মনৰ কথাঃ ক্ৰমবৰ্ধমান লকডাউন আৰু ত্ৰস্তমান আমিবোৰ! ::শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ক্ৰমবৰ্ধমান লকডাউন আৰু ত্ৰস্তমান আমিবোৰ!  ::শোণিত কুমাৰ গোস্বামী

মনৰ কথাঃ ক্ৰমবৰ্ধমান লকডাউন আৰু ত্ৰস্তমান আমিবোৰ! ::শোণিত কুমাৰ গোস্বামী

Share This
ক্ৰমবৰ্ধমান লকডাউন আৰু ত্ৰস্তমান আমিবোৰ! 
শোণিত কুমাৰ গোস্বামী
সময় একেই আছে। কথাবোৰ একো সলনি হোৱা নাই। এনেকৈ আৰু কিমান দিন। এই কথাবোৰেই এতিয়া আমাৰ সকলোৰে মনত ক্ৰীয়া কৰি আছে। ৰাইজ দিশহাৰা হোৱাৰ পথত। বাৰে বাৰে চৰকাৰী নীতি নিয়মৰ সলনি, লকডাউন কাৰ্যসূচী, বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ উৰ্ধগামী দৰ আদিয়ে মূলত সাধাৰণ জনতাক ব্যতিব্যস্ত কৰি তুলিছে। তাৰোপৰি ৰাজ্যত ভূতৰ ওপৰত দানহ পৰাদি বান সমস্যা। মুঠৰ ওপৰত ২০২০ বৰ্ষতো মানৱ সভ্যতাৰ বাবে এটা প্ৰত্য়াহ্বান। ক’ভিড-১৯ ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সফলতা নোপোৱাৰ বাবেই কঠোৰ লকডাউন। কেন্দ্ৰ চৰকাৰে এই কথা বুজি উঠিছিল যে দেশৰ স্বাস্থ্য খণ্ডৰ অৱস্থা পুতৌজনক। সেয়েহে ৩ মাহ জোৰা এক লকডাউন কাৰ্যসূচী ঘোষিত হৈছিল আৰু সেইমতেই পালন কৰা হৈছিল। 
কঠোৰ লকডাউনৰ জড়িয়তে চৰকাৰে কাম-কাজবোৰ কিদৰে কৰিব সেই সম্পৰ্কে পৰ্যালোচনা কৰাৰ সময় পাইছিল আৰু সেই অনুসৰি প্ৰস্তুত হৈছিল। কিন্তু লকডাউন কাৰ্যসূচী উঠাই লোৱাৰ পাছত অন্য এখন ছৱিহে আমি দেখিবলৈ পালো। নিতৌ ৰোগীৰ সংখ্যা ইমানেই বৃদ্ধি পাব ধৰিলে যে এই সংখ্যাই এতিয়া অভিলেখ গঢ়িছে আৰু চৰকাৰে আশানুৰূপধৰণে ৰোগীক সকাহ দিব পৰা নাই। তলাখোলা আৰম্ভ হোৱাৰ পাছত কেন্দ্ৰ চৰকাৰে কৰ’না প্ৰতিৰোধৰ দায়িত্ব ৰাজ্য চৰকাৰসমূহলৈ ঠেলি দিলে। কেন্দ্ৰই মাথো অৰ্থনীতি উদ্ধাৰত গুৰুত্ব দিয়া দেখা গ’ল। সেয়েহে এতিয়া অসম চৰকাৰে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী গুৱাহাটীত ১৪ দিনীয়া কঠোৰ লকডাউনৰ ঘোষণা কৰাৰ লগতে ৰাজ্যৰ প্ৰতিটো পৌৰসভা আৰু নগৰ সমিতি এলেকাত শণি আৰু দেওবাৰে কঠোৰ লকডাউন কাৰ্যসূচী আৰম্ভ হৈছে। এনে আংশিক লকডাউন কাৰ্যসূচী অসমৰ ওপৰি দিল্লী, মহাৰাষ্ট্ৰ, তেলেংগানা, ঝাৰখণ্ড, গুজৰাট, হাৰিয়ানা আদি ৰাজ্যসমূহে লৈছে। এই লকডাউন কাৰ্যসূচীয়ে ৰোগ প্ৰতিৰোধ কৰিব নোৱাৰে কিন্তু চিকি९সক আৰু প্ৰশাসকক ভাইৰাছৰ সৈতে যুঁজিবলৈ আংশিক সকাহ প্ৰদান কৰে। অসমৰ ক্ষেত্ৰতো সেয়াই কৰা হৈছে। কিয়নো বৰ্ধিত ৰোগীৰ সংখ্যাই ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ দুৰৱস্থাৰ কথা স্পষ্ট কৰিছে। চিকি९সালয়ত ৰোগী ৰাখিব পৰা সুবিধাৰ অভাৱৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ হাতত লকডাউনৰ বাদে অন্য কোনো পদক্ষেপ নাথাকিল।

