বিশ্লেষণঃ পৰিৱেশ প্ৰভাৱ মূল্যায়ন-২০২০: কি আছে এই বিতৰ্কিত বিধেয়কৰ খচৰাত :: কেশৱ চাংমা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ পৰিৱেশ প্ৰভাৱ মূল্যায়ন-২০২০: কি আছে এই বিতৰ্কিত বিধেয়কৰ খচৰাত :: কেশৱ চাংমা

বিশ্লেষণঃ পৰিৱেশ প্ৰভাৱ মূল্যায়ন-২০২০: কি আছে এই বিতৰ্কিত বিধেয়কৰ খচৰাত :: কেশৱ চাংমা

Share This
পৰিৱেশ প্ৰভাৱ মূল্যায়ন-২০২০: 
কি আছে এই বিতৰ্কিত বিধেয়কৰ খচৰাত 
কেশৱ চাংমা
বিশ্বৰ অধিকাংশ দেশৰ সৈতে ভাৰতবৰ্ষও কৰনাত আক্রান্ত। ইতিমধ্যে ভাৰতবৰ্ষত কৰ’না আক্ৰান্তৰ সংখ্যাই ১০ লাখৰ ঘৰ অতিক্ৰম কৰিছে। দিনে দিনে বৃদ্ধি পাই আছে আক্ৰান্তৰ সংখ্যা। আক্রান্তৰ সৈতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও লক-ডাউনৰ কবলত সমগ্র দেশ। ব্যৱসায়-বাণিজ্য বন্ধ হৈ যােৱাৰ বাবে লাখ লাখ শ্রমিকে কাম হেৰুৱাই বেকাৰত্বৰ জীৱন যাপন কৰিছে। আয়ৰ পথ ৰুদ্ধ; দুর্বিষহ অধিকাংশ লােকৰ জীৱন। ঘটনাৰ আকস্মিকতাত কিংকর্তব্যবিমূঢ়; উপায়বিহীন একাংশই আত্মহত্যাৰ পথ বিচাৰি লৈছে। এনে এক প্রেক্ষাপটত যত দেশৰ অধিকাংশ মানুহেই সমস্যা জর্জৰিত হৈ কিংকর্তব্যবিমূঢ় হৈ পৰিছে, তেনে পৰিস্থিতিয়েই আকৌ দেশৰ কৰ্প'ৰেট গােষ্ঠীৰ বাবে সুবর্ণ সুযােগ আনি দিয়ে। 
কৰ'না-সৃষ্ট পৰিস্থিতিত মানুহে এফালে উপার্জনৰ পথ হেৰুৱায়, আনপিনে নিজেই আক্রান্ত হােৱাৰ ভয়ত সন্ত্রাসিত, শিল পৰা কপৌৰ দৰে অৱস্থা। তেনে সময়তে পৰিস্থিতিৰ মােকাবিলা কৰা; জনসাধাৰণক সামান্য সকাহ দিয়াৰ পৰিৱর্তে দেশৰ অৰ্থনীতিৰ বাবে কেতবােৰ প্রতিক্রিয়াশীল নীতি আমাৰ দেশৰ চৰকাৰখনে ৰূপায়িত কৰিবলৈ আগবাঢ়ি আহিছে। এই প্রস্তাৱসমূহৰ সৈতে দেশৰ গৰিষ্ঠসংখ্যক জনসাধাৰণৰ কোনাে যােগাত্মক সম্পর্ক নাই— সম্পর্ক আছে মাথােন দেশৰ এমুঠিমান বৃহৎ কৰ্প'ৰেট গােষ্ঠীৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ— বি এছ এন এল, এয়াৰ ইণ্ডিয়া, ভাৰতীয় ৰেল আদি বেচৰকাৰীৰ হাতত সমর্পণৰ বাবে আমাৰ কেন্দ্রীয় চৰকাৰখন আগবাঢ়ি আহিছে। 

