এই শতিকাৰ এই বৰ্ষটোৱে যেন বিশ্ববাসীক বহু কথাই শিকাই গ’ল । কৰ’না মহামাৰীৰ সন্ত্ৰাসৰ সমান্তৰালকৈ শেহতীয়াকৈ আমাৰ দেশৰ পশ্চিম প্ৰান্তত কাকতি ফৰিঙৰ আক্ৰমণেই দেশৰ অৰ্থনীতিৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে । কাৰণ, আফ্ৰিকাৰ পৰা প্ৰৱজিত হোৱা এই কাকতি ফৰিঙৰ জাকে ইৰান, পাকিস্থান আদিত সংহাৰ সৃষ্টি কৰি পথাৰৰ খাদ্য-শস্য বিনষ্ট কৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে আৰু শেহতীয়াকৈ ভাৰতৰ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যত খেতি পথাৰৰ খাদ্য-শস্য খাই তহিলং কৰি দেশৰ খাদ্যসুৰক্ষাৰ প্ৰতি এক প্ৰত্যাহ্বান সৃষ্টি কৰিছে । দৈনিক এশ কিল’মিটাৰ পৰ্য্যন্ত অতিক্ৰম কৰিব পৰা আৰু ততাতৈয়াকৈ বংশবৃদ্ধি কৰিব পৰা এই কাকতি ফৰিঙৰ সন্ত্ৰাসে কেন্দ্ৰীয় চৰকাৰকও চিন্তিত কৰি তুলিছে আৰু ইহঁতৰ বংশবৃদ্ধি নিয়ন্ত্ৰণ আৰু গতিবিধিক বাধা দিবলৈ যৎপৰোনস্তি সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে । তৎস্বত্ত্বেও কিন্তু এই কাকতী ফৰিঙৰ আগমণৰ আৰঁত জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ আৰু গোলকীয় উষ্ণতাবৃদ্ধি অন্যতম এক কাৰক, সেইয়া হয়তো এতিয়াও বহুতেই গুৰুত্ত্ব সহকাৰে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।
কাৰণ পৃথিৱীত কিছুমান প্ৰাকৃতিক ঘটনা কোনো এক নিৰ্দিষ্ট অঞ্চলৰ জলবায়ুৰ দ্বাৰা প্ৰভাৱিত আছিল আৰু স্থানীয়ভাৱে সেই অঞ্চলতে পঞ্জীভূত আছিল। কিন্তু শেহতীয়াকৈ জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱৰ বাবে প্ৰকৃতিত কিছুমান পৰিঘটনাৰ স্থান আৰু সময় সালসলনি হোৱা দেখিবলৈ পোৱা গৈছে । গ্ৰীষ্ম-শীতৰ তাৰতম্যত সালসলনি, কৃষিখণ্ডত উৎপাদনৰ তাৰতম্য, বনজুই, বিভিন্ন অচিন ৰোগৰ প্ৰাদূৰ্ভাৱ, খৰাঙ অঞ্চলত আকস্মিক বান, পাহাৰীয়া অঞ্চলত বান, বৰ্ষাপ্ৰৱন অঞ্চলত খৰাঙ, জীৱ-জন্তুৰ গতি-বিধিত কিছু কিছু পৰিবৰ্তন আদিৰ সৈতে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ আদি বিষয়বোৰ জড়িত হৈ আছে ।
আমি প্ৰকৃতিৰ দাস প্ৰকৃতিৰ সৃষ্টিৰাজিয়ে যেন আমাক দি গৈছে আমাক জীয়াই থকাৰ আনন্দ বিশ্বৰ চৌদিশে আজি গোলকীয় উষ্ণতা বৃদ্ধিৰ হুলস্থুল। উদ্যোগীকৰণৰ ফলত সৃষ্ট বৃহৎকায় কল-কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱাই তথা গাড়ী–মটৰৰ পৰা নিৰ্গত বিষাক্ত গেছসমূহে আজি আমাৰ পৃথিৱী নামৰ গ্ৰহটোৰ অস্তিত্ত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। তাতে