বিশ্লেষণঃ কোভিড-১৯ৰ বহুমাত্রিক প্রভাৱঃ স্বাস্থ্য, অৰ্থনীতিৰ পৰা মানসিক অৱস্থালৈ :: পাৰভিন চুলতানা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ কোভিড-১৯ৰ বহুমাত্রিক প্রভাৱঃ স্বাস্থ্য, অৰ্থনীতিৰ পৰা মানসিক অৱস্থালৈ :: পাৰভিন চুলতানা

বিশ্লেষণঃ কোভিড-১৯ৰ বহুমাত্রিক প্রভাৱঃ স্বাস্থ্য, অৰ্থনীতিৰ পৰা মানসিক অৱস্থালৈ :: পাৰভিন চুলতানা

Share This
চীন দেশৰ য়ুহানৰ পৰা আৰম্ভ হোৱা কোভিড ১৯ সংক্রমণে সম্প্ৰতি প্রায় গোটেই পৃথিৱীক এক অসহায় অৱস্থালৈ ঠেলি দিছে। চীন দেশে য়ুহান চহৰক একেবাৰে এমাহৰ বাবে 'লকডাউন' কৰিহে সংক্রমণ আৰু মৃতকৰ হাৰ নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছে। কিন্তু চীনে এই সংক্রমণ কিছু নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে যদিও আমেৰিকা, ইংলেন্ড আৰু ইউৰোপীয় দেশবোৰৰ সংকট ক্ৰমশ ঘণীভূতহে হোৱা পৰিলক্ষিত হৈছে।
এই লেখা লিখাৰ সময়লৈ বিশ্বত প্ৰায় চৌত্রিশ লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে, প্ৰায় দহ লাখ লোক আৰোগ্য লাভ কৰিছে আৰু মৃতকৰ সংখ্যা প্ৰায় দুই লাখ পঞ্চাল্লিশ হাজাৰলৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে সম্প্ৰতি ক'ৰোণাই বেছিকৈ প্ৰভাৱিত কৰা আমেৰিকাত ছয়ষট্টী হাজাৰ, ইটালীত আঠাইশ হাজাৰতকৈ অধিক, স্পেইণত পঁচিশ হাজাৰতকৈ অধিক সংখ্যা অতিক্রম কৰিছে। ভাৰতবর্ষতো দিনক দিনে আক্ৰান্তৰ সংখ্যা বাঢ়ি চল্লিশ হাজাৰ অতিক্ৰম কৰিলে আৰু মৃতকৰ সংখ্যা তেৰশ হলগৈ। এই সংক্রমণৰ হাৰ কমাই অনাৰ লক্ষ্যৰে ভাৰত চৰকাৰে যোৱা ২৪ মার্চৰ পৰাই ২১ দিনীয়া ৰাষ্ট্রীয় লকডাউন ঘোষণা কৰিছে আৰু তাৰ পিছত এই লকডাউন ১৭ মেলৈ বৃদ্ধি কৰা হৈছে। বিভিন্ন দেশৰ অভিজ্ঞতাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে একমাত্র সতৰ্কতা অৱলম্বন কৰি সামাজিক আৰু শাৰীৰিক দুৰত্বইহে এই ফ্লু (FLU) সাদৃশ্য বেমাৰৰ সংক্রমণৰ হাৰ কমাই আনিব আৰু স্বাস্থ্য সেৱা ব্যৱস্থাৰ ওপৰত অযথা চাপৰ সৃষ্টি নকৰিব।



ইয়াৰ প্রতি লক্ষ্য ৰাখি ভাৰতবর্ষই দেশ জোৰা লকডাউন কঠোৰভাৱে পালন কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে ফ্রাঞ্চ আৰু জার্মানীয়ে প্রথমে পূর্ণ লকডাউন সমর্থন কৰা নাছিল। আনকি আমেৰিকাৰ বহু কেইখন ৰাজ্যই লকডাউন ঘোষণা কৰা নাছিল। কিন্তু সংক্রমিতৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে এই দেশবোৰেও লকডাউনৰ সিদ্ধান্ত গ্রহণ কৰে। ইংলেণ্ড আৰু অস্ট্রেলিয়াই এই লকডাউন কেই মাহলৈকে ৰখাৰ সিদ্ধান্ত লয়।