চৰকাৰে ভালকৈয়ে জানে যে এই মুহূর্তত জীৱনক লৈ শংকিত জনসাধাৰণ প্রতিবাদৰ বাবে আগবাঢ়ি নাহে বা এমুঠিমান আগবাঢ়ি আহিলেও দমন কৰিবলৈ সহজ। প্রকৃতপক্ষে কোনাে বৃহৎ প্রাকৃতিক বিপর্যয় যেনে— ভূমিকম্প, চুনামী, মহামাৰী বা মানৱসৃষ্ট যুদ্ধ আদিয়ে সাধাৰণ নাগৰিকৰ বাবে অবর্ণনীয় দুখ-কষ্ট কঢ়িয়াই আনিলেও কৰ্প'ৰেট জগতৰ বাবে কিন্তু বিশেষ সুযােগসুবিধাহে কঢ়িয়াই আনে। যােৱা সময়ছােৱাৰ প্রতিটো প্রাকৃতিক দুর্যোগ বা যুদ্ধ-বিগ্রহলৈ লক্ষ্য কৰিলেই এই কথাষাৰ প্রতীয়মান হয়। দুর্যোগসৃষ্ট পৰিৱেশ কামত লগায়েই কৰ্প'ৰেট জগতে সম্পদৰ বিশাল অসমতা সৃষ্টি কৰে। বিশ্বৰ দেশে দেশে এনে উদাহৰণ সহজলভ্য। আমাৰ সামাজিক ৰাজনৈতিক ব্যৱস্থাটোত যিকোনাে প্রাকৃতিক দুর্যোগৰ সময়ছােৱাত সামাজিকভাৱে অসুৰক্ষিত অংশটোক অধিক বিপদৰ মুখলৈ ঠেলি দিয়াটোৱেই নিয়মত পৰিণত হৈছে। এক কথাত জনসাধাৰণৰ । দুর্ভোগেই কৰ্প'ৰেট জগতৰ বাবে মহাভােগ। 

সাম্প্রতিক পৰিস্থিতিৰ আলমতে আমি শেহতীয়াভাৱে কেন্দ্রীয় চৰকাৰৰ প্রস্তাৱিত পৰিৱেশ প্ৰভাৱ মূল্যায়ন (EIA)-২০২০ খচৰাৱলীক পর্যালােচনা কৰিব লাগিব। যিকোনাে প্রস্তাৱিত প্ৰকল্পৰ সম্ভাৱ পৰিৱেশগত প্রভাৱ মূল্যায়নৰ বাবে ই আই এ (EIA) এক অতি গুৰুত্বপূর্ণ প্রক্রিয়া। সকলাে প্ৰভাৱিত প্রকল্পকে এনে প্রক্রিয়াসমূহৰ জৰিয়তে অনুমােদন লাভ কৰিবলগীয়া হয়। এই প্রক্রিয়াসমূহৰ জৰিয়তে কোনাে প্রস্তাৱিত প্রকল্প সম্বন্ধে চূড়ান্ত অনুমােদনৰ বাবে প্রকল্পটো হ'ব লগা অঞ্চলটোৰ ৰাইজৰ দৃষ্টিভংগী বিবেচনা কৰা হয়। কোনাে প্রকল্প অনুমােদিত হােৱা উচিত নে অনুচিত চূড়ান্ত সিদ্ধান্ত লােৱাৰ বাবে EIA এক বিধিগত নথি। সঠিক মূল্যায়ন অবিহনে যিকোনাে প্রকল্প অনুমােদনত বাধা প্রদান কৰাই EIAৰ লক্ষ্য। মূলতঃ প্রস্তাৱসমূহ স্ক্রিনিং, স্কোপিং, প্ৰভাৱ সম্বন্ধে মূল্যায়ন, ই আই এ প্রতিবেদন, সিদ্ধান্ত গ্রহণ আৰু সর্বশেষত নিৰীক্ষণ, প্রয়ােগ আৰু পৰিৱেশ নিৰীক্ষণৰ দৰে কেইবাটাও স্তৰ পাৰ কৰিবলগীয়া হয়। 