আকৌ ভূতৰ ওপৰত দানব পৰাৰ লেখিয়াকৈ আমি মানৱ জাতিয়ে প্ৰকৃতিৰ সেউজীয়া গছ-গছনিবোৰ জধে-মধে ধ্ধংস কৰাত লাগিছো | ইয়াৰ কুফল অদূৰ ভৱিষ্যতে যে আমি ভোগ কৰিব লাগিব সেইয়া ধূৰূপ | কিয়নো প্ৰকৃতিয়েই হৈছে জীৱজগতৰ প্ৰাণ | জীৱশ্ৰেষ্ট মুখাপিন্ধা মানুহৰ নিৰ্মম অত্যাচাৰ সহ্য কৰিও চকুলো টুকি টুকি যেন নিঃস্বাৰ্থভাৱে জীৱজগতৰ বাবে দায়িত্ব পালন কৰি গৈছে প্ৰকৃতিয়ে। প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰ মাজতেই আমি বিচাৰি পাওঁ জীয়াই থকাৰ আনন্দ, মানসিক প্ৰশান্তি।
আনহাতে প্ৰকৃতিয়ে আমাক দি গৈছে জীয়াই থকাৰ উপাদান সমূহ, খাদ্য শস্যৰ পৰা আমি থাকিবলৈ সজা ঘৰটোৰ বাবে প্ৰয়োজনীয় কাঠ-বাঁহ আদিলৈ। আজি আমি সকলোৱেই দেখি আহিছো প্ৰকৃতি ধ্ধংসৰ কুফল মানুহে কেনেদৰে ভোগ কৰি আহিছে। মানুহে অবিবেচক ভাবে পাহাৰ খনন, জলাশয় ধ্বংস, বনাঞ্চল ধ্বংসৰ পৰিণাম স্বৰূপে কৃত্ৰিম বানপানী এক সমস্যাৰূপে দেখা দিছে। পাহাৰ ধ্বংসৰ ফলস্বৰূপে বৰষুণ দিলে সম্পূৰ্ণ পানীভাগ হুৰমুৰকৈ ভৈয়ামলৈ বৈ অহাৰ হেতুকে ভৈয়ামৰ জনসাধাৰণে জীয়াতু ভুগিব লগা হৈছে আৰু তাৰ লগে লগে এই পানীভাগে ইয়াৰ সৈতে মাটি আৰু জাবৰ-জোঁথৰ সমূহ কঢ়িয়াই অনাৰ হেতুকে নৈ বা আন পৰিবাহী নলা নৰ্দমাৰ বুকুত জমা হৈ এক ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। আনহাতে জলাশয় আৰু বনাঞ্চল ধ্বংস ই আমাৰ জৈৱ পাৰিপাৰ্শ্বিকতাৰ ওপৰতো প্ৰভাব পেলাইছে। ইয়াৰে আন এক উদাহৰণ হৈছে শগুণ।
শগুন এক উপকাৰী প্ৰাণী। শ ভক্ষনেৰে শগুনে প্ৰকৃতিৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে | প্ৰকৃতিৰ পৰিচ্ছন্নকামী চৰাই হিচাবে বিভিন্ন ঠাইত পৰি থকা মৃত জীৱ-জন্ত্ত ভক্ষন কৰি শগুনে প্ৰাকৃতিক সুস্থিৰতা প্ৰদান কৰাৰ লগতে মানৱ সমাজৰো উপকাৰ সাধন কৰি আহিছে। পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত শগুনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছিলে। কিন্তু মানুহৰ কিছুমান অবিবেচকী কৰ্মকাণ্ড তথা প্ৰকৃতি ধ্বংসৰ পৰিণাম স্বৰূপে শগুনৰ সংখ্যাৰ ওপৰত এক বিৰূপ প্ৰভাৱ পেলাইছে। বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ তথা ইহঁতৰ বাসস্থান ওখ ওখ গছসমূহ ধ্ধংসৰ কৰাৰ বাবে ইহঁতৰ বাসস্থান আৰু বংশ বৃদ্ধিৰ প্ৰতি ভাবুকি আহি পৰিছে। যিহেতু শগুনে শ বোৰ ভক্ষন কৰি প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰে, শগুনৰ সংখ্যা হ্ৰাস হৈ অহাৰ ফলত অদূৰ ভবিষ্যতে এই শ বোৰ গেলি-পচি