সময় যোৱাৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিছে যে ক'ৰোণাৰ সমস্যা এতিয়া কেৱল এটা স্বাস্থ্যজনিত সমস্যা হৈ থকা নাই। ইয়াৰ প্রভাৱ বহুমাত্রিক। প্রথমতে ইয়াৰ ডাঙৰ প্রভাৱ পৰিব বিশ্বৰ প্রত্যেকখন দেশৰ অর্থনীতিত। আমেৰিকাই ২০০৮ চনৰ অর্থনৈতিক মহাসংকটতকৈ ভয়ঙ্কৰ সংকটৰ সন্মুখীন হবলৈ মনে মনে সাজু হৈ আছে। আনকি দীর্ঘদিনীয়া বিৰতিৰ মূৰত চীন দেশৰ অর্থনীতিতো ইয়াৰ প্রভাৱ পৰিছে আৰু আজিৰ দিনত চীনৰ অর্থনীতিৰ লগত প্রায় গোটেই বিশ্ব এনেকৈ জড়িত হৈ আছে যে চীন দেশৰ লগতে সেই দেশবোৰৰ অর্থনীতিও ক্ষতিগ্রস্ত হৈছে বা হব।ইয়াতে আমি আমেৰিকা আৰু ইটালীৰ উদাহৰণ লব পাৰো। আমেৰিকাই উপায়বিহীন হৈ ৰাষ্ট্রীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে আৰু কংগ্রেছে ৮.৩ বিলিয়ন ডলাৰৰ এটা জৰুৰীকালীন পুঁজি আবন্টন কৰিছে। কিন্তু আমেৰিকাত অভূতপূর্বভাৱে বৃদ্ধি পাই আছে নিবনুৱা ভাট্টাৰ বাবে নিবেদন কৰা মানুহৰ সংখ্যা। এসপ্তাহৰ ভিতৰতে এই সংখ্যা দুগুণ বাঢ়ি গৈ ৩.৮ মিলিয়ন হয়গৈ। লকডাউনৰ সময়ত যে বহুতে নিজৰ কর্মসংস্থাপন হেৰুৱাই আছে – ইয়াৰ প্রমাণ এই সংখ্যাত পোৱা যায়। এনে অর্থনৈতিক প্রভাৱ ইউৰোপীয় দেশবোৰৰ ওপৰতো দেখা গৈ আছে। বিশেষকৈ ইটালীত গোটেই দেশ কোৱাৰেন্টাইন কৰাৰ ফলত মানুহৰ আয় বহুখিনি কমি গৈছে। পৰিস্থিতি এনেকুৱা হৈ উঠিছে যে উত্তৰ ইটালীৰ বহু ঠাইত আইন শৃঙ্খলাৰ অৱনতি ঘটিছে। চুৰিৰ দৰে ঘটনা সংঘটিত হৈছে। আনকি বজাৰত গৈ খাদ্য সামগ্রী কিনি মানুহ টকা নিদি ওলাই অহাৰ ঘটনাও সংঘটিত হৈছে। লগতে বেআইনী সংগঠন কিছুও সক্রিয় হৈ উঠিছে বুলি বহু আন্তৰাষ্ট্রীয় সংবাদ মাধ্যমেও ব্যক্ত কৰিছে।

