আনপ্লাগডঃ পৰীক্ষাৰ ফলাফল, লাইম লাইট আৰু বৰ্ধিত জনসংখ্যাৰ সুফল :: আশ্বিক জামান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আনপ্লাগডঃ পৰীক্ষাৰ ফলাফল, লাইম লাইট আৰু বৰ্ধিত জনসংখ্যাৰ সুফল :: আশ্বিক জামান

আনপ্লাগডঃ পৰীক্ষাৰ ফলাফল, লাইম লাইট আৰু বৰ্ধিত জনসংখ্যাৰ সুফল :: আশ্বিক জামান

Share This
পৰীক্ষাৰ ফলাফল, লাইম লাইট আৰু বৰ্ধিত জনসংখ্যাৰ সুফল  
আশ্বিক জামান
ঐতিহাসিকভাৱে ভাৰতত শিক্ষা সদায়ে এটা অভিজাত সামগ্রী আছিল। ব্রিটিছ যুগত মূলতঃ ঔপনিৱেশিক প্রয়ােজনত আৰম্ভ হােৱা আধুনিক আৰু ইংৰাজী শিক্ষাও সেই অভিজাত সামাজিক বান্ধনিৰ বাহিৰলৈ ওলাব পৰা নাছিল। এতিয়াও যে সেই বান্ধনিৰ পৰা সম্পূর্ণ মুক্ত হৈছে। এনে নহয়, কাৰণ এতিয়াও আমাৰ দেশত প্রতি ১০০জন শিশুৰ ভিতৰত তিনিজনে কেতিয়াও স্কুললৈ যাবলৈ সুযােগেই নাপায়। আৰু যিসকল শিশু স্কুললৈ যায়, তাৰ চাৰিজনৰ তিনিজনেই কেতিয়াও উচ্চ শিক্ষাৰ অনুষ্ঠান দেখা নাপায়। অতি দুখজনক হলেও এয়া সত্য যে প্রাথমিক আৰু মাধ্যমিক স্কুলতে প্রতি চাৰিজনৰ তিনিজন ছাত্রছাত্রীৰ আজিও, এই ট্রিলিয়ন ডলাৰ অর্থনীতিসম্পন্ন ভাৰতত, পঢ়াশুনাৰ যতি পৰে। 
কেৱল ৮ শতাংশ ভাৰতীয় শেষলৈ গৈ স্নাতক হয়। দৰিদ্ৰতা, শিশু শ্রমিক আৰু অসুস্থতাক— স্কুল ড্রপ-আউটৰ মূল কাৰণ হিচাপে সাধাৰণতে চিহ্নিত কৰা হয়। আশ্চর্যজনক কথাটো হ'ল – অসমত ভাৰতৰ ভিতৰতে স্কুল ড্রপ-আউটৰ হাৰ সর্বাধিক, আনকি বিহাৰ, উৰিষ্যা, ঝাড়খণ্ডৰ দৰে ৰাজ্যতকৈ বেছি। অসমত এই অস্বাভাৱিক স্কুল ড্রপ-আউটৰ হাৰসর্বাধিক হােৱাৰ কাৰকসমূহ শিক্ষাবিদ, সমাজবিজ্ঞানী আৰু পলিচী মেকাৰসকলৰ হাতত এৰি আমি মূল বিষয়লৈ আহোঁ।

শিক্ষাৰ পৰিকাঠামােগত অৱস্থা বর্তমানৰ তুলনাত স্বাধীনতাৰ পূর্বে অধিক বেয়া আছিল। শিক্ষাৰ সুযােগ আৰু সুবিধা আছিল অতি সীমিত। স্কুলৰ সংখ্যা আছিল আঙুলিৰ মূৰত গণিব পৰা আৰু কলেজৰ সংখ্যা নগণ্য। গতিকে আমি আগতে কোৱাৰ দৰে শিক্ষা আছিল আভিজাত্যৰ প্রতীক আৰু মূলতঃ অভিজাতসকলৰহে আছিল শিক্ষাৰ ওপৰত একচিতীয়া অধিকাৰ। ফলত এজন সাধাৰণ ছাত্ৰৰ বাবে স্কুলীয়া শিক্ষাই যেন সপােন আছিল। কলিকতা, ঢাকা, ৰংপুৰ অথবা পাছলৈ গুৱাহাটীলৈ গৈ কলেজত নাম লিখােৱাৰ সাধ্য আৰু ইচ্ছা বহুতৰে নাছিল। গতিকে ‘মেট্রিকুলেশ্বন’ আছিল সাধাৰণ মানুহৰ বাবে উচ্চতম শৈক্ষিক ডিগ্রী। তদুপৰি সেই সময়ত সকলাে স্কুলতে মেট্রিক পৰীক্ষা দিয়াৰ সুবিধা নাছিল, চহৰনগৰৰ কিছুমান স্কুলহে মেট্রিক পৰীক্ষাৰ কেন্দ্ৰ আছিল। গতিকে মেট্রিক পৰীক্ষা দিবলৈ মানুহ টালিটোপােলা বান্ধি কোনাে আত্মীয়-পৰিজন অথবা কেতিয়াবা অচিনাকি মানুহৰ ঘৰতাে আশ্রয় ল’ব লাগিছিল।নামনি অসমত এইব্যৱস্থাটোক ‘জাগিৰ থকা বুলি কৈছিল। মুঠতে, মেট্রিক পৰীক্ষা কেৱল মাত্র শৈক্ষিক পাঠ্যক্ৰমৰ পৰীক্ষা নাছিল, ইয়াৰ বাবে প্রয়ােজনীয় মানসিক আৰু শাৰীৰিক কষ্টও কম নাছিল। সেয়ে বহুতে বিয়া-বাৰু কৰাই মেট্রিক পৰীক্ষা দিছিল। আনহাতে, সাধাৰণ মানুহৰ বাবে মেট্রিকুলেশ্বন এটা ইমানেই গুৰুত্বপূৰ্ণ শৈক্ষিক যােগ্যতা আছিল যে মেট্রিক পৰীক্ষাত ফেল কৰাটোও একধৰণৰ যােগ্যতা বুলি বিবেচিত হৈছিল। আৰু ইয়াৰ এটা প্রচলিত নামাে আছিল— আণ্ডাৰ মেট্রিক অথবা আণ্ডাৰ মেট্রিকুলেশ্বন পাছ। 

গাঁওসমূহত এতিয়াও আঠ-দহবাৰকৈ পৰীক্ষা দি মেট্রিক পৰীক্ষা উত্তীর্ণ হােৱা ককা-আজোককাৰ উদাহৰণ আছে। ইংলেণ্ডৰ শিক্ষা ব্যৱস্থাৰ আৰ্হিত ঔপনিৱেশিক ভাৰতত আৰম্ভ হােৱা মেট্রিক পৰীক্ষা কেতিয়াবাই বন্ধ হৈ গ'ল। প্ৰতিটো ছেকেণ্ডাৰী ব’র্ডে মেট্রিক পৰীক্ষাৰ ঠাইত প্রায় একে আৰ্হিৰ ছেকেণ্ডাৰী ব'ৰ্ডৰ পৰীক্ষা বিগত কেইবা দশকৰ পৰা অনুষ্ঠিত কৰি আহিছে। কিন্তু আমাৰ সামাজিক মনস্তত্ত্বৰ পৰা, মানুহৰ মন-মগজুৰ পৰা মেট্রিক পৰীক্ষাক লৈ ঔপনিৱেশিক যুগৰ সেই ‘ৰােমাণ্টিচিজম’ এতিয়াও শেষ হােৱা নাই। হ'বইবা কিয়? আচৰিতভাৱে এতিয়াও ভাৰতৰ ৭৫ শতাংশ শিক্ষিত মানুহৰ বাবে এয়াই সর্বোচ্চ শৈক্ষিক ডিগ্রী। গতিকে মেট্রিক পৰীক্ষাক লৈ আৰু মেট্রিক পৰীক্ষাৰ ফলাফলক লৈ প্রতিবছৰ অসমৰ সংবাদ মাধ্যমত যিধৰণৰ হিষ্ট্রিয়া’ সৃষ্টি কৰা হয়, সেয়া স্বাভাৱিক সামাজিক প্রতিক্রিয়া বুলিয়েই ধৰিব লাগিব।

অৱশ্যে আন ৰাজ্যতকৈ অসমত এই হুলস্থুলটো অপ্রয়ােজনীয়ভাৱে অলপ বেছি। বিশেষকৈ স্থানপ্রাপ্ত ছাত্র-ছাত্ৰীক লৈ ছপা আৰু বৈদ্যুতিন মাধ্যমে যিধৰণৰ ‘মিডিয়া হাইপ’ৰ সৃষ্টি কৰে, সেয়া কেৱল দৃষ্টিকটুয়েই নহয়, স্থানপ্রাপ্ত কুমলীয়া ছাত্র-ছাত্রীৰ বাবেও ক্ষতিকাৰকহে। অপ্রয়ােজনীয়ভাৱে সাময়িক লাইম-লাইটত আনি ভৱিষ্যতে ইয়াতকৈ ভাল ফলাফল কৰিবলৈ প্রথম দিনৰে পৰা এই ছাত্র-ছাত্রীসকলৰ ওপৰত এক সামাজিক আৰু মানসিক চাপ সৃষ্টিকৰা হয়। কটন হােষ্টেলত থকাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে বহুতেই এই ‘পাৰফৰ্মেন্স প্ৰেছাৰ’ সহ্য কৰিব নােৱাৰি মানসিকভাৱে ভাগি পৰে, অৱসাদগ্রস্ত হয়। আনহাতে, এই মিডিয়া হিষ্ট্ৰিয়াৰ কাৰণে বহু ছাত্র-ছাত্রীয়েই ভাল ফলাফল কৰাৰ পাছতাে কেৱল স্থান নােপােৱাৰ বাবে নিজৰ ফলাফলক লৈ সন্তুষ্ট হ’ব নােৱাৰে। পিতৃ-মাতৃ, শিক্ষক-স্কুলে আশা কৰাৰ দৰে ভাল ফলাফল’কৰিব নােৱাৰি কুমলীয়া ছাত্র-ছাত্রীয়ে তীব্র মানসিক চাপৰ মুখামুখি হয়। বহুতে এই মানসিক চাপ গ্ৰহণ কৰিব নােৱাৰি ভাগি পৰে, অৱসাদগ্রস্ত হয়। কেতিয়াবা আত্মহত্যা কৰিবলৈও বাধ্য হয়। এইবাৰ যােৰহাটত ভাল ফলাফল কৰাৰ পাছতাে এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰে। এই কুমলীয়া, মেধাৱী ছাত্রীগৰাকীৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ বাবে মেট্রিক পৰীক্ষাৰ ফলাফলক লৈ সমাজ, মিডিয়া, আমি সকলােৱে কৰা অস্বাভাৱিক হুলস্থুল দায়ী নহয় জানাে?
লেখকৰ সদ্য-প্ৰকাশিত গ্ৰন্থখন 

মনস্তত্ত্ববিদসকলৰ মতে, স্থানপ্রাপকৰ তালিকা প্রকাশ কৰাটোৱে ছাত্রছাত্রীসকলৰ মাজত একধৰণৰ অসুস্থ প্রতিযােগিতাৰহে সৃষ্টি কৰে। আৰু এই অসুস্থ প্রতিযােগিতা, লাইমলাইট, সাময়িক জনপ্রিয়তা আদি স্থানপ্রাপক ছাত্রছাত্ৰীৰ বাবে যিমান ক্ষতিকাৰক, নােপােৱাসকলৰ বাবেও সমানে ক্ষতিকাৰক। ইয়াতে উল্লেখ কৰিব পাৰি যে নেশ্বনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰৰ ২০১৫ চনৰ তথ্য মতে ভাৰতত প্রতি এঘণ্টাত এজন ছাত্র বা ছাত্রীয়ে আত্মহত্যা কৰে। কোৱা বাহুল্য যে আমাৰ শৈক্ষিক ব্যৱস্থাই ছাত্র-ছাত্রীক ইতিমধ্যে ক্লাছ, টিউচন, কোচিং, বাছনি পৰীক্ষা, ভৱিষ্যৎ কেৰিয়াৰ আদিৰ নামত ভীষণ মানসিক চাপত ৰাখিছে। গতিকে, স্থানপ্রাপকৰ তালিকা নামক এটি পুৰণিকলীয়া, অসুস্থ প্রতিযােগিতাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱন অধিক বিষময় কৰি তােলাৰ কোনাে প্রয়ােজন আচলতে নাই। আমাৰ বোধেৰে এই তালিকাখন শীঘ্রেই প্রকাশ কৰা বন্ধ কৰিব লাগে।

ঔপনিৱেশিক চৰকাৰৰ বাবে কৰ্মচাৰী কেৰাণী-প্রশাসক সৃষ্টি কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছিল আমাৰ দেশত আধুনিক শিক্ষা। শিক্ষাত অগ্ৰসৰৰ মূল উদ্দেশ্য আৰু ফলাফল আছিল চৰকাৰী চাকৰিত অগ্ৰসৰ। শিক্ষা আছিল চাকৰি পথৰ দাৰােৱান। আজি স্বাধীনতাৰ সাত দশক পাছতাে শিক্ষাৰ সেই ঔপনিৱেশিক মূল উদ্দেশ্যৰ কিন্তু সলনি হােৱা নাই, এতিয়াও শিক্ষা মূলতঃ চাকৰি পােৱাৰ টিকট। অথচ এখন স্বাধীন, সার্বভৌম দেশত শিক্ষা ব্যৱস্থাৰ মূল উদ্দেশ্য হ’ব লাগিছিল ব্যক্তি আৰু সমাজৰ বৌদ্ধিক বিকাশহে। জীৱনত সঠিক আৰু উচিত সিদ্ধান্ত গ্রহণৰ সহায়ক হােৱা, সচেতন আৰু বিবেচক নাগৰিকৰ সৃষ্টি তথা সামগ্রিকভাৱে জীৱন ধাৰণৰ মানক উন্নত কৰাই শিক্ষাৰ উদ্দেশ্য। জীৱিকা ইয়াৰে এটা অংশ, কিন্তু একমাত্র বা মূল উদ্দেশ্য নহয়। তদুপৰি আমাৰ শিক্ষা ব্যৱস্থাটো এতিয়াও বহু ক্ষেত্ৰত মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰশীল। আনহাতে, দেশৰ চাকৰি বজাৰখন এই মুখস্ত বিদ্যাৰ্বস্ব মেধাৰ ওপৰত আধাৰিত। ইয়াত মেধাৰ অৰ্থ হ'ল মুখস্থসর্বস্ব পৰীক্ষাত একো একোজনৰ প্রাপ্ত নম্বৰ। গতিকে মেধাৰ এই ইউনিডাইমেনশ্বনেল সংজ্ঞাটো নিঃসন্দেহে সীমিত তথা ভুল ধাৰণাৰ ওপৰত আধাৰিত। মানুহ হিচাপে আমি সকলােৱে একক, স্বতন্ত্র আৰু অনন্য। গতিকে সকলাে ছাত্রৰে মেধা কেৱল ইংৰাজী অথবা অংকত প্রাপ্ত নম্বৰৰ আধাৰত বিচাৰ কৰা ব্যৱস্থাটো যে পুৰণিকলীয়া, সেয়া কোৱাটো বাহুল্য। নতুন শিক্ষা ব্যৱস্থাৰ চিন্তা-চৰ্চা শিক্ষাবিদসকলৰ ওপৰত এৰি বাঙালী গায়ক নচিকেতাৰ এটা গীতৰ কলিলৈ পাঠকৰ দৃষ্টি আকর্ষণ কৰিলোঁ- ‘কেও না নিলে যাবে কোথায় বিষ আছে যতাে?"

স্থানপ্রাপ্ত বা ডিষ্টিংচন-লেটাৰ পােৱাসকলক লৈ আমি সকলােৱে সঠিক কাৰণতে গর্বিত, আনন্দিত, আহ্লাদিত। কিন্তু তৃতীয় বিভাগত উত্তীর্ণ হােৱাসকল? অনুত্তীর্ণসকলৰ কি হ’ব ? তেওঁলােকক লৈ কোনে চিন্তা কৰিব? অপ্রিয় হলেও সত্য যে অনুত্তীর্ণ সৰহভাগৰে শিক্ষাজীৱন ইয়াতে অন্ত পৰিল। বিশেষকৈ গ্রামীণ অঞ্চলৰ অনুত্তীর্ণ ছাত্রীসকলক সােনকালে বিয়া দিয়া হ'ব আৰু ছাত্ৰসকলে এনেয়ে ঘৰতে বহি থাকিব। আমাৰ সমাজত শাৰীৰিক পৰিশ্ৰমক এতিয়াও নিম্ন দৃষ্টিৰে চোৱা হয়, তদুপৰি উদ্যোগীকৰণ নােহােৱাৰ বাবে শ্রমযুক্ত কামৰাে অভাৱ। গতিকে, অনুত্তীর্ণ ছাত্র-ছাত্রীয়ে আৰু এদল বেকাৰৰ সংখ্যাহে বঢ়ালে বুলি ক'লেও ভুল কোৱা। নহ'ব। আনহাতে, গুৱাহাটীৰ দৰে নগৰ অঞ্চলৰ তৃতীয় বিভাগ পােৱা ছাত্র-ছাত্রীৰ সৰহভাগেই কোনাে কলেজ নাপাব নামভৰ্তি কৰিবলৈ। বহুতৰে শিক্ষা জীৱনৰ এয়াই অন্ত।

যিহেতু ত্রি-চতুর্থাংশ ছাত্র-ছাত্রীয়েই হয় অনুত্তীৰ্ণ হৈছে নহ'লে কোনােমতে উত্তীৰ্ণ হৈছে, গতিকে এই বৃহৎসংখ্যক মানৱ সম্পদক কোনাে পৰিকল্পনাহীনভাৱে ‘কিবা কৰি খাবলৈ এৰি দিয়াটো ভাৰতৰ দৰে এখন কল্যাণকামী দেশত মুঠেও শােভা নাপায়। প্রায়েই টিভিৰ বিতর্ক অথবা কাকতৰ তত্ত্ব-গধুৰ প্ৰবন্ধত ডেমােগ্রাফিক ডিভিডেন্ট'ৰ কথা শুনা যায়- জনসংখ্যা বৃদ্ধিৰ সুফল। ৬৫ শতাংশ ভাৰতবাসীৰ বয়স ৩৫ বছৰৰ তলত। ভাৰতৰ গড় আয়ুস মাত্র ২৯ বছৰ। গতিকে আশা কৰা হয় যে চীনক পাছ পেলাই ভাৰত হ’ব বিশ্বৰ কাৰখানা, উৎপাদনৰ কেন্দ্রস্থল। কিন্তু উৎপাদনৰ বাবে কৌশল লাগিব, দক্ষতা লাগিব। অনুত্তীর্ণ, তৃতীয় বিভাগ পােৱা, স্কুল ড্রপ-আউট সকলােকে যদি কোনাে দক্ষতা শিকোৱা নাযায়, তেন্তে কেৱল মুখস্থবিদ্যা-সর্বস্ব ইংৰাজী আৰু অংকৰ মাৰ্কটিৰে ভাৰতক বিশ্বৰ উৎপাদনৰ কেন্দ্রস্থল বনােৱা সম্ভৱ নহয়। প্রধান মন্ত্ৰীয়ে সঠিকভাৱেই স্কিল ইণ্ডিয়া নামৰ আঁচনিৰ আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত সকলাে ড্রপ-আউট, অনুত্তীর্ণ, তৃতীয় বিভাগ পােৱা ছাত্রছাত্ৰীক সামৰি ল'ব লাগে। বেকাৰসকলক একো একোজন মানৱ সম্পদলৈ উন্নীত কৰাৰ এয়াই সময়। বেছি বছৰলৈ এই বর্ধিত জনসংখ্যাৰ সুফল আমি পাই নাথাকে। গতিকে স্থানপ্রাপকসকলক লৈ বা ডিষ্টিংচন পােৱাসকলক লৈ যিমান অপ্রয়ােজনীয় হুলস্থুল কৰা হৈছে তাৰ কিছু অংশ অনুত্তীর্ণসকলক লৈও কৰিব লাগিব। সমাজৰ সমস্যাক সম্পদলৈ উন্নীত কৰাৰ এয়াই সময়। বাউল কবিৰ ভাষাত ক'বলৈ গ'লে— সময় গেলে সাধন হবে না।
লেখকৰ লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। ইউনিকড সংস্কৰণ গুগোল চাৰ্চেবল সমল ৰূপে xukhdukh.com ত প্ৰকাশ কৰা হৈছে। লেখকৰ ফোনঃ ৯৯৬৭৫-৪৮৩৫৮

লেখকৰ পূৱ-প্ৰকাশিত লেখা পঢ়িবলৈ তলৰ লিংক ক্লিক কৰকঃ
https://www.xukhdukh.com/search/label/ASHIQ-ZAMAN?&max-results=6

No comments:

Post a Comment