প্ৰশ্ন হয়, লকডাউনে আমাক কিমান সহায় কৰিছে। দেশজুৰি হোৱা লকডাউনৰ পাছত অৰ্থনীতিৰ যি অৱস্থা পাইছে সেয়া অতি ভয়াৱহ। কিয়নো দেশৰ অৰ্থীনীতি দুৰ্বল হৈ পৰাৰ পৰিপ্ৰেক্ষিটত কি সমস্যাৰ উদ্ভৱ হৈছে সেয়া প্ৰতিজন নাগৰিকে অনুভৱ কৰিছে। লাহে লাহে এই সমস্যাই সকলোকে চুই গৈছে। নিবনুৱা সমস্যা বৃদ্ধি, বাহিঃৰাজ্যত কৰ্মৰত লোকৰ চাকৰি যোৱা আদি সমস্যাই কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰসমূহক চিন্তিত কৰি তুলিছে। ইয়াৰ ওপৰি লকডাউনে সাধাৰণ নাগৰিকলৈ লৈ অনা অন্য এটা গুৰুতৰ সমস্যা হৈছে মানসিক স্বাস্থ্যৰ অৱনতি। সকলোতকৈ ভয়াৱহ এই মানসিক সমস্যাই প্ৰতিটো মনক আক্ৰান্ত কৰিছে আৰু ইয়াৰ প্ৰভাৱ পৰিয়াল, সমাজত পৰিছে। কিন্তু ইমানৰ পাছতো আমি সকলো অসহায়, চৰকাৰ অসহায়। চৰকাৰৰ হাতত কৰনা ভাইৰাছ প্ৰতিৰোধৰ বাবে মাথো এটাই সহজ পন্থা আছে আৰু সেয়া হৈছে লকডাউন। অন্য উপায় যেনে স্বাস্থ্য পৰীক্ষা কৰোৱা, চিকি९সা সেৱা উন্নত কৰা, ঔষধ সৃষ্টি কৰা আদি ইত্যাদি কথাবোৰ চৰকাৰৰ বাবে দুৰূহ হৈ পৰিছে। এই ক্ষেত্ৰত ভাৰতত ভিন্ন ৰাজ্য চৰকাৰ আৰু তাৰ শাসকপক্ষৰ স্থিতিৰ কথাটো আলোচিত হোৱাটো উচিত কিয়নো কেতবোৰ ৰাজ্য চৰকাৰে আশানুৰূপ ধৰণে ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত কাম কৰিছে। এই ক্ষেত্ৰত কেৰেলা ৰাজ্যৰ উদাহৰণ দিব পাৰি। 

তাৰোপৰি অসমৰ মুঠ জনসংখ্যা তুলনা কেবাগুণ বেছি জনসংখ্যাৰ দিল্লীত চৰকাৰে যথেষ্ট ত९পৰতাৰে ব্যৱস্থা লোৱা দেখা গৈছে। অৱশ্যে ৰাজনৈতিক দল তথা ৰাজনীতিকক সমালোচনা কৰাৰ সময় এয়া নহয় কিন্তু এই বিপদকালত জনসাধাৰণক সকাহ দিয়াৰ ক্ষেত্ৰত কোন নেতা বা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া নজৰ ৰখাতো প্ৰয়োজনীয়। লকডাউন কাৰ্যসূচীয়ে আমাৰ নাগৰিকসমাজৰ একাংশক সকাহ দিয়ে সঁচা কিন্তু আন একাংশই লকডাউনৰ স্বাচ্ছন্দ্য উপভোগ কৰিব নোৱাৰে। কিয়নো অৰ্থনৈতিক ভাৱে দুৰ্বল এই শ্ৰেণীটোৱে নিতৌ কাম-বন নকৰাকৈ থাকিবলগীয়া হ’লে ভাইৰাছৰ সলনি ভোক নামৰ ব্যাধিটোৱে আমনি কৰে, আৰু সেয়া অতি ভয়াৱহ।

লকডাউনৰ বিকল্প কি হ’ব পাৰে। কৰনাকালৰ সময়ত লকডাউনৰ বিকল্পৰ বিষয়ে চিন্তা কৰিবলৈ হ’লে এটা কথাই মন দিয়াটো প্ৰয়োজনীয়, যি এতিয়া সম্ভৱ নহয়। ইমান বছৰে স্বাস্থ্য খণ্ডত বিশেষ গুৰুত্ব নিদিয়া বা গুৰুত্ব দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নকৰাকৈ ধৰ্মীয়, সামাজিক আবেগৰে ৰাজনীতি কৰি শাসন চলাই অহা চৰকাৰ-ৰাজনীতিকে এতিয়া নিশাটোৰ ভিতৰত স্বাস্থ্য খণ্ডৰ উন্নয়ন কৰি পেলাব নোৱাৰে। সেয়েহে তেওঁলোকে বাৰে বাৰে লকডাউনৰ আশ্ৰয় ল’বলগীয়া হৈছে। তথাপি পৰিস্থিতিৰ পৰা উদ্ধাৰ পোৱাৰ অৰ্থে চৰকাৰৰ হাতত মাথো এটা উপায় আছে আৰু সেয়া হৈছে প্ৰতিজন নাগৰিকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা। এয়া টান নহয়, কিয়নো যদিহে চৰকাৰে আশা কৰ্মীক, চিকি९সা কৰ্মীক প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে নিয়োগ কৰে তেন্তে কৰ’নাৰ পৰা বাঁচি থকাৰ উপায় চৰকাৰৰ হাতলৈ আহি যাব। যিদৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে প্ৰতিখন জিলা, প্ৰতিটো ব্লক নিৰ্বাচন কৰি পঞ্জীয়ন প্ৰক্ৰিয়া সমাপ্ত কৰা হৈছিল ঠিক তেনেদৰে কৰনাকালতো স্বাস্থ্য পৰীক্ষাৰ তেনে নিয়ম যুগুত কৰি কামত লগোৱাৰ সময় সমাগত। ইতিমধ্যেই দিল্লীত কেজৰিৱালে ঘৰে ঘৰে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ কাম আৰম্ভ কৰি দিছে।

No comments:

Post a Comment