বিশ্লেষণঃ পাৰিবেশিক প্রভাৱ নিৰূপণৰ নতুন খচৰা আৰু ভৱিষ্য সংকট :: কিশােৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ পাৰিবেশিক প্রভাৱ নিৰূপণৰ নতুন খচৰা আৰু ভৱিষ্য সংকট :: কিশােৰ কুমাৰ কলিতা

বিশ্লেষণঃ পাৰিবেশিক প্রভাৱ নিৰূপণৰ নতুন খচৰা আৰু ভৱিষ্য সংকট :: কিশােৰ কুমাৰ কলিতা

Share This
পাৰিবেশিক প্রভাৱ নিৰূপণৰ নতুন খচৰা আৰু ভৱিষ্য সংকট
কিশােৰ কুমাৰ কলিতা
ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রালয়ে যােৱা ২৩ মার্চত প্ৰকাশ কৰা পাৰিবেশিক প্রভাৱ নিৰূপণ অধিসূচনা (The Environment Impact Assessment Notification,2020) বা চমুকৈ ই। আই এ,২০২০ ৰ সন্দৰ্ভত সম্প্রতি দেশজুৰি ভালেমান বাদানুবাদ সৃষ্টি হৈছে। ভাৰতৰ পৰিবেশ সুৰক্ষা আইন, ১৯৮৬ (The Environment Protection Act) ৰ ৩ নং ধাৰাৰ অধীনত জাৰি কৰা এই খচৰা অধিসূচনাখনৰ সন্দৰ্ভত আপত্তি আৰু মতামত দর্শোৱাৰ বাবে ২০২০ চনৰ ১১ এপ্রিলত চৰকাৰী ৰাজপত্ৰত অধিসূচনা জাৰি কৰা হৈছিল। 
উল্লিখিত মন্ত্রালয়ে ক'ৰ'না অতিমাৰীৰ বাবে দিয়া তলাবন্ধৰ সময়ছােৱাত এই অধিসূচনাখন প্ৰকাশ কৰাক লৈ। আৰু মতামতৰ বাবে তেনেই কম সময় ধার্য কৰাক লৈ নাগৰিক সমাজ, বিদ্যায়তনিক অনুষ্ঠান আৰু পৰিবেশিক অন্যান্য সংস্থাবােৰে ভালেমান ওজৰ-আপত্তি দর্শোৱাত মন্ত্রালয়ে বিগত মে মাহৰ ৮ তাৰিখে (উল্লেখ্য যে পােনতে মতামত দিয়াৰ শেষ তাৰিখ ধার্য কৰা হৈছিল ১১ মে) আন এখন অধিসূচনা যােগে এই ই আই এ সম্পর্কে মতামত দিয়াৰ সময়সীমা ৩০ জুনলৈ বঢ়াই দিবলৈ বাধ্য হয়।

তলাবন্ধৰ সময়ত দেশৰ নাগৰিকসকলে যথাযথ মতামত আৰু আপত্তি দর্শাব নােৱৰাৰ অজুহাততে চৰকাৰে অধিসূচনাখন আইনলৈ পৰিণত কৰাৰ পথ প্রশস্ত কৰিছে বুলি অভিযােগ উত্থাপন কৰি ন্যায়ালয়ত গােচৰ ৰুজু কৰা হল। এনে অভিযােগ আৰু গােচৰৰ পৰিপ্ৰেক্ষিতত যােৱা ৩০ জুন তাৰিখে দিল্লী উচ্চ ন্যায়ালয়ে ই আই এ,২০২০ ৰ সন্দৰ্ভত আপত্তি আৰু মতামত দিয়াৰ সময়সীমা ১১ আগষ্টলৈ বৃদ্ধি কৰে। কর্ণাটক উচ্চ ন্যায়ালয়ত ইউনাইটেড কনজার্ভেছন মুভমেন্ট নামৰ এক সংস্থাই সময়সীমা বঢ়োৱাৰ বাবে যি এক আবেদন দাখিল কৰিছিল সেইখনৰ সন্দৰ্ভত ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ অভয় অকা আৰু ন্যায়াধীশ এম নাগপ্রসন্নৰ খণ্ড আদালতে মতামত ব্যক্ত কৰি কৈছিল যে অতিমাৰীৰ এই সময়ত অধিসূচনা কেৱল চৰকাৰী ৰাজপত্ৰ আৰু ৱেবছাইটতে সীমাবদ্ধ হৈ থাকিব নােৱাৰে। কেন্দ্রীয় চৰকাৰে পাৰিবেশিক সুৰক্ষা নিয়মাৱলীৰ অধীনত ক্ষমতা প্রয়ােগ কৰিব পাৰে আৰু মাৰ্চ মাহৰ ২৩ তাৰিখৰ ই আই এ ৰ অধিসূচনাখন ব্যাপক প্রচাৰ কৰিব পাৰে যাতে নাগৰিকসকলে ২০২০ চনৰ ১১ আগষ্টৰ আগলৈ আপত্তি। দর্শাব পাৰে। অধিসূচনাখনৰ সন্দৰ্ভত চৰকাৰৰ সদিচ্ছালৈ সন্দেহ প্রকাশ কৰি খণ্ড আদালতে পুনৰ চৰকাৰী পক্ষক কৈছিল— “আপােনালােকৰ অভিপ্রায় আপােনালােকৰ কাৰ্যত প্রতিফলিত হ’ব লাগে। আপােনালােকৰ অভিপ্রায় মাথাে কাগজতে সীমিত হৈ থকাটো উচিত নহয়। যদিহে ২৩ মার্চৰ অধিসূচনাখনৰ প্ৰচাৰ স্থানীয় ভাষাত কৰা হােৱা নাই তেন্তে অধিসূচনাখন প্রকাশ কৰাৰ মূল উদ্দেশ্যটোৱে ব্যর্থ হ’ব।”

