বিশ্লেষণঃ আত্ম-নিৰ্ভৰশীল অৰ্থনীতিৰ মৰীচিকা ::অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ আত্ম-নিৰ্ভৰশীল অৰ্থনীতিৰ মৰীচিকা ::অনন্ত কলিতা

বিশ্লেষণঃ আত্ম-নিৰ্ভৰশীল অৰ্থনীতিৰ মৰীচিকা ::অনন্ত কলিতা

Share This
আত্ম-নিৰ্ভৰশীল অৰ্থনীতিৰ মৰীচিকা
অনন্ত কলিতা
সদ্য-ঘোষিত ২০ লাখ কোটিটকীয়া উদ্দীপক পেকেজৰ মৰীচিকাৰে এক আত্মনিৰ্ভৰশীল অর্থনীতিৰ বাণী শুনাই মােদী চৰকাৰে ভাৰতৰ অর্থনীতিৰ এক অভিলেখপূর্ণ সংস্কাৰ সাধন কৰিলে। মেক ইন ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া, স্কিলড ইণ্ডিয়া আদি শ্ল’গানেৰে মােদী অর্থনীতিয়ে দেশত এক আত্মনিৰ্ভৰশীল অর্থনীতি গঢ়াৰ প্রকোপত দেশৰ অর্থনীতি মন্দাতে নিমজ্জিত হ’ল কভিড-১৯ৰ আগতেই। ৪৫ বছৰৰ ভিতৰতে দেশত নিবনুৱাৰ অধিকতম হাৰৰ অভিলেখ গঢ়িলে। ক’ভিড-১৯ প্রতিক্রিয়াত দেশৰ অর্থনীতি মহামন্দাত নিমজ্জিত হৈ দেশৰ ৭০ শতাংশ লােক আয়হীন হৈছে আৰু প্রায় ৮০ শতাংশ লােকে খৰচ কৰাটো কমাই দিছে। 
১৯৩৮ চনতে সুভাষ বসু জাতীয় কংগ্ৰেছৰ সভাপতি থকা সময়ত জৱাহৰলাল নেহৰুৰ নেতৃত্বত আত্মনিৰ্ভৰশীল অর্থনীতি স্বাধীন ভাৰতত গঢ়াৰ এটা পৰিকল্পনা তৈয়াৰ কৰিছিল। জে আৰ ডি টাটা, জি ডি বিৰলা, শ্ৰীৰাম আদি সেই সময়ৰ বৃহৎ পুঁজিপতিসকলেও ‘বােম্বে প্লেন’ নামেৰে এক পৰিকল্পনা তৈয়াৰ কৰি কৈছিল যে অর্থনীতিৰ মৌলিক ক্ষেত্ৰবােৰত গধুৰ উদ্যোগ গঢ়ি তােলাৰ দায়িত্ব ৰাষ্ট্রৰ হাততেই থাকিব লাগিব। গধুৰ উদ্যোগ গঢ়ি তােলাৰ বাবে তদানীন্তন দেশৰ বৃহৎ পুঁজিপতিসকল আর্থিকভাৱে শক্তিশালী নাছিল। ভাৰত স্বাধীন হােৱাৰ পাছত প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে ১৯৪৮ চনত কংগ্ৰেছ প্লেন আৰু বােম্বে প্লেনৰ অনুকৰণত ভাৰতৰ প্রথম ঔদ্যোগিক নীতি প্রণয়ন কৰিছিল। ভাৰতত তীখা, এলুমিনিয়াম, খাৰুৱা তেল আদি মৌলিক সামগ্রীবােৰ উৎপাদনৰ উদ্যোগবােৰ ভাৰতে গঢ়ি তােলাৰ বাবে আমেৰিকাকে ধৰি সেই সময়ৰ উন্নত দেশবােৰে ভাৰতক সহায় কৰিবলৈ অগ্রাহ্য কৰিছিল। সেই সময়ৰ সমাজবাদী শিবিৰৰ দেশবােৰ বিশেষকৈ ছােভিয়েট ইউনিয়নৰ সাহায্যত ভাৰতৰ ৰাজহুৱা খণ্ডত তীখা, লােহা, খাৰুৱাতেল, এলুমিনিয়াম আদি মৌলিক সামগ্রীবােৰ উৎপাদন আৰু প্ৰতিৰক্ষা সা-সৰঞ্জাম, পাৰমাণৱিক শক্তি গৱেষণা, মহাকাশ গৱেষণাৰ প্রতিষ্ঠান আদি প্রতিষ্ঠা কৰিছিল প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰতৰ চৰকাৰে। ১৯৫৫ চনত ছােভিয়েট ইউনিয়নৰ সহায়ত ভাৰতত প্রথম তীখা উদ্যোগটো স্থাপন কৰা হৈছিল। ভিলাইত। দেশত জাতীয় পুঁজিপতিসকলৰ নেতৃত্বত ভাৰতত পুঁজিবাদ গঢ়ি তােলাৰ বাবে ৰাজহুৱা খণ্ডৰ। উদ্যোগবােৰ হাতিয়াৰত পৰিণত হৈছিল, যিটো কথা তদানীন্তন বিশিষ্ট উদ্যোগপতি জি ডি বিলাই ৰাজহ্বাভাৱে স্বীকাৰ কৰিছিল।