ৰোগ বিয়পোৱাৰ লগতে সমীপৱৰ্ত্তী পানীৰ উৎসত মিহলি হৈ পানী প্ৰদুষিত কৰি তোলাৰ প্ৰায় এশ শতাংশ ই সম্ভাৱনা আছে | তাৰোপৰি শগুনৰ অনুপস্থিতিৰ সুযোগ লৈ মৃতদেহ ভক্ষনৰ ফলস্বৰূপে শিয়াল, কুকুৰ, হায়েনা তথা এন্দুৰ, নিগনি আদিৰ দ্ৰুত বংশবৃদ্ধি হৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব, কিয়নো এনেবোৰ প্ৰাণীৰ বংশবৃদ্ধিৰ লগে লগে জলাতংক ৰোগ, প্লেগ আদিকে ধৰি আন আন ভয়াবহ ৰোগসমূহৰ প্ৰাদূৰ্ভাব বৃদ্ধি পাবলৈ ধৰিব, কিয়নো এনেবোৰ প্ৰানীয়ে বহুতো ভয়াবহ ৰোগৰ বাহক হিচাবে কাম কৰে | আজি নেপালৰ আকাশৰ পৰা শগুন বিলুপ্ত হোৱাৰ বাবে নেপালে ইয়াৰ প্ৰতিফল ভোগ কৰিব ল’গা হৈছে আৰু ইয়াৰ বাবে নেপালৰ জনসাধাৰণৰ স্বাস্থ্য সমস্যাই দেখা দিছে বুলি অভিযোগ আহিছে। কিয়নো শগুনে মৃতদেহ খাই পৰিবেশ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিছিল যদিও শগুন নোহোৱা হোৱাৰ হেতুকে এন্দুৰ, নিগনি, কুকুৰ, শিয়াল আদিয়ে মৃতদেহ খাই নানা ৰোগ বিয়পাইছে আৰু ল’গতে বহুক্ষেত্ৰত মৃতদেহবোৰ গেলি-পছি নৈৰ পানী প্ৰদূষিত কৰাৰ ল’গতে জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। যিবোৰ চৰাইয়ে হাজাৰ হাজাৰ বছৰ ধৰি আমাক সুৰক্ষা দি আহি জৈৱ-পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি আহিছিলে, সিহঁতে আজি মানুহৰ কাণ্ডজ্ঞানহীনতাৰ বাবে নিজেই অস্তিত্ত্বৰ সংকটত ভূগিছে। এইবোৰ কেইটামান উদাহৰণহে মাত্ৰ।
জৈৱ-পাৰিপাৰ্শ্বিকতা ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অন্য এক উদাহৰণ হ’ল ভেকুলী, যাৰ টোৰটোৰণিৰ শব্দ বাৰিষাকালত আমাৰ গাওঁবোৰত সুলভ আছিল আৰু যাৰ অবিহনে আমাৰ গ্ৰামাঞ্চলৰ চিনাকী আধৰুৱা আছিল, সেই ভেকুলীবোৰেও আজি প্ৰকৃতি ধ্ধংসৰ কুফলত অস্তিত্বৰ সংকটত ভুগিছে | এন্ধাৰ ৰাতি জাক জাক জোনাকী পৰুৱাৰ নয়নাভিৰাম দৃশ্য আমাৰ গ্ৰাম্য সমাজত এসময়ত চিনাকী আছিল, কিন্তু জলবায়ু পৰিবৰ্তনৰ প্ৰভাবৰ বাবে আজি জাক জাক জোনাকীৰ দৃশ্যও যেন হেৰাই যোৱাৰ উপক্ৰম হৈছে। এনে বহুতো উদাহৰণ আছে যিয়ে কঢ়িয়াই আনে প্ৰকৃতিৰ ওপৰত মানুহৰ নিৰ্মম অত্যাচাৰৰ ছবিখন। আজি যেনেদৰে কাকতি ফৰিঙে দেশত তাণ্ডব চলাবলৈ সুযোগ পাইছে, সেইয়াও হৈছে জৈৱ-বৈচিত্ৰৰ অসন্তুলিত এক ৰূপ । কাৰণ এনে পোক-পতঙ্গক খাদ্যৰূপে ভক্ষণ কৰি নিয়ন্ত্ৰিত ৰূপত ৰখাৰ বাবে চৰাই, ভেকুলী, সাপ আদিৰ এক গুৰুত্ত্বপূৰ্ণ অৱদান আছে যদিও দেশত সাপ-বেঙ্, চৰাই-চিৰিকতিৰ আদিৰ সংখ্যা লোপ আদিয়ে জৈৱ-তন্ত্ৰত এক নেতিবাচক