ভাৰতবর্ষৰ বাবেও এই জটিল সন্ধিক্ষণত অর্থনৈতিক সংকট গভীৰ হৈ আহিছে। ৰিজার্ভ বেঙ্কৰ প্রাক্তন গভর্নৰ ৰঘুৰাম ৰাজনৰ মতে ক'ৰোণাৰ সমস্যা আৰু এই লকডাউনৰ বাবে স্বাধীনোত্তৰ ভাৰতে সবাতোকৈ ভয়াবহ অর্থনৈতিক সংকটৰ সন্মূখীন হব পাৰে। তেওঁৰ মতে সংক্রমণৰ হাৰ নিয়ন্ত্রণ কৰাৰ লগতে অর্থনৈতিক দিশতো চৰকাৰে সমান গুৰুত্ব প্রদান কৰিব লাগিব। দীর্ঘদিনৰ বাবে লকডাউনে অনানুষ্ঠানিক ক্ষেত্রৰ ওপৰত বহুলভাৱে নির্ভৰশীল ভাৰতবর্ষৰ অর্থনীতিক একেবাৰে জুৰুলা কৰি পেলাব। এই অর্থনৈতিক সঙ্কটৰ প্রভাৱ সর্বাধিক পৰিছে সমাজৰ একেবাৰে নিম্ন শ্রেণীৰ লোকৰ ওপৰত। দিন হাজিৰা কৰি খোৱা প্রব্রজিত শ্রমিকসকলৰ বাবে দীর্ঘদিনীয়া লকডাউন যেন ক'ৰোণাতকৈও এক ভয়ঙ্কৰ বার্তা কঢ়িয়াই আনিলে। ইয়াৰ প্রমাণ স্বৰূপে লকডাউনৰ পিছত দিল্লীত কাম বন্ধ হোৱাৰ ফলত হেজাৰ হেজাৰ শ্রমিক লকডাউন ভংগ কৰি ৰাজপথলৈ ওলাই আহিল। কৰ্ম অবিহনে দিল্লীত থকা তেওঁলোকৰ বাবে অসম্ভৱ। সেয়ে তেওঁলোকে ট্রেইন বা বাছ ইত্যাদি নথকাতো খোজকাঢ়িয়ে নিজ গাওঁলৈ বুলি ওলাই আহিলে। এই ঘটনাই এটা কথা স্পষ্ট কৰি দিলে যে দেশৰ অর্থনীতিত শ্রমৰ যোগান ধৰা সকলৰ প্রতি চৰকাৰী অনুষ্ঠান বা ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ দায়বদ্ধতাৰ কিমান অভাৱ। তেওঁলোকৰ জীৱন, অর্থনৈতিক আয়ৰ সুৰক্ষা একেবাৰে নাই বুলিয়ে কব পাৰি। ইয়াৰ পিছত বিত্ত মন্ত্রীয়ে এই দিন হাজিৰা কৰা মানুহবোৰৰ বাবে সহায়ৰ পেকেজ ঘোষণা কৰিছে। কিন্তু তাৰ পিছতো বহু ঠাইৰ পৰা উচিত সাহায্য নোপোৱাৰ অভিযোগ উত্থাপিত হৈয়ে আছে। বহুতৰে ৰেচন কার্ড নথকাৰ বাবে বা বেঙ্ক একাউন্ট ইত্যাদি নথকাত এই সাহায্যৰ পৰা বঞ্চিত হৈছে। এই কঠিন সংকটৰ সম্ভাৱনাৰ বিষয়ে চিন্তা কৰিয়ে ভাৰতীয় ৰিজার্ভ বেঙ্কে সাধাৰণ মানুহক কিছু ৰেহাই দিয়াৰ চেষ্টা কৰিছে। ঋণ পৰিশোধ কৰাৰ ক্ষেত্রত সাধাৰণ ৰাইজক তিনি মাহৰ ই এম আই দিয়াৰ পৰা ৰেহাই দিয়া হৈছে। কিন্তু অর্থনৈতিক সংকটৰ প্রতি লক্ষ্য ৰাখি সকলো ধৰণৰ বিনিয়োগত সুদৰ হাৰ কমাই দিয়া হৈছে। চৰকাৰেও বিভিন্ন ব্যক্তি, স্বেচ্ছাসেৱী সংগঠনৰ পৰা সহায় বিচাৰিছে আৰু এই সময়ত এই সংকটৰ সকলো ধৰণে মোকাবিলা কৰাৰ বাবে সঁচা অর্থত পাব্লিক-প্রাইভেট পার্টনাৰশ্বিপৰ মডেলৰ ওপৰত নীতি গ্রহণ উপযোগী হব। সৰু ব্যৱসায়বোৰক চৰকাৰে ঋণ সহজলভ্য কৰি দিয়া উচিত।