নব্য স্বাধীন দেশখনে ঔদ্যোগিক উৎপাদনত আত্মনিৰ্ভৰশীল হ’বলৈ গৱেষণা আৰু উন্নয়নত গুৰুত্ব, দেশৰ স্বাৰ্থত পেটেন্ট আইন গ্রহণ, দেশৰ উৎপাদিত সামগ্ৰীৰ ঘৰুৱা বজাৰ সংৰক্ষণৰ বাবে আমদানিৰ ওপৰত বাধানিষেধ আৰােপ ইত্যাদি ব্যৱস্থা গ্ৰহণ কৰিছিল। এইবােৰ ব্যৱস্থা গ্ৰহণ কৰাত উন্নত পুঁজিবাদী দেশবােৰৰ ওপৰত নিৰ্ভৰশীলতা লাঘৱ হৈ ঔদ্যেগিকৰণৰ বাবে কাৰিকৰী ভেটিটোৰ সৃষ্টি হােৱাত দেশখনত আত্মনিৰ্ভৰশীল অর্থনীতি আন্তঃগাঁথনিৰ সৃষ্টি কৰিছিল। ১৯৫৭ চনত জৱাহৰলাল নেহৰুৱে ঘােষণা কৰিছিল ‘In short, we are trying to lay foundations of a new India, self-reliant and strong, so that we need not be dependent on any one for new skills and know-how.

নেহৰুৰ প্রধানমন্ত্রিত্বৰ কালছােৱাত ৩২টা, লালবাহাদুৰ শাস্ত্ৰীৰ দিনত আঠটা, ইন্দিৰা গান্ধীৰ দিনত ৬৫টা, মােৰাৰজী দেশাইৰ দিনত ৯টা, ৰাজীৱ গান্ধীৰ সময়ত ১৬টা ৰাজহুৱা উদ্যোগ প্রতিষ্ঠা কৰিছিল। ইন্দিগান্ধীয়ে ১৯৬৯ চনত ব্যক্তিগত খণ্ডৰ বেংকবােৰ ৰাষ্ট্ৰীয়কৰণ কৰি বেংকবােৰৰ মুঠ ঋণৰ ৪০ শতাংশ বাধ্যতামূলকভাৱে অগ্রাধিকাৰ খণ্ডত (priority sector)ত চাৰি শতাংশ সুতৰ হাৰত বাধ্যতামূলকভাৱে ঋণ দিয়াৰ আইন কৰিছিল। অগ্রাধিকাৰ খণ্ডত অন্তর্ভুক্ত কৰা হৈছিল কৃষিখণ্ড, অতি ক্ষুদ্র, ক্ষুদ্র, মজলীয়া উদ্যোগ, কুটিৰ উদ্যোগত সামগ্রিকভাৱে দেশৰ দুর্বল অংশৰ লােকসকলক। এইদৰেই সৃষ্টি কৰিছিল প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে আত্মনিৰ্ভৰশীল অর্থনীতিৰ ভেটিটো। ইন্দিৰা গান্ধীৰ সময়ছােৱালৈকে প্রধানমন্ত্রীসকলে শক্তিশালী কৰিছিল এই ভেটিটো।

