প্ৰৱন্ধঃ কয়লা খনন, অৰণ্য, অভয়াৰণ্য আৰু প্রতিবাদ ::মানস প্রতিম দত্ত - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
প্ৰৱন্ধঃ কয়লা খনন, অৰণ্য, অভয়াৰণ্য আৰু প্রতিবাদ  ::মানস প্রতিম দত্ত

প্ৰৱন্ধঃ কয়লা খনন, অৰণ্য, অভয়াৰণ্য আৰু প্রতিবাদ ::মানস প্রতিম দত্ত

Share This


কয়লা খনন, অৰণ্য, অভয়াৰণ্য আৰু প্রতিবাদ
মানস প্রতিম দত্ত
সম্প্রতি বর্ষাৰণ্য সংৰক্ষণ আৰু কয়লা খননৰ বিৰূপ প্রতিক্রিয়া সম্পর্কে যুৱ-প্রজন্ম সজাগ হোৱা দেখা গৈছে। বর্ষাৰণ্যৰ বিষয়ে বহু কথা জানিবলৈ, শিকিবলৈ এই প্রজন্ম আগবাঢ়ি অহাটো অতি ইতিবাচক দিশ। বৰ্ষাৰণ্য শব্দটো মূলত: দুটা শব্দৰ সমষ্টি। বৰষা আৰু অৰণ্য। বর্ষাৰণ্য শব্দটো শুনিলে আমি বহুতে ভাবো যে উক্ত অঞ্চলত গছৰ পৰা টোপাটোপে বৰষুণ সৰি থাকে। ই এক ভুল ধাৰণাহে। সমগ্র বছৰ সেমেকা পৰিৱেশ এই অঞ্চলত বিৰাজ কৰে বাবে এনে অৰণ্যাঞ্চলবোৰক বর্ষাৰণ্য বোলা হয়। অসমৰ বর্ষাৰণ্যসমূহৰ চৰিত্র অধ্যয়ন কৰিলে দেখা যায় যে এই বর্ষাৰণ্যসমূহ ট্রপিকেল ল’লেণ্ড ৰেইনফৰেষ্ট। 
বৰ্ষাৰণ্যসমূহত বছৰি বৃষ্টিপাতৰ পৰিমাণ আশী ইঞ্চিতকৈ অধিক হোৱা দেখা যায়৷ বসাধাৰণতে বর্ষাৰণ্যৰ উদ্ভিদমণ্ডলত চাৰিটা স্তৰ দেখা হয়৷ একেবাৰে শীর্ষ স্তৰটোক শীৰ্ষস্তৰ বা Emergent Layerবুলি কোৱা হয়৷ এই স্তৰৰ উদ্ভিদসমূহ সাধাৰণতে ১১৫ ৰ পৰা ১৫০ ফুট ওখ হয়৷ এই স্তৰৰ উদ্ভিদসমূহ দেখিবলৈ থোৱা ছাতিৰ দৰে, গা-গছডাল ওখ আৰু ক্ষীণ৷ উদাহৰণস্বৰূপে অসমৰ জাতীয় গছ হোলোং-ৰ কথা ক’ব পাৰি। হোলোং গছসমূহ এই স্তৰৰ অন্তর্গত। শীৰ্ষস্তৰৰ ঠিক তলতে থকা ৬৫-১০০ ফুট উচ্চতাৰ স্তৰটোৰ নাম হ’ল Canopy Layer বা মধ্যস্তৰ৷ এই স্তৰত উদ্ভিদবোৰেও অৰণ্যৰ ভিতৰভাগক ডাঙৰ ছাতিৰ দৰে আৱৰি ৰাখে৷ মধ্যস্তৰৰ তলতে ১৫ৰ পৰা ২০ ফুট উচ্চতাৰ আন এক স্তৰ দেখা যায়। এই স্তৰৰ নাম হ’ল নিম্নস্তৰ বা Understory Layer। এই স্তৰত কিছুমান জোপোহাকৃতিৰ অপৈণত গছ দেখিবলৈ পোৱা যায়৷ এই স্তৰৰ উদ্ভিদসমূহৰ মূৰবোৰ দীঘলীয়া হোৱা দেখা যায়৷ বৰ্ষাৰণ্যৰ একেবাৰে ভূমি ভাগত ঢেঁকীয়াজাতীয়, গুল্মজাতীয় উদ্ভিদ, বিভিন্ন প্ৰজাতিৰ কচু, বেত, বনৰীয়া কলগছ, ঘাঁহজাতীয় উদ্ভিদ আদি দেখিবলৈ পোৱা যায়৷ এই স্তৰটোক ভূমি-সংলগ্ন স্তৰ বা Herb layer বুলি কোৱা হয়।