১৯৭২ চনৰ ৰাষ্ট্ৰসংঘক ষ্টকহম ঘােষণাপত্ৰত ভাৰতবৰ্ষও স্বাক্ষৰকাৰী দেশ। ঘােষণাপত্ৰত পৰিৱেশ সম্পর্কীয় নীতিসমূহ ঘােষণা কৰা হৈছিল (Stockholm Declaration on Human Environment1972)। পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষতে ১৯৭৪ চনত পানী আৰু বায়ু প্ৰদূষণ ৰােধৰ বাবে আইন প্রণয়ন কৰা হয়। অৱশ্যে আইন কার্যকৰী নকৰাকৈ এনেয়ে পেলাই থােৱা হয়। ১৯৮৪ চনৰ ভূপাল গেছ দুর্ঘটনাৰ পাছতহে ১৯৮৬ চনত ভাৰতবৰ্ষত পৰিৱেশ সুৰক্ষা আইন প্রযােজ্য হয়। ১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা আইন অনুসৰি ১৯৯৪ চনত পৰিৱেশগত প্রভাৱ মূল্যায়ন সম্পর্কীয় নির্দিষ্ট মান নিৰূপণ কৰি দিয়া হয়। আইন মতে প্রাকৃতিক সম্পদাৱলীৰ ব্যৱহাৰ, সেইবােৰ আহৰণৰ পদ্ধতি বা সেই পদ্ধতিবােৰৰ পৰিৱেশগত প্রভাৱ যেনে— প্ৰদূষণ আদি নিয়ন্ত্ৰণৰ বাবে বিধিসম্মত আইনী গাঁথনিটো চূড়ান্ত কৰা হয়। ২০০৬ চনত ১৯৯৪ চনৰ আইনখনৰ সালসলনি ঘটোৱা হয়। বর্তমান বছৰটোৰ আৰম্ভণিতে কেন্দ্রীয় চৰকাৰে পূৰ্বৰ আইনখনৰ সালসলনি ঘটোৱাৰ বাবে এক নতুন খচৰা প্রস্তুত কৰে। চৰকাৰৰ মতে পূর্বৰ আইনখনক অধিক স্বচ্ছ আৰু পাৰদৰ্শী কৰাৰ লক্ষ্যৰে এই খচৰাত ২০০৬ চনৰ পৰৱর্তী ন্যায়ালয়ৰ সকলাে নির্দেশ সন্নিৱিষ্ট কৰা হৈছে। 