প্ৰভাৱ পেলাইছে আৰু ইয়াৰ পৰোক্ষ প্ৰভাৱ কৃষিখণ্ডৰ উপৰতো পৰিছে | ভূ-পৃষ্ঠৰ মাত্ৰ ১১ শতাংশ মাটিতহে খেতি কৰিব পৰা যায় আৰু তাৰে বৰ্তমান ২৩ শতাংশ মাটিৰ গুণাগুণ ইমান বেছি পৰিমানে অৱনমিত হৈছে যে সেইয়া খেতিৰ অনুপযোগী হৈছে বুলি ৰাষ্ট্ৰসংঘ ই প্ৰকাশ কৰিছে | মাটিৰ অৱনমনৰ মূল কাৰণবোৰ হ’ল বনাঞ্চল ধ্বংসকাৰ্য্য, কৃষিকাৰ্য্যত মাটিৰ অপ-ব্যৱস্থাপনা, ঘাঁহনি পথাৰত পশুধনৰ অতিবাৰণ (Overgrazing) , প্ৰদূষণ, ভূমিস্খলন, ইটাৰ ভাটা আৰু নানাপ্ৰকাৰৰ উদ্যোগ নিৰ্মান, দ্ৰুত নগৰীকৰণ ইত্যাদি | অপব্যৱস্থাপনা ( অনুপযোগী শস্যৰ ৰোপন, অনুপযুক্ত শস্যাবৰ্তন, অত্যাধিক পৰিমানত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ প্ৰয়োগ ইত্যাদি)। অন্যহাতে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা পৃথিৱীৰ প্ৰায় ১.৩ কোটি বৰ্গকিল’মিটাৰৰ পৰিমানৰ (প্ৰায় ভাৰত আৰু চীনৰ মুঠ মাটিকালিৰ সমান) মাটিৰ স্বাভাবিক গুণ মজলীয়াৰ পৰা সাংঘাটিক ধৰণে বিনষ্ট হৈছে । বিশ্বযুদ্ধৰ সময়ত বোমা-বাৰুদ, বিভিন্ন ৰসায়নিক দ্ৰৱ্য আদিৰ অবাধ ব্যৱহাৰে মাটিৰ গুণাগুণ সাংঘাটিক ধৰণে বিনষ্ট কৰিছে । এনেবোৰ কাৰকৰ বাবেই পৃথিৱীৰ ভূমিৰ গুণাগুণ ভয়ানক ভাৱে হ্ৰাস পাই মানৱ সমাজৰ বাবে ভয়াবহ বাৰ্তা কঢ়িয়াই আনিছে।
প্ৰকৃতি আৰু মানৱ সমাজৰ সম্পৰ্কৰ এক উদাহৰণ হ’ল মূলত বনাঞ্চল তথা বৰ্ষাৰণ্য সমূহ। শেহতীয়াকৈ অসমৰ দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খনন আৰু ইয়াৰ অস্তিত্ত্বৰ প্ৰতি ভাবুকিক লৈ সমগ্ৰ অসমতে প্ৰতিবাদৰ ঢৌ উঠিছে । পৃথিৱীৰ বৃহৎ বৰ্ষাৰণ্য আমাজানক যেনেদৰে পৃথিৱীৰ হাঁও-ফাঁও আখ্যা দিয়া হয়, ঠিক তেনেদৰে দিহিং-পাটকাই বৰ্ষাৰণ্যকো অসমৰ হাওঁ-ফাঁও আখ্যা দি ইয়াক ধ্ধংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন দাবী উত্থাপিত হৈছে । এই সম্পৰ্কৰ এক উদাহৰণ হ’ল পৃথিৱীৰ বৃহৎ বৰ্ষাৰণ্য আমাজান বৰ্ষাৰণ্য, যাক কোৱা হয় ধৰিত্ৰীৰ হাওঁফাওঁ ৰূপে। পৃথিৱীৰ বৃহৎ নদী আমাজানৰ অববাহিকাত অৱস্থিত এই বৰ্ষাৰণ্য দক্ষিণ আমেৰিকা মহাদেশৰ ব্ৰাজিলৰ ৬০ শতাংশ অঞ্চল, পেৰুৰ ১৩ শতাংশ, ক’ল’ম্বিয়াৰ ১০ শতাংশ আৰু ইকুৱেডৰ, ভেনিজুৱেলা, ব’লিভিয়া, গুৱেনা, চুৰিনাম আদিৰ কিছু অংশ সামৰি সৃষ্টি হৈছে। আমাজান বৰ্ষাৰণ্যক ধৰিত্ৰীৰ হাওঁফাওঁ বুলি কোৱাৰ কাৰণ হ’ল, বিশ্বৰ প্ৰাণীকূলৰ বাবে প্ৰয়োজনীয় সৰ্বমুঠ অক্সিজেনৰ প্ৰায় ১০ শতাংশই এই আমাজান বৰ্ষাৰণ্যই অকলে যোগান ধৰি আহিছে। তথাপিও কিন্তু যেন