰহ সংগ্রাম কৰি আহিছে। অসমৰ খিলঞ্জীয়া লােকসকলৰ এই আশংকাৰ প্রতিফলন ঘটিছিল স্বাধীনতাৰ আগৰ ১৯৪২ চনৰ ভূমি নীতিতাে। ১৯৪২ চনৰ ভূমিবন্দৱস্তি নীতিৰ এঠাইত কি আছে তালৈ লক্ষ্য কৰক। 

১। অসমলৈ হােৱা প্ৰব্ৰজন এক নতুন বিষয় নহয়। বিগত ২০ বছৰে বৃহৎ সংখ্যক পূৰ্বংগীয় মূলৰ খেতিয়কে অসমলৈ প্ৰব্ৰজন কৰাৰ ফলত এইসকল লােকৰ উপস্থিতিত অসমৰ খিলঞ্জীয়া আবাসীসকল শংকিত হৈ পৰিছে। বিশেষকৈ পাহাৰৰ পাদদেশত বাস কৰা ফলত এইসকল লােকৰ উপস্থিতিত অসমৰ খিলঞ্জীয়া আৱাসীসকল শংকিত হৈ পৰিছে। বিশেষকৈ পাহাৰৰ পাদদেশত বাস কৰা জনজাতীয় লােকসকলে বহিৰাগত এই লােকসকলকলৈ বেছি আতংকগ্রস্ত হৈ পৰিছে। সেয়েহে স্থানীয় খিলঞ্জীয়াসকলৰ বিশেষকৈ জনজাতীয় লােকসকলৰ সুৰক্ষাৰ বাৰে লাইনব্যবস্থা (Line System ) আৰম্ভ কৰা হৈছিল। আৰু প্ৰব্ৰজনকাৰীসকলক ভূমি দিবলৈ ঔপনিৱেশিক এলেকা’ (Colonisation area) স্থাপনকৰা হৈছিল। 

২। লাইন ব্যৱস্থাক লৈ কংগ্ৰেছ চৰকাৰ আৰু মুছলিম লীগৰ মাজত ভিন্ন মতে দেখা দিছিল আৰু মুছলিম লীগৰ ফালৰপৰা লাইন ব্যৱস্থা উঠাই দিয়াৰ প্ৰস্তাৱ লােৱা হৈছিল। তদুপৰিচৰকাৰে পূৰ্ব-বংগীয় সকলাে খেতিয়কক মাটিৰ বস্তি দিবলৈ যথাযথমাটিৰ অভাৱ তানুভৱ কৰিছিল। ইতিমধ্যেকামৰূপ অঞ্চলৰ বিশেষকৈ বৰপেটাত বৃহৎসংখ্যক পূর্ববংগীয় মূলৰ খেতিয়কক ভূমি বন্দৱক্তি দিয়াৰ পৰিণতিত স্থানীয় লােকসকল সংখ্যালঘু হোৱাৰ উপক্ৰম হৈছিল৩। অসম চৰকাৰে উপক্ৰম হৈছিল। 

৩। অসম চৰকাৰে কিছুসংখ্যক প্রব্রজনকাৰীৰ ভূমি বন্দবস্তিৰ দাবীলৈ লক্ষ্য ৰাখি নিম্নোক্ত শ্ৰেণীৰ লােকসকলক “ঔপনিৱেশিক এলেকাৰ সম্প্ৰসাৰণ কৰি বন্দবস্তি দিয়াৰ সিদ্ধান্ত লয়। 

(ক) যিসকলক পূর্বতে বন্দবস্তি দিয়া হৈছিল, অথচ সেইভূমি ব্রহ্মপুত্র বা আন নদীৰ খহনীয়াত জাহ গৈছে। (খ) যিসকলে আইনগত বাধা থকা সত্ত্বেও ৰুদ্ধ গাও (Closed village) ত একচনীয়া মাটি (একচনীয়া মাটি আইনগতভাৱে হস্তান্তৰ কৰিব নােৱাৰি) মাটি কিনিছে আৰু এনে লােকৰ ধাৰাবাহিক উপস্থিতিৰ ফলত থলুৱা সংখ্যাগৰিষ্ঠ লােকৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা আছে, তেনে ক্ষেত্ৰত প্রশাসনিক স্বাৰ্থত এনে লােকক উচ্ছেদ কৰিব লাগে।

