বিশ্লেষণঃ মোবাইল এপ নিষিদ্ধকৰণঃ বাস্তৱ বনাম প্ৰত্যাহ্বান :: অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ মোবাইল এপ নিষিদ্ধকৰণঃ বাস্তৱ বনাম প্ৰত্যাহ্বান  :: অজয় লাল দত্ত

বিশ্লেষণঃ মোবাইল এপ নিষিদ্ধকৰণঃ বাস্তৱ বনাম প্ৰত্যাহ্বান :: অজয় লাল দত্ত

Share This
মোবাইল এপ নিষিদ্ধকৰণঃ বাস্তৱ বনাম প্ৰত্যাহ্বান
 অজয় লাল দত্ত
ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেচন ব্যুৰো, ইণ্ডিয়াই জাৰি কৰা বিজ্ঞপ্তি মতে টিক-টিক, লাইকী, ইউ-চি ব্ৰাইজাৰকে ধৰি ধৰি ৫৯টা মোবাইল এপ নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সিদ্ধান্তৰ দ্বাৰা ভাৰতীয় চাইবাৰস্পেচৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষা নিশ্চিত কৰিব খোজা গৈছে। কেইবা কোটি ভাৰতীয় মোবাইল/ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সুৰক্ষা প্ৰদান ইয়াৰ অন্যতম লক্ষ্য হিচাবে ঘোষিত হৈছে। বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদেও সুৰক্ষা, নিৰাপত্তা, প্ৰতিৰক্ষা, সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে ভাৰতীয় মানুহৰ তথ্য আৰু প্ৰাইভেচীক সুৰক্ষা দিবলৈ এই নিষিদ্ধ ঘোষণাৰ পদক্ষেপ লোৱা বুলি টুইটাৰ যোগে প্ৰকাশ কৰিছে। এই ঘোষণাৰ পাছতে প্ৰতিষ্ঠিত মেডিয়া তথা চ’চিয়েল মেডিয়াত প্ৰচাৰৰ ঢৌ উঠিছে যে চাইনীজ এপৰ নিষিদ্ধকৰণ হৈছে। মন কৰিব লগীয়া কথাটো হৈছে যে, চৰকাৰী এই দুয়োটা ভাষ্যতে চীন বা চাইনা শব্দৰ কোনো উল্লেখ নাই। 

আজি চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰয়ো ভাৰতত নিষিদ্ধ ঘোষিত এপৰ ভিতৰত বেছিভাগ চাইনীজ হোৱাক লৈ দেশখনে নিজৰ দৃষ্টি ৰাখিছে বুলি স্থিতি প্ৰকাশ কৰে। আনহাতে টিক-টিক ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী নিখিল গান্ধীয়ে জাৰি কৰা বিজ্ঞপ্তি অনুসৰি ভাৰত চৰকাৰৰ এই নিৰ্দেশক অন্তৰ্ৱতী বুলি উল্লেখ কৰিছে। কোম্পানীটোক চৰকাৰী বিভাগক স্পষ্টীকৰণ দিয়াৰ বাবে সুবিধা দিয়া বুলি লিখিছে। লগতে টিকটকে ভাৰতীয় আইনৰ সকলো তথ্য গোপনীয়তা আৰু সুৰক্ষা নিয়ম মানি চলিছে আৰু ভাৰতীয় ব্যৱহাৰকাৰীৰ কোনো তথ্য কোনো বিদেশী চৰকাৰ তথা চীনৰ চৰকাৰৰ সৈতে শ্বেয়াৰ কৰা নাই বুলিও কৈছে। তেওঁলোকে ১৪টা ভাৰতীয় থলুৱা ভাষাত সেৱা প্ৰদান কৰি কোটি কোটি ব্যৱহাৰকাৰীক নিজৰ সৃজনীশীলতা দৰ্শাবলৈ সুবিধা দিছিল বুলিও প্ৰকাশ কৰিছে। ইতিমধ্যে গুগোল আৰু এপলে এই এপ সমূহ প্লে-ষ্টোৰৰ পৰা আঁতৰ কৰি দিছে। টিক-টক এপৰ ক্ষেত্ৰত ভাৰতৰ ব্যৱহাৰকাৰীৰ সংখ্যাই অধিক আৰু এই নিষিদ্ধকৰণে এই কোম্পানীৰ মূল মালিক Bytedance ৰ ভাৰতত বিনিয়োগ কৰিব লগা ১ বিলিয়ন ডলাৰ বিনিয়োগৰ সম্ভাৱনাৰ ওপৰতো প্ৰশ্ন চিহ্নৰ সৃষ্টি কৰিছে।

‘থ্ৰী-ইডিয়ট’ চিনেমাৰ মূল কাহিনীৰ বাস্তৱ নায়ক লাডাখৰ অভিযন্তা তথা শিক্ষা সংস্কাৰক চোনম ৱাংগচুকে বিগত কেইবামাহো জুৰি চীনৰ আগ্ৰাসী মনোভাৱৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিৰোধ গঢ়াৰ বাবে চ’চিয়েল মেডিয়াযোগে প্ৰচাৰ চলাই আছিল। তেওঁৰ #BoycottMadeInChina আহ্বানক এক 'নাগৰিক আন্দোলন' বুলি অভিহিত কৰি ৱাংচুকে বহুদিনৰ পৰা চীনা চৰকাৰে নিজৰ প্ৰযুক্তি কোম্পানীৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ তথ্য আহৰণ কৰি, সেইবোৰক ভাৰতৰ বিৰুদ্ধেই ব্যৱহাৰ কৰাৰ প্ৰস্তুতি চলাই অহা বুলি অভিযোগ তুলিছে আৰু এই এপ নিষিদ্ধকৰণৰ পদক্ষেপক সঠিক বুলি আদৰণি জনাইছে। এসপ্তাহত এপ নিষিদ্ধকৰণৰ সফলতা আৰু এবছৰত চাইনীজ হাৰ্ডৱেৰৰ পৰিবৰ্তে মেড-ইন-ইণ্ডিয়াৰ সামগ্ৰীৰে দেশক স্বাৱলম্বী কৰাৰ বাবে কাম কৰিব লাগে বুলিও তেওঁ মত প্ৰকাশ কৰিছে। আমি এথিকেল কাৰণতে চাইনীজ সামগ্ৰীৰ বয়কট কৰিব লাগে বুলিও আউটলুক ইণ্ডিয়াক দিয়া সাক্ষাতকাৰত তেখেতে স্পষ্টকৈ কৈছে। তাৰ বিপৰীতে গ্লবেল টাইমচ নামৰ চাইনীজ ৰাষ্ট্ৰীয় মেডিয়াই সীমান্তৰ সমস্যাক বাণিজ্য আৰু বিনিয়োগৰ সৈতে সনাপোটোকা নকৰাটো ভাৰতে নিশ্চিত কৰাৰ প্ৰয়োজন বুলিও প্ৰকাশ কৰা দেখা গৈছে। এই ক্ৰিয়া-প্ৰতিক্ৰিয়াবোৰৰ পৰা দেখা গৈছে, যে গালৱান সীমান্তৰ বিবদমান পৰিস্থিতিৰ সৈতে এই সিদ্ধান্তৰ যে সংযোগ আছে, সেয়াও ৰাজনৈতিক দলবোৰৰ প্ৰতিক্ৰিয়াটো উজ্বলি উঠিছে।

ইনষ্টল থকা এপ সমূহৰ কি হব?

ভাৰত চৰকাৰৰ নিৰ্দেশনা পোৱাৰ পাছত গুগোল আৰু এপলে এই এপ সমূহ নতুনকৈ ডাউনলোড কৰিব নোৱাৰাকৈ এপ ষ্টোৰৰ পৰা আঁতৰাই দিছে। ভাৰত চৰকাৰৰ বিভাগীয় বিষয়াই ইণ্টাৰনেট চাৰ্ভিছ প্ৰভাইডাৰ আৰু টেলিকম চাৰ্ভিছ প্ৰভাইডাৰ সকলৰ সৈতে এই এপ সমূহৰ সৈতে ডাটা প্ৰৱাহ বন্ধ কৰিবলৈ আলোচনা কৰিছে। সেয়ে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লে চলিবলৈ ডাটাৰ প্ৰয়োজন হোৱা এপ সমূহ স্বাভাৱিকতেই কাম নকৰা হৈ পৰিব বুলি আশংকা কৰা হৈছে। পিছে স্কেনাৰকে ধৰি কিছুমান এপ যদি লোকেল ডিভাইচত ষ্টৰেজ কৰা ফাইল থাকে, সেইবোৰৰ কিছু কিছু চলি থকাৰো সম্ভাৱনা নোহোৱা নহয়। কিন্তু সকলো এপৰে একোটা ভেলিডিটি থাকে আৰু এনে এপ সমূহে পুনৰ আপডেট কৰিবলৈ বিচাৰিলে পুনৰ সমস্যাৰ সৃষ্টি হোৱাটোও এক হব স্বাভাৱিক কথা। সেয়ে এতিয়াই ডিলিট নকৰিলেও সময়ে সময়ে প্ৰয়োজন হোৱা ক্ৰিটিকেল চিকিউৰিটি পেটছ আৰু ডেভেলপাৰ চাৰ্পট অবিহনে এনে এপ চলোৱাত অসুবিধা হোৱাৰতো নিশ্চিত আৰু সেয়ে এনে এপ আঁতৰাই বিকল্প এপৰ দ্বাৰা নিজৰ কামকাজ স্বাভাৱিক ভাৱে চলাই যোৱাটোৱেই হব বুদ্ধিমানৰ কাম। গোগুল প্লে ষ্টৰ আৰু এপলৰ iOS এপ ষ্টোৰত প্ৰায়বোৰ এপৰেই বিকল্প উপলদ্ধ হৈ আছে। গুগোল ড্ৰাইভ বা এডোব স্কেনৰ জৰিয়তে কেম-স্কেনৰ বিকল্প ব্যৱস্থা কৰি লোৱাও সহজ বুলি প্ৰকাশ পাইছে। কিন্তু Xiaomi ৰ দৰে ভাৰতত আগস্থান লভি থকা স্মাৰ্ট ফোনৰ প্ৰি-ইনষ্টলড এপ সমূহ সঠিক ৰূপতেই কাম কৰি থাকিব বুলিও তথ্য-প্ৰযুক্তিৰ বিশেষজ্ঞই মত প্ৰকাশ কৰিছে। 


কাৰিকৰী সুৰুঙাৰ প্ৰশ্নঃ
এই মোবাইল এপবোৰ আচলতে হৈছে মোবাইল এপ্লিকেচনৰ চফটৱেৰ আৰু প্ৰগাম ফাইলক ডাউনলোড কৰি মোবাইলত চলাব পাৰি। প্ৰতিটো এপৰে বেলেগ বেলেগ কাম আৰু সুবিধা আছে। ই বিশ্বব্যাপি থকা ৱৰ্ল্ড-ৱাইড-ৱেব নামৰ তথ্যজালখনৰ এক ক্ষুদ্ৰ অংশহে। যদিও গুগোল প্লে ষ্টোৰ আৰু এপ’ল এপ ষ্টোৰেই সৰ্বাধিক জনপ্ৰিয়। তথাপি বিভিন্ন বিকল্প এপষ্টোৰও আজিকালি ইণ্টাৰনেটত অতি সুলভ। বহুতো সৰু বৰ স্মাৰ্টফোন কোম্পানীৰ নিজা নিজা প্ৰি-ইনষ্টলড এপষ্টোৰ আছে। গতিকে সেই মোবাইল নিৰ্মাণ কৰা সৰুবৰ কোম্পানীৰ এপ ষ্টোৰৰ পৰাও নিষিদ্ধ ঘোষিত এপবোৰ আঁতৰোৱাৰ প্ৰয়োজন হব। ইফালে বহুতো অপেন চৰ্ছ এপ ষ্টোৰো অনলাইন উপলদ্ধ আছে। বহুতে আকৌ মোবাইল এপৰ MOD APK নামৰ এবিধ মডিফাইড এপ উলিয়াই দিয়ে আৰু ৱেব-চাইটৰ জৰিয়তে তেনে মোবাইল এপ বিতৰণ কৰে তথা আপডেটেড ভাৰ্চনো যোগান ধৰি থাকে। 

বহুতো দেশৰ এপ, বেলেগ দেশত নচলে, যেনে- পপকৰ্নফ্লিক্স নামৰ আমেৰিকান অনলাইন চিনেমা সেৱা ভাৰতত উপলদ্ধ নহয়। ডিভাইচৰ ভৌগোলিক অৱস্থিতিৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি এপটোৱে এই সেৱা আপোনাৰ দেশত উপলদ্ধ নহয় বুলি বাৰ্তা দিয়ে। কিন্তু আজিকালি মানুহে নেটৱৰ্ক চিকিউৰটিৰ বাবে বেছিকৈ ভি.পি.এন (ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক) সেৱা ব্যৱহাৰ কৰাটো ক্ৰমাত জনপ্ৰিয় হৈ উঠিছে। ফলত ডিভাইচৰ ভৌগোলিক অৱস্থিতি ইণ্টাৰনেট ব্যৱহাৰৰ সময়ত আমেৰিকা, লণ্ডন, ডুবাই, চিংগাপুৰ ব্যৱহাৰকাৰীয়ে নিজে কাষ্টমাইজ কৰি লব পাৰে। ফলত এই ভৌগোলিক অৱস্থিতিৰ নিষিদ্ধকৰণে এনে নেটৱৰ্ক ব্যৱহাৰকাৰীক কোনো বেৱচাইটৰ অনলাইন সেৱা বা এপ ব্যৱহাৰ কৰা কাৰ্যক বাৰণ কৰিব নোৱাৰে। এনেবোৰ কাৰিকৰী সুৰুঙা আছেই বাবে, প্ৰকৃততে এই গ্লবেল নেটৱৰ্কত এখন দেশৰ ভৌগোলিক অৱস্থিতিত এপ নিষিদ্ধকৰণৰ জাননী কিমান ফলপ্ৰসূ ৰূপত বাস্তৱায়িত কৰাটো সম্ভৱ হব, সেয়া সময়েহে কব। এই প্ৰসংগতে দেশৰ ন্যায়ালৰ নিৰ্দেশত পৰ্ণ ৱেবচাইট নিষিদ্ধকৰণৰ কেচ ষ্টাডিটোলৈ মন কৰিব পাৰি। একেই পদ্ধতিৰে ইণ্টাৰনেট চাৰ্ভিছ প্ৰভাইডাৰ আৰু টেলিকম চাৰ্ভিছ প্ৰভাইডাৰক সেই সময়ত এশৰো উৰ্ধৰ তেনে নিষিদ্ধ ৱেবচাইটৰ তালিকা সেৱা বন্ধ কৰিবলৈ দিয়া হৈছিল। কিন্তু সেই একেই ৱেব-চাইটৰ সমলবোৰে এটা আখৰৰ নাম ইফাল-সিফাল কৰি ৰক্তবীজৰ দৰে বিভিন্ন দেশৰ ডমেইন লৈ আত্ম-প্ৰকাশ কৰা দেখিবলৈ পোৱা গ’ল। মুৰকত এই প্ৰচেষ্টা বাস্তৱত সফলকাম হব নোৱাৰিলে। এপ নিষিদ্ধকৰণৰ ক্ষেত্ৰতো এনে আশংকা অমূলক নহয়। 

চাইনীজ এপ বুলি নকলে কিয়?
কৰ্পৰেট জগতৰ মায়াজাল অতি জটিল। বহু ভাৰতীয় ফ্লেগশ্বিপ ষ্টাৰ্ট-আপত চীন দেশৰ বিভিন্ন কোম্পানীৰ বিনিয়োগ আছে। আৰু এই গ্লোবেলাইজেচনৰ দিনত কোম্পানীবোৰ হয় আচলতে মাল্টি-নেচনেল কোম্পানীহে। একোটা কোম্পানীত শ্বেয়াৰ হল্ডিং বেলেগ বেলেগ দেশৰ বিনিয়োগকাৰীৰ হয় আৰু কৰ্মৰত মানুহো বেলেগ বেলেগ দেশৰ হয়। কোম্পানীৰ আচল মালিক বুলিবলৈ এখন মুখ নাথাকে, কোম্পানীৰ মালিক আন দহটা কোম্পানী আৰু সেই দহটাৰ মালিক আন দহটা কোম্পানীও হব পাৰে। বহু ভাৰতীয় মূলৰ মানুহে আৰম্ভ কৰা কোম্পানীয়ে গোলকীয় বিনিয়োগকাৰী পাবলৈ পঞ্জীকৃত কাৰ্যালয় আৰু ষ্টক-এক্সচেঞ্জৰ লিষ্টিং চিংগাপুৰ আৰু হংকঙতো কৰাৰ বাতৰি অতি সুলভ। বহুতো ভাৰতত বেলেগ ব্ৰেণ্ডৰ মাৰ্কেটিং কৰি থকা কোম্পানী আকৌ ফ্ৰেন্সাইজি মডেলতহে চলে আৰু ইয়াত ব্যৱসায় চলোৱা কোম্পানীটো মূল কোম্পানীৰ দেশৰ নহৈ একেবাৰে প্ৰকৃত ভাৰতীয় মালিকৰ নামত আৰু ভাৰতৰ ষ্টক-এক্সচেঞ্জত লিষ্টিং কৰা কোম্পানীহে হয়। গতিকে যদিও চ’চিয়েল মেডিয়াত কোনো এখন দেশৰ এপ বুলি প্ৰচাৰ চলিছে, কিন্তু চৰকাৰী কাগজত দেশৰ নাম উল্লেখ নাই। তাৰ কাৰণ হৈছে এই কৰ্পৰেট মালিকানাৰ মায়াজাল। যদিও হাৰ্ডৱেৰ বা সামগ্ৰীৰ ক্ষেত্ৰত অৰিজিনেল ইকুপমেণ্ট মেনুফেক্সাৰ (OEM) বা কাউণ্ট্ৰি অৱ অৰিজিনৰ উল্লেখ কৰাটো সম্ভৱ, চফটৱেৰ বা এপৰ ক্ষেত্ৰত সেই টেগ লগোৱাত বাধ্যবাধকতা আৰোপ কৰিব নোৱাৰাটোও এটা কাৰিকৰী অসুবিধাই।

ৰাজনৈতিক প্ৰশ্নবোৰঃ
যিহেতু এই এপ নিষিদ্ধকৰণৰ ঘোষণাৰ সময়, গালৱান সীমান্তৰ উত্তেজনাৰ সৈতে সাঙুৰিয়েই বিশ্বৰ বিভিন্ন মহলে মন্তব্য প্ৰকাশ কৰিছে। সেয়ে দেশৰ ভিতৰতো ৰাজনৈতিক প্ৰশ্নয়ো মূৰ দাঙি উঠাটো স্বাভাৱিক। বিৰোধী দলে যদি এই সমূহ এপে চাইবাৰ চিকিউৰটি আৰু ডাটা প্ৰাইভেচীৰ ক্ষেত্ৰত প্ৰশ্নবোধকৰ সৃষ্টি কৰি আছিলেই তেন্তে ইমান দিনে চলি আছিল কেনেকৈ বুলিও প্ৰশ্ন তুলিছে? গালৱানৰ সীমান্তত যদি সুৰক্ষা কৰ্মীয়ে প্ৰাণ হেৰুৱাব নালাগিলেহেতেন তেন্তে এই চাইবাৰ চিকিউৰিটি দিশতো চৰকাৰে পূৰ্বৰ দৰেই উলাই কৰিয়েই চলিলেহেতেন নেকি বুলিও প্ৰশ্ন উঠিছে। বহুতে আকৌ ভাৰতৰ দেশৰ মেপ সলাই দিয়া আগ্ৰাসী চীনৰ পদক্ষেপৰ প্ৰত্যুত্তৰ এপ সলনি, কেৱল এক চিম্বলিকহে হব বুলিও আঙুলিয়াই দেখুৱাইছে। 

দেশৰ অখণ্ডতা, সাৰ্বভৌমতা আৰু সুৰক্ষাৰ প্ৰশ্নত কেতিয়াও আপোচ কৰাটো উচিত নহয়। দেশৰ নাগৰিকৰ তথ্য গোপনীয়তা আৰু চাইবাৰ-স্পেচত নিৰাপত্তাৰ প্ৰশ্ন এই ডিজিটেল সময়ত অতি স্পৰ্শকাতৰ হৈ উঠিছে। বেংকিং তাৰে ভিতৰত এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। গতিকে চোনম বাংচুক ডাঙৰীয়াই গঢ়ি তোলা চীনৰ ওপৰত নিৰ্ভৰশীলতাক ক্ৰমাত এৰাই স্বাৱলম্বনৰ এই জন-আন্দোলনৰ প্ৰয়োজন নিশ্চয়কৈ আছে। এই জন আন্দোলন, বিজ্ঞান-সন্মত, কাৰিকৰী জ্ঞানেৰ ভিত্তিত গঢ়ি উঠিব লাগিব। কাৰিকৰী সুৰুঙাৰ কথাবোৰকো গুৰুত্ব দিব লাগিব। বিকল্প উদ্যোগ, বিকল্প হাৰ্ডৱেৰ, চফটৱেৰ, কেঁচামাল নিৰ্মাণ আদি গঢ়াৰ এই যাত্ৰা অতি দীঘলীয়া হব। আৰু এই যাত্ৰা অবিৰত হব লাগিব, তাৰ বাবে লাগিব সুসংহত দীৰ্ঘম্যাদি নীতি। কেৱল হস্বম্যাদি ৰাজনৈতিক উদেশ্য আৰু প্ৰচাৰ ধৰ্মীতাৰ ঢৌতে ইয়াক সীমাবদ্ধ ৰাখিব নালাগিব, সেই কথাও কিন্তু নিশ্চিত। 

No comments:

Post a Comment