বিশ্লেষণঃ হত্যাৰ উন্মাদনা বনাম সমাজৰ বিভাজনকামী শক্তিৰ জীৱনীশক্তি :: ইন্দ্ৰজিত বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ হত্যাৰ উন্মাদনা বনাম সমাজৰ বিভাজনকামী শক্তিৰ জীৱনীশক্তি :: ইন্দ্ৰজিত বৰা

বিশ্লেষণঃ হত্যাৰ উন্মাদনা বনাম সমাজৰ বিভাজনকামী শক্তিৰ জীৱনীশক্তি :: ইন্দ্ৰজিত বৰা

Share This
অসমত শেহতীয়াকৈ সংবাদ শিৰোনাম দখল কৰা হত্যা আৰু গণ-উন্মাদনা তথা সামাজিক মাধ্যমত তাৰ পাছৰ পৰ্যায়ত প্ৰকাশ পোৱা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ধাৰাবোৰলৈ দৃষ্টি দিলেই কিছুমান প্ৰশ্নৰ উত্তৰ সামাজিক দৃষ্টিকোণেৰে বিচাৰ কৰিব লগীয়া হয়। সমাজৰ সমুখত থিয় দিয়ে কিছুমান স্বাভাৱিক প্ৰশ্নও। যাৰ বিশ্লেষণ এক সভ্য সমাজ হিচাবে প্ৰতিজন নাগৰিকেই নিজক আৰু চৌপাশৰ পৃথিৱীখনলৈ কৰাটো উচিত যেন অনুভৱ হয়।
অপৰাধ বৃদ্ধি পাইছে মানেই অপৰাধ পৰায়নতা বৃদ্ধি পাইছে । এয়া সংকটৰ সময় । নিৰীহ জনতাই ইজনে সিজনৰ প্ৰাণ লৈছে । পিছে নিৰীহ জনতাৰ বাবে সংকট এক চিৰন্তন বস্তু । কিন্তু সাম্প্ৰতিক সংকটে মানুহক আৰু নিৰীহ কৰি পেলাইছে । অনাগত দিনবোৰ আৰু অধিক প্ৰত্যাহ্বানজনক হ'ব । মন কৰিবলগীয়া যে নিয়মিত সময়তো ব্যৱস্থাগত অপৰাধ পৰায়নতাই সংকটৰ সৃষ্টি কৰে আৰু সেই সংকটেই পাছলৈ অপৰাধৰ সংখ্যা বৃদ্ধি কৰে । গতিকে অপৰাধ এক পাৰ্থিৱ আৰু সামাজিক বস্তু, কোনো পৰজগতৰ পৰা আবিৰ্ভাৱ নঘটে ।

পোনপটিয়া ন্যায়িক প্ৰশ্নটো হ’ল সংকটে জুৰুলা কৰিলে বুলিয়েই অপৰাধ কৰিব লাগিব নেকি ? নিশ্চয় নোৱাৰে । গতিকে, অপৰাধী কেতিয়াও ন্যায় ব্যৱস্থাৰ পৰা হাৰি যাব নোৱাৰে । পিছে দৃষ্টান্তমূলক শাস্তি বিহাৰ পাছটো যদি অপৰাধ সংঘটিত হৈ আছে, তেন্তে এই অপৰাধ প্ৰৱণতাৰ পৰিস্থিতিতান্ত্ৰিক দৃষ্টিকোণ আছে । জীৱনৰ নিৰ্বাহক যান্ত্ৰনাবোৰ কিজানিবা তেনে শাস্তিতকৈ বেছি দুৰ্দশাজনক। সম্ভাৱনা বেছি থাকিলেও অপৰাধ পৰায়নতা কেৱল খাবলৈ নাপালে সৃষ্টি নহয় । যিকোনো শ্ৰেণীৰ মানুহৰ নিৰ্বাহক জীৱনৰ বাবে বিভিন্ন স্তৰত চলি থকা প্ৰতিযোগিতাৰ দৌৰত মানৱৰ পৰা দানৱ হৈ পৰাৰ বহুত সম্ভাৱনা থাকে । সংকটেই হওঁক বা তথাকথিত নিয়মিত সময়তো চলি থকা ব্যৱস্থাগত অনিয়মবোৰো জানো অপৰাধ নহয় ? গতিকে অপৰাধ পৰায়নতা পৰিস্থিতিতান্ত্ৰিক আৰু পৰিস্থিতিতন্ত্ৰই কেৱল অপৰাধ পৰায়নতাই নহয় দুধৰ্ষ অপৰাধীলৈকে জন্ম দিয়ে । নিজৰ অপৰাধক প্ৰতিপন্ন কৰি আত্মসন্তুষ্টিৰে অব্যাহত ৰখাজনেই এজন পেশাদাৰীৰ দৰে দুধৰ্ষ অপৰাধী ।

