সুখ-দুখ LIVE স্বাস্থ্য কথাঃ কভিড-১৯, জ্যেষ্ঠ আৰু শিশুৰ যতন আৰু টেলি-মেডিচিন :: ডাঃ ভূপেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখ LIVE স্বাস্থ্য কথাঃ কভিড-১৯, জ্যেষ্ঠ আৰু শিশুৰ যতন আৰু টেলি-মেডিচিন :: ডাঃ ভূপেন শইকীয়া

সুখ-দুখ LIVE স্বাস্থ্য কথাঃ কভিড-১৯, জ্যেষ্ঠ আৰু শিশুৰ যতন আৰু টেলি-মেডিচিন :: ডাঃ ভূপেন শইকীয়া

Share This
"কভিড-১৯, জ্যেষ্ঠ আৰু শিশুৰ যতন আৰু টেলি-মেডিচিন" বিষয়ত ইণ্টাৰনেল মেডিচিনৰ বিশেষজ্ঞ ডাঃ ভূপেন শইকীয়াৰ সৈতে হোৱা অনলাইন ভিডিঅ' সাক্ষাতকাৰৰ মূল কথাখিনি ইয়াত সন্নিবিষ্ট কৰা হৈছে। সম্পূৰ্ণ আলোচনাটি চাবলৈ তলৰ ভিডিঅ' লিংকত ক্লিক কৰিব পাৰিব-

কভিড১৯ৰ ক্ষেত্ৰত বেচি সতৰ্ক হোৱাৰ প্ৰয়োজন কাৰ?
 ১. বয়স- যদিও নৱজাতকৰ পৰা আলৰ বৃদ্ধলৈকে যি কোনো বয়সৰ লোকেই কভিড১৯ ৰোগত আক্ৰান্ত হ'ব পাৰে,অভিজ্ঞতাই আমাক শিকালে যে ৬৫বছৰৰ উৰ্ধৰ লোকৰ অসুখত ভোগাৰ সম্ভাৱনা অধিক৷ বৃদ্ধাশ্ৰমত থকা বা একাকী  ভাবে  অনাদৃত,অযত্নত পালিত বয়সীয়াল লোকসকল সহজে কৰ'না ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে৷ আমেৰিকাৰ পৰা অহা তথ্যমতে ৬৫বছৰৰ ওপৰৰ লোক  ৩০শতাংশৰ পৰা ৭০শতাংশলৈকে হস্পিতেলত ভৰ্তি হ'বলগীয়া হয় আৰু  তেওঁলোকৰ  মৃত্যুৰ হাৰ ১০ৰ পৰা ২৭শতাংশলৈ হোৱা দেখা গৈছে৷ দেখা গৈছে নাক বা নেজোফেৰিঞ্চত থকা ACE2 RNA receptor protein  মাধ্যমেৰে কৰ'না ভাইৰাছে মানৱ শৰীৰত প্ৰবেশ কৰে৷ এনে ৰিচেপ্তৰৰ সংখ্যা শিশুৰ ক্ষেত্ৰত কমকৈ থাকে৷

 ২-শ্বাস প্ৰণালীৰ ক্ৰনিক ৰোগীসকল - বহুলোকে হাপানি, ব্ৰংকাইটিজ নহলে শ্বাসজনিত এলাৰ্জিৰ অসুখত ভোগে৷ অসুখ নিয়ন্ত্ৰণত নাথাকিলে এনেলোকে মাস্ক ব্যৱহাৰ কৰিবলৈ অসুবিধা পাব৷ গতিকে এনে লোকসকলে নিজৰ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ইনহেলাৰ আৰু অন্যান্য প্ৰয়োজনীয় দৰব পথ্য ব্যৱহাৰ কৰি নিজৰ ৰোগ নিয়ন্ত্ৰণত ৰখাটো জৰুৰী৷

৩- হৃদৰোগৰ চিকিৎসা লৈ থকা লোকসকল - উচ্চ ৰক্তচাপৰ ৰোগী, হাৰ্ট ফেইলাৰ, জন্মগত নীলা পৰা  হৃদৰোগ, হৃদগতিৰ বিসংগতি (এৰিথমিয়া), কাৰ্ডিঅ'মায়োপেথি, পেৰিকাৰ্ডাইটিছ,মায়োকাৰ্ডাইটিছ আদি অনেক ৰোগত আক্ৰান্ত সকলৰ কভিড১৯ হোৱাৰ সম্ভাৱনা বেচি থাকে৷ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ আগৰ পৰা ব্যৱহাৰ কৰি থকা দৰবৰ হীনদেঢ়ি কৰিব নালাগে৷