বর্ষাৰণ্যসমূহ জৈৱ-বৈচিত্রৰ অপূর্ব ভাণ্ডাৰস্বৰূপ। বর্ষাৰণ্যৰ জীৱ-বৈচিত্র অধ্যয়ন কৰিলে দেখা যায় যে ইয়াৰ দৰে চহখী বৈচিত্রশালী ঠাই আন ক’তোৱেই নাই। আনকি ই বহুতো বিপন্ন আৰু বিশেষ প্রজাতিৰ অর্কিডৰো বাসভূমি। উদাহৰণস্বৰূপে দিহিং-পাটকাইৰ বুকুতে ভাৰতবর্ষত প্রথমবাৰৰ বাবে দেখা পোৱা গৈছিল Thrixspermum acuminatissimum নামৰ অর্কিডবিধ। ইয়াৰ উপৰিও বর্ষাৰণ্য বিভিন্ন জোক প্রজাতিৰ বাসভূমি। জোকৰ এনে বৃহৎ বৈচিত্র বর্ষাৰণ্যৰ বাদে বেলেগত প্রায়ে দেখিবলৈ পোৱা নাযায়।

অসমত বর্ষাৰণ্য আন্দোলনৰো এক সুকীয়া ইতিহাস আছে। ব্রহ্মপুত্র উপত্যকাত, সমগ্র বছৰে সেমেকা পৰিৱেশ বিৰাজমান এনে বর্ষাৰণ্য সংৰক্ষণৰ বাবে প্রথম পদক্ষেপ গ্রহণ কৰিছিল নেচার্চ বেকন নামৰ প্রকৃতি প্রেমী সংগঠনটোৱে। ১৯৯৪চনৰ পৰা ২০০৪ চনলৈ হোৱা দহবছৰীয়া সংগ্রামৰ ফলশ্রুতিত গঠিত হৈছিল ‘দিহিং পাটকাই অভয়াৰণ্য’। ইতিমধ্যে এই উপত্যকাৰে পবা বর্ষাৰণ্য সংৰক্ষণ আৰু সংবর্ধন আন্দোলন ত্বৰান্বিত হৈ উঠিছে।অসমৰ বর্ষাৰণ্য আন্দোনৰ ইতিহাসৰ সংগ্রামী পৃষ্ঠা লুটিয়াই চালে গম পাওঁ যে বর্ষাৰণ্যসমূহত থকা প্রচুৰ পৰিমাণৰ কাঠ, অর্কিড, বনৌষধি , বন্যপ্রাণী আদিৰ পৰা আর্থিক লাভৰ আশাতেই এচামে চলাই আহিছিল ৰমৰমীয়া চোৰাং বেহা। প্রায় দহবছৰযোৰা সংগ্রামৰ ফলশ্রুতিত দিহিং-পাটকায়ে পাইছিল অভয়াৰণ্যৰ স্বীকৃতি। এই সংগ্রামৰ সময়ছোৱাত বহু ৰাজনৈতিক হেঁচা , দুষ্ট চক্রৰ বাধা অতিক্রম কৰিবলগীয়া হৈছিল। ৰেডিঅ’ আৰু কাকতযোগে আৰম্ভ কৰা হৈছিল সজাগতা অভিযান। আয়োজন কৰা হৈছিল বর্ষাৰণ্য বিষয়ক অনুষ্ঠানৰ। লাহে লাহে সজাগ হৈছিল গাঁওবাসী। দাঁতিকাষৰীয়া গাঁওবাসীৰ অকুণ্ঠ সহযোগত এই আন্দোলন হৈ পৰিছিল গণমুখী। ইয়াৰ উপৰিও জয়পুৰ, দিৰক আৰু আপাৰ দিহিঙৰ ৫০০ বর্গ কি:মি: অঞ্চলক জয়দিহিং অভয়াৰণ্য হিচাপে স্বীকৃতি দিবলৈ দাবী জনাইছিল যদিও ই আজিকোপতি স্বীকৃতি লাভ কৰা নাই । দিহিং-পাটকাইৰ উপৰিও ধেমাজি জিলাৰ জোনাইত অৱস্থিত পবা বর্ষাৰণ্যক অভয়াৰণ্য হিচাপে স্বীকৃতি দিবলৈ জনোৱা দাবীও আজি দাবী হৈয়ে আছে। ১৯২৪ চনতে ব্রিটিছে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা পবাৰ চৰিত্রসমূহত বর্ষাৰণ্যৰ চৰিত্রৰ লক্ষ্য কৰা হয় আৰু ইয়াক বর্ষাৰণ্য হিচাপে চিনাক্ত কৰা হয়। দুই শতাধিক বনৰীয়া চৰাই বিচৰণভূমি , কুৰিৰো অধিক স্তন্যপায়ী, ১৫টাৰো অধিক উভচৰ আৰু সৰীসৃপ প্রজাতিৰ বিচৰণভূমি পবাক অভয়াৰণ্য হিচাপে স্বীকৃতি দিবলৈ নেচার্চ বেকন, সদৌ অসম ছাত্র সন্থা, সদৌ মিচিং ছাত্র সন্থাৰ জোনাই সমিতি, ধেমাজি জিলা পবা সুৰক্ষা সমিতি, চেভ পবা ৰেইন ফৰেষ্ট আদি সংগঠনে জনসজাগতা সৃষ্টিৰ উদ্যোগ লৈছে। ইছৰ’ৰ জৰীপ অনুসৰি ১৯৮৮-৮৯ চনত অসমত থকা ২১.৯৮% বনাঞ্চল ধ্বংসৰ কৱলত পৰি ২০০৬ চনত ২১.০২% হৈছিলগৈ। ইয়াৰ উপৰিও বহু সময়ত কৃষি ভূমি চৰকাৰে কর্পৰেট গোষ্ঠীক গতাই দিয়াৰ ফলত উপায়হীন হৈ কৃষকে বনাঞ্চল ধ্বংসৰ দৰে অসাংবিধানিক কাম কৰিবলৈয়ো ভয় নকৰা হৈছে। চাহ-বাগান গঢ়াৰ নামত বন ধ্বংসৰ বাতৰিও বিভিন্ন সময়ত পঢ়িবলৈ পোৱা গৈছে। 