যদিও পূর্বৰ আইনখন পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত বুলি কোৱা হয়, প্রকৃতাৰ্থত কিন্তু ওলােটা প্রতিচ্ছবিতে দেখা যায়। উদ্যোগসমূহে বিভিন্ন ক্ষেত্ৰত পৰিৱেশগত অধ্যয়নৰ পৰা ৰেহাই লাভ কৰে। গতিকে আইনখন থকা সত্ত্বেও প্রকৃত লক্ষ্য আৰু উদ্দেশ্য পূৰণত ব্যর্থ হৈছে। সাধাৰণতে উদ্যোগসমূহৰ পৰিৱেশগত প্রভাৱ সম্পর্কীয় প্রতিবেদনসমূহ ব্যক্তিগত অভিকৰণৰ সহায়ত যুগুত কৰা হয়। ব্যক্তিগত অভিকৰণসমূহ উদ্যোগসমূহৰ দ্বাৰা প্ৰভাৱিত হােৱাৰ সম্ভাৱনা থাকে। সেয়ে দীর্ঘদিন ধৰি এনে অভিকৰণসমূহকো আইনৰ গণ্ডীৰ ভিতৰলৈ আনিবলৈ দাবী উত্থাপিত হৈ আহিছে, যদিও বর্তমান এই অভিকৰণসমূহ আইনৰ বাহিৰত। প্রশাসনিক ব্যর্থতাৰ বাবেও বহু পৰিৱেশ বিনষ্টকাৰী উদ্যোগে অনুমতি লাভ কৰে। আনহাতে উদ্যোগীসকলৰ মতে প্রচলিত আইনখন যথেষ্ট জটিল আৰু ৰঙাফিটাৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। বর্তমান পৰিৱেশগত সমস্যাবােৰে প্রাধান্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত পূর্বৰ সুৰুঙাবােৰ বন্ধ কৰি এখন কঠোৰ আইনৰ পােষকতা কৰি অহা হৈছে। যদিও প্রস্তাৱিত খচৰাই পূৰ্বৰ কেতবােৰ ব্যৱস্থাক লঘু কৰি আইনখন অধিক শিথিল কৰাৰ বাবেহে মতপােষণ কৰা হৈছে। লগতে বহু গুৰুত্বপূর্ণ বিষয়ত ৰাইজৰ মতামতক গুৰুত্বহীন কৰাৰ প্ৰয়াস কৰা হৈছে। 

প্রস্তাৱিত খচৰাৰ কেইটামান গুৰুত্বপূর্ণ দিশবোৰ হ’ল— 
১) প্রস্তাৱিত খচৰাখনত কয়লা খনন, আন্তঃগাঁথনি উন্নয়ন, তাপ বিদ্যুৎ, পাৰমাণৱিক আৰু জলবিদ্যুৎ প্রকল্প আৰু আবাসন প্রকল্পসমূহক সামৰি ল'ব। 
২) ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণ আৰু বহলীকৰণত ৰাইজে আপত্তি কৰিব নােৱাৰিব। 
৩) যিকোনাে প্রকল্পৰ ক্ষেত্ৰত ৰাজহুৱা জাননী বা আপত্তি দর্শোৱাৰ সময় বিশ দিনলৈ। 
৪) পাইপলাইন, বাট-পথ নির্মাণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ১০০ কিঃ মিঃ দূৰত্বলৈ ৰাইজৰ সৈতে আলােচনা কৰা নহ'ব। 
৫) ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ সৈতে জড়িত প্রকল্পত ৰাইজৰ মতামত লােৱা নহ'ব। 
৬) ৰাষ্ট্রীয় স্বার্থজনিত যিকোনাে প্রকল্পত ৰাজহুৱা জাননী জাৰি কৰা নহ'ব। 
৭) কোনাে উদ্যোগে পৰিৱেশ সংক্রান্তীয় আইন ভংগ কৰিলেও বা প্ৰদূষণ সৃষ্টি কৰিলেও ৰাইজৰ অভিযােগ নজিব। 

এয়া ৮০ পৃষ্ঠাজোৰা খচৰাখনৰ মাত্র কেইটামান দিশহে। আগ্রহীসকলে http://environmentclearance.nic.in/writereaddata/Draft_EIA_2020.pdf লিংকত খচৰাখন বিতংকৈ পঢ়ি চাব পাৰে। খচৰাখনৰ কেইটামান দিশ অতি আপত্তিজনক- প্রথমতে, খচৰাখনত প্রকল্পটো স্থাপন কৰাৰ পাছতাে পৰিৱেশ সংক্রান্তীয় অনুমােদনৰ (Post facto clearance) ব্যৱস্থা কৰিছে। এয়া আমাৰ বাবে অত্যন্ত ক্ষতিকাৰক। কোনাে প্রকল্প স্থাপন কৰি পৰৱর্তী পর্যায়ত অনুমােদিত নহ'লেও মাজৰ সময়ছােৱাত হ’ব পৰা পৰিৱেশগত ক্ষতিৰ কোনে পূৰণ কৰিব? তদুপৰি ভাৰতবৰ্ষত ইতিমধ্যে তেনে বহু উদ্যোগ সক্রিয় হৈ আছে। 

