প্ৰৱন্ধঃ এটি অসমাপ্ত বিপ্লৱৰ নাম 'বিষ্ণু ৰাভা' :: সঞ্জয় ৰবিদাস - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ এটি অসমাপ্ত বিপ্লৱৰ নাম 'বিষ্ণু ৰাভা'  :: সঞ্জয় ৰবিদাস

প্ৰৱন্ধঃ এটি অসমাপ্ত বিপ্লৱৰ নাম 'বিষ্ণু ৰাভা' :: সঞ্জয় ৰবিদাস

Share This
এটি অসমাপ্ত বিপ্লৱৰ নাম 'বিষ্ণু ৰাভা' 
সঞ্জয় ৰবিদাস
বিষ্ণুপ্ৰসাদ ৰাভা এটি অসমাপ্ত বিপ্লৱৰ নাম, যি যুগে যুগে প্ৰাসংগিক। সুন্দৰৰ পূজাৰী বিষ্ণু প্ৰসাদ ৰাভাই সপোন দেখিছিল এখন শ্ৰেণীহীন সমাজ গঢ়াৰ ,য'ত উচ্চ-নীচ ভেদাভেদ নাথাকিব আৰু অন্যায়-বঞ্চনাৰ স্থানো শূন্য । সেই সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ কেতিয়াবা হৈ পৰিছিল গীতিকাৰ, কেতিয়াবা সুৰকাৰ, কেতিয়াবা নৃত্য শিল্পী আৰু কেতিয়াবা বিপ্লৱী-নেতা। 
ৰাভাৰ কণ্ঠ আছিল নি:স্ব, নিপীড়িত জনৰ স্বাৰ্থত। শ্ৰমিক শ্ৰেণীৰ ওপৰত পুঁজিপতি গোষ্ঠীৰ যি অন্যায় ,অত্যাচাৰ, শোষণ,বঞ্চনা তাৰ বিৰুদ্ধে বিষ্ণু ৰাভাই সদায় গৰজিছিল । শোষিতৰ বাবে ন্যায় বিচৰাৰ সংগ্ৰামত তেখেত মুক্তি বিপ্লৱী হৈ উঠিছিল ।শাসকৰ অধীনৰ দাসত্বক তেওঁ তীব্ৰ ঘৃণা কৰিছিল । ইয়াৰপৰা তেওঁ মুক্তিৰ সন্ধান কৰিছিল । সেয়েহে খাটিখোৱা জনতালৈ তেওঁৰ আৱাহন আছিল:

"ভাং ভাং ভাং ভাং
লোহাৰ শিকলি চিঙ
চিঙ চিঙ চিঙ চিঙ
দাসৰ বান্ধোন চিঙ ।"

স্বাধীনতা আৰু মুক্তিৰ স্বপ্নত বলিয়ান আছিল বিষ্ণু ৰাভা ।  অসমীয়া ডেকা-ডেকেৰীক প্ৰাপ্যৰ যুঁজত বীৰদৰ্পে জঁপিয়াই পৰিবলৈ তেওঁ আহ্বান জনাইছিল, সাহস যোগাইছিল । এইদৰে-

"অ’ অসমীয়া ডেকা দল
আজি তোৰে তেজাল বদন
মলিন কিয় হ’ল
দুৰ্গম নদ পাহাৰ গিৰি
লম্ভিছিলে ডেকাগিৰি
সুন্দৰ শংকৰে লুৰি কৰিছিলে তল
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল অ’
অসীম বাহুৰ বল
সিয়ো যে তোৰ নাইকিয়া হ’ল
---------
অসমীয়া সমনীয়া
আগবাঢ়ি যাওঁ ব’ল অ’
আগবাঢ়ি যাওঁ ব’ল ।"
-