এনে অর্থনৈতিক প্রভাৱৰ ওপৰিও ক'ৰোণাৰ এক সামাজিক প্রভাৱো দেখা দিছে। ভাৰতীয় সমাজত এতিয়াও যৌথ পৰিয়ালকে আদর্শৰূপে লোৱা হয়। আধুনিকীকৰণৰ প্রক্রিয়া সম্পূর্ণ নোহোৱাৰ ফলত পশ্চিমীয়া দেশবোৰৰ দৰে আমাৰ সমাজবোৰ এতিয়াও সম্পূর্ণৰূপে ব্যক্তিকেন্দ্রিক হৈ উঠা নাই। সামাজিক সম্পর্কবোৰতো যেন ফাট মেলিছে দীর্ঘদিনীয়া কোৱাৰেন্টাইনৰ বাবে। আমাৰ সমাজৰ অসমানতা এই সংকটৰ সময়ত স্পষ্ট হৈ পৰিছে। সমাজত একেবাৰে প্রান্তীয় গোটবোৰে এতিয়াও এই লকডাউনৰ পৰা বহু বেছি প্রভাৱান্বিত হৈছে। আনকি খাদ্যৰ অভাৱ দেখা দিছে বহু ঠাইত আৰু খাদ্যৰ অভাৱত দৰিদ্ৰ লোকে আত্মহত্যা কৰাৰ বেদনাদায়ক খবৰো পোহৰলৈ আহিছে। লকডাউনৰ সময়ত বিভিন্ন কাৰণত লকডাউন অমান্য কৰাক লৈও সমাজৰ মাজত এটি বিভাজনমূলক ৰাজনীতি গঢ়ি তুলিছে এচাম সুবিধাবাদী নেতাই আৰু ইয়াত একাংশ ধৰ্মান্ধ লোক আৰু সংবাদগোষ্ঠীয়েও হাত উজান দিছে। বহু ৰাজনৈতিক নেতাই লক ডাউন অৱমাননা কৰিছে আৰু বহু সাধাৰণ মানুহেও প্রধানমন্ত্রীৰ আহ্বানক উপেক্ষা কৰি আৰু অপ-বিশ্লেষণ কৰি লকডাউনৰ নিয়ম ভংগ কৰিছে। এনে ব্যক্তিৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। কিন্তু তবলীগ জামাতৰ দায়িত্ব জ্ঞানহীন কামক এক গভীৰ ষড়যন্ত্র বুলি অপপ্রচাৰ কৰি আগৰে পৰা মেৰুকৰণৰ ভুক্তভোগী হৈ থকা সমাজখনক যেন আৰু বিভাজিত কৰিছে। সেই একে অপপ্রচাৰ চলোৱা হৈছে পঞ্জাবৰ শিখ ধর্মীয় শ্রদ্ধালুৰ বিৰুদ্ধেও চলোৱা হৈছে। সংকটৰ এই সন্ধিক্ষণতো আমি আমাৰ মাজত থকা পার্থক্য, মতভেদৰ ঊর্ধ্বত উঠিব নোৱাৰাটো অত্যন্ত দুর্ভাগ্যজনক।