যােৱা ৭ মে ২০২০ত বিশাখাপট্টনমৰ এল জি পলিমাৰ প্ৰকল্পৰ পৰা বিষাক্ত ষ্টেৰিণ গেচ নির্গমন হৈ ১৩জন লােকৰ লগতে বহু জীৱ-জন্তুৰ মৃত্যু ঘটাইছিল। প্রকল্পটো পৰিৱেশ মন্ত্ৰালয়ৰ অনুমােদন অবিহনেই চলি আছিল। প্রায় দুটা দশক মাত্র অন্ধ্রপ্রদেশ চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্রণ ব'র্ডৰ এখন অনুমােদনেৰেই চলি থকা এন জি পলিমাৰ কেন্দ্ৰৰ দুর্ঘটনাই আমাক উত্তৰ প্রকল্প অনুমােদনৰ ভয়াৱহতাৰ বিষয়ে আঙুলিয়াই দিয়ে। একেদৰে বাঘজান তৈলক্ষেত্ৰতাে পৰিৱেশ সম্পৰ্কীয় বিধি ভংগৰ অভিযােগ উত্থাপিত হৈছে। বাঘজানত ৰাজহুৱা শুনানি অবিহনেই সেউজ বিধি উলংঘা কৰি তেল উত্তোলনৰ অনুমতি দিয়া হৈছিল। এতিয়া পৰিৱেশ প্ৰভাৱ মূল্যায়ন ২০২০ আইনত পৰিণত হ'লে ৰাইজৰ প্ৰাণৰ শংকা বৃদ্ধি পাব। 

পৰিৱেশ প্ৰভাৱ মূল্যায়ন আইনত পৰিণত হ'লে অসম তথা উত্তৰ-পূর্বাঞ্চল বিশেষভাৱে ক্ষতিগ্রস্ত হ'ব। প্রথমতে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যই আন্তঃৰাষ্ট্ৰীয় সীমাৰে সংযুক্ত। ভুটান, চীন, ম্যানমাৰ, বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰা উত্তৰপূবৰ সৰহভাগ এলেকা ১০০ কিঃ মিঃ আকাশী (aerial) দূৰত্বৰ ভিতৰত পৰিব। ভুটান সীমান্তৰ সৈতে সংলগ্ন উত্তৰ অসমৰ ১০০ কিঃ মিঃ আকাশী দূৰত্বই চাগৈ ব্রহ্মপুত্র নদীকো সামৰি ল'ব। দ্বিতীয়তে, বনাঞ্চলসমূহ ক্ষতিগ্রস্ত হলে বনাঞ্চলৰ ওচৰে-পাঁজৰে বসবাসকাৰী জনজাতীয় ৰাইজ পুনৰ উচ্ছেদ সন্মুখীন হ’ব। বনাঞ্চলত কয়লা, তেল খননৰ অবাধ অনুমতি দিব বিচৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ বা বহলীকৰণৰ ফলতাে জনজাতীয় আৰু গ্রামীণ লােকসকল ক্ষতিগ্রস্ত হ’ব। 