১৯৯১ চনত নৰসিংহ ৰাও চৰকাৰৰ বিত্ত মন্ত্রী মনমােহন সিঙে নেহৰুভিয়ান অর্থনীতি বা মিশ্র অর্থনীতি অর্থাৎ আত্মনিৰ্ভৰশীল অর্থনীতিক বিদায় দি বিশ্বায়নিক অর্থনীতি প্ৰৱৰ্তন কৰিছিল। ভাৰতৰ অর্থনীতি মুকলি কৰি দিছিল বিশ্ব অর্থনীতিৰ লগত সংহত হ'বলৈ। ১৯৯১ চনৰ আগলৈকে বিদেশী সামগ্ৰীয়ে ভাৰতত প্ৰৱেশ কৰাত বাধানিষেধ আৰােপ কৰিবলৈ এশ শতাংশৰ পৰা দুশ শতাংশলৈ আমদানি শুল্ক আৰােপ কৰিছিল। ১৯৯৪ চনত ভাৰতে ‘গ্যাট চুক্তি' (১৯৯৫ চনৰ পৰা গ্যাটৰ নাম বিশ্ব বাণিজ্য সংস্থা হৈছিল)ত স্বাক্ষৰ কৰি ভাৰতৰ ঘৰুৱা বজাৰখন বিদেশী সামগ্ৰীৰ বাবে মুকলি কৰি দিছিল। আমদানি শুল্কৰ হাৰ এশ শতাংৰ পৰা অনেক বিদেশী | সামগ্ৰীৰে ক্ষেত্ৰত দহ শতাংশলৈ হ্ৰাস কৰিছিল। 

১৯৯১ চনত যদিও ভাৰতৰ অর্থনীতি সংস্কাৰৰ কাম আৰম্ভ হৈছিল কিন্তু এই সংস্কাৰৰ গতিবেগ পালে ২০১৪ চনত মােদী চৰকাৰ প্রতিষ্ঠা হােৱা দিন ধৰিহে। যােৱা ১২ মে'ত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে তথাকথিত বিশ লাখ কোটি টকাৰ উদ্দীপক পেকেজ ঘােষণাৰে জাতীয় অর্থনীতিৰ আঠটা মৌলিক খণ্ডক বিশেষকৈ প্রাকৃতিক সম্পদবােৰক দেশী-বিদেশী পুঁজিপতিৰ বাবে মুকলি কৰি দি আত্মনিৰ্ভৰশীল অর্থনীতিৰ শ্ল'গান দিছে। যি সময়ত কেন্দ্রীয় চৰকাৰেই দেশৰ ঘৰুৱা বজাৰখন বিদেশী সামগ্ৰীৰ বাবে মুকলি কৰি দিছে, দেশৰ ৰাজহুৱা সম্পদ তথা প্রাকৃতিক সম্পদবােৰৰাে বিদেশী পুজিয়ে মালিকানা ল'ব পৰা আইন কৰি দিছে; জনসাধাৰণে সেই পৰিস্থিতিত কিদৰে আত্মনিৰ্ভৰশীল অর্থনীতি গঢ়ি তুলিব পাৰিব?

দেশত আত্মনিৰ্ভৰশীল অর্থনীতি গঢ়িবলৈ জৱাহৰলাল নেহৰুৰ প্রধানমন্ত্রিত্বৰ সময়ছােৱাত গ্ৰহণ কৰা পদক্ষেপবােৰ প্ৰৱৰ্তন কৰাহে জৰুৰী। যেনে ৰাজহুৱা বিনিয়ােগৰে গধুৰ উদ্যোগ তথা দেশৰ উন্নত আন্তঃগাঁথনিৰ সৃষ্টি, গৱেষণা আৰু উন্নয়নত অধিক গুৰুত্ব আৰু চৰকাৰী বিনিয়ােগ বৃদ্ধি, দেশৰ ঘৰুৱা বজাৰত বিদেশী পুঁজি আৰু পণ্য প্রৱেশত নিয়ন্ত্রণ বিশেষকৈ বিদেশী সামগ্রী আমদানিত বাধানিষেধ আৰােপ, অতি ক্ষুদ্র, ক্ষুদ্র, মজলীয়া আৰু কুটিৰ উদ্যোগবােৰৰ উন্নয়ন আৰু ৰক্ষণাৱেক্ষণ, বিশ্ব বাণিজ্য সংস্থাৰ বিধিনিষেধৰ পৰা কৃষিক মুক্ত কৰা, কৃষি পণ্যৰ বজাৰৰ সৃষ্টি তথা লাভজনক মূল্য পােৱাৰ নিশ্চিতকৰণ ইত্যাদি। আত্মনিৰ্ভৰশীল তর্থনীতি গঢ়িবলৈ দেশৰ ঔদ্যোগিক উৎপাদন, কৃষি উৎপাদন তথা সেৱা খণ্ডৰ বাবে উপযুক্ত বজাৰ চাহিদাৰ প্রয়ােজন। বজাৰ চাহিদাৰ সৃষ্টি হ’ব যদিহে দেশৰ জনসাধাৰণৰ হাতত আয় কৰাৰ সুযােগ সৃষ্টি হয়, তেওঁলােকৰ হাতলৈ পইচা যায় খৰচ কৰাৰ বাবে। ক’ভিড-১৯ ফলত ইতিমধ্যে দেশৰ ৭০ শতাংশ লােক কর্মহীন হৈ তেওঁলােকৰ ক্ৰয় ক্ষমতা নােহােৱা হৈছে। এই পৰিস্থিতিত চৰকাৰৰ অগ্ৰাধিকাৰ হ’ল এই কর্মহীন লােকখিনিৰ বাবে কর্মসংস্থানৰ সুযােগ সৃষ্টিৰে তেওঁলােকক আয় কৰিব পৰাৰ ব্যৱস্থা কৰা, যাতে তেওঁলােকে খৰচ কৰিব পাৰে আৰু বজাৰত সামগ্রী কিনিব পাৰে। ইয়াতে উদ্যোগখণ্ড, সেৱা খণ্ড, কৃষিখণ্ডৰ সামগ্ৰীৰ বজাৰ চাহিদাৰ সৃষ্টি হ’ব তথা দেশত বজাৰ চাহিদাৰ সৃষ্টি হলে দেশৰ অর্থনীতি পুনরুজ্জীৱিত হৈ উঠিব আৰু আত্মনিৰ্ভৰশীল নীতি গঢ়াত সহায়ক হ'ব। | চীনা সামগ্রী বৰ্জনৰ শ্ল'গান দিয়া হৈছে। চীনকে ধৰি বিদেশী সামগ্রী বর্জন কৰিবলৈ পাৰিলে আত্মনিৰ্ভৰশীল অর্থনীতি গঢ়াত সহায়ক হ’ব। সেইটো সকলােৰে। কাম্য। কিন্তু ভাৰতৰ ৭০ শতাংশতকৈ অধিক ঔষধ তৈয়াৰ হয় চীনৰ পৰা আমদানি কৰা কেঁচামালেৰে, যিটোক কোৱা হয় এ পি আই (Active Pharmaceutical Ingredients)। এতিয়াই চীনৰ সামগ্রী বর্জন কৰিলে ভাৰতৰ ঔষধ উদ্যোগবােৰেই বন্ধ হৈ যাব আৰু জনসাধাৰণে বজাৰত ঔষধ কিনিবলৈকে নাপাব। 

জৱাহৰলাল নেহৰুৱে এ পি আই উৎপাদন কৰিবলৈ আই ডি পি এল (IDPL) আৰু হল (HAL) নামৰ দুটা গৱেষণাগাৰ প্রতিষ্ঠা কৰিছিল। যােৱা জুলাই মাহত মােদী চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছে আই ডি পি এল বন্ধ কৰি দিবলৈ আৰু হলক বিক্রী (Strategic Sale) কৰি দিবলৈ। মােদী চৰকাৰে ঘােষণা কৰা মেক ইন ইণ্ডিয়াৰ চেহেৰা হ'ল ভাৰতৰ মটৰ, স্কুটাৰ, মটৰচাইকেল কোম্পানীবােৰৰ বিভিন্ন যন্ত্রাংশ, ইলেকট্রনিক মেনুফেকচাৰিং উদ্যোগবােৰৰ বিভিন্ন যন্ত্রাংশৰ ৬০ শতাংশ গেঞ্জী (Hosiery) উদ্যোগৰ | কেঁচামাল আদি আমদানি কৰা হয় চীনৰ পৰা। অনেক পুঁজিপতিয়ে বৃহৎ আকাৰৰ ঋণ লৈছে চীনা বেংকৰ পৰা। বিদ্যুৎ উৎপাদনকে ধৰি বিভিন্ন গধুৰ উদ্যোগৰ যন্ত্রপাতি আমদানি কৰে চীনৰ পৰা। আনকি গুজৰাটত চৰ্দাৰ বল্লভভাই পেটেলৰ মূর্তিও সাঁজিছে চীনে। গতিকে ভাৰতে আত্মনিৰ্ভৰশীল হ’বলৈ চীনৰ পৰা এইবােৰ সামগ্রী আমদানি কৰা বন্ধ কৰিব লাগে। দেশৰ প্রগতিৰ বিভিন্ন ক্ষেত্ৰত চৰকাৰখনে চীনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকি জনসাধাৰণ চীনা সামগ্রী বর্জন আৰু আত্মনিৰ্ভৰশীল অর্থনীতি গঢ়াৰ কথা কোৱাৰ কোনাে অর্থ আছে নেকি? উল্লেখ্য যে মহাত্মা গান্ধীয়ে আন্দোলন আৰম্ভ কৰিছিল ব্রিটেইনৰ মানচেষ্টাৰৰ পৰা অহা বিদেশী কাপােৰ বৰ্জন আৰু সেইবােৰ দাহন কৰাৰ যিটোৰ ফলত ভাৰত আজি কাপােৰ উৎপাদনত আত্মনিৰ্ভৰশীল হ’ব পাৰিছে আৰু চুট, আহমেদাবাদৰ কাপোেৰ কলবােৰৰ সৃষ্টি হৈছে। দেশৰ ঘৰুৱা বজাৰখন বিদেশী সামগ্ৰীৰ বাবে মুকলি কৰি দি, জাতীয় সম্পদ, প্রাকৃতিক সম্পদৰ ওপৰত বিদেশীৰ অধিকাৰ সাব্যস্ত কৰি, দেশৰ উন্নয়ন সাম্রাজ্যবাদী শক্তিবােৰৰ ওপৰত নিৰ্ভৰ কৰি দেশত আত্মনিৰ্ভৰশীল অর্থনীতি গঢ়ি তুলিব পৰা নাযায়। 
লেখক ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্রীয় ব'র্ডৰ প্রাক্তন সঞ্চালক। ফোনঃ ৯৪৩৫০-৪১২০৩। লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। Google চাৰ্চেবল সমল ৰূপে ইউনিকডত সংৰক্ষণৰ অৰ্থে প্ৰৱন্ধটো 'অসমীয়াৰ সুখ-দুখ'তো প্ৰকাশ কৰা হৈছে। 

No comments:

Post a Comment