৪- শৰীৰৰ ইমিউনিটি কম থকা লোকসকল- বিভিন্ন কাৰণত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব পাৰে৷ উল্লেখযোগ্য কাৰক কিছুমান হ'ল- কৰ্কটৰোগ,এইডচ, জন্মগত ইমিউনিটিৰ অভাৱ,অংগ প্ৰত্যাৰোপন কৰা লোক, ব'ন মেৰো সংস্থাপন কৰা লোক, যি কোনো অসুখৰ বাবে ষ্টেৰইড গ্ৰহণ কৰি থকা লোক৷

৫-মেদবহুলতা- শৰীৰৰ বি এম আই যদি ৪০ৰ উৰ্ধত৷
৬- অনিয়ন্ত্ৰিত ডায়েবেটিজ ৰোগ৷
৭- ক্ৰনিক কিডনি ডিজিজ আৰু ডায়েলাইচিচৰ ৰোগীসকল৷ 
৮-লিভাৰৰ জটিল অসুখত ভোগী থকা ৰোগী- যেনে হেপাটাইটিচ-বি,হেপাটাইটিচ-চি, চিৰচিচ, লিভাৰৰ কাৰ্চিনোমা আদি৷
৯- অতিপাত ধূম্ৰপান৷

শিশু আৰু মাতৃৰ কভিড১৯ৰ সন্দৰ্ভত দুআষাৰ:

দেখা গৈছে কভিড আক্ৰান্ত পুৰুষ ৭১জনৰ বিপৰীতে মহিলাৰ সংখ্যা হ'ল ২৯শতাংশ৷ প্ৰখ্যাত নৱজাতক ৰোগ বিশেষজ্ঞ ডা: ৰাহুল যাদৱে এটি প্ৰবন্ধত লিখিছে- সুখৰ বিষয় শিশুসকলৰ অসুখ গুৰুতৰ পৰ্যায়লৈ নাযায়৷ -গৰ্ভৱতী মাতৃৰ পৰা প্ৰসৱ হোৱা সন্তান কভিড১৯ নিগেটিভো হ'ব পাৰে৷ - কভিড১৯পজিটিভ মাতৃয়ে স্তনপান কৰাব পাৰে৷ ৪- গৰ্ভকালত বা প্ৰসৱোত্তৰ কালত মাতৃগৰাকী  অতিৰিক্ত বিপদসংকুল নহয়৷

কভিড১৯ সংক্ৰান্তত সকলোলোকলৈ আগবঢ়োৱা সতৰ্কবাণী:

- পৰাপক্ষত ঘৰতে থাকক,সুৰক্ষিত থাকক৷
- সঘনাই হাতপৰিষ্কাৰকৈ ধুব৷
- সময়ে সময়ে চেনিটাইজাৰ ব্যৱহাৰ কৰিব৷
- দুজন লোকৰ মাজত অন্তত: এক মিটাৰ দূৰত্ব বৰ্তাই ৰাখিব৷
- মাস্ক পৰিধান নকৰাকৈ ঘৰৰ বাহিৰলৈ কেতিয়াও নোলাব৷
-ঘৰৰ বাহিৰত থকা অৱস্থাত (নাইবা ঘৰলৈ ঘূৰি আহিও নিজে সম্পূৰ্ণ পৰিষ্কাৰ নোহোৱা পৰ্যন্ত) কোনো কাৰণতে নিজ মুখ,নাক আৰু চকু স্পৰ্শ নকৰিব৷ তেনে কৰিলে নেদেখা ভাইৰাছক আপুনি শৰীৰত প্ৰৱেশৰ সুবিধা কৰি দিয়া হ'ব৷
-  যিকোনো ৰোগাক্ৰান্ত লোকৰ পৰা আতৰত থাকিব৷
- আলহী বা  অভ্যাগতৰ সংগ এৰাই চলিব৷ তাৰ সলনি ভিডিঅ' কলৰ মাধ্যমেৰে যোগাযোগ বৰ্তাই ৰাখিব৷
- স্বাস্থ্যসন্মত আৰু শৰীৰৰ ইমিউনিটি বঢ়োৱা খাদ্য খাব৷
- ধ্যান,যোগাসন কৰি মনটোক শান্ত ৰাখিব৷
- দৈনিক আধাঘন্টা ব্যায়াম কৰিব৷
-  নিয়মীয়া স্বাস্থ্যপৰীক্ষাৰ বাবে টেলিমেডিচিনৰ সহায় লওক৷
-  সময়ে সময়ে গৰমপানী সেৱন কৰি নিজৰ দেহাটো আৰ্দ্ৰ কৰি ৰাখক৷
- মাজে মাজে কুহুমীয়া গৰম নিমখ পানীৰে কুলকুলি কৰি গলটো পৰিষ্কাৰ কৰি ৰাখক৷- সতৰ্ক থাকক৷ অযথা আতংকিত নহ'ব৷