বিপ্লৱী এজনৰ প্ৰধান লক্ষ্য প্ৰচলিত অন্যায়,শোষণ আৰু নিৰ্যাতনৰ ওৰ পেলাই সমাজত সাম্যবাদ প্ৰচলন কৰা । অসমৰ বিপ্লৱী সত্বাৰ তেজাল যুৱকসকলক নিজ কৰ্ম আৰু বাণীৰে উৎসাহিত কৰিছিল । ৰাভাদেৱে জানিছিল, খাটিখোৱা শ্ৰমিক জনগণৰ সমৰ্থন নহ'লে কোনো বিপ্লৱ,সংগ্ৰাম ,আন্দোলনে সফলতাৰ মুখ নেদেখে । বিপ্লৱৰ প্ৰতি সকলোকে উদ্বুদ্ধ কৰি তেওঁ গাইছিল-----

"হে বিপ্লৱী বীৰ অধিনায়ক হে
দিয়া অগ্নিবাণী বিপ্লৱৰ
ভাঙা বন্দীশাল কৌটিকালৰ
মুক্তি হওঁক নিৰ্য্যাতিতৰ
তব দীপ্ত অনুৰাগে
নিদ্ৰা আচম্বিতে জাগে
জাগে জাগে
জাগে নিপীড়িত দল জগতৰ
তব শুভ আগমনে জাগে
ৰক্তভানু নৱ ভালে
দোলে উৰি দোলে
ৰাঙলী পতাকা পীড়িতৰ, দলিতৰ ।"

সংগ্ৰামী বীৰ এজন সাহসী হোৱাটো অত্যন্ত প্ৰয়োজন । সাহসেই বিপ্লৱৰ প্ৰধান অস্ত্ৰ । তাৰোপৰি, বিপ্লৱ পথৰ অনুগামীক সাহসেই আশ্বস্ত কৰে । নিৰ্ভীকভাৱে আগবাঢ়ি যোৱাজনহে জয়ী হয়, জগতলৈ পৰিৱৰ্তন আনে ।শান্তিৰ পোহৰেৰে আলোকিত হয় সমাজ ,জীৱন । বিষ্ণু ৰাভাৰ কলমত  তাৰেই প্ৰতিফলন ঘটিছিল--

"তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস
কত শ্বহীদৰ দুখৰ জীৱনী লিখা
কত ব্যথিতৰ বেদনাৰ ছবি অঁকা
পৃথিৱীৰ চিৰ মুকুতিৰ পথৰেখা
ৰচি যাম বহু শোষিতৰ হা-হুতাহ
তেজৰ বোলেৰে লিখি যাম ইতিহাস
ধৰণী কোলাত ৰঙা পোৱালেৰে গুঁঠি
কলিজা নিঙাৰি তেজৰ টুপিৰে মথি
গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি
জেউতিৰ নৱ জিলিকণি দিম মেলি মেলি
গাম পীড়িতৰ চিৰ বিজয়ৰ গান
ফিৰাই আনিম দলিতৰ সম্মান
মৰা জগতৰ হৃদয়ত ঢালি প্ৰাণ
আনিম ধৰাত চিৰ শান্তিৰ আভা ।"

কৃষক সকল আমাৰ দেশৰ ঘাই সম্পদ । কিন্তু সেই কৃষকসকল যেতিয়া মৰ্যাদাৰ পৰা বঞ্চিত হয়,তেতিয়া খং,ক্ষোভ আৰু বিৰহৰ দাবানলে খেতিয়ক সকলক উগ্ৰ কৰি তুলে । এই উগ্ৰতা বিপ্লৱৰ শক্তি । কৃষক শক্তি একক আৰু শক্তিশালী । বিষ্ণু ৰাভা দেৱে এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছিল ।চৰকাৰ আৰু জমিদাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি কৃষকৰ প্ৰাপ্য মৰ্যাদা ঘূৰাই আনিবলৈ আৰু কৃষক শক্তিক জাগ্ৰত  আৰু  একগোট কৰিবলৈ ৰাভাদেৱে লিখিছিল----