জীৱশ্ৰেষ্ঠ মানুহৰ কোপদৃষ্টিৰ পৰা আজি আমাজানো মুক্ত নহয়। যাৰ বাবে ছল্লিছ লাখ বৰ্গ কিল’মিটাৰ জুৰি বিয়পি থকা “আমাজান বৰ্ষাৰণ্য”ও যেন আজি ক্ৰমান্বয়ে ধ্বংসৰ মুখলৈ আগবাঢ়ি অচিৰে মৰুভূমি হোৱাৰ পথত অগ্ৰসৰ হৈছে। অবৈধভাৱে ইয়াৰ বুকুত আৰম্ভ হোৱা সোণৰ খনিৰ সন্ধান, অবৈধ চিকাৰ কাৰ্য, অনিয়মিক তথা অবৈধ কৃষিকাৰ্য, পশুপালন, অগ্নিসংযোগ, প্ৰাকৃতিক গেছ আৰু তেল উদ্ঘাটনৰ বাবে চলোৱা জৰীপ আদিয়ে ইয়াৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। আনহাতে এই অঞ্চলত উপলব্ধ ১২০ ৰ পৰা ২০০ ফুট পৰ্যন্ত ওখ বিভিন্ন প্ৰজাতিৰ প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰৰ আন্তৰ্জাতিক বজাৰত বাণিজ্যিক মূল্য অধিক হোৱা অধিক হোৱা হেতুকে ধ্বংসৰ গৰাহৰ পৰিছে। অকল আমাজানেই নহয়, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সিচৰিত হৈ থকা এই বৰ্ষাৰণ্য সমূহ যেন ভগৱানৰ দান যিয়ে আমাৰ পৃথিৱীৰ এক সুস্থ বাতাবৰণ বৰ্তাই ৰাখি পৃথিৱীৰ জীৱকুলক ৰক্ষা কৰি আহিছে। কিন্তু মানুহৰ অত্যাচাৰৰ বাবেই আজি পৃথিৱীত প্ৰতি চেকেণ্ডত দুখনকৈ ফুটবল পথাৰৰ সমান বৰ্ষাৰণ্য ধ্বংস হৈ গৈ আছে। ইয়াৰ কু-ফল ভোগ কৰিবলৈ যেন বাকী নাই।
এনেদৰেই আজি আমি আমাৰ নিজৰ বিপদ নিজেই কঢ়িয়াই আনিছো আৰু সাম্প্ৰতিক সময়ত প্ৰকৃতিত ঘটি থকা বিভিন্ন ঘটনাপ্ৰৱাহে এই বাৰ্তাই বহন কৰে। যদিহে সময় থাকোতেই আমি সচেতন নহওঁ আৰু প্ৰকৃতিৰ অৱশিষ্টখিনিও যদি সংৰক্ষণ কৰিবলৈ অপৰাগ হওঁ, তেনেহ’লে আমাৰ পৃথিৱীৰ সেউজী শোভা লোপ পাবলৈ বেছি পৰ নালাগিব আৰু পৃথিৱী নামৰ গ্ৰহটো মৰুভূমিত পৰিণত হ’বলৈ বেছি পৰ নালাগিব আৰু অনতিপলমে এই গ্ৰহ আমাৰ বসোপযোগী হৈ নাথাকিব | কাৰণ বহু গৱেষকে এই মত প্ৰকাশ কৰিছে যে আমাৰ পৃথিবীত বিভিন্ন মাৰাত্মক ৰোগৰ বীজাণু সুপ্ত অৱস্থাত আছে আৰু অনুকুল পৰিবেশ অৰ্থাৎ উপযুক্ত উষ্ণতাত সক্ৰিয় হৈ ৰোগ সৃষ্টিৰ সম্ভাৱণা প্ৰকট আৰু বৰ্তমানৰ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিবৰ্তন ইয়াৰ অন্যতম কাৰক । এই ক্ষেত্ৰত সচেতন হোৱাটো প্ৰতিজন বিশ্ববাসীৰে কৰ্তব্য আৰু প্ৰকৃতি ধ্বংসৰে মানৱ সমাজৰ উন্নয়ন সাধিব যোৱাতো হাতৰ কুঠাৰ ভৰিত মৰা সদৃশ হৈ পৰিব।
সহকাৰী অধ্যাপক, শল্যচিকিৎসা আৰু ৰঞ্জনৰশ্মি বিভাগ, লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, জহিং, উত্তৰ লখিমপুৰ, অসম-৭৮৭০৫১, ফোন: ৯৮৬৪৭৪৩০৩৪
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।
No comments:
Post a Comment