প্রস্তাৱিত খচৰাৰ আন এটা উদ্বেগজনক দিশ হ’ল কোনাে কোম্পানীয়ে বা প্রকল্প পৰা পৰিৱেশ প্ৰদূষণৰ দৰে ঘটনা সংঘটিত হ'লে ৰাই জৰ অভিযােগ নৰজিব। কোম্পানীটোৱে নিজে ঘােষণা কৰিলেহে (suo moto) বা চৰকাৰী বিভাগে ঘােষণা কৰিলেহে তেনে অভিযােগ গ্রহণ কৰা হ'ব। যাৰ পােনপটীয়া অর্থ উদক ভেটাৰখীয়া পতা বা চোৰৰ দ্বাৰা চুৰি কাৰ্যৰ স্বেচ্ছাই ঘােষণাৰ বাবে আশা পালি থকা। আনহাতে দেশৰ সুৰক্ষা সম্পর্কীয় বা চৰকাৰৰ যুদ্ধনীতিৰ সৈতে কোনাে প্রকল্প জড়িত বুলি বিবেচিত হলে চৰকাৰে তেনে প্রকল্পৰ কোনাে তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিব। এইক্ষেত্ৰত কোনটো প্রকল্প সামৰিক বা সুৰক্ষাৰ দিশৰ পৰা গুৰুত্বপূর্ণ সেয়া কেন্দ্রীয় চৰকাৰে নির্ণয় কৰিব। সমস্যাটো এইখিনিতেই— কাৰণ এবাৰ তেনে লেবেল এখন মাৰি দিলে আপত্তিতাে দূৰৰ কথা; প্রকল্প সম্পৰ্কীয় কোনাে তথ্যই ৰাজহুৱা নহ'ব। বর্তমান চৰকাৰবােৰে যি হাৰে মুকলিভাৱে ৰাজহুৱা স্বার্থ ভৰিৰে মােহাৰি বৃহৎ কৰ্প'ৰেট গােষ্ঠীৰ পক্ষত অৱস্থান লৈ আহিছে—কাইলৈ চৰকাৰৰ কোনাে প্রিয় কৰ্প'ৰেট গােষ্ঠীৰ ক্ষতিকাৰক প্রকল্পকো সামৰিক দিশৰ পৰা গুৰুত্বপূর্ণ বুলি লেবেলখন লগাই দিলে আপােনাৰ কৰিবলৈ একো নাথাকিব। 

স্বাভাৱিকতেই পৰিৱেশ ৰক্ষাৰ নামত পূর্বৰ পৰাই বাহাল থকা শিথিল আইনসমূহ আৰু অধিক শিথিল কৰিব বিচৰাৰ দ্বাৰা পৰিৱেশ সংৰক্ষণৰ দিশত চৰকাৰৰ মানসিকতাকেই প্রশ্নচিহ্নৰ সন্মুখীন কৰিছে। পৰিৱেশ সংৰক্ষণৰ বাবে ৰাইজক আৰু অধিক কঠোৰ আইনৰহে প্রয়ােজন। কৰ্প'ৰেট গােষ্ঠীক সাহায্যকাৰী শিথিল আইনৰ প্ৰয়ােজন নাই। তদুপৰি প্রস্তাৱিত খচৰাই পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল বহু লােকৰে জীৱন বিপদাপন্ন কৰিব। জনজাতি, কৃষক, মাছমৰীয়া, আদিবাসী লােকসকলৰ জীৱন মূলতঃ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। পৰিৱেশ সম্পর্কীয় আইন শিথিল কৰাৰ মাজেৰে এই সম্প্রদায়সমূহৰ জীৱন বিপদাপন্ন কৰি তােলা হ’ব। খনিজ সম্পদৰ লােভত আমাজন বর্ষাৰণ্যত জুই লগাই তাত থকা জনজাতিসকলৰ জীৱন কেনেদৰে বিপদাপন্ন কৰা হৈছিল সকলােৱে জনা কথা। সংক্ষেপে পৰিৱেশ প্ৰভাৱ মূল্যায়ন ২০২০ খচৰা পৰিৱেশ আৰু জনবিৰােধী। প্রস্তাৱিত খচৰা বৃহৎ আকাৰৰ পৰিৱেশ ধবংসকাৰী উদ্যোগসমূহক সুৰক্ষা প্রদান আৰু কৰ্প'ৰেট তােষণৰ এক কৌশল মাত্র। 
লেখকৰ ফোনঃ৯৭০৬৩-৩৭২৯৮। লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment