বিশেষকৈ হোৱাটচএপৰ জৰিয়তে বৰ্ধিত ভুৱা বাতৰি আৰু তাৰ ওপৰত ভিত্তি কৰি হোৱা
কেইবাটাও হিংসাত্মক ঘটনাৰ ভিত্তিত এয়া দেশত জৰুৰী হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰবি
শংকৰ প্ৰসাদে চ’চিয়েল মেডিয়া কোম্পানীবোৰক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি ফেক-নিউজত লেকাম
লগাবলৈকো আহ্বান জনাইছিল। টুইটাৰে ভুৱা বাতৰি লেবেলিং কৰাৰো পদক্ষেপ লৈছিল। আনকি
শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এটা টুইটকো হিংসা উচতোৱা বুলি সঁকিয়নি দিছিল। আনকি
ফেচবুকে ট্ৰাম্পৰ এনে বক্তব্যৰ প্ৰচাৰত কোনো বাধা-নিষেধ জাৰি কৰাৰ বাবেও প্ৰৱলভাৱে
জুকাৰবাৰ্গ সমালোচিত হৈছে।
এই ক্ষেত্ৰত দেশৰ আগৰণুৱা FACT-CHECK পৰ্টেল Altnews ৰ প্ৰতিষ্ঠাতা প্ৰতীক সিনহাই এনে ভুৱা
বাতৰিৰ উদ্দেশ্যপ্ৰণোদিত ধাৰা সৃষ্টি কৰা সকলক ধৰা পেলোৱাটো ইমান সহজ-সাধ্য নহয়
বুলিও মন্তব্য কৰিছে। মেচিন লাৰ্নিঙ এই ক্ষেত্ৰত যথেষ্ট প্ৰভাৱী হব বুলিও তেওঁ আশা
প্ৰকাশ কৰিছে। BECIL য়ে এই ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি ডাটা শ্ৰেণীবদ্ধকৰণ কৰাৰ
বাবেও প্ৰস্তাৱ দিছে। কিন্তু হোৱাটচএপৰ দৰে এনক্ৰিপ্টেড তথা প্ৰাইভেট সেৱাত এই কাম
কিমান সম্ভৱ হব, সেয়া সময়তহে গম পোৱা যাব। এই টেণ্ডাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেই ঠিকাদাৰী
সংস্থাই চ’চিয়েল
মেডিয়াত ব্যাপক মনিটৰিঙ যে আৰম্ভ কৰিব সেয়া কথা এই বাতৰিৰ পৰা স্পষ্ট হৈ পৰিছে।
No comments:
Post a Comment