উল্লেখযোগ্য যে ব্যক্তিগত অথবা স্থানীয় হিচাবে প্ৰতিফলিত হোৱা কাৰণৰ মাজতো ঐতিহাসিক দৃষ্টিকোণ লুকাই থাকে । গণতান্ত্ৰিক সমাজত হত্যাকাণ্ডই এক ভয়াবহ বিপৰ্যয়ৰ ইংগিত দিব পাৰে । কাৰণ, এই অপৰাধ প্ৰৱণতাও আৰ্থ-সামাজিক সংঘাতৰেই এক পৰিস্থিতিকেন্দ্ৰিক আৰু মনস্তাত্বিক ৰূপান্তৰ । ই ব্যক্তিগত ক্ষুদ্ৰ পৰিসৰৰ ভিতৰত পৰিচালিত সংঘাত হিচাবে প্ৰকাশ পোৱা এক বৃহৎ আৰ্থসামাজিক সংঘাত আৰু এই সংঘাতত সমাজৰ সকলো শ্ৰেণীৰ লোকৰে প্ৰাণ যাব পাৰে । গতিকে প্ৰাণ লোৱা বা যোৱা লোকৰ শ্ৰেণী, অন্যান্য সামাজিক অথবা মধ্যযুগীয়া পৰিচিতিৰ পৰা উদ্ভৱ হোৱা পটভূমিৰ লগত আৰ্থ-সামাজিক সংঘাতৰ পোনপটিয়া সম্পৰ্ক স্থাপন কৰিব পৰা নাযায় ।

সেয়ে এইটো স্পষ্ট যে হত্যা এক সামাজিক অপৰাধ । এজনে আনজনক কৰা হত্যা, দলগতভাৱে কৰা হত্যা অথবা গণহত্যা - যিকোনো হত্যাকাণ্ডই মানৱ সমাজৰ বাবে অবাঞ্ছিত । কোনো এটা হত্যাকাণ্ডৰ বাবে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জৰিত সকলো হত্যাকাৰীয়েই অপৰাধী । মানৱীয় প্ৰমূল্যৰ বাবে হত্যা ইমানেই জঘন্য যে এনে কাণ্ডক ইয়াৰ কোনো প্ৰস্তাৱিত কাৰণেই প্ৰতিপন্ন কৰিব নোৱাৰে । গতিকে, মানৱ ক্ৰমবিকাশৰ বিভিন্ন স্তৰত সংঘটিত যিকোনো হত্যাকাণ্ডই লাগে ই কোনোবা ৰজাই নতুবা ৰাষ্ট্ৰব্যৱস্থাই দিয়া মৃত্যুদণ্ডই নহওক কিয়, মানৱীয়তাৰ দৃষ্টিৰে কোনোটোৱেই গ্ৰহণযোগ্য নহয় । ন্যায়িক শাস্তিৰ ব্যৱস্থা হিচাবে থকা মৃত্যুদণ্ডৰ ওপৰত হৈ থকা বিতৰ্কৰ পটভূমিও ইয়াতেই । সেয়ে হত্যাৰ কাৰণৰ ওপৰত সাধাৰণতে তাৎক্ষণিকভাৱে গুৰুত্ব নিদি সকলোৱে একেমুখে গৰিহনা দিয়ে আৰু ন্যায়ৰ দাবী জনায় ।

গতিকে, দেশৰ গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাৰ অন্তৰ্গত যি আইনী ব্যৱস্থা আছে তাৰ দ্বাৰা অপৰাধী চিনাক্ত কৰি ন্যায় বিচাৰ সুনিশ্চিত কৰাটো হ'ল তৎকালীন পদক্ষেপ । হত্যাৰ দৰে অপৰাধৰ ন্যায়িক বিচাৰ হ'ল তেনে কাণ্ড সংঘটিত কৰা অপৰাধী আৰু তাৰ আন্তৰালত যদি কোনো তাৎকালিক ষড়যন্ত্ৰমূলক পৰিকল্পনা জৰিত হৈ আছে সেয়া চিনাক্ত কৰা । কোনো হত্যাকাণ্ডৰ ন্যায়িক বিচাৰৰ বাবে তেনে অপৰাধ পৰায়ণতাৰ ঐতিহাসিক অথবা আৰ্থসামাজিক কাৰণ বিচাৰ কৰি দিয়াটো পৰিধিৰ বাহিৰৰ বস্তু । যিহেতু, তেনে যিকোনো বিশ্লেষণেই হত্যাকাণ্ডক ন্যায়িকভাৱে কোনোধৰণেৰে শ্ৰেণীবিভক্ত নকৰে ।

এক কথাত কবলৈ গ’লে অপৰাধ উন্মাদনাৰ সৃষ্টি, অৰ্থাৎ সুস্থ মন মানসিকতাৰ বস্তু নহয় । এই উন্মাদনাৰ মূল উৎস হ’ল এক চাপময় জীৱনৰ সংঘাতবোৰ । তাৰবাদে এই চাপময় জীৱনৰ কদৰ্যতাক ধৰ্ম-গোষ্ঠীৰ নাম দিয়াটো হ'ল ৰাজনৈতিক অপৰাধ । সংকটৰ সময়ত এনেদৰে উচটনি দিয়া অপৰাধীৰ সংখ্যাও বৃদ্ধি পায়। আমি যেন একোজন নাগৰিকতকৈ কিছুমান ধৰ্ম-গোষ্ঠীৰে সৃষ্টি হোৱা দলৰ স্বেচ্ছাসেৱী সদস্য । সেয়ে এনে এক কাল্পনিক পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয় য’ত গণতান্ত্ৰিক ৰাষ্ট্ৰ নহয়, একমাত্ৰ আমাৰ দলৰ মানুহেহে যেন আমাক বচাব লগিব । লগে লগে আফ্ৰিকাৰ ৰাষ্ট্ৰবোৰৰ দৰে গোষ্ঠী সংঘৰ্ষৰ চবি এখন মনত লৈ ঘূৰি ফুৰা এক নিকৃষ্ট মানসিকতাৰ সৃষ্টি হয় । এনেদৰে মানুহৰ মনত কাল্পনিক দলগত নক্সা আঁ‌কিবলৈ আৰু উন্মাদনা সৃষ্টি কৰিবলৈ চেষ্টা কৰা অপৰাধীবোৰো অনাগত দিনবোৰৰ বাবে ভীষণ প্ৰত্যাহ্বানৰ কাৰণ হৈ উঠিব। কাৰণ চাপময় জীৱনে সৃষ্টি কৰা আচল হতাশাক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ নিকৃষ্ট অভিপ্ৰায় কৰোনাতকৈয়ো প্ৰত্যাহ্বানজনক ।

কেৱল কৰোনা কাল বুলি নহয়, সংঘটিত অপৰাধবোৰ যদি চোৱা যায়, তেন্তে দেখা যাব অপৰাধ পৰায়নতাৰ অন্তৰালত তাৎকালিকভাৱে ধৰ্ম-গোষ্ঠীৰ কোনো উপাদান থকাটো অসম্ভৱ কথা। অপৰাধৰ কাৰণ অপৰাধীৰ মনত জাগি উঠা নিচাসক্ত উন্মাদনাৰ পৰা ন্যস্তস্বাৰ্থ অথবা নিৰ্বাহকৰ যুঁজখনৰ অন্তৰালত সততে দৃষ্টিগোচৰ হোৱা মানৱৰূপী শত্ৰুতালৈকে - বিভিন্ন ধৰণেৰে বৰ্ণিত হ'ব পাৰে । পতিয়ে অত্যাচাৰ কৰি কিমান পত্নীক হত্যা কৰিছে । বিভিন্ন ন্যস্তস্বাৰ্থই উচটাই উন্মাদনাৰ সৃষ্টি কৰি ঘটোৱা অপৰাধো আছে । উচটনিবিলাকত কিনতু ধৰ্ম-গোষ্ঠী থাকে । তেনে উচটনিৰ যুক্তিবাদ হ’ল অপৰাধ পৰায়নতা বংশগত আৰু সংস্কৃতিগতভাৱে থাকে । গতিকে, তেনেদৰে প্ৰচাৰ কৰাটোও সমানেই অপৰাধ । কাৰণ সেয়া আফ্ৰিকান জাতীয় গোষ্ঠী সংঘৰ্ষৰেই উচটনি । কিন্তু, অলপ বহলাই চালে দেখা যায় যে সেই ধৰ্ম-গোষ্ঠী লৈ দিয়া উচটনিৰ অন্তৰালটো পোনপটীয়াকৈ ধৰ্ম-গোষ্ঠী নাথাকে, একেবাৰে নিভাঁজ দূৰদৃষ্টিসম্পন্ন ন্যস্তস্বাৰ্থহে থাকে । গতিকে ধৰ্ম-গোষ্ঠীৰ চেতনাই সঁচাকৈয়ে যদি অপৰাধৰ পৰ্যায় পাইছেগৈ, তেন্তে সেয়া একৈশ শতিকাৰ মুৰ্খামি নহয়, পুৰাতন যুগৰ বাবেও মুৰ্খামি ।