"ব’ল ব’ল ব’ল কৃষক শক্তি দল
অ’ বনুৱা সমনীয়া আগ বাঢ়ি যাওঁ ব’ল
জাগ জাগ জাগ মজদুৰ নজোৱান
নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান
তোৰ বাহুতেই আছে লুকাই অসীম শক্তি বল
ৰণৰ শিঙা বাজে শুন ঐ আগবাঢ়ি যাওঁ ব’ল
আগ বাঢ়ি যাওঁ ব’ল আগ বাঢ়ি যাওঁ ব’ল
অ’ বনুৱা সমনীয়া আগ বাঢ়ি যাওঁ ব’ল
কিহৰনো ভয় আছে অভয় বাণী দেৱতাৰ
শতৰু সৌ চৌপাশে ল‍ই ধনী জমিদাৰ
সোহে কলিজাৰ ৰঙা তেজ প্ৰজা দুখীয়াৰ
ধ্বংস কৰ ধ্বংস কৰ ধনীৰ অহংকাৰ
দয়া মায়া নকৰিবি ক্ষমাৰ দিন যে গ’ল ।"

বিষ্ণু প্ৰসাদ ৰাভা আছিল ঘোষিত বিদ্ৰোহী । শোষিত-নিষ্পেষিত জনতাৰ পক্ষত মাত মতাটোৱেই আছিল তেওঁৰ অপৰাধ । কাৰণ তেওঁ বিপ্লৱৰ যিবোৰ পথ আৰু উপায় অৱলম্বন কৰিছিল, সি জনগণৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল আৰু সৰ্বসাধাৰণ জনতাই তেওঁক পূৰ্ণ সমৰ্থন দিছিল ।ৰাভাদেৱৰ বিপ্লৱৰ আদৰ্শ দেখি শাসকৰ ভয় হৈছিল আৰু স্বাভাৱিকতে শাসক আৰু ধনিক শ্ৰেণীৰ ৰোষত পৰিছিল ৰাভা । কিন্তু এইবোৰলৈ মুঠেও কেৰেপ কৰা নাছিল বিষ্ণু ৰাভাই ।সৰ্বহাৰা নিপীড়িত জনতাৰ মুক্তিয়েই আছিল তেওঁৰ জীৱনৰ ব্ৰত । ৰাভাদেৱৰ বুকুত বিদ্ৰোহৰ একুৰা ৰঙা জুই দপদপাই জ্বলি  উঠিছিল । 


"আমি বিপ্লৱ পথলৈ আগুৱাম
বিপ্লৱ পথৰে যাত্ৰী আমি
সৰ্বহাৰাৰ মুক্তি কামী
বিজয়ৰ জয় গান গাই যাম
শত শত জনতাৰ
দেখি দুখ হাহাকাৰ
দেখি লাঞ্চনা বঞ্চনা সৰ্বহাৰাৰ
কৰিবলে’ অৱসান
শোষণৰ অভিযান
গৰজি উঠে আজি বিপ্লৱী প্ৰাণ ।"

পুঁজিপতি, ধনিক শ্ৰেণীৰ প্ৰতি বিষ্ণুপ্ৰসাদ ৰাভাৰ বিতৃষ্ণা আছিল ।সমাজত ধনী আৰু দুখীয়া শ্ৰেণীৰ পাৰ্থক্য আছিল স্পষ্ট । শ্ৰমজীৱি জনতাক ঘামৰ প্ৰতিদান স্বৰূপে উচিত মূল্য যচা হোৱা নাছিল । ফলত শ্ৰমজীৱি জনতাৰ জীৱন নিৰ্বাহ আৰু জীৱিকা সন্ধানৰ দুৰৱস্থা দেখি ব্যথিত হৈছিল ৰাভাদেৱৰ মন -প্ৰাণ । অত্যন্ত খং ,ক্ষোভত তেওঁৰ কাপেৰে ওলাই আহিছিল---

"দুখীয়াৰ কলিজা নিঙাৰি লৱ
টুপি টুপি তেজ শুহি শুহি পিৱ
ৰুকি ৰুকি মাংস চোবাই খাৱ
কুৰুকি হাড় কেইডাল চোবাৱ
হুচিয়াৰ..... হুচিয়াৰ........
ধনী মহাজন জমিদাৰ হুচিয়াৰ
হুচিয়াৰ.........

