ভাল খবৰঃ ১৮০ শ্ৰমিকক বিমানেৰে অসমলৈ পঠিওৱা চনু চুডলৈ অসমীয়া চিত্ৰশিল্পীৰ ব্যতিক্ৰমী উপহাৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ ১৮০ শ্ৰমিকক বিমানেৰে অসমলৈ পঠিওৱা চনু চুডলৈ অসমীয়া চিত্ৰশিল্পীৰ ব্যতিক্ৰমী উপহাৰ

ভাল খবৰঃ ১৮০ শ্ৰমিকক বিমানেৰে অসমলৈ পঠিওৱা চনু চুডলৈ অসমীয়া চিত্ৰশিল্পীৰ ব্যতিক্ৰমী উপহাৰ

Share This
অসমৰ শিল্পী ৰবীন বৰে অঁকা চনু চুডৰ প্ৰতিচ্ছবিখন
ক'ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত গৃহৰাজ্যমুখী শ্ৰমিকক মুম্বাইৰ পৰা বাচ, ট্ৰেইন আৰু এতিয়া বিশেষ ফ্লাইটৰ ব্যৱস্থা কৰি ঘৰমূৱা কৰাত বিশেষ উদ্যম গ্ৰহণ কৰা বলিউডৰ অভিনেতা চনু চুড দেশজুৰি প্ৰশংসিত হৈছে। অসমৰো ১৮০ গৰাকী এনে শ্ৰমিকক মুম্বাইৰ পৰা বিশেষ বিমান যোগে অসমলৈ পঠাই চনু চুড অসমৰ ৰাইজৰো প্ৰশংসাৰ পাত্ৰ হৈছে। 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও অভিনেতা চনু চুডৰ এই বদান্যতা সূচক কৰ্মক প্ৰশংসা কৰি টুইটৰে আজি ধন্যবাদ জ্ঞাপন কৰে।

চনুক এগৰাকী ভাল অভিনেতাৰ লগতে এগৰাকী ভাল মানুহ হিচাবে প্ৰশংসা কৰি হৃদয়ৰ পৰা এই আপাতকালত আগবঢ়োৱা সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আন্তৰিক ধন্যবাদ জনায়। চনুৱে ১৮০ গৰাকী শ্ৰমিকক মুম্বাইৰ পৰা বৰাক ভেলীৰ শিলচৰলৈ পোনপটীয়া বিশেষ বিমানেৰে প্ৰেৰণ কৰে। 

চনু চুডৰ এই বদান্যতাসূচকৰ কামবোৰৰ বাবে কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, এগৰাকী অসমৰ শিল্পীৱেও তেওঁৰ নিজা শিল্পীৰে কৃতজ্ঞতা প্ৰকাশ কৰে। তেখেতে হৈছে গুৱাহাটীৰ চিত্ৰশিল্পী ৰবিন বৰ। ৰবিন বৰে এক ব্যতিক্ৰমী প্ৰতিচ্ছবি অংকন কৰে অভিনেতা চনু চুডৰ।

বিশেষত্ব এয়ে যে, এই প্ৰতিচ্ছবিতে চনু চুডৰ সমগ্ৰ শ্ৰমিকৰ ত্ৰাণকৰ্তা ৰূপে কৰা প্ৰতিটো কামকে নিখুঁত ভাৱে অংকন কৰি এক অনন্য ৰূপ দিছে শিল্পীগৰাকীয়ে। চনু চুডে এতিয়া এই  অনন্য প্ৰতিচ্ছবিৰ সৃষ্টিকৰ্তা চিত্ৰশিল্পী গৰাকীকো লগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বুলিও জানিব পৰা গৈছে।


No comments:

Post a Comment