বিশ্লেষণঃ আহ্বান বনাম বাস্তৱঃ চীনা সামগ্ৰীৰ বৰ্জন সঁচাই সম্ভৱনে? :: গৌতম বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ আহ্বান বনাম বাস্তৱঃ চীনা সামগ্ৰীৰ বৰ্জন সঁচাই সম্ভৱনে? :: গৌতম বৰদলৈ

বিশ্লেষণঃ আহ্বান বনাম বাস্তৱঃ চীনা সামগ্ৰীৰ বৰ্জন সঁচাই সম্ভৱনে? :: গৌতম বৰদলৈ

Share This
 আহ্বান বনাম বাস্তৱঃ চীনা সামগ্ৰীৰ বৰ্জন সঁচাই সম্ভৱনে? 
গৌতম বৰদলৈ
চীনৰ সীমান্তৰ খবৰ বা টিভিৰ পৰ্দাত প্ৰতিবাদী 'টিভি ভঙা' আদি দেখি- পঢ়ি বেছি উত্তেজিত নহ'ব ৰাইজ। ই স্বাস্থ্যৰ কাৰণে হানিকাৰক। মন গ'ল, মনৰ  লিখিলোঁ। আপোনাৰ ধ্যানধাৰণা আপোনাৰ দৃষ্টিভঙ্গী, একান্ত আপোনাৰ। আপোনালোকৰ গঠনমূলক মতামতো নিশ্চয়কৈ আশা কৰিম।  

প্ৰথমেই এটি প্ৰশ্নৰ অৱতাৰণা কৰিছো। এই চীনা সামগ্ৰী বৰ্জনৰ কথা কোৱাসকলে এটা কথা জানেনে যে আমাৰ তেল উদ্যোগ চীনৰ সৰঞ্জাম আৰু মেৰামতিৰ ওপৰতে বৰ্তি আছে? মেট্ৰো ৰেলৰ দবাও চীনৰ পৰা আহে। সৌৰ উদ্যোগৰ কেঁচা সামগ্ৰী চীনৰ পৰা আহে। LED লাইটৰ সামগ্ৰী চীনৰ পৰা আহে। আধুনিক পদ্ধতিৰে কৰা কৃষিৰ যন্ত্ৰবোৰ ক'ৰ পৰা আহে? ইলেক্ট্ৰণিক সামগ্ৰী, স্পেয়াৰ পাৰ্টচ চীনৰ পৰা আহে।পাৱাৰ প্লেন্টৰ সামগ্ৰীও চীনৰ পৰা আহে। আনকি তীখা উদ্যোগৰ প্ৰযুক্তি। আনকি আমাৰ গেছ ক্ৰেকাৰৰ প্ৰযুক্তিও। ফাৰ্মা কোম্পেনীৰ বেছিভাগ কেঁচামাল চীনৰ পৰা আহে। আন কোনো দেশৰ এনে সূলভ মূল্যত বৃহৎ পৰিমাণৰ ঔষধৰ কেঁচামাল যোগান ধৰিব পৰা ক্ষমতা নাই।এই ফাৰ্মা কম্পেনীবিলাকে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিব পাৰিছে সেইবিলাকেই বিকল হৈ পৰিব। ভাৰতৰ ফাৰ্মা খণ্ডই চলিত বিত্তীয় বৰ্ষত ২০ বিলিয়ন ডলাৰ মূল্যৰ ঔষধ ৰপ্তানি কৰাৰ সম্ভাৱনা আছে । মানে ১,৫০,০০০ কোটি টকাৰ ৰপ্তানি।

বেনাৰসকে ধৰি বিভিন্ন ঠাইৰ পাট কাপোৰৰ উদ্যোগৰ বুজন পৰিমাণৰ সূতাও চীনৰ পৰাই আহে। তদুপৰি চীনৰ সামগ্ৰী আৰু প্ৰযুক্তিৰে বনোৱা তীখা, মবাইল, ঔষধ আদি বৃহৎ পৰিমাণে ভাৰতে বিদেশলৈ ৰপ্তাণি কৰে। চীন আৰু ভাৰত দুয়োখন দেশেই আজিৰ গোলকীয় পৃথিৱীত পৰস্পৰ নিৰ্ভৰশীল।

দ্বিতীয়তে যিমান কেইটা ভাৰতীয় ম'বাইল আছে গোটেই কেইটাৰ বেছিভাগ সৰঞ্জাম চীনৰ পৰা আহে।ইয়াত মাথো একগোট কৰি মেড ইন ইণ্ডিয়া লেবেল লগোৱা হয়। Apple আৰু Samsung ৰ 30K- 80K ৰ ফোনৰ নিচিনা ফোন চীনৰ কম্পেনীবিলাকে 10K-15K ত বজাৰত এৰি দি আমাৰ মধ্যবিত্ত মানুহখিনিক সহায় কৰিলে। আমাৰ দেশৰ কম্পেনীয়ে এনে মবাইল সম্পূৰ্ণ ভাৱে ভাৰতত বনাই 5K ত বজাৰত কিয় উলিয়াব পৰা নাই? ( 1K= 1000) । হঠাৎ সেই ২৫১ টকাৰ মবাইল ঘোটালাটো মনত পৰিল।

তৃতীয় উদাহৰণ, আমাৰ যে এভাৰেডি আৰু নিপোৰ টৰ্চ লাইট আছে, সেই কেইটাৰ দাম চাৰিশ পাঁচশ টকা। আমাৰ দুখীয়া মানুহৰ কিনাৰ ক্ষমতা নাই।তেওঁলোকে এশ টকীয়া ফুটপাথত পোৱা টৰ্চেৰে সাপ বেঙৰ কামোৰৰ পৰা বাচি থাকে।

আমাৰ দেশৰ বৃহৎ সংখ্যক দৰিদ্ৰ মানুহে ক্ৰয় কৰিব পৰাকৈ সামগ্ৰী আমাৰ দেশৰ কম্পেনীবিলাকে বনাওক, তাৰপিছত বৰ্জনৰ কথা প্ৰাসঙ্গিক আৰু বাস্তৱিক হ'ব। নিজ দেশতেই সকলো বস্তু সকলো বৰ্গৰ চাহিদা অনুপাতে যদি উপলব্ধ হয়, বিদেশী বস্তু মানুহে কিয় কিনিবলৈ যাব?
আমদানি-ৰপ্তানিৰ ছবিখন
আৰু এটা কথা। আমাৰ কপাহ খেতিয়কসকলৰ বেছিভাগ কপাহ চীনলৈ যায়। এনেই কপাহ খেতিয়কৰ আত্মহত্যা শুনি থাকো। আৰু বাঢ়িবহে। চীনে ১৮ বিলিয়ন ডলাৰৰ সামগ্ৰী ভাৰতৰ পৰা বছৰি আমদানি কৰে। সেইটো কম আকাৰৰ ধন নহয় । প্ৰায় এক লাখ ত্ৰিশ হেজাৰ কোটি টকা। বিশ্ব বাণিজ্য সংস্থাৰ স্বাক্ষৰকাৰী হিচাপেও কোনো দেশৰ সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব নোৱাৰি।

আৰু এটা কথা, চীনৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত আছে USD 3 trillion ( 3000 billion) । আমি ষাঠি বছৰ চীনৰ পৰা সামগ্ৰী কিনা বন্ধ ৰাখিলেহে সেই পৰিমাণৰ ধনৰ পৰা চীন বঞ্চিত হ'ব। তেতিয়ালৈ হয়তো চীনৰ বিদেশী মুদ্ৰাকোষত আৰু এশ ট্ৰিলিয়ন যোগ হ'ব।

বিকল্প নোহোৱাকৈ বৰ্জনৰ কথা কোৱাতো নোটবন্দীৰ নিচিনাই কথা।পিছত হাঁহ নচৰা অৱস্থা ! বা মাইগ্ৰেন্ট ক্ৰাইচিচৰ নিচিনা কথা।হাজাৰ হাজাৰ কিলোমিটাৰ বাটকুৰি বোৱা । বা আন এটা চাকৰি নোপোৱাকৈ বৰ্তমানৰ চাকৰিৰ পৰা ৰিজাইন মৰাৰ নিচিনা কথা। গতিকে প্ৰথমে পৰিকল্পনা হওক। পৰিকল্পনা কাৰ্যকৰী হওক।ভাৰত উৎপাদনৰ ক্ষেত্ৰত চুপাৰপাৱাৰ হওক।

গতিকে চীন জাপান বাদ দি মই আমাৰ সমস্যাবিলাকৰ বিষয়ে প্ৰশ্ন কৰিব বিচাৰোঁ। মোৰ প্ৰশ্ন: অহা দহবছৰৰ ভিতৰত ভাৰতৰ স্বাক্ষৰতাৰ হাৰ 95% কৰিবলৈ কি কি পদক্ষেপ লোৱা হৈছে? শিক্ষা অবিহনে আমি manufacturing superpower হ'ব নোৱাৰিম। শিক্ষাৰ অবিহনে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ অৰ্থনৈতিক উন্নতি অসম্ভৱ। জনসাধাৰণৰ অৰ্থনৈতিক উন্নতি অবিহনে purchasing powerৰ বিকাশ অসম্ভৱ।

আনহাতে, কূটা এগছ ইফাল সিফাল নকৰা, য'তে ত'তে তামোলৰ পিক পেলোৱা আৰু ঘৰৰ জাবৰ ৰাস্তালৈ দলিওৱা মানুহবিলাকে আগতে চিভিক চেন্স অলপ শিকক আৰু চীনা মানুহৰ দৰে কৰ্মঠ হবলৈ শিকক। ফেচবুকত বৰ্জনৰ মন্ত্ৰ দিলে দেশ "বদল ৰাহা হে" নহয়। আমি ইমানেই পিছ পৰি আছোঁ যে কফি খোৱা পেপাৰ কাপৰ পেপাৰো চীনৰ পৰা আহে।
প্ৰতিবাদী ৰাইজ ভাৰতৰ
ফেচবুক আৰু হোৱাটচেপ জাতীয় বিদেশী এপ যোগে বাৰ্তা প্ৰচাৰ কৰা দেশপ্ৰেমী ভাৰতীয়সকলে এই বিদেশী এপ বৰ্জন কৰি কোন ভাৰতীয় এপ ব্যৱহাৰ কৰিব, তাকে জনাওক।এমেৰিকান এপ ব্যৱহাৰ কৰি চীনা সামগ্ৰী বৰ্জনৰ আহ্বানে আপুনি ভাৰতীয় দেশপ্ৰেমী হোৱাৰ প্ৰমাণ ডাঙি নধৰে কাৰণ আপোনাৰ সিদ্ধান্ত একেখন তুলাচনীৰে ওজন কৰিব পৰা বিধৰ হ'ব লাগিব, a nationalist is a nationalist। অন্যথা আপুনি দলাৰ বগৰী এটাৰ বাহিৰে আন একো নহয়।
ভাৰতীয় কোম্পানীত চীনৰ বিনিয়োগ

ভাৰতে চীনৰ পৰা যোৱা বছৰত আমদানি কৰে USD 68 billion ৰ সামগ্ৰী। জাপান আৰু চীনৰ অহি নকুলৰ সম্পৰ্ক। এই সময়ছোৱাত জাপানে চীনৰ পৰা কিনে USD 137 billionৰ সামগ্ৰী। OMG 137 billion ? জাপানখনৰ আকাৰ আমাৰ ৰাজস্থানৰ সমান।জাপানিজবিলাকতো আৰু ইমান হোজা নহয়। সাধাৰণ বস্তুবিলাক নিজ দেশত বনাই জাবৰ আৰু প্ৰদুষণ জাপানত সৃষ্টি নকৰে। তেওঁলোকে হাইটেক কামবিলাকহে নিজ দেশত কৰে। গতিকে আন এটা প্ৰশ্নও আহি পৰে, আমি এই জাবৰ বনোৱাৰ প্ৰতি ইমান ব্যাকুল কিয়? বনাওক চীনে। আমিতো IT, Pharma, প্ৰতিৰক্ষা সামগ্ৰী আৰু হাইটেক সামগ্ৰী বনোৱা উদ্যোগ বিকাশ কৰিব পাৰোঁ ন? আমি food processing, fruit processing, horticulture, eco-tourism, herbal medicine, bamboo industry আদিত গুৰুত্ত দিব নোৱাৰো নেকি? আমি পৰিবেশ ৰক্ষা কৰি এখন চহকী ৰাষ্ট্ৰ হ'ব নোৱাৰো নেকি? নিজৰ দেশৰ প্ৰদূষণ কম কৰিবলৈ ফেক্টৰীবিলাক চীনলৈ ঠেলি এতিয়া আমেৰিকাই চিঞৰ বাখৰ লগাইছে। 

আমিতো আমাৰ বৌদ্ধিক শক্তি ব্যৱহাৰ কৰি কথাবোৰ ভাবিব লাগে। ভাবকচোন আমাৰ সেউজ উত্তৰ পূব উদ্যোগৰ ধোঁৱা, ধূলি, বিষাক্ত ৰাসায়নিক পদাৰ্থই ঘেৰি ধৰিলে আমাৰ কেনে লাগিব? পৰিকল্পনাবিলাক সুদুৰপ্ৰসাৰী হোৱা উচিত নে অনুচিত? আজি বাঙ্গালোৰত থকা ভণ্টী এজনীৰ কণমানি জীয়াৰীয়ে প্ৰদূষণৰ কাৰণে উশাহ লোৱাত কষ্ট পাইছে।আমিও তেনে পৰিস্থিতি বিচাৰোঁ নেকি? আমেৰিকাই চীনৰ মাটিত নিজৰ প্ৰয়োজনৰ সামগ্ৰী বনালে। চীনত বহুত প্ৰদূষণ হ'ল। আমেৰিকাইতো সেই প্ৰদূষণকাৰী উদ্যোগসমূহ নিজ দেশলৈ লৈ যোৱাৰ কথা কোৱা নাই। অন্য দেশলৈ স্থানান্তৰিত কৰাৰ কথাহে কৈ আছে। আমি সেই প্ৰদূষণকাৰী উদ্যোগবিলাককে ভাৰতলৈ আনিবলৈ উত্ৰাৱল কিয়? আমাৰ অৰ্থ ব্যৱস্থাৰ শক্তি ভাৰত ভূমিতে আছে। এসময়ত এই দেশ স্বাৱলম্বী আছিল। ভাৰতবৰ্ষক সোণে কি চিৰিয়া বুলি কোৱা হৈছিল। আমি সেই আভ্যন্তৰীণ শক্তিক জাগৃত কৰিব লাগিব। আমি নিজৰ মানুহখিনিক ভাল পাব লাগিব, বিশ্বাসত ল'ব লাগিব, সবল কৰিব লাগিব আৰু প্ৰকৃত দেশপ্ৰমিক হিচাপে গঢ় দিব লাগিব। তাৰবাবে লাগিব যুগান্তকাৰী vision আৰু mission.

প্ৰথমে লাগিব স্ব-নিৰ্ভৰশীল উতপাদন
চীনক বৰ্জন কৰাৰ আগতে চীনদেশৰ মানুহৰ প্ৰকৃত দেশপ্ৰেম, শ্ৰম আৰু অধ্যৱসায়ী গুণৰ অনুকৰণ কৰিবলৈ শিকক। চীনদেশত পোন্ধৰ বছৰ থাকি মই নিজ দেশৰ প্ৰতি দুগুণে দ্বায়িত্তশীল হৈ পৰিছোঁ। নিজৰ কষ্টোপাৰ্জিত ধনেৰে দুটিকৈ পথ নিৰ্মাণ কৰিছোঁ, নিজৰ পঢ়াশালি মেৰামতি কৰিছোঁ আৰু বিভিন্ন সমাজ সেৱাৰ কাম অহৰহ কৰি গৈ আছোঁ। নিজৰ দেশখনক সুন্দৰ আৰু কৰ্মঠ দেশ হিচাপে গঢ়ি তোলক, তেতিয়াহে আপোনাৰ প্ৰকৃত দেশপ্ৰেম ফুটি উঠিব।ভাষণতো দিওঁ বুলিলেই দিব পাৰি, আপোনাৰ কৰ্মহে আপোনাৰ আচল পৰিচয়।

(বিঃদ্ৰঃ মোৰ ফোনটো দক্ষিণ কোৰিয়াৰ কোম্পেনীয়ে ভাৰতত নিৰ্মাণ কৰা। ইমানেই সমস্যা দি থাকে, কি ক'ম। তাতকৈ অপো বা হোৱাওৱে বা শিয়াওমিয়ে ভাল নেকি। নেজানো দেই...)

লগতে এইটোও নেজানো চীনা সামগ্ৰী বৰ্জন কৰিবলৈ কোৱাসকলে নিজেনো কি ব্যৱহাৰ কৰিছিল আৰু এতিয়া কি বৰ্জন কৰিলে। আৰু বৰ্জন কৰা ঠাইত কি ব্যৱহাৰ কৰা আৰম্ভ কৰিলে !

আৰু এই লেখাটিত মই আপোনাক এইটোও কোৱা নাই যে আপুনি চীনা বস্তু ব্যৱহাৰ কৰক। কেনেকৈ উল্লেখিত চীনা সামগ্ৰীসমূহৰ ওপৰত নিৰ্ভৰশীলতা ঘটাব পাৰি সেই বিষয়ে আপোনাৰ কি পৰিকল্পনা সেয়া লিখক।

শেহতীয়া সংযোজনঃ
ইয়াত উল্লেখ কৰা পোনপটীয়া চাইনা নিৰ্মিত সামগ্ৰীৰ বজাৰৰ উপৰিও কৰ্পৰেট খণ্ডত চীনৰ বিনিয়োগৰ কথাও ভাবিব লগীয়া। বহু কেইটি ভাৰতীয় ষ্টাৰ্ট-আপৰ বৰ্তমান মুখ্য-কাৰ্যালয় চিংগাপুৰ, হংকং আদি গ্লবেল বিজনেচ হাবত। তলত দিয়া ফটোখনত এনে ভাৰতীয় উদ্যম চীনৰ বিনিয়োগকাৰীৰ অংশীদাৰিত্ব তথা বিনিয়োগৰ এটি আভাস দিবলৈ চেষ্টা কৰা হৈছে। গতিকে গ্লোবেলাইজেচনৰ দিনত এনে আহ্বানৰ বাস্তৱিকতাক যে কেইবা তৰপীয়া ধৰণেৰে বিশ্লেষণ কৰাৰ প্ৰয়োজন তাকেই এই তথ্যবোৰে প্ৰতিফলিত কৰা নাইনে?
 এই বিষয়ে ইংৰাজীত বিভিন্ন সূত্ৰ অধ্যয়ন কৰিব পাৰিব।

No comments:

Post a Comment