বিপ্লব পথৰে যাত্ৰী আমি
সৰ্বহাৰাৰ মুক্তিকামী
চূৰ্ণ কৰিম আমি সংগ্ৰামী
দৰ্প ধনীৰ
পণ আমাৰ
হুচিয়াৰ...... হুচিয়াৰ.......

শেষ যুদ্ধৰ আমি ৰণুৱা
পৃথিৱীৰ হালোৱা বনুৱা
হ'ম বিজয়ী আমি দুখীয়া
ক'ত ৰ'বি
ধনী এইবাৰ
হুচিয়াৰ....... হুচিয়াৰ.........
ধনী মহাজন জমিদাৰ হুচিয়াৰ
হুচিয়াৰ.............."

ৰাভাদেৱৰ বিপ্লৱী আদৰ্শৰ অন্যতম মূল দিশ আছিল দৰিদ্ৰতাৰ বিৰুদ্ধে বিদ্ৰোহ । শ্ৰমিক শ্ৰেণীৰ জীৱনৰ পৰা বিভিন্ন অভাৱ-অনাটনৰ বোজা আঁতৰাই কেনেকৈ  সকলোকে এখন সুখৰ জীৱন দিব পৰা যায় ,ৰাভাদেৱে সেই চিন্তাত মগ্ন হৈছিল । ৰাভাদেৱে লক্ষ্য কৰিছিল কেনেকৈ চৰকাৰ,মহাজন,জমিদাৰ, পুঁজিপতি সকলোৱে মিলি শ্ৰমিকৰ মজদুৰিৰ ধন চান কাঢ়িছিল । শ্ৰমিকসকলক হাড় ভঙা শ্ৰমৰ বিনিময়ত উপযুক্ত মজুৰি দিয়া হোৱা নাছিল ।তেওঁলোকৰ পৰিয়ালৰ, সন্তানৰ দুখ-কষ্ট দেখি  ব্যথিত হোৱা ৰাভাই লিখিছিল--- 

"কাৰখানাৰে চিটিৰ হুমুনিয়াহ
কলৰ ঘৰঘৰণি বুকু কপোৱা
শুনি শুনি কাঁহৰ মাত কঠুৱা
কান্দে দুখীয়া বনুৱা ..
শুদা মজিয়াত অকলশৰীয়া
বিনাই কোলাত হিয়া লগৰীয়া
পুৱাই লঘোণ ভাত নাইকিয়া
হাঁয় হাঁয় হাঁয় দূৰকপলীয়া
কান্দে দুখীয়া বনুৱা
অসহ জীৱন উটি ভাহি যোৱা
ভগা চিগা মানৱী আমঠু হিয়া
শ্ৰম কৰিও খাবলৈ নোপোৱা
আলৈ বিলৈ হোৱা হজুৱা
কান্দে দুখীয়া বনুৱা
কাৰখানাৰে চিটিৰ হুমুনিয়াহ ।"

খাটিখোৱা শ্ৰমিক শ্ৰেণীক মালিকৰ শোষণ-বঞ্চনাৰ পৰা উদ্ধাৰৰ চিন্তাত ৰাভাদেৱে দিন-ৰাতি পাৰ কৰিছিল । সকলো অন্যায় অত্যাচাৰ দেখি শুনি বিষ্ণু ৰাভা  বিদ্ৰোহী হৈ উঠিছিল । জগত আৰু জনতাৰ চিৰ কল্যাণৰ বাবে ৰাভাদেৱে নিজৰ সমস্ত জীৱন উছৰ্গা কৰিলে ।সেয়েহে   তেওঁৰ বিপ্লৱী সত্বা চিৰপূজ্য ।
লেখকৰ ঠিকনা: বৰহোলা, যোৰহাট । ফোন: ৬৯০১১৫৪৫৮৩

No comments:

Post a Comment