টেলিমেডিচিনৰ ইতিহাস আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা

গ্ৰীক শব্দ ‘টেলি’ৰ অৰ্থ হ'ল দূৰৈৰ৷ টেলিমেডিচিন অৰ্থাৎ দূৰৈৰ পৰা প্ৰদান কৰা চিকিৎসা সেৱা৷ ১৯২০চনৰ পৰা ১৯৪০চনলৈকে নৰৱে,ইটালি আৰু ফ্ৰান্স দেশে দূৰদূৰণিৰ ভিতৰুৱা অঞ্চলত থকা লোকসকলক আৰু দীঘলীয়া সমুদ্ৰ যাত্ৰা কৰা লোকসকলক স্বাস্থ্যজনিত সমস্যাৰ সমাধান দিবলৈ টেলিমেডিচিনৰ সহায় লৈছিল৷ তাতোকৈ আগতে নেডাৰলেণ্ডৰ এজন চিকিৎসকে (Willem Einthoven) ১৯০৫চনত এজন ৰোগীৰ ইচিজি টেলিপ্ৰিন্টাৰৰ সহায়ত প্ৰেৰণ কৰি চিকিৎসা জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ ১৯২৪চনৰ এপ্ৰিল মাহৰ ২৫চেন্ট মূল্যৰ 'ৰেডিঅ' নিউজ' নামৰ পত্ৰিকাত এখন চিত্ৰত ৰোগী আৰু ডাক্তৰৰ মাজৰ যোগাযোগৰ মাধ্যম হিচাবে চিহ্নিত কৰা হৈছিল এটি টেলিভিজন চেটক৷ তেতিয়াৰ সেই সপোন আজি বাস্তৱায়িত হ'ল টেলিমেডিচিনৰ মাধ্যমেৰে৷ ইয়াৰ পৰৱৰ্তী কাল ১৯৫০চনত সংযুক্ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত ৰেডিঅ'গ্ৰাফিক ফটো প্ৰেৰণ কৰি টেলিমেডিচিনক আৰু এঢাপ ওপৰলৈ লৈ যায়৷ ১৯৫৯চনত সংযুক্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেব্ৰাস্কা ইউনিভাৰ্চিটিয়ে ৰোগী আৰু চিকিৎসক মাজত ভিডিঅ' আলোচনাৰ ব্যৱস্থা কৰে৷ ১৯৮৫চনত মেক্সিকোত অহা ভয়ংকৰ ভূমিকম্পত ৫০হেজাৰজন লোকৰ প্ৰাণহানি হৈছিল আৰু জনস্বাস্থ্যৰ ভীষণ অৱনতি ঘটিছিল৷ যোগাযোগ ব্যৱস্থা হৈ পৰিছিল বিচ্ছিন্ন৷ সেই দূৰ্যোগৰ সময়ত ৰোগাক্ৰান্ত আৰু আঘাতপ্ৰাপ্ত সকলক সহায় কৰিবলৈ চৰকাৰে মহাকাশ গৱেষণা কেন্দ্ৰ নাচাৰ সহায়ত প্ৰয়োগ কৰিছিল টেলিমেডিচিন ব্যৱস্থাৰ৷ আমাৰ দেশ ভাৰতবৰ্ষতো ২০০১চনত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ইচৰোই (ISRO = Indian Space Research Organisation) এপলো হস্পিতেলক গ্ৰামীন চিকিৎসালয়ৰ সৈতে যোগাযোগৰ সুব্যৱস্থা কৰি টেলিমেডিচিনৰ দিশত অগ্ৰণী ভূমিকা ল'য়৷

ইয়াৰ পিছৰ কাহিনী বিশেষ নিলিখিলেও হ'ব৷ আমাৰ দেশৰ উন্নত আৰু সুপ্ৰতিষ্ঠিত চিকিৎসালয়সমূহ যেনে গংগাৰাম হস্পিতাল,নাৰায়ণ হৃদয়ালয়, ত্ৰিৱান্দ্ৰম অংকোলজি চেন্টাৰ, কেইবাখনো স্নাতকোত্তৰ চিকিৎসা প্ৰতিষ্ঠান, কেইবাখনো ৰাজ্যিক চৰকাৰ,আৰোগ্যশ্ৰী,নেশ্বনেল ডিজিটেল হেল্থ অথৰিটি আদিয়ে টেলিমেডিচিনক বেচ গুৰুত্ব প্ৰদান কৰি ইয়াক জনজীৱনৰ এক অপৰিহাৰ্য অংগৰ মাত্ৰা প্ৰদান কৰিছে৷

এতিয়া পাঠকসকলৰ আগত মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কেইটিমান উদাহৰণ দাঙি ধৰিম৷
- মোৰ কৰঙণৰ এফালে কেইমাহমানৰ পৰা গাঙঠিৰ দৰে ফুলি উঠিছে৷ মোৰ বয়স ৩২৷ বিষ নহয়৷ টেলিফোনিক বাৰ্তাত মোৰ প্ৰশ্ন হ'ল - বিচনাত শুই দিলে ফুলাখিনি নাইকীয়া হৈ যায় নেকি? উত্তৰ আহিল-হয়,আপুনি ঠিকেই কৈছে৷ মই তেওঁক জনালোঁ-সেয়া তেওঁৰ ইনগুইনেল হাৰ্ণিয়া৷ এজন চাৰ্জনক দেখুৱাই অপাৰেচন কৰিলেই সমস্যাৰ অন্ত পৰিব৷
- মোৰ ৮বছৰীয়া ল'ৰাৰ প্ৰসাব কৰোতে আগটো বেলুনৰ দৰে ফুলি উঠে৷ মূত্ৰনলীৰ আগটো ভালদৰে খোল নাখায়৷ প্ৰশ্নকৰ্তাই এখন ফটো মেচঞ্জাৰ বাৰ্তাৰ লগত সংলগ্ন কৰি দিছে৷ মোৰ পৰামৰ্শ হ'ল-এয়া পেৰাফাইমোচিচ৷ তাৰ চাৰকামচিজন অপাৰেচন কৰিব লাগিব৷
- মোৰ প্ৰসাব কৰোতে এনেকুৱা তেজ যায়৷ লগত ৱাটচএপত ভিডিঅ' ফটো৷ মোৰ উত্তৰ হ'ল- কিডনিৰ পাথৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ প্ৰসাব প্ৰণালীৰ আলট্ৰাচাউণ্ডৰ প্ৰয়োজন৷ দুদিন পিছত মোলৈ পঠোৱা আলট্ৰাচাউণ্ডৰ ৰিপৰ্টত ৪মিলিমিটাৰ চাইজৰ ৩টাপাথৰ এটা কিডনিত দেখা পালোঁ৷ মই চিকিৎসা জনালোঁ৷ ৩৷৪মাহ দৰব খোৱাৰ পিছত কেউটা পাথৰ মূত্ৰনলীয়েদি বাহিৰ হ'ল৷ মোলৈ পাথৰৰ ফটো পঠালে৷
- মোৰ শৌচদ্বাৰেদি মলত্যাগ কৰোতে কেঁচা তেজ পৰে৷ (লগত তেজৰ নমুনাৰ এখন ফটো)৷ আকৌ শৌচদ্বাৰত এনেকুৱা গোটা গোটা হৈছে৷ (লগত এখন স্পষ্ট ফটো)৷ মোৰ উত্তৰ হ'ল- এয়া পাইলচ ৰোগ৷ খোৱা আৰু লগোৱা দৰব জনাই দিছোঁ৷ শৌচকচা হবলৈ নিদিব৷ কেনেবাকৈ দৰবত আৰোগ্য নহ'লে অপাৰেচন লাগিব পাৰে৷
- মোৰ ছালৰ বিভিন্ন ঠাইত এনে ৰঙচুৱা খজুৱতি বহুত বছৰৰ পৰা হৈছে৷ মাজে মাজে ছাল এৰায়৷ ফটো চাই গম পালোঁ সেয়া এক জটিল চৰ্মৰোগ চ'ৰিয়াচিচ৷
- মোৰ তেজৰ চুগাৰ ইনচুলিন লৈ আৰু দৰব খায়ো নিয়ন্ত্ৰণ অহা নাই৷ এইখিনি ৰিপৰ্ট আৰু চিকিৎসাৰ নথি-পত্ৰ৷ মই আৰু কিডনি প্ৰফাইল পৰীক্ষা কৰি ৰিপৰ্ট পঠাব ক'লোঁ৷ মই নতুন ৰিপৰ্ট চাই ইনচুলিন বন্ধ কৰি উপযুক্ত দৰব দিয়াত চুগাৰ নিয়ন্ত্ৰণত আহিল৷
-মুখত আৰু জিভাত সঘনাই ঘা হৈ থাকে৷ ফটো চাই দেখা পালোঁ দুটা দাঁতৰ ধাৰ আছে, যাৰ ফলত ঘঁহনি খাই জিভাত ঘা হয়৷ তেজৰ ভিটামিন-বি১২ পৰীক্ষা কৰাই জনাব ক'লোঁ৷ দাঁতৰ চিকিৎসা কৰা হ'ল আৰু ভিটামিন-বি১২ৰ অভাৱো আতৰ কৰাত ৰোগ নিৰ্মূল হ'ল৷
- বহু ৰোগীৰ এচিডিটি আৰু গেষ্ট্ৰাইটিচৰ দৰব দীৰ্ঘকাল খায়ো ৰোগৰ উপশম নঘটে৷ তেনেলোকক মই ৱাটচএপত বা ফোনত পৰামৰ্শ দিওঁ- তেজ পৰীক্ষাৰ যোগেদি পাকস্থলীত হেলিক'বেক্টৰ পাইল'ৰি নামৰ বেক্টেৰিয়া আছে নেকি জানি লওক৷ সেই মতে চিকিৎসালৈ আজি বহুজন আৰোগ্য হৈছে৷
- আকৌ মোৰ ওচৰলৈ নহাকৈয়ো শ্বাসজনিত আৰু এলাৰ্জিজনিত অসুখ 'হিষ্টাগ্লব' নামৰ ভেকচিনলৈ বহু ৰোগী আৰোগ্য হোৱাটো টেলিমেডিচিনৰ সফল প্ৰয়োগৰ নমুনা৷
--- এনে অভিজ্ঞতা যোৱা ডেৰ দশক কালত মোৰ অজস্ৰ হ'ল৷ আগতে বিদেশত প্ৰবাসীহৈ থাকোতে স্বদেশৰ লোকক আৰু এতিয়া স্বগৃহলৈ আহি মোৰ বিদেশী বন্ধুসকলক টেলিমেডিচিনযোগে সেৱা আগবঢ়োৱাৰ সুখানুভূতিৰে ধন্য হৈ আছোঁ৷ পাঠকসকলক মোৰ বিনম্ৰ অনুৰোধ নিজৰ যিকোনো স্বাস্থ্যজনিত অসুবিধাৰ বাবে মোৰ সৈতে সম্পৰ্ক কৰে যেন৷ সময় ওলিয়াই সকলোৰে সমস্যাৰ ৰোগী নোচোৱাকৈয়ে বিনামূলীয়া নিদান দিবৰ যৎপৰোনাস্তি প্ৰয়াস কৰোঁ আৰু আগলৈকো কৰি থাকিম৷