দিহিং-পাটকাই বর্ষাৰণ্যৰ পৰা প্রায় অলপ দূৰৈৰ চালেকিত হৈ থকা কয়লা খননে অসমৰ জৈৱ-বৈচিত্রলৈ ভাবুকি কঢ়িয়াই ননা নহয়। এই সম্পর্কে যুৱ প্রজন্মৰ মাজত যি পৰিমাণে সজাগতা অহা উচিত আছিল সেইদৰে অহা নাই। কেৱল দিহিং-পাটকাইৰ অভ্যন্তৰত বা দিহিং-পাটকাই হস্তী সংৰক্ষিত অঞ্চলতে এই আন্দোলন সীমাবদ্ধ হৈ থকা যেন লাগিছে। এই সময়ত আমাৰ পৰিৱেশ আন্দোলনৰ মূল লক্ষ্য হ’ব লাগে কয়লাৰ খননে কৰা অপকাৰিতা আৰু প্রকৃতি সুৰক্ষাৰ বাবে বনাঞ্চলসমূহক অভয়াৰণ্যলৈ উন্নীত কৰিবলৈ দাবী জনোৱা। প্রকৃতার্থত ক্ষেত্র অধ্যয়নৰ জৰিয়তে ইয়াক আগবঢ়াই লৈ যোৱাটো মূল কথা হ’ব লাগিব। যিহেতু চালেকিত হোৱা কয়লা খননেও বহনক্ষম বিকাশলৈ ভাবুকি কঢ়িয়াই আনিবই।

অসমত কয়লা খননৰ ইতিহাসো একেবাৰে নতুন নহয়। আজিৰ পৰা প্রায় ১৪০ বছৰৰ পূর্বেই কয়লা খননৰ কাম অসমত আৰম্ভ হৈছিল। অসমে কয়লাৰ বাবেই ৰেলপথ লাভ কৰিছিল বুলিব পাৰি। অসমত পোৱা কয়লাত অত্যধিক ছালফাৰ থাকে, যি প্রকৃতিৰ ওপৰত অধিক নেতিবাচক প্রভাৱ পেলায়। অসমৰ মুক্ত কয়লা খনন আৰু ইয়াৰ ধ্বংসাত্মক প্রভাৱৰ বিষয়ে সজাগতা আনিবলৈ ১৯৮০ চনত ‘ষ্টুডেন্ট চায়েন্স চচাইটি’ৰ পৃষ্ঠপোষকতাত বিভিন্ন বাতৰি কাকতত লেখা-মেলাৰ জৰিয়তে উজনি অসমৰ মুক্ত কয়লা খনন বিৰোধী আন্দোলনৰ জৰিয়তে এক জনসজাগতা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। এই আন্দোলনৰ বিষয়ে ড০ নৱ কুমাৰ চমুৱাই লিখিছে, ‘..বিভিন্ন ছাত্র সংগঠনৰ দাবীৰ প্রতি গুৰুত্ব দি তদানীন্তন বন আৰু পৰিৱেশ মন্ত্রী মেনকা গান্ধীয়ে উক্ত প্রসংগৰ অনুসন্ধানৰ বাবে ব্যৱস্থা গ্রহণ কৰে। কিন্তু ইয়াৰ পাছতো পৰিস্থিতিৰ বিশেষ একো সালসলনি নহ’ল। ইয়াৰ বিপৰীতে প্রাকৃতিক বিপর্যয়ৰ অধিক অৱনতি ঘটিল। ২০০১ চনৰ ৭ জুলাইত ১ নং মালু গাঁৱতভূমিস্খলন হৈ বিস্তৰ ক্ষতি সাধন হয়। এই ভূমিস্খলনত এখন প্রাথমিক বিদ্যালয়কে ধৰি দহটাতকৈ অধিক ঘৰ জাহ যায়। প্রায় ৩৮ টা পৰিয়াল লিডুলৈ স্থানান্তৰিত কৰা হয়। এই ঘটনাই সমগ্র অঞ্চলবাসীৰ মনলৈ ভয় আৰু আশংকাৰ সঞ্চাৰ কৰে। তদুপৰি অঞ্চলটোৰ বৌদ্ধিক মহলকো এই ঘটনাই ভাৱিবলৈ বাধ্য কৰায়। ইয়াৰ পৰিণতিকল্পে ২০০১ চনৰ চেপ্তেম্বৰত লিডু অপেন কাষ্ট মাইনিং প্রটেকশ্যন কমিটিৰ গঠন হয়।’ অৱশ্যে ৰাজনৈতিক সংঘাতৰ ফলত এই আন্দোলনৰ গতি স্থবিৰ হৈ পৰে।ডিগবৈ অঞ্চলত পৰিৱেশ অৱনতি হোৱাৰ এটি অন্যতম কাৰক হ’ল ডিগবৈ তৈল শোধানাগাৰ এই শোধানাগাৰৰ পৰা নির্গত ধোঁৱা তৈলবাহী নলাৰ বিস্ফোৰণে ১৯৯৬ চনত আনন্দপাৰা গাঁৱৰ ঘৰ-দুৱাৰ ভস্মীভূত কৰাৰ লগতে ২০০০ চনত হোৱা অগ্নিকাণ্ডই বৰবিল বনাঞ্চল ধ্বংস কৰাৰ ফলত স্থানীয় ৰাইজে অসম প্রদূষণ নিয়য়ন্ত্রণ পৰিষদৰ ওচৰত অভিযোগ দিয়া স্বত্বেও প্রশাসনৰ গা লৰা নাছিল যদিও মেনকা গান্ধীৰ তত্পৰতাত পৰিৱেশ আৰু বন মন্ত্রালয়ক কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদে শোধানাগাৰ কর্তৃপক্ষক কৈফিয়ত তলব কৰে। । আনহাতে দিহিং-পাটকাইৰ অবৈধ তেল খনন কার্যও নেচার্চ বেকনৰ প্রতিবাদ আৰু ২০০৫ চনৰ ১৮ মার্চত প্রদান কৰা দাবীপত্রৰ ফলত বন্ধ হয়।(তথ্য উত্স: অসমত সেউজ সংৰক্ষণ চেতনা আৰু সাহিত্য।)