অর্থনৈতিক আৰু সামাজিক প্রভাৱৰ লগতে এই স্বাস্থ্যজনিত সমস্যাৰ আন এটা গুৰুত্বপূর্ণ প্রভাৱ হল মনস্তাত্ত্বিক প্রভাৱ বা মানুহৰ মানসিক স্বাস্থ্যৰ অৱনতি। দীর্ঘদিন ধৰি লকডাউন, কোৱাৰেন্টাইন আদিৰ ফলত মানুহে অকলশৰীয়া অনুভৱ কৰে আৰু হতাশাত ভোগে। নিজৰ পৰিয়াল-পৰিজনৰ লগত মন গলেও সময় অতিবাহিত কৰিব নোৱাৰে। আনকি কোভিড ১৯ ত আক্রান্ত হোৱাৰ পিছত চিকিৎসালয়ত থকাৰ সময়কণতো সাধাৰণতে পৰিয়ালৰ কাকো লগ নাপায় ৰোগীজন। গভীৰভাৱে আক্ৰান্ত হোৱা বেমাৰীয়ে মৃত্যুৰ আগমুহুর্ততো নিজৰ আপোন মানুহবোৰৰ সান্যিধ্যৰ পৰা বঞ্চিত হয় এওঁলোক। সংক্রমণৰ ভয়ত মৃত্যুৰ পিছতো ক'ৰোণা আক্রান্ত ৰোগীৰ দেহাৱশেষ পৰিয়ালৰ হাতত তুলি দিয়া নহয়। এনে ঘটনাই আক্ৰান্ত জনৰ পৰিয়ালক গভীৰ মনোকষ্ট দিয়ে।

ৰোগীজনৰ লগতে দিনে নিশাই ৰোগীৰ শুশ্রূষাত ব্যস্ত স্বাস্থ্যকর্মী সকলেও মানসিক চাপত ভোগে। কামৰ বোজাৰ লগতে সংক্রমণৰ ভয় এটাই স্বাস্থ্যকর্মীসকলক অনবৰতে চাপত ৰাখে। বিশেষকৈ ভাৰতবর্ষৰ দৰে দেশত য'ত স্বাস্থ্যকর্মী সকলে লাগতীয়াল সুৰক্ষা কৱচ ইত্যাদিৰ অভাৱক লৈ শংকা ব্যক্ত কৰিছে তাত এনে পৰিস্থিতিয়ে স্বাস্থ্যকর্মীসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো ভয়ভিত কৰি তুলিছে।

ক'ৰোণা সংক্রমণ এটা বহুমাত্রিক সমস্যা। পৃথিৱীৰ উন্নত দেশবোৰে এই সন্ত্রাসৰ শীঘ্রে সমাধান সম্ভৱ নহয় বুলি মানি লৈছে। এতিয়া সকলো দেশৰ একমাত্র প্রচেষ্টা কেনেকৈ ইয়াৰ প্রভাৱ নিয়ন্ত্রিত কৰিব পাৰি আৰু এই ক্ষেত্রত চৰকাৰৰ লগতে সাধাৰণ ৰাইজেও নিজৰ দায়িত্বখিনি পালন কৰিব লাগিব। ইন্টার্নেটত সহজলভ্য হৈ পৰা ভুৱা বাতৰিত যেন কোনেও বিভ্রান্ত হৈ চৰকাৰে বান্ধি দিয়া নিয়মবোৰ উলঙ্ঘা নকৰে। কিছু বেলেগ দেশৰ অভিজ্ঞতাৰ পৰাও ভাৰত, ইউৰোপীয় দেশবোৰে শিকিব পাৰে। ইয়াৰ আগতে SARSৰ দৰে মহামাৰীৰ সন্মুখীন হোৱা দেশবোৰ যেনে চীন, জাপান, সিংগাপুৰ, টাইৱান, হংকঙে এই মহামাৰীক নিয়ন্ত্রণ কৰাত বেলেগ দেশৰ তুলনাত ভাল ফলাফল দেখুৱাইছে। জার্মানীয়ে লকডাউনৰ ফলত কর্ম সংস্থাপন হেৰুওৱা মানুহবোৰক "Short Time Work Allowance" বোলা ভাট্টা দিয়াৰ ব্যৱস্থা কৰিছে। তদুপৰি ভাৰতবর্ষত বিশেষ প্রয়োজন যে এই সময়ত সকলো ধৰণৰ বিভাজনকামী ৰাজনৈতিক শক্তিক নিয়ন্ত্রণ কৰা হওক আৰু কৰোণাৰ বহুমাত্রিক প্রভাৱৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে এক বহুমাত্রিক পৰিকল্পিত নীতি লৈ আগবাঢ়ি যাওঁ।
লেখিকাৰ মোবাইল নম্বৰঃ ৮০১১৯০৩৬২৩

No comments:

Post a Comment