ভাল খবৰঃ আফ্ৰিকান স্বোৱাইন ফিভাৰৰ ভেকচিনে দেখুৱাইছে সফলতাঃ বজাৰত কেতিয়ালৈ? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ আফ্ৰিকান স্বোৱাইন ফিভাৰৰ ভেকচিনে দেখুৱাইছে সফলতাঃ বজাৰত কেতিয়ালৈ?

ভাল খবৰঃ আফ্ৰিকান স্বোৱাইন ফিভাৰৰ ভেকচিনে দেখুৱাইছে সফলতাঃ বজাৰত কেতিয়ালৈ?

Share This
অসমত মহামাৰীৰ ৰূপ লোৱা গাহৰিৰ আফ্ৰিকান স্বোৱাইন ফিভাৰৰ ক্ষেত্ৰত পোৱা গৈছে এতিয়া ভাল খবৰ! চীনত ঘৰুৱাভাৱে বিকাশ কৰা গাহৰিৰ আফ্ৰিকান স্বোৱাইন ফিভাৰৰ ভেকচিনৰ পৰীক্ষা দেশৰ তিনিখন প্ৰদেশৰ গাহৰি ফাৰ্ম সম্পন্ন কৰি ইতিবাচক ৰিজাল্ট পোৱাৰ খবৰ প্ৰকাশিত হৈছে। এই খবৰ চীনৰ ৰাষ্ট্ৰীয় মেডিয়া ৰিপৰ্টে কৃষি মন্ত্ৰালয়ৰ ৱেবচাইট যোগে সদৰী কৰিছে বুলি ইণ্ডিয়ান এক্সপ্ৰেছ কাকতে আজি প্ৰকাশ কৰিছে। 
হাৰবিন ভেটেনেৰী গৱেষণা প্ৰতিষ্ঠানে প্ৰায় ৩০০০ ঘৰুৱা পামৰ গাহৰিৰ ওপৰত এই ভেকচিনৰ পৰীক্ষা সম্পন্ন কৰে। এই ভেকচিন দিয়া গাহৰি পোৱালি সমূহে নিৰোগী হিচাবেই ডাঙৰ হোৱা দেখা গৈছে, কোনো গৰ্ভনষ্টৰ বাতৰিও নাই আৰু এই প্ৰতিৰোধী ভেকচিন দিয়াৰ পাছত মৃত্যুৰ হাৰো ১ শতাংশতকৈ কমহে পোৱা গৈছে। চাইনিজ একাডেমী অৱ এগ্ৰিকালচালৰেল চাইন্সৰ অধীনস্থ হাৰবিন ইনষ্টিটিউটে এটা LIVE ATTENUATED VACCINE সুৰক্ষিত ৰূপত বিকাশ কৰা আৰু লেবৰেটৰী টেষ্টিং সফলতাৰে সম্পন্ন কৰা বুলি যোৱা মাৰ্চ মাহতে দাবী কৰিছিল। 

আফ্ৰিকান স্বোৱাইন ফিভাৰ প্ৰথম বাৰৰ বাবে ২০১৮চনত চীনত ব্যাপক ভাৱে প্ৰাদুৰ্ভাৱ হৈছিল আৰু বিশ্বৰ ভিতৰতে গাহৰি মাংসক বেছি খাদ্য হিচাবে ব্যৱহাৰ কৰা দেশখনত গাহৰি পাম সমূহ ধ্বংসৰ গৰাহত পৰিছিল। পাছলৈ এই ৰোগ প্ৰতিবেশী দেশ সমূহলৈকো বিয়পি পৰে। সেয়ে বিশ্বৰ গৱেষক সমাজে ইয়াৰ প্ৰথমটো ভেকচিন বিকাশৰ বাবে প্ৰতিযোগিতাত নামে। 

হাৰবিন ভেটেনেৰী গৱেষণা প্ৰতিষ্ঠানে এনভাৰনমেণ্টেল ৰিলিজ টেষ্টিং মাৰ্চতে সম্পন্ন কৰাৰ পাছত কেইবাখনো প্ৰদেশত ফিল্ড টেষ্টিং সম্পন্ন কৰে ভেকচিনটোৰ। এতিয়া গৱেষণা প্ৰতিষ্ঠানটোৱে এই ভেকচিন বিকাশৰ প্ৰক্ৰিয়াটো অধিক দ্ৰুত কৰি তুলিব বুলিও প্ৰকাশ কৰিছে। আশ কৰা হৈছে যে এই ভেকচিনে প্ৰয়োজনীয় অনুমতি লাভ কৰি অচিৰেই ৰাজহুৱা ব্যৱহাৰৰ বাবে উপলদ্ধ হব। কিন্তু এতিয়াও বাণিজ্যিক ৰূপত ভেকচিনটো বিশ্বৰ বজাৰলৈ মুকলি কৰি দিয়াৰ ক্ষেত্ৰত কোনো তাৰিখ নিৰ্দিষ্টকৈ হাৰবিন প্ৰতিষ্ঠানে ঘোষণা কৰা হোৱা নাই। 

No comments:

Post a Comment