২০১৭চনৰ জনগণনামতে আমাৰ দেশৰ ১৩৩কোটি জনসংখ্যাৰ বিপৰীতে ১৮লাখ ৰেজিষ্টাৰ্ড মেডিকেল স্নাতক আছে , অৰ্থাৎ প্ৰতি এহেজাৰজন লোকৰ বিপৰীতে ১.৩৪ জন চিকিৎসক৷ বিশ্ব স্বাস্থ্য সংস্থাৰমতে প্ৰতি এহেজাৰজন লোকৰ বিপৰীতে এজন চিকিৎসক হ'লেই হয়৷ তৎস্বতেও ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিশেষকৈ গ্ৰামীন এলেকাত অৰ্হতা থকা চিকিৎসকৰ (বিশেষকৈ বিভিন্ন বিভাগৰ বিশেষজ্ঞৰ) অভাৱ আতৰ হোৱা নাই৷ তেনে পৰিপ্ৰেক্ষিতত টেলিমেডিচিনৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷

বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা বহলাই কোৱাৰ প্ৰয়োজন নাই৷ বৰ্তমান বিশ্বজুৰি কভিড-১৯মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়ত মানুহৰ চলাচল সীমিত কৰাৰ প্ৰয়োজনে দেখা দিছে৷ কোৱা হৈছে-'ঘৰতে থাকক, নিৰাপদে থাকক'৷ কিন্তু অসুখ হ'লে কি কৰিব? বয়োজেষ্ঠ সকলে কিদৰে নিজৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰি পৰামৰ্শ ল'ব? এই সকলোৰে উত্তৰ হ'ল টেলিমেডিনৰ সহায় লওক৷

যোগাযোগ - ৱাটচএপ ৯৪৩৫০৪৮০৫৫, মেইল – drbksaikia@gmail.com

ৱেবচাইট- www.drbhupensaikia.com

No comments:

Post a Comment