অর্থাৎ পাৰিবেশিক এই অধিসূচনাখন মতামত আৰু আপত্তি দর্শোৱাৰ পৰ্যায়ত থাকোতেই কেন্দ্রীয় চৰকাৰখনে ন্যায়ালয়ৰ সমালােচনাৰ মুখামুখি হ'ব লগাত পৰিছে। তলাবন্ধৰ সময়ত মােটামােটিভাৱে সংগােপনে আৰু সন্তর্পণে জাৰি কৰা (আমি জনাত এতিয়ালৈকে অধিসূচনাখন অসমীয়া ভাষাত প্ৰকাশ কৰা হােৱা নাই) এই অধিসূচনাখন। তেন্তে পৰিবেশ সুৰক্ষাৰ স্বাৰ্থত প্রণয়ন কৰা হৈছে নে পৰিবেশ সুৰক্ষা বিধিসমূহক উলংঘন কৰিবলৈ? আমাৰ এই শংকা কি পৰিপ্ৰেক্ষিতত মনৰ ভিতৰত জন্মিছে তাৰ এক ব্যাখ্যা দাঙি ধৰাৰ স্বাৰ্থত অধিসূচনাখনৰ কিছুমমান গুৰুত্বপূর্ণ উপবন্ধলৈ আহিছাে। প্রস্তাৱিত এই অধিসূচনাখনে যেতিয়া শেষ পর্যায়ত জাননীকৃত হ’ব তেতিয়া ই বর্তমানে বলৱৎ হৈ থকা দেশৰ দ্বিতীয়খন ‘পাৰিবেশিক প্রভাৱ নিৰূপণ অধিসূচনা ২০০৬ (EIA Notification 2006) ৰ স্থলাভিষিক্ত হ'ব। বিগত কেবাটাও বছৰত ৰাষ্ট্ৰীয় সেউজ প্রাধিকৰণ (NGT) ত পূৰ্বৰ ২০০৬ চনৰ ই আই এ (EIA) অধিসূচনাৰ বহুতাে উপবন্ধক প্রত্যাহ্বান জনােৱা হৈছিল আৰু প্ৰাধিকৰণত দাখিল কৰা এনে ন্যায়িক প্রত্যাহানবােৰৰ পৰিণতিতে পৰিবেশ আৰু বন মন্ত্রালয়ে নিয়ম সলনি কৰিবলৈ বাধ্য হৈছিল। ২০২০ চনৰ অধিসূচনাখনৰ পাতনিতে মন্ত্ৰালয়ৰ ফালৰপৰা কোৱা হৈছে— ২০০৬ চনৰ অধিসূচনাখন থকাৰ পিছতাে পাৰিবেশিক বিধি উলংঘনৰ অলেখ ঘটনা সংঘটিত হৈছিল বাবে এনে উলংঘনৰ ঘটনাসমূহক প্ৰাৰম্ভিক পর্যায়তে নিয়ন্ত্রণ কৰিবলৈ ২০২০ ৰ অধিসূচনাখন জাৰি কৰা হৈছে। দুর্ভাগ্যৰ কথা যে বাস্তৱত ২০২০ ৰ অধিসূচনাত তেনে এক বাস্তৱিক প্রয়াস দেখা নগ'ল। বৰঞ্চ প্রথম (১৯৯৪ চনৰ) আৰু ২০০৬ চনৰ দ্বিতীয় অধিসূচনাৰ লেখিয়াকৈ ২০২০ ৰ অধিসূচনাতাে পাৰিবেশিক প্রভাৱ নিৰূপণ কৰা প্ৰক্ৰিয়াটো পূর্ববর্তী পাৰিবেশিক অনুমতি (prior environment clearance) বা পূর্বৱর্তী পাৰিবেশিক অনুজ্ঞা (prior environment permission) প্রক্রিয়াৰ একেবাৰে শেষৰফালে সন্নিবিষ্ট কৰা হ'ল। ইয়াৰ ফলত সমগ্র প্রক্রিয়াটোত জনগণে সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ সুযােগক একেবাৰে ন্যূনতম কৰি পেলােৱা হ'ল। এই অধিসূচনাখনত আমি দেখা গুৰুত্বপূর্ণ কিছু আসােৱাহ এনে ধৰণৰ

(১) কার্যোত্তৰ পৰিবেশ অনুমতি (Ex-post Facto EC): ২০১৭ চনত পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রালয়ে এক জাননীযােগে পৰিবেশ অনুমতি নথকাকৈ অবৈধভাৱেকাম চলাই থকা প্রকল্পবােৰক কার্যোত্তৰ পৰিবেশ অনুমতি প্রদানৰ এক প্রস্তাৱ আগবঢ়ায়। এই নিয়মৰ সুযােগ লৈ সমগ্ৰ ভাৰতবৰ্ষত কেবাশ প্রকল্পই সহজেই। যাৱতীয় অনুমােদন লাভ কৰে। ২০২০ চনৰ ৰ এপ্রিলত মহামান্য উচ্চতম ন্যায়ালয়ে কার্যোত্তৰ অনুমতি প্রদান ধাৰণাটোক নাকচ কৰি এনে অনুমােদনবােৰক অবৈধ বুলি ঘােষণা কৰে।

ইয়াৰ আগতে ৰাষ্ট্ৰীয় সেউজ প্রাধিকৰণে এনে ধৰণে দিয়া পৰিবেশ অনুমতিক বে-আইনী বুলি ঘােষণা কৰি কেইবাটাও প্রকল্প অনুমােদন বাতিল কৰিছিল। দুখৰ কথা যে ২০২০ৰ অধিসূচনাত এনে কার্যোত্তৰ পৰিবেশ অনুমতিক পৰােক্ষভাৱে বৈধতাহে প্রদান কৰা হৈছে। পাৰিবেশিক তথা অন্যান্য বিধি ভংগ কৰি অনুমতিবিহীনভাৱে প্রকল্প বা উদ্যোগ চলাই যােৱা কাৰ্যক আর্থিক ক্ষতিপূৰণ আদিৰে নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা ৰখা হৈছে এই অধিসূচনাত। অর্থাৎ এতিয়াৰে পৰা কোনাে উদ্যোগ নীতি বহির্ভূতভাৱে স্থাপন হলেও বা পাৰিবেশিক বিধি উলংঘন কৰিলেও সেইবােৰে ক্ষতিপূৰণ আদায় দি পৰৱৰ্তী সময়ত নিজৰ কাৰ্যক বৈধ কৰি লব পাৰিব।

সার্বজনীন পৰামর্শ (public consultation): দেখা গৈছে যে এই নতুন অধিসূচনাখনত সাধাৰণ লােকক নিজৰ মতামত দিবলৈ মার্থে ২০ দিনহে সময় প্রদান কৰা হৈছে, যি পূৰ্বৰ ২০০৬ চনৰ অধিসূচনা অনুসৰি আছিল ৩০ দিন। একেদৰে সার্বজনীন পৰামর্শ প্রদানৰ সমগ্ৰ প্রক্রিয়াটো সমাপন কৰিবলৈ নতুন অধিসূচনাখনত ৪০ দিনৰ সময় প্রদান কৰা হৈছে, যি পূর্বৰ ২০০৬-ৰ অধিসূচনা অনুসৰি আছিল ৪৫ দিনৰ। তাৎপর্যপূর্ণভাৱে, নতুন অধিসূচনাৰ ১৪ (৮) নং অনুচ্ছেদে সার্বজনীন পৰামর্শ প্রদান প্রক্রিয়াটোকে পৰিহাৰ কৰাৰ এক সুৰুঙা প্রদান কৰিছে। এই অনুচ্ছেদ। অনুসৰি সার্বজনীন পৰামৰ্শ আহ্বান বা আয়ােজন কৰা সংস্থাই (ৰাজ্যিক বা কেন্দ্রীয় শাসিত অঞ্চলৰ প্ৰদূষণ নিয়ন্ত্রণ ব’র্ড) যদিহে কোনাে অঞ্চলৰ পৰিস্থিতিৰ বাবে এনে সার্বজনীন পৰামর্শ গ্রহণ কৰিবলৈ অপৰাগ হয়, তেন্তে তেনে সংস্থাই এই কথা নিয়ন্ত্রক কর্তৃপক্ষ (Regulatory Authority)ক অৱগত কৰিব। তেতিয়া নিয়ন্ত্রক কর্তৃপক্ষই ইয়াৰ তলতীয়া নােহােৱা আন কোনাে সংস্থাক এই দায়িত্ব অর্পণ কৰিব। যদিহে উক্ত সংস্থায়াে নির্দিষ্ট সময়ৰ ভিতৰত তেনে সার্বজনীন পৰামৰ্শ আয়ােজন কৰাত বিফল হয়, তেন্তে সেই সংস্থাই বিষয়টো নিয়ন্ত্রক কর্তৃপক্ষক অৱগত কৰিব। নিয়ন্ত্রক কর্তৃপক্ষই এনে সংস্থাই কিয় সার্বজনীন পৰামৰ্শ আয়ােজন কৰিব নােৱাৰিলে, তাৰ প্রতিবেদন বিবেচনা কৰি ৰাজহুৱা শুনানি’ৰ ক্ষেত্ৰত ‘সার্বজনীন পৰামর্শ প্রদান প্রক্রিয়াটো বাদ দিব পাৰে। অর্থাৎ তেনে এক পৰিৱেশত সাধাৰণ মানুহ, বিশেষজ্ঞ, পৰিৱেশবিদ আদিয়ে লিখিত মতামত দিব পাৰিব যদিও কোনাে প্রকল্পৰ দ্বাৰা প্রত্যক্ষভাৱে ক্ষতিগ্রস্ত হ'ব পৰা লােকে প্রকল্পটোৰ ক্ষেত্ৰত পৰামর্শ দিব নােৱাৰিব। সন্দেহ নাই যে সমাগত সময়ত দেশখনৰ দৰিদ্র, অশিক্ষিত, কথা কোৱাৰ সুযােগ নােপােৱা লােকসকলক খুউব কৌশলৰে উল্লিখিত অনুচ্ছেদৰ সুযােগত পৰিকল্পিতভাৱে মতামত প্রকাশৰ স্বাধীনতাৰপৰা বঞ্চিত কৰি ৰখা হ'ব। 

স্ববাধ্যতা (Self Compliance) : পূৰ্বৰ ২০০৬ চনৰ অধিসূচনা অনুসৰি প্রকল্প প্রস্তাৱক (project proponent) সকলে প্রতি ছমাহৰ মূৰে মূৰে প্রতিবেদন দাখিল কৰিব লগা হৈছিল। তেওঁলােকে যে পূর্বৱতী পাৰিৱেশিক অনুমতি বা অনুজ্ঞা অনুসৰি প্ৰকল্পৰ কাম চলাই আছে, তাক নিয়ন্ত্রক কর্তৃপক্ষক অৱগত কৰাবলৈ এনে প্রতিবেদন। দিয়াৰ ব্যৱস্থা কৰা হৈছিল। কোনাে চৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা সত্য নিৰূপণ (verification) কৰাৰ সলনি প্রকল্প প্রস্তাৱকক নিজস্বকৈ প্রতিবেদন দাখিল কৰাৰ ব্যৱস্থাটোক লৈ পূর্বৰেপৰা ভালেমান সমালােচনা হৈছিল। এনে সমালােচনাক গুৰুত্বসহকাৰে লােৱাৰ সলনি চৰকাৰে সম্প্রতি একেই ব্যৱস্থাটো বাহাল ৰাখিলে। 

আশ্চর্যজনকভাৱে ছমাহৰ ঠাইত সময় বঢ়োৱা হ'ল এবছৰ পর্যন্ত। প্রতিবেদন দাখিলৰ সময় এবছৰীয়া কৰাৰ ফলত পাৰিৱেশিক বহু ক্ষতি, সামাজিক বা স্বাস্থ্যগত কু-প্রভাৱ আদি নিয়ন্ত্রক কর্তৃপক্ষৰ অগােচৰে থাকি যাব। পৰৱৰ্তী সময়ত ক্ষতিপূৰণ বা শাস্তি। আদি বিহিলেও পৰিৱেশ, সমাজ বা স্বাস্থ্যৰ ক্ষেত্ৰত যি কুপ্রভাৱ পৰিব, তাক হয়তাে নিৰসন কৰিব পৰা নাযাব। ৰেহাইৰ নতুন তালিকা ও ভাৰতবৰ্ষৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ‘Vellore Citizen Welfare Forum vs Union of India' শীর্ষক গােচৰটোত কৈছিল যে দেশৰ উন্নতিৰ বাবে কোম্পানীবােৰ আৱশ্যকীয় যদিও প্ৰদূষণৰ প্রতি লক্ষ্য ৰাখি আমি সুষম বিকাশ’ৰ নিচিনা ধাৰণা গ্ৰহণ কৰিব লাগে। পাৰিৱেশিক, সামাজিক, স্বাস্থ্য আদি বিষয়ক গুৰুত্বসহকাৰে লােৱাৰ পিছতহে যদি পাৰিৱেশিক অনুমতি দিয়া হয়, তেতিয়াহে চৰকাৰে সুষম বিকাশৰ হকে কাম কৰা বুলি ধৰিব পাৰি। দুর্ভাগ্যৰ কথা যে এনে এক ধাৰণা আঁকোৱালি লােৱাৰ সলনি ২০২০ ৰ উল্লিখিত অধিসূচনাত ভালেমান প্রকল্প আৰু উদ্যোগক ই আই এৰ আওতাৰ বাহিৰত ৰখা হৈছে। একেদৰে অজস্র উদ্যোগ, কাৰখানা আৰু উন্নয়নমুখী প্রকল্পক পূর্বৱতী পাৰিৱেশিক অনুমতি বা অনুজ্ঞা নােহােৱাকৈ কার্য কৰা, আধুনিকীকৰণ কৰা, বিস্তাৰণ কৰা আদিত অনুমােদন জনােৱা হৈছে। এনে কিছু ৰেহাই পােৱা প্ৰকল্পৰ ভিতৰত আছে কয়লা আৰু অকলা খনিজ অন্বেষণ (coal and non-coal mineral prospecting), উদ্যোগিক সম্পত্তি (Industrial Estate: যাৰ এলেকা ৫০০ হেক্টৰতকৈ কম আৰু য'ত অধিসূচনাৰ অনুসূচীত উল্লেখিত A, B1 আৰু B2 প্রকল্প কোনাে গৃহ নাথাকিব), তাপশক্তি উৎপাদন কেন্দ্র (Using Waste Heal Recovery Boilers (WHRB) Without any Ausilary fuel) ইত্যাদি। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰিপ্ৰেক্ষিতত কয়লা, বালি আৰু নদীবক্ষ খননৰ বাবে তথা মুখ্য আৰু গৌণ খনিজসমূহৰ খননৰ বাবে যদি কিছুমান প্রকল্পক ই আই এৰ আওতাৰ বাহিৰত ৰখা হয় তেন্তে। তেনেবােৰ প্রকল্পই সমাগত সময়ত নিঃসন্দেহে আমাৰ দৰে জৈৱবৈচিত্ৰৰ সমাহাৰপূৰ্ণ এলেকাত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব। অসম তথা উত্তৰ-পূব ভাৰতৰ বাসিন্দাসকলে সেয়েহে এই অধিসূচনাখনৰ সন্দৰ্ভত যথাযথ মতামত আৰু আপত্তি দর্শোৱাতাে অতিকৈ জৰুৰী।

(লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু বিশিষ্ট নিৱন্ধকাৰ; 
e-mail: kishorassam@gmail.com)

লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবৰ বাবে ক্লিক কৰকঃ

No comments:

Post a Comment