চাকৰিৰ খবৰঃ অসমৰ স্বাস্থ্য বিভাগত মুঠ ৬০৯ টা পদৰ বাবে অনলাইন আবেদন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ অসমৰ স্বাস্থ্য বিভাগত মুঠ ৬০৯ টা পদৰ বাবে অনলাইন আবেদন

চাকৰিৰ খবৰঃ অসমৰ স্বাস্থ্য বিভাগত মুঠ ৬০৯ টা পদৰ বাবে অনলাইন আবেদন

Share This
অসমৰ স্বাস্থ্য বিভাগত মুঠ ৬০৯ টা পদৰ বাবে অনলাইন আবেদন
অসম চৰকাৰৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেচন, ছয় মাইল, খানাপৰা, গুৱাহাটী-২২ অধীনত অনলাইন আবেদন বিচৰা হৈছে মুঠ ৬০৯ টা পদৰ বাবে।  আবেদনৰ বাবে অনলাইন লিংক মুকলি থাকিব ৩০ জুনৰ পৰা ১৫ জুলাই ২০২০ পৰ্যন্ত। 

ইয়াৰে ভিতৰত ষ্টাফ নাৰ্চ (ক্ৰিটিকেল কেয়াৰ) ৰ পদ আছে ৪৮৪ টা পদ। অৰ্হতাঃ বিএচচি নাৰ্চিংৰ স্নাতক। পে-স্কেলঃ Rs 14000-60500/-+ GP 8700. চৰকাৰী নিয়মানুসৰী পদৰ বাবে জাতিগত, অৰ্থনৈতিক ভাৱে দুৰ্বল আৰু বিশেষ ভাৱে সক্ষমৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা আছে।

আই.চি.ইউ টেকনিচিয়ানৰ পদ আছে ১২৫টা। ইয়াৰ বাবে অৰ্হতা লাগিব হায়াৰ চেকেণ্ডেৰীৰ সমতুল্যৰ লগতে চৰকাৰী অনুমোদিত প্ৰতিষ্ঠানৰ পৰা ক্ৰিটিকেল টেকনিচিয়ানৰ ডিপ্লমা থাকিব লাগিব। পে-স্কেলঃ Rs 14000-60500/-+ GP 6200. চৰকাৰী নিয়মানুসৰী পদৰ বাবে জাতিগত, অৰ্থনৈতিক ভাৱে দুৰ্বল আৰু বিশেষ ভাৱে সক্ষমৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা আছে।

চাকৰিৰ স্থানঃ গুৱাহাটীৰ লগতে চৰকাৰী চিকিতসা মহাবিদ্যালয় সমূহত। অনলাইন আবেদনৰ বাবে www.dme.assam.gov.in লিংকত ক্লিক কৰক।

No comments:

Post a Comment