তাজাখবৰঃ এইবাৰ মুখাৰ ভূতে খেদিছে আমেৰিকা প্ৰশাসনকঃ কোভিড-১৯ প্ৰতিৰোধী মাস্কো জব্দ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ এইবাৰ মুখাৰ ভূতে খেদিছে আমেৰিকা প্ৰশাসনকঃ কোভিড-১৯ প্ৰতিৰোধী মাস্কো জব্দ

তাজাখবৰঃ এইবাৰ মুখাৰ ভূতে খেদিছে আমেৰিকা প্ৰশাসনকঃ কোভিড-১৯ প্ৰতিৰোধী মাস্কো জব্দ

Share This

আমেৰিকাত এতিয়া জৰ্জ ফ্লয়ডৰ পুলিচ জিম্মাত হোৱা মৃত্যুৰ পাছৰ প্ৰতিবাদত ত্ৰষ্ট হৈ পৰিছে ট্ৰাম্প প্ৰশাসন। The Movement for Black Lives (M4BL) নামৰ সংস্থাই দেশত চলি থকা প্ৰতিবাদকাৰী সকলক কোভিড-১৯ ৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ তৈয়াৰ কৰিছিল দহ হাজাৰ ডলাৰ মানে প্ৰায় সাত লাখ টকা মূল্যৰ কোভিড প্ৰতিৰোধী কাপোৰৰ মাস্ক। অকলেণ্ডৰ পৰা কুৰিয়াৰ যোগে এই মাস্ক সমূহ পঠিওৱা হৈছিল ৱাশ্বিংটন, নিউয়ৰ্ক, মেনিয়াপলিজ, চেণ্ট লুইজ আদি চহৰ অভিমুখে। কিন্তু এতিয়া আইন বলবতকাৰী সংস্থাই এই মাস্ক সমূহৰ পেকেট সমূহ জব্দ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। হাফিংটনপোষ্টৰ ৰিপৰ্টমতে চৰকাৰী আইন বলবতকাৰী সংস্থাই জব্দ কৰা এই পেকেট সমূহৰ বাবে মেইলাৰক আমেৰিকাৰ পোষ্টেল ইনচপেকচন চাৰ্ভিচেজৰ সৈতেহে যোগাযোগ কৰিবলৈ কোৱা হৈছে।


এতিয়া ইনষ্টাগ্ৰাম, টুইটাৰে এই জব্দৰ কাৰণ সমূহ পোহৰলৈ আনিছে। কাৰণ সেই মাস্কবোৰত ক'লা কাপোৰত প্ৰিণ্ট কৰা হৈছিল 'STOP KILLING BLACK PEOPLE' বুলি আৰু এয়া #BLACK_LIVES_MATTERS আন্দোলনৰ এক প্ৰতিবাদী হাথিয়াৰ ৰূপে ব্যৱহৃত হ'লহেতেন।  চেলেচা ফুলাৰ নামৰ মুভমেণ্ট ফৰ ব্লেক লাইভৰ মুখপাত্ৰ গৰাকীয়ে সদৰী কৰা মতে, 'আমেৰিকান পুলিচেহে ৰায়তৰ সৃষ্টি কৰি দেশৰ ভিন্ন উপকূলত, চহৰত পুলিচৰ হিংসাৰ বিৰুদ্ধে মাত মতা নাগৰিক সকলক অত্যাচাৰ চলাইছে আৰু এয়া প্ৰেচিডেণ্ট ট্ৰাম্পৰ অনুমোদন অবিহনে কেতিয়াও সম্ভৱ নহয়'।


Black Lives Matter protests in Syracuse have support from some ...
এক কথাত এতিয়া বৰ্ণ-বৈষম্য বিৰোধিতা কৰা আৰু বৰ্ণৰ ভিত্তিত পুলিচৰ শক্তি প্ৰয়োগৰ বিৰুদ্ধে এতিয়া আমেৰিকাত প্ৰৱল জন-প্ৰতিৰোধ গঢ়ি উঠিছে। সেয়ে ত্ৰষ্ট ট্ৰাম্প প্ৰশাসনৰ বাবে প্ৰতিবাদী শ্লোগান লিখা কোভিড-১৯ প্ৰতিৰোধী মাক্সো এতিয়া হৈ পৰিছে শংকাৰ বিষয়।  অৰ্থাত ট্ৰাম্প প্ৰশাসনে এতিয়া ক'লা কাপোৰৰ মুখাকো ভূত দেখাৰ দৰে দেখিবলৈ ধৰিছে। 
উল্লেখযোগ্য যে, আমেৰিকাত হোৱা কোভিড-১৯ৰ সংক্ৰমণৰ বেছি সংখ্যক কেছ আফ্ৰিকান মূলৰ আমেৰিকান সকলৰ মাজত হোৱাৰেই ৰিপৰ্ট আছে। সেয়ে, ফেডাৰেল চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰোলে প্ৰতিবাদী সকলক প্ৰতিবাদস্থলী ভাইৰাছ সংক্ৰমণৰ বাবে মাৰাত্মক হব বুলিও সঁকিয়াই দিছে। পিছে তাৰ প্ৰতিৰোধ কল্পে প্ৰতিবাদী মিছিলক কোভিড-১৯ৰ সংক্ৰমণৰ পৰা বচাবলৈ তৈয়াৰ কৰা ক'লা কাপোৰৰ মুখাকো ট্ৰাম্প প্ৰশাসনে জব্দ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

No comments:

Post a Comment