অসম চৰকাৰৰ পৰবৰ্তী ভূমি নীতিবােৰৰাে কেন্দ্রীয় বিষয় আছিল খিলঞ্জীয়া ভুমিহীন লােকক ভূমি আবণ্টন বা বন্দৱক্তি দিয়া তথা যথাসম্ভৱ বিধিগত ব্যৱস্থাৰে অসমৰ জনজাতীয়-অজনজাতীয় স্থানীয় লোকৰ স্বাৰ্থ সুৰক্ষিত কৰা। ১৯৮৯ চনত অর্থাৎ অসম গণ। পৰিষদ চৰকাৰৰ আমােলত যিখন ভূমি নীতি প্রস্তুত কৰা হৈছিল তাৰ এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আছিল যে এনেধৰণৰ চৰকাৰৰ জিম্মাত থকা ভূমি খিলঞ্জীয়া ভূমিহীন খেতিয়কক সাধাৰণ খেতি কৰিবলৈ আবণ্টন দিয়া হ'ব। খেতিয়কজনে একেৰাহে তিনিবছৰ কাল খেতি কৰাৰ পিছত চৰকাৰে যদি সেই মাটি যি কাৰণত আবণ্টিত কৰা হৈছিল  সেইমতে ব্যবহৃত হয় তেন্তে তেনে মাটিত খেতিয়কজনক বন্দবস্তি দিব পাৰে। ইতিমধ্যে আবণ্টন দিয়া মাটিৰ ক্ষেত্ৰত ৩ বছৰ অতিক্ৰম হ'লে আৰু উল্লিখিত চর্ত পূৰণ হ'লে বন্দবস্তি দিয়া হ'ব।
এতিয়া আহিছে কৃষিভূমি হস্তান্তৰৰ ক্ষেত্ৰত থকা নিষেধৰ প্ৰসংগলৈ। অসম ভূমি ৰাজহ অধিনিয়ম ১৮৮৬ৰ কাৰ্যবাহী নির্দেশ নং ৬ত ইতিমধ্যে কৃষিভূমি অ-কৃষিভূমিলৈ হস্তান্তৰ কৰিব নােৱৰাৰ নিয়মাৱলী উল্লেখ কৰা হৈছে। এইকাৰ্যবাহী নির্দেশ অনুযায়ী কোনাে খেতিয়কে নিজৰ কৃষিভূমি অকৃষিকার্যলৈ হস্তান্তৰ কৰিব | বিচাৰিলে আগতীয়া অনুমতি লব হৈছে। উল্লিখিত অসম ভূমি ৰাজহ অধিনিয়মৰ কাৰ্যবাহী নির্দেশটো এনেধৰণৰ ‘৬ সাময়িক খিৰাজ লীজৰ ভূমি হস্তান্তৰৰ বাধা নিষেধ। ১৯১৯ চনৰ ২৭ ছেপ্টেম্বৰৰ পিছত যিবোৰ লীজ দিয়া হৈছে তাত এক নং দফাত (Clause) আছে যিয়ে হস্তান্তৰ নিষেধ কৰিছে। যদি লীজৰ অধিকাৰীজন এগৰাকী বৃত্তিগত খেতিয়ক হয় তেন্তে জিলাধিপতি আগতীয়া অনুমতি নােলােৱাকৈ তেনে মাটিবৃক্তিগতভাৱে যি খেতিয়ক নহয় তেনে লােকৰ হাতলৈ হস্তান্তৰ কৰিব নােৱাৰে।। এই কার্যবাহী নির্দেশটোকে সাৰােগত কৰি অসম চৰকাৰে বিগত | বৰ্ষত যিখন ভূমি নীতি প্রস্তুত কৰিছিল (land policy 2019)।  তাৰ ৯নং দফাৰ (Restrictions on Transfer of Agricultural Land) ৯.২ উপদফাত কৃষিভূমিত খেতিয়কৰ হাতৰপৰা অখেতিয়কলৈ যােৱাত নিষেধ ব্যৱস্থা অধিক কটকটীয়া কৰাৰ প্রতিশ্রুতি দিছে।  ইয়াত কোৱা হৈছে যে জিলা উপায়ুক্তই সাময়িক পট্টাৰ মাটি এগৰাকী কৃষিজীৱীৰপৰা অকৃষিজীৱীলৈ হস্তান্তৰ কৰাৰ ক্ষেত্রত অসম ভূমি ৰাজহ অধিনিয়ম ১৮৮৬ ৰকাৰ্যবাহী নির্দেশনং ৬ৰ উপবন্ধ বা আন ভূমি আইন উলংঘন কৰি অনুমতি প্রদান নকৰিব। প্রয়ােজন সাপেক্ষে বর্তমানে থকা আইনৰ যথাযথ সংশােধন ঘটাই এগৰাকী কৃষিজীৱীৰ কৃষিভূমি অকৃষিজীৱীৰ হাতলৈ হস্তান্তৰিত হােৱা ব্যৱস্থাৰ পৰীক্ষণ শক্তিশালী কৰি তােলাৰ প্রচেষ্টা গ্রহণ কৰা হব। আৰু একেদৰে ৰাজ্যখনৰ খিলঞ্জীয়া জনগােষ্ঠীসমূহৰ ভূমি সুৰক্ষিত কৰাৰাে ব্যৱস্থা লােৱা হ'ব।  (9.2Further, the Deputy Commissioners shall not accord permission for transfer of land under periodic lease belonging to an agriculturist land holder to a person who is not an agriculturist contravention of provisions under the Assam Land and Revenue Regulation, 1886 and other land laws. Endevour shall be made to bring suitable amendments in existing laws if necessary to further strengthen the measures to check transfer of agricultural land belonging to agriculturists to the non-agriculturists and also for protecting land belonging to indigenous communities of the state.')

অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি সুৰক্ষিত কৰাৰ স্বাৰ্থত অসম চৰকাৰে গঠন কৰি দিয়া Committee for protection of Land Rights of Indigenous people of Assam শীর্ষক কমিটীৰ প্রতিবেদনতাে কৃষিভূমি অকৃষি কার্যলৈ হস্তান্তৰ নকৰিবলৈ অনুমােদন কৰা হৈছে। ড° ৰােহিণী কুমাৰ বৰুৱা, অনিল কুমাৰ ভট্টাচার্য, অজয় কুমাৰ দত্ত আৰু ড° ৰমেশ বৰপাত্ৰগােহাঁইৰ দ্বাৰা অসম চৰকাৰৰ হাতত জমা দিয়া চূড়ান্ত প্রতিবেদন "Highlights Recommendations'ৰ ১২.৩নং দফাত "Ban on Transfer of Land in any for a citizen to Non-citizens, Agricultural land for non-Agricultural purposes, from Indigenous to protected class to Non-protected class of persons' ত উপদেশ প্রদান কৰিছে।

অসমৰ খিলঞ্জীয়া লােকৰ ভূমি সংৰক্ষণৰ প্রতিশ্রুতি দিয়া অসম ৰকাৰে তেন্তে এতিয়া ওলােটা খৰ মাৰিছে কিয়? ২০১৯ৰ ভূমি নীতি ঘােষণা, হৰিশংকৰব্ৰহ্ম কমিটীগঠন, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে শক্তিশালী কমিটী গঠন কৰা আদি সকলােবােৰ চুড়ান্ত পর্যায়ৰ মিথ্যাচাৰ আৰু ভণ্ডামিহে আছিল নেকি! সকলাে অঞ্চলৰ কৃষি ভূমি বণিয়া উদ্যোগীৰ হাতলৈ এৰি দিলে, তিনিবছৰৰ পিছত অসমৰ খিলঞ্জীয়া খেতিয়কৰ হাতত মাটি থাকিব জানাে! ক'ৰোনা, বানপানী, গৰাখহনীয়া আদিত বিধ্বস্ত হৈ পৰা অসমৰ থলুৱা খেতিয়কে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি বিনা বাধাই নিজৰ মাটি বিক্ৰীকৰাত নামি  পৰিব বুলিয়েই অসম চৰকাৰে এই সময়ত এই নীতিৰে পৃষ্ঠপােষকতা আগবঢ়াইছে নেকি ? নাগৰিকত্ব (সংশােধনী) আইনৰ জৰিয়তে অসমৰ থলুৱা জাতিজনগােষ্ঠীসমূহক অস্তিত্বৰ তীব্র সংকটলৈ ঠেলি দিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে সম্প্রতি অসমৰ অসমৰ থলুৱা জাতি-জনগােষ্ঠীসমূহক অস্তিত্বৰ তীব্র সংকটলৈ ঠেলি দিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে সম্প্রতি অসমৰ খিলঞ্জীয়া মানুহক অবশিষ্ট মাটিভেটিৰ পৰাও উছন কৰিবলৈ বিচাৰিছে নেকি?
(লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিশ্লেষণাত্মক নিবন্ধকাৰ। তেখেতৰ ই-মেইলঃ kishorassam@gmail.com, লেখাটি দৈনিক অসম কাকততো পূৰ্বতে প্ৰকাশ পাইছে।)

No comments:

Post a Comment