এনে জঘন্য হত্যাকাণ্ডক লৈ যি বিভাজনমুখী প্ৰৱণতা বিভিন্ন মাধ্যমত সিঁ‌চৰিত কৰি দিয়া হয়, তাৰ তাৎকালিক বস্তুগত ভিত্তি হ'ল প্ৰত্যক্ষৰ পৰা পৰোক্ষলৈকে বিভিন্ন ৰূপে অৱতাৰী সাম্প্ৰদায়িকতাবাদী ৰজনীতি, যাক প্ৰধানকৈ নিৰ্বাচনী উপযোগীতাই নিৰ্ণয় কৰে । এনেদৰে ব্যক্ত কৰা হয় যেন হত্যাকাণ্ডবোৰেই পক্ষপাতদুষ্ট - যেন আপেক্ষিকভাৱে ভাল হত্যা আৰু বেয়া হত্যাও থকিব পাৰে । তেনে হত্যাকাণ্ড একোটা সংঘটিত হোৱাৰ খবৰ অহাৰ মিনিটৰ ভিতৰতেই বিজ্ঞ লোকৰ ৱালত ৰঙবিৰঙৰ পোষ্টাৰত হেডলাইনৰ দৰে জিলিকি উঠে, এতিয়া সেইসকল ক'ত লুকাল ? গৰিহনা দিবলৈ সৎ সাহস হ'বনে ইত্যাদি ইত্যাদি । গতিকে, বিভিন্ন মাধ্যমত এনে জঘন্য ঘটনাবিলাকৰ গৰিহনাৰ চলেৰে শ্ৰেণী বিভাজনৰ পৰিকল্পিত চেষ্টাই গণ উন্মাদনাৰ মনস্তাত্বিক সমল যোগাই আহিছে । কাৰণ গন উন্মাদনা বৰ্তাই ৰখাৰ সেয়া কেৱল চেলুৱেই নহয় জীৱনী শক্তি হিচাবে কাম কৰি আহিছে । বিভেদকামী সামাজিক পৰিৱেশত এটা গণ উন্মাদনাৰ ঘটনাই এটাই আনটোক প্ৰতিপন্ন কৰাৰ বাবে মনস্তাত্ত্বিক সমল পায় । লগে লগে ইয়াৰ প্ৰতিবাদ আৰু গৰিহনাবিলাক কেৱল অভ্যাসজাত হৈ পৰাই নহয় এইবিলাকো দুৰ্ভাগ্যজনকভাৱে বিভেদকামী অভিযানৰহে অংশ হৈ পৰা দেখা যায় । যেনেকৈ বিগত গণহত্যাবোৰক ব্যৱহাৰ কৰি প্ৰতিটো গণহত্যাক নৈমিত্তিক হিচাবে প্ৰতিপন্ন কৰি তাৰ ভয়াবহতা অনুধাৱন কৰাৰ বাটত হেঙাৰ সৃষ্টি কৰি অহা হৈছে । অতীতৰ উদাহৰণক ভৱিষ্যতৰ নৈতিক অৱস্থান ধংস কৰাৰ বাবে ব্যৱহাৰ কৰা হয় । যিকোনো গণহত্যাৰ প্ৰতি থকা মৌলিক প্ৰতিবাদক কণ্ঠৰূদ্ধ কৰাৰ বাবে এটা বিভেদকামী প্ৰক্ৰিয়াই অহৰহ কাম কৰি থাকে । কোনো অপৰাধৰ ঘটনাক সাম্প্ৰদায়িক অথবা দলগত ৰাজনীতিৰ ৰং সানি কোনোবা বিশেষ জনগোষ্ঠী অথবা মতাদৰ্শৰ মানুহলৈ আঙুলিয়াই প্ৰশ্ন উত্থাপন কৰা হয় । তেওঁলোকে এতিয়া গৰিহনা বা প্ৰতিবাদ কৰিছেনে নাই । মানসিক ৰোগী অথবা বিভেদকামী ৰাজনীতিৰ অংশীদাৰ নহ’লে কোন মানৱ সত্তাই অপৰাধৰ অনন্দ ল’ব পাৰে । মানুহৰ অৱস্থানক পৰিকল্পিতভাৱে প্ৰক্ষেপণ কৰি মনস্তাত্ত্বিক জগতখনত মেৰুকৰণৰ চেষ্টা আৰু গণহত্যাৰ মৌলিক দিশবোৰ আঁতৰাই ৰখাই এই সাম্প্ৰদায়িক মনোবৃত্তিৰ লক্ষ্য ।

গতিকে, আমি এটা কথা মন কৰিব লাগিব । কোনোবাই যদি অপৰাধ সংঘটিত হোৱাৰ পিছত হত্যাকাণ্ডক গৰিহনা দিয়াৰ নামত এতিয়া এইসকল ক'ত লুকাল অথবা এতিয়া কোনে কোনে গৰিহনা দিছে জাতীয় নিকৃষ্টতাত লিপ্ত হৈছে আৰু ৱালত ৰঙীন পোষ্টাৰ লগাইছে তেওঁ‌লোক হত্যাকাৰীসকলৰ সমানেই অপৰাধী ।

No comments:

Post a Comment