অসমত থকা সংৰক্ষিত বনাঞ্চল আৰু প্রস্তাৱিত সংৰক্ষিত বনাঞ্চলসমূহ অভয়াৰণ্যলৈ উন্নীত নকৰালৈকে ইয়াৰ সংৰক্ষণ সম্ভৱ নহয়। অসমৰ বুলিয়ে নহয় ভাৰতবর্ষৰ অর্থনীতি আজিও প্রকৃতি নির্ভৰ। যিহেতু সংৰক্ষিত বনাঞ্চল সমূহক চৰকাৰে নিজা কামত ব্যৱহাৰ কৰিব পাৰে সেয়েহে ইয়াক উন্নীত কৰাৰ অবিহনে ইয়াৰ সংৰক্ষণ অসম্ভৱ। এইখিনিতে আন এটা প্রশ্নয়েও ক্রিয়া কৰে। সেয়া হ’ল সকলো বনাঞ্চলকে অভয়াৰণ্যৰ স্বীকৃতি সম্ভৱনে? এইক্ষেত্রত যিবোৰ অৰণ্যাঞ্চলত খনন বা অন্য কার্য চলালে বহনক্ষম বিকাশক প্রভাৱিত কৰিব সেই অঞ্চলক অধিক গুৰুত্ব দিয়া উচিত। এই কথাও ঠিক যে অসমৰ অৰণ্য সম্প্রতি ইমানেই ধ্বংস হৈছে যে ইয়াৰ যিকোনো এক অঞ্চলত কোনো কার্য কৰিলেই বহনক্ষম বিকাশ ব্যাহত হ’ব পাৰে।

বর্ষাৰণ্য সুৰক্ষাৰ ক্ষেত্রত দাঁতি-কাষৰীয়া মানুহখিনিৰ ভূমিকা অতিকে গুৰুত্বপূর্ণ। বর্ষাৰণ্যৰ দুর্যোগৰ সময়ত সদায়ে মাৰ বান্ধি ঠিয় হৈ আহিছে বর্ষাৰণ্যৰ জনগোষ্ঠীসকল। আমাজন বর্ষাৰণ্যৰ তেনে এক আমেৰিণ্ডিয়ানচ্ জনগোষ্ঠীয়ে বনভূমিত খাৰুৱা তেলৰ সন্ধানৰ বাবে বহুজাতিক কোম্পানীক গতাই দিয়াৰ বিৰোধিতা কৰি আদালতৰ দ্বাৰস্থ হৈছিল আৰু জনগোষ্ঠীটো সপক্ষে আদালতে ৰায় প্রদান কৰিবলৈঋ বাধ্য হৈছিল। অসমৰ বর্ষাৰণ্যৰ দাঁতি-কাষৰীয়া ৰাইজে একেদৰে সজাগ হৈ ওলাই আহিব লাগিব। তেওঁলোকক অসমৰ প্রত্যেকজন ব্যক্তিয়ে সজাগ কৰাৰ লগতে সহযোগিতা আগবঢ়াবই লাগিব । 

কেৱল উচ্চ মজুৰিয়েই কাকো সুৰক্ষিত কৰি ৰাখিব নোৱাৰে। আমাৰ সুৰক্ষাৰ বাবে সুস্থ প্রকৃতিৰহে প্রয়োজন। অবৈধ কয়লা খনন হোৱা স্থানসমূহৰ জৈৱবৈচিত্র আৰু সম্পদৰ ওপৰত সাংঘাতিক নেতিবাচক প্রভাৱ পৰা দেখা যায়। কয়লা খননৰ বেলিকা বৃহৎ পৰিমাণৰ পানী ব্যৱহাৰ কৰা হয়। কিছুসংখ্যক খননকাৰীয়ে পানী সমূহ পুন:ব্যৱহাৰ কৰে যদিও বহুতে নকৰে। দূষিত পানীয়ে মৎস্য-বৈচিত্রলৈয়ো ভাবুকি কঢ়িয়াই আনে। ইয়াৰ উপৰিও ইয়াৰ পৰা নির্গত প্রদূষকে বিভিন্ন ছাল আৰু শ্বাস-প্রশ্বাসজনিত ৰোগ সৃষ্টি কৰা দেখা যায়। 

বর্ষাৰণ্যৰ সংকটে দাঁতি-কাষৰীয়া জনগোষ্ঠীৰ জীৱন-জীৱিকালৈয়ো অশনি সংকেত কঢ়িয়াই আনিব। কৃষিনির্ভৰ জীৱনশৈলীক প্রভাৱান্বিত কৰাৰ লগতে অর্থনৈতিক ক্ষেত্রটো প্রভাৱিত কৰিব। পানী আৰু ভূমি অৱক্ষয় আৰু গুণাগুণ নষ্ট হৈ ফচল উৎপাদনক প্রভাৱিত কৰিব। কম ফচল উৎপাদনে থলুৱা বজাৰখনৰ প্রতিও ভাবুকি আহি পৰিব। ঠাইভেদে এনে ভাবুকিয়ে প্রভাৱিত কৰা দেখা গৈছেই।

আমি বিশ্বাস কৰো যে, অৰণ্য কাৰো অধীন নহয়। অৰণ্যৰ মালিক অৰণ্যই। গতিকে অৰণ্য এখনক অৰণ্যৰ দৰে থাকিবলৈ দিবলৈ, ৰাখিবলৈ অসমৰ প্রতিজন ব্যক্তিয়েই আগবাঢ়ি আহিব লাগিব। ইয়াৰ বাবে কাৰোবালৈ দয়িত্ব ঠেলি দি বহি থকা অনুচিত। জনসচেতনতা আৰু দায়িত্ববোধে এই ক্ষেত্রত সক্রিয় ভূমিকা পালন কৰিব। অসমত কয়লাখনন বন্ধ হ’লে সবাতোকৈ উপকৃত হ’ব অসম আৰু অসমৰ প্রকৃতিয়েই। গতিকে আমাৰ দায়িত্ব হ’ব লাগিব এই প্রকৃতি আন্দোলনক সঠিক ৰূপত আগুৱাই নিয়াৰ লগতে দিহিং-পাটকাইৰ দৰে বর্ষাৰণ্য সমূহৰ প্রস্তাৱিত অংশকো অভয়াৰণ্যলৈ উন্নীত কৰাটো।

এই কথাও ঠিক যে বর্ষাৰণ্য বা প্রকৃতি সুৰক্ষাৰ বাবে কেৱল সজাগতা সভাই কার্যকৰী হ’ব নোৱাৰে। তাৰ বাবে বিদ্যালয় পর্যায়ৰ পৰাই এক সংৰক্ষণকামী মনোভাৱ গঢ় দিয়াৰ লগতে সংৰক্ষণ আৰু নবীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ সম্পর্কে নৱ-প্রজন্মক আগ্রহী কৰি তুলিব লাগিব। অলপতে ধেমাজি জিলাৰ সুবাহীত বিদ্যা-দি লিভিং স্কুল নামৰ অগতানুগতিক শিক্ষানুষ্ঠান গঢ়ি তোলা ড০ প্রাঞ্জল বুঢ়াগোহাঁই ছাৰৰ সৈতে হোৱা কথাবোৰত তেখেতে নৱীকৰণযোগ্য সম্পদৰ কার্যকৰী জ্ঞান দিয়াব পৰাকৈ পাঠ্যক্রম গঢ়ি তোলাৰ কথা কৈছে। জৈৱ-গেছৰ ব্যৱহাৰ, বৰষুণৰ পানী সংৰক্ষণ, কলাকর্ষণ আদি পদ্ধতি শিক্ষানুষ্ঠানৰ কার্যকৰী ক্রিয়া হ’লেহে সজাগতাক ‘সজাগতাৰ পৰা কার্যলৈ ৰূপান্তৰ’ কৰা সম্ভৱ হৈ পৰিব। চৰকাৰে প্রকৃতি সুৰক্ষাৰ ক্ষেত্রত সদিচ্ছাৰে আগবাঢ়ি অসমৰ জনগণৰ পক্ষ লোৱা উচিত।

পাদটীকা:
 চমুৱা, ড০ নৱ কুমাৰ, অসমৰ বর্ষাৰণ্য, নক্সা প্রকাশন, ধেমাজি
 "Subarnarekha, Jalaka flowing above red mark". India Environment Portal.
লেখকৰ ফোন : +৯১-৮৬৩৮৭০৮০৭৮

No comments:

Post a comment