মনৰ কথাঃ অখিল গগৈৰ গতি-গোত্ৰঃ এক সৰল বিশ্লেষণ :: গৌতম বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ অখিল গগৈৰ গতি-গোত্ৰঃ এক সৰল বিশ্লেষণ :: গৌতম বৰদলৈ

মনৰ কথাঃ অখিল গগৈৰ গতি-গোত্ৰঃ এক সৰল বিশ্লেষণ :: গৌতম বৰদলৈ

Share This
অখিল গগৈৰ গতি-গোত্ৰঃ এক সৰল বিশ্লেষণ 
গৌতম বৰদলৈ
চ'চিয়েল মেডিয়া যোগে মোক ভাইটি এজনে সুধিছে, " আপুনি অখিল গগৈৰ বিষয়ে কিয় নিলিখে?" মই স্পষ্টবাদী। মানুহে ভাল পালে বা বেয়া পালে উপায় নাই। কথাবোৰ যিদৰে সৰলকৈ বুজিছো, তেনেকৈয়ে মনৰ কথা হিচাবে ইয়াত লিখিবলৈ চেষ্টা কৰিছো।

স্পষ্ট কথা, মই আন্দোলন , সংগঠন, চান্দা আদিৰ পক্ষপাতী নহয়। আন্দোলন যদি হোৱা উচিত তেনে কৰ্মসংস্কৃতিৰ আন্দোলন হ'ব লাগে। অৰ্থনৈতিক সবলতাৰ আন্দোলন হ'ব লাগে। স্বাৱলম্বিতাৰ আন্দোলন হ'ব লাগে। আৰু লগতে আন্দোলন কৰা কিছুমানে কালিলৈ যাৰ বিৰুদ্ধে আন্দোলন কৰিছিল, তেওঁলোকৰ দলত গৈ গামোচা লৈ চামিল হোৱা ফটো কিছুমানো আমি দেখিব নেলাগে। ভোটদানৰ আগদিনা ক্ষুদ্ৰ ব্যক্তিস্বাৰ্থৰ লোভত সিদ্ধান্ত সলনি কৰি যাৰ বিৰূদ্ধে আন্দোলন কৰিছিল, তেওঁলোককেই ভোট দিয়া বুলিও শুনিব নেলাগে। এনে ওলোটা ভাওনাই সমাজৰ মন ভাঙে।

মই অখিল গগৈ সম্পৰ্কে বিশেষ নেজানো। কৃষক মুক্তি সংগ্ৰাম সমিতিয়েনো কৃষকৰ মুক্তিৰ বাবে কি কি কৰিছে মই তেনেকৈ নেজানো। মুক্তি মানে হয়তো ইংৰাজীৰ Empowerment. কাজিৰঙাত এখন অৰ্কিড পাৰ্ক স্থাপন কৰাৰ কথা শুনিছোঁ। এইটো সঁচাই ভাল কথা, সজ-কৰ্ম। এয়া বিশ্ববাসীক আমাৰ Biodiversity আৰু Tourism Potential ডাঙি ধৰা এক Unique উদাহৰণ। ই Orchid conservationৰ দিশতো এক উল্লেখনীয় পদক্ষেপ যিটো আচলতে চৰকাৰী বিভাগে বহু যুগ আগতেই ল'ব লাগিছিল। অখিল গগৈৰ এই পদক্ষেপে নিশ্চয় পৰ্যটন উদ্যোগৰ বিকাশৰ দিশত অলপ হ'লেও অৰিহণা যোগাইছে।

বন্ধু দুজনমানে জনোৱা মতে তেওঁলোকে অৰ্কিড পাৰ্কত আহাৰ গ্ৰহণ কৰি ভাল নেপালে। কিয় ভাল নেপালে মই নেজানো। খাদ্যৰ মান ভাল হ'লে পৰ্যটকৰ পৰা অধিক সমাদৰ লাভ কৰিব। মই সুযোগ পালেই নিজে গৈ এবাৰ চাই আহিম।

গুৱাহাটীত কিছুমান কৃষি সামগ্ৰীৰ দোকান খোলা বুলি শুনিছিলোঁ।  প্ৰকৃত কৃষকক উচিত দাম পোৱাৰ নিশ্চয়তা দিয়াৰ আৰু সাধাৰণ গ্ৰাহকক সুলভ মূল্যত যোগান ধৰাৰ। এইটোও এটা ভাল পদক্ষেপ। কিন্তু প্ৰকৃত স্বাৱলম্বিতা তেতিয়াহে আহিব যেতিয়া খাদ্য উৎপাদনৰ পিছত সংৰক্ষণ, পৰিবহণ, বিতৰণ, বিপনন আদিৰ এক সুন্দৰ Network স্থাপন কৰা হ'ব। এইটো দিশত কৃষক মুক্তিয়ে কি কি পদক্ষেপ লৈছে জানিব পাৰিলে ভাল লাগিব।

এতিয়াও ৰঙালাওৰ গ্ৰাহক পোৱা নাই, বিলাহীৰ গ্ৰাহক পোৱা নাই, ক্ৰুয়লাৰ মূৰ্গীৰ গ্ৰাহক পোৱা নাই আদি বাৰ্তা চ'চিয়েল মেডিয়াত পঢ়িয়েই থাকোঁ। কৃষিৰ উপজাত সাম্গ্ৰী সমূহে বজাৰ লাভৰ দিশত এনে সংগঠনে কি আৰু সদৰ্থক ভূমিকা লৈছে সেই কথা জানিবলৈকো মই ইচ্ছুক।

কা' বিৰোধী আন্দোলনৰ সময়ত বহুত ৰাজহুৱা সামগ্ৰী ধ্বংস কৰা পৰিলক্ষিত হ'ল। কোনে কৰিলে মই নেজানো। কিন্তু অসমীয়াৰ সম্পত্তি অসমীয়াই ধ্বংস কৰাৰ পিছত কাৰ লাভ হ'ল? আনকি মই নিজৰ কষ্টৰ উপাৰ্জনৰ ধনেৰে লগোৱা টায়াৰৰ ডাস্তবিনো জ্বলোৱা হ'ল। অসমৰ আকাশ বতাহ টায়াৰৰ ধোঁৱাৰ প্ৰদূষণেৰে ভৰি পৰিল। কোনে এইবিলাক কৰি অসমৰ আকাশ বতাহ প্ৰদূষিত কৰিলে মই নেজানো।

যদি শাসনাধিষ্ট দলে কা' আইন আনিম বুলি মেনিফেস্টোত উল্লেখ কৰিছিল, তেন্তে সেইদলক জয়যুক্ত কৰি ৰাজসভালৈ কোনে পঠাইছিল? যদি আমিয়েই পঠাইছিলোঁ, তেনে এতিয়া আফচোচ কৰাৰ থল ক'ত? সোধক প্ৰশ্নবিলাক। নিজকেই সোধক।

এতিয়া আহোঁ অখিল গগৈৰ প্ৰসঙ্গলৈ। মই উইকিপিডিয়াত তেখেতৰ বিষয়ে পঢ়িলোঁ। তেওঁ Sanmugam Manjunath Integrity Award প্ৰাপ্ত একমাত্ৰ অসমীয়া। তেওঁ Public Works Research Foundationৰ পৰা RTI award পোৱা একমাত্ৰ অসমীয়া। RTI Actতো  ভাৰত চৰকাৰেই অনা।গতিকে চৰকাৰী এক পদক্ষেপৰ এজন ধ্বজাবাহী হিচাপে পুৰস্কাৰ পোৱাতো এক দেশভক্তিৰে প্ৰমাণ। উইকিপিডিয়া মতে তেখেত এজন Anti corruption crusader (দুৰ্নীতি বিৰোধী যোদ্ধা) এইটোতোও এটা ভাল কথাই। দেশত দুৰ্নীতি কম হ'লে প্ৰগতি হ'ব। গতিকে এই কামো দেশভক্তিৰে উদাহৰণ বুলিহে গণ্য কৰিব পাৰি।

চৰকাৰী বিভাগসমূহত দুৰ্নীতি কৰি অসমৰ প্ৰগতিৰ পথত হেঙাৰ হোৱা বা প্ৰতিটো চৰকাৰী স্কিমত সুবিধা পালেই লুটপাত কৰি নিজ ৰাজ্যৰ উন্নতি স্তিমিত কৰা যদি মানুহ আছে, তেন্তে তেনে মানুহবিলাক কাৰাগাৰৰ ভিতৰত নে বাহিৰত? যোৱা এবছৰৰ ধৰ্ষণকাৰী আৰু হত্যাকাৰীসকলক শাস্তি বিহা হ'লনে?

Wikipedia মতে তেওঁ Anti Mega Dam ( বৃহৎ জলবান্ধৰ বিৰোধী)। এইটোতো বিজ্ঞানসন্মত কথা। বিজ্ঞানীসকলেও কয় ভূ-কম্প প্ৰৱণ এলেকাত মেগা ডেমে ক্ষতিৰ আশংকা বঢ়ায়। গতিকে তেওঁতো আমাৰ দেশৰ মানুহক প্ৰাকৃতিক দুৰ্যোগৰ পৰা বচাবলৈকে বিৰোধিতা কৰিছে। অসমৰ বিশ্ব-বিদ্যালয়, আই.আই.টিৰ বিশেষজ্ঞ সকলেও একেবোৰ কথাইটো কৈছে।বিজুলী উৎপাদনৰ বাবে আচলতে বহুত বিকল্প উপায় আছে। যেনে সৰু সৰু চেক ডেম, সৌৰ শক্তি, বায়ু শক্তি, জৈৱিক শক্তি আদি। তাৰ বিপৰীতে হিমালয়ৰ পাদদেশৰ থুনুকা পাহাৰত প্ৰায় এশ মিটাৰ উৰ্ধৰ জলপৃষ্ঠ বৃদ্ধি কৰি জলবোমা সদৃশ বিশাল নদীবান্ধৰ পৰিকল্পনাৰ প্ৰয়োজন কিমান? উত্তৰবোৰ বিজ্ঞানসন্মত হোৱা উচিত। মানুহৰ জীৱন শংকাৰ কথাও বিবেচিত হোৱা উচিত।

তাৰপিছত পঢ়িলোঁ, 2010 চনত তেওঁক মাওবাদী সজোৱা হৈছিল। এইবিষয়ে মই নেজানো। কিবা পক্কা প্ৰমাণ পোৱা গ'ল নেকি বাৰু? এই অভিযোগ এই দহ বছৰত চৰকাৰী পক্ষই প্ৰমাণ কৰিয়েই দিলে নেকি বাৰু? ইমান দিন একোটা অভিযোগৰ বিচাৰ হৈ শেষ নোহোৱাটোও আমাৰ ন্যায়-ব্যৱস্থাৰে সুৰুঙা নহয়নে?

আকৌ পঢ়িলোঁ যে তেখেতে কৃষকৰ সমবায় গঢ়াত আগভাগ লৈছে। এইটোতো ভাল কথা। আমাৰ নেতাসকলেই কয়, জয় জোৱান জয় কিষাণ। কৃষকৰ উন্নতি হ'লে দেশৰ উন্নতি হ'ব। ইয়াত বেয়া পাবলগীয়া কিবা আছে জানো? গতিকে মই ধৰিব পৰা নাই , অখিল গগৈৰ দোষনো কি?

"কংগ্ৰেছৰ স্বেচ্ছাচাৰী শাসন" বুলি কথা এটা আগতে শুনিছিলোঁ। ল'ৰাৰজাৰ স্বেচ্ছাচাৰী শাসনৰ কথাও পঢ়িছিলোঁ। এতিয়াতো সেইবিলাক নাই!

যদি এজন ব্যক্তি অপৰাধী হিচাপে প্ৰমাণিত হয়, তেন্তে কিছুক্ষেত্ৰত তেওঁ জামিনো পাব পাৰে, মোকৰ্দমাও চলি থাকিব পাৰে। গতিকে এই এজন মানুহক কিয় বাৰু জেলত ইমান দিন সোমোৱাই ৰখা হৈছে? এই অতিমাৰীৰ মাজতো। তেওঁতো ৰাজনৈতিক বন্দীহে, সাধাৰণ চোৰ-ডকাইতটো নহয়! আপোনাৰ মোৰ দৰে তেওঁৰো সন্তান আছে, মাতৃ আছে, সহধৰ্মিনী আছে। পৰিয়ালৰ মানুহবিলাকক কিয় ইমান কষ্ট দিয়া হৈছে আৰু কেনেকুৱা হৃদয়েৰে কষ্ট দিয়া হৈছে?

দুৰ্নীতিৰ বিৰূদ্ধে আৰু কৃষকৰ বাবে কাম কৰা মানুহ এজন জেলত আছে আৰু হয়তো লুটপাত কৰা কিছুমানে আৰামত খাই বৈ ফুৰ্তি কৰি ঘূৰি ফুৰিছে। আটাইতকৈ ডাঙৰ কথা এজন অসমীয়া জেলত আছে আৰু কিয় আছে ৰাইজে স্পষ্টকৈ বুজি পোৱা নাই। জেলত ৰখা চৰকাৰেও অভিযোগবোৰ ৰাজহুৱাকৈ দাঙি ধৰি ৰাইজক পতিয়ন নিয়াব পৰা নাই। গণতান্ত্ৰিক ব্যৱস্থাততো এনে হোৱা উচিত নহয় ! ৰাইজেই কথাবোৰৰ বিচাৰ কৰক, কাৰণ ৰাইজৰ আশীষ লোৱা নিৰ্বাচন আকৌ আহি আছে, প্ৰায় সমাগত